পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভিক্ষুক

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

‘গেট’ৰ বাহিৰ।
অথবা কোনােবা দিনা
দিয়ে কোনােবাই
পাতে পাতে ৰােৱা
ভােজনৰ অৱশেষ।
পৰম সৌভাগ্য বুলি।
সিও তাকে খায়
সেয়ে যে উপায় তাৰ
প্রাণ ধাৰণৰ !
জাৰৰ দিনত
ধনীৰ ঘৰত
গৰম কাপােৰ কত
লৰা-ছােৱালীৰ।
থাকে পকী ঘৰৰ মাজত ;
তথাপিও চিম্ নীৰ কাষ চাপি বহে।
কিন্তু সি ভিক্ষুক,
কম্বল এখনাে নাই ;
গছৰ শুকান পাত,
ভগা-ছিগা ডাল।
গােটাই একুৰা জুই
ধৰি বহি থাকে।
কেতিয়াবা অকস্মাতে