পৃষ্ঠা:পৰিদৰ্শন.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
DISCIPLINE
 

মোৰ খুলশালী। তেৱোঁ ইয়াতে... ময়ো তাকে ভাবিছোঁ। Assembly বহাৰ আগতে কিবা এটা কৰিব লাগিব... আজি হাজতত থাকিব লাগিব কিজানি। এতিয়াতো ৰাতি হলেই। Supdt. কোৱা জানো ভাল হব? ...ভাল আপুনি কৈছে যেতিয়া মই সেইদৰে কাম কৰিম... বাৰু মই Principal আৰু D. C. দুয়োকে সোধোঁ। আৰু কওঁ যেন কালি পুৰাই এই কামৰ এটা শেষ মীমাংসা কৰি দিয়া হয়। আপোনাক পৰামৰ্শ কৰা বুলি কম জানো... হয়’ আপোনাৰ কথা কলে ভাল হয়... কলেজৰ লগত connection হওঁতে বা কতপৰ লাগে? দহ বজাৰ পাচত আপোনাক আমনি নকৰোঁ, কাইলৈ পুৱা ন মান বজাত মই নিজে আপোনাৰ গুৰিলৈ যাম... বাৰু, মই তেওঁলোকক আপোনাৰ কথা কৈ সান্ত্বনা দিম। (মহিলা দুগৰাকীৰ প্ৰতি) Premierৰ লগত কথা পাতিলোঁ। দেখিলেই। তেখেতে হয় বুলিছে যেতিয়া কিবা এটা কৰা যাব। মই বাৰু Collegeলৈ connection বিচাৰোঁ। (এই বুলি শিক্ষা মন্ত্ৰীয়ে কলেজৰ লগত connection দিবলৈ Exchangeক নিৰ্দ্দেশ দিলে। এনেতে চাহ আৰু তাৰ লগতে অলপীয়া জলপান লৈ চাপ্ৰাছী এটা আহিল। তাৰ পাচতে মন্ত্ৰীয়নী বহিল। সকলোৱে চাহ খোৱাত লাগিল।)

 মন্ত্ৰীয়নী— হীৰাচিঙৰ মূৰত দুখ পোৱা বুলি শুনিলোঁ। হয়নে?

[৪৭]