পৃষ্ঠা:পৰিদৰ্শন.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

 এজন ডেকা— আজি আৰু নাই। কালিলৈ পুৱাই চাৰে চাৰি বজাত যাব পাৰি। সাত বাজোতে ছিলং পাবগৈ।

 M. L. A.— সেয়ে ভাল। সেই সময়ত যাব লাগে। পাচে গাড়ী যাব কাৰ আৰু খবৰ দিব কোনে?

 ডেকা— গাড়ী-পেট্ৰোল বাৰু আমি যোগাৰ কৰি দিম। কিন্তু গৈ কি কৰিব তাকে ঠিক কৰক।

 M. L. A.— No. confidence motion দিব লাগে। Assembly adjourn motion দিব লাগে। ল’ৰাহঁতক gailৰ পৰা আনিব লাগে।

 Opposition Leader— এঃ এইবোৰতো কৰিব পাৰিবাই। কিন্তু ফল কি হব? European Block টোতো তেনেই Govt.ৰ ফালে। আমাৰ groupৰো পাঁচ-ছয়জনৰ একো ঠিক নাই। যিফালে লাভ যেন দেখে সেই ফালেই যাব। কিন্তু আচল কথা হৈছে, এই কুকাণ্ডখন কৰালে কোনে? প্ৰিন্সিপালক দেখোন এনেই সৰল মানুহ যেন দেখি। তেৱেঁনো পুলিচ মতাই ছাত্ৰক মৰালে নে?

 ভূদেৱ— Coward, Sir, coward! বোধ কৰোঁ তেওঁতকৈও Mrs. Principal এহে বেছি ভয় খালে।

 M. L. A.— তোমালোকেনো কি কৰিছিলা?

 ভূদেৱ— আমি একো কৰা নাছিলোঁ ছাৰ। We meant to be peaceful and obedient, পাচে আমি কথা পাতি

[৫০]