পৃষ্ঠা:পৰিদৰ্শন.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
DISCIPLINE
 

থাকোঁতেই পুলিচ আহিল, চকীদাৰ আহিল আৰু পুলিচ আহিয়েই মাৰিবলৈ লাগিল। তেতিয়া আমিও দুই-এটা মাৰ সোধালোঁ কিন্তু চমচেৰৰ বৰ সাংঘাতিক। তাৰ Brain concussion হৈছে। মৰে নে জীয়ে ঠিকেই নাই।

 এজন M. L. A.— ভাগ্যে হিন্দু-মুছলমানৰ কাজিয়া বুলি গৱৰ্ণমেণ্ট will not be able to make a capital out of it!

 Opp. Leader— বৰ দুখৰ কথা। Very bad. যেতিয়ালৈকে গোলাম জাতি হৈ আছোঁ তেতিয়ালৈকে আছে এই নিৰ্যাতনবোৰ।

 ভূদেৱ— পিচে, Sir, কি কৰা ঠিক হ’ল?

 এজন M. L. A.— বাৰু গাড়ী ঠিক কৰাগৈ; আমি দুজন কালি পুৱাতে ছিলঙলৈ যাম। গৈয়ে কালি afternoonত ল’ৰাবোৰ কেনেকৈ খালাচ কৰিব পাৰি তাৰ দিহা কৰিম। আৰু পৰহিৰ Assemblyত no-confidence motion আৰু House adjourn কৰিবলৈ motion দিম।

 ভূদেৱ— আমি হলে ল’ৰাবিলাক জেলত থাকে মানে strike কৰিবলৈ ঠিক কৰিছোঁ। তেতিয়া আমাক নুদূষিব।

 Opp. Leader— Strike কৰা যুগুত হ’ব as a protest। কিন্তু যাতে violence অলপো নহয় তাৰ বাবে

[৫১]