পৃষ্ঠা:পৰিদৰ্শন.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
DISCIPLINE
 

is the order...... whoever leaves, does so at his risk, yes, yes, that is final. [এনেতে বাহিৰত ল’ৰাবিলাক আহি পোৱা গণ্ডগোল লাগে। ল’ৰাবিলাক ডাঙৰ ডাঙৰ কৰি কথা পাতে, কিন্তু একো অভদ্ৰ আচৰণ কৰা নাই।]

 Mrs, Principal— (টেলিফোনটো কাঢ়ি নিয়ে আৰু কয়) আৰু আন connection অৱশ্যে নাই। আপুনি বাহিৰলৈ যাব নোৱাৰে। মই D.C.লৈ phone কৰো পুলিচ পঠাবলৈ। আপুনি বহি থাকক।

 Principal— পুলিচ আনিলে হাঙ্গামা হ’ব, ৰ’বা।

 Mrs. Principal— আপুনি বহি থাকক। পুলিচ আহিলে যদি হাঙ্গামা হয়, হাঙ্গামা নিমিটালে কিয়? মই গুণ্ডাবোৰৰ হাতত ল’ৰা-ছোৱালীৰে মৰিব নোৱাৰোঁ। (টেলিফোন বাজি উঠে) হয় প্ৰিন্সিপালৰ বঙলাৰ পৰা...... হয় পুলিচ লাগে। যিমান পাৰে তিমান পঠাওক। তুৰন্তে। বহুত ল’ৰা আছে। হাতত দা, লাঠী, জোং, যাঠি এইবোৰ আছে, নাই, আপুনি অকলে নাহিব। পুলিচ পঠাওক। শীঘ্ৰে... ভয় নাই কি কৰোঁ? বৰ বিপদ আমাৰ। ৰক্ষা কৰক... তেওঁ ইয়াত বহি আছে। তেওঁ ভয়তে অৱশ... বাৰু thank you, যিমান সোনকালে পাৰে (টেলিফোন থৈ দিয়ে।)

[৪৩]