ৰমানাথ— বাৰু! ইমানবোৰ নালাগে। হীৰাচিঙৰ লগত আৰু চাৰিজন হলে হব। কিন্তু সাৱধান, জান গলেও flag আঁৰি দিহে আহিব লাগিব।
হীৰাচিং— বাৰু। (ই বিলাকেও ‘বাৰু’, ‘খুব পাৰিম’ এইদৰে শলাগিলে। হীৰাচিঙৰ সহকাৰী চাৰিজন তাতে বছা হ’ল)
(২)
[ইয়াৰ এঘণ্টা মানৰ পাচত। College buildingsৰ Administrative Blockৰ ওপৰত তিনি ৰঙৰ National flag জল্-জল্ কৰি জ্বলিছে আৰু বতাহত ফট্ ফট্ কৰি শব্দ কৰিছে। ৰমানাথকে আদি কৰি কিছুমান ল’ৰা Flag সম্মুখ কৰি লৈ শাৰী বান্ধি ৰৈ আছে। কিছুমানে দূৰৰ পৰা চাইছে। আলি-বাটততা কিছু মানুহ গোট খাইছে। আৰু প্ৰফেছৰ বিলাকৰ এজন দুজন চকু মুদি ঘপ ঘপ্ কৰি কলেজৰ অফিচলৈ সোমাই গৈছে। এজন-দুজন ভিতৰৰ পৰা সেমেনা-সিমেনি কৰি চোৱা-চুই কৰিছে। এনেতে কলেজৰ ঘণ্টা পৰিল। দহোটা বাজিল। লৰালৰি কৰি Professor সকল নিজৰ নিজৰ শ্ৰেণীলৈ গ’ল। দেখে দুই-এজন ল’ৰাৰ বাহিৰে class বোৰ শূন্য। Vice-Principalৰ ৰুমত telephone ৰিং ৰিং কৰি বাজি উঠিল। Vice-Principalএ খৰধৰ কৰি phone ধৰিলে।]
ভাইচ-প্ৰিন্সিপাল— Yes, the Vice-Principal is
speaking... yes, Sir. good morning, Sir... No,