পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মূলা গাভৰু ৪৫

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

নোৱাৰিলে ধুনি-কাটি ৰাতিতেই ব’ই
উলিয়াব স্বামীল’ই কৱচ-কাপোৰ,
পঠিয়ালে অৰক্ষিত কৰি ৰণল’ই।
কৰিলে বিলাপ বহু—“ময়েই কাৰণ
মহাবীৰ সেনাপতি স্বামীৰ মৃত্যুৰ।
পাৰিলোঁহেতেন যদি পিন্ধাব কৱচ,
নহ’লহেতেন এনে অকাল মৰণ ।
এইবাৰ যাম মই নিজে ৰণল’ই ;
নিজৰ পাপৰ নিজে কৰি পৰাচিত,
অন ফালে ধ্বংস কৰি স্বামীৰ ঘাতক,
ৰাখি যাম জগতত স্বামীৰ সম্মান।”
 পুনৰ্ব্বাৰ তুৰ্ব্বক আহিল যেতিয়া
বিৰাট বাহিনী ল’ই লবল’ই বুলি
ধন-ধান-পুষ্পে ভৰা সোণৰ অসম,
স্বৰ্গদেৱে পঠিয়ালে সুসজ্জিত সেনা।
বৰপাত্র কন্ চেঙক পাতি সেনাপতি।
 ৰণৰ বাতৰি শুনি ধৰি যোদ্ধা-বেশ
ওলাল গাভৰু মূলা অস্ত্র-শস্ত্র লই,
কৰি এটি বেগবান অশ্ব আৰােহণ।
কনচেঙে সেনা লই দ্রুত গতি ধৰি