পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভিক্ষুক


উটি গল কেনিবদি।
যদিও মালিক ধনী।
তাৰ দৰে বনুৱাৰ অৰ্জ্জন চপাই,
তথাপি নিদিলে কাকো সজ শিক্ষা একো,
কি জানিবা দাবী কৰে
কিবা অধিকাৰ।
মাত্র উলিয়াই দিলে
অকামিলা দেখি।
ইয়াৰ নিচিনা কত কোটি কোটি প্রাণী।
পশুতো অধম হই আছে পৰি পৰি,
ঘোৰ যন্ত্রণাত
লক্ষ্যহীন জীৱন কটাই।
লাগিব নে চিৰকাল
এনেকৈয়ে থাকিব সিহঁত!
নােৱাৰিলে সিহঁতৰ
জীৱনৰ সোঁত
ঘূৰাই বােৱাব
উন্নতিৰ ফালে,
জগতৰ হাহাকাৰ কদাপি নুগুচে।
আহাঁ আহাঁ তৰুণৰ দল,
সমাজৰ নিম্নতম স্তৰত বাগৰি