পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪২ বীৰ নাৰী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

নাৰীত্বৰ, সতীত্বৰ উৎস প্ৰেৰণাৰ ।
গঁথা আছে জয়-দৌল, জয়সাগৰৰ
বুকুত সতীৰ ছবি, গঁথা গৌৰৱৰ,
অত্যাচাৰ ৰুদ্ধ কৰা অহিংস যুদ্ধৰ।
থাকে মানে মহত্বৰ আদৰ বিশ্বত,
লাগে মানে দুর্ব্বলক বলৰ সন্ধান,
থাকিব জয়াৰ স্মৃতি দুগুণে উজলি
সতীৰ মহিমা কৰি বিশ্বত প্ৰচাৰ ।