পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পূজা  ২৯

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

পুৰােহিতে পায়
বিৰাট মজুৰি এটা।
অথচ মজুৰ হৈও
গৃহস্থক কৰে অপমান,—
নিজক ব্রাহ্মণ বুলি,
নিয়ে গৃহস্থৰ
মূৰত ভৰিৰ ধূলা,
ভৰি ধােৱা পানীকো খুৱায়
পৰম পবিত্র বুলি ।
মূৰ্খ যজমানে
কৰি যায় যি কয় ব্রাহ্মণে।
নহয় ইয়াতে শেষ ;
আহে জাকে জাকে
ডিঙিত লগুণ লােৱা
মানুহৰ জাক,
গােন্ধতে আপুনি চাপি
দিব লাগে গৃহস্থই
ভৰিকো ধুৱাই
সিসৱকো গাইপতি একোটা মজুৰি
দয়া কৰি পদ-ধূলা দিয়াৰ বাবে
ইয়াকে কৰিলে হেনাে
মৃতকে উদ্ধাৰ পায়,—