পৃষ্ঠা:পৰিদৰ্শন.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

 Principal— তুমি ভাল নকৰিলা। বাৰু যি হয় হব। মই এবাৰ বাহিৰলৈ যাওঁচোন।

 Mrs. Principal— (‘এ নাযাব নাযাব’ বুলি হাক দিয়ে। এনেতে দহ বাৰ জন মান ল’ৰা বাৰাণ্ডালৈ উঠি আহি Principal ক মাতে— ‘Sir, আমাক মাত এষাৰ দিয়ক’।) কি গুণ্ডা ল’ৰা তোমালোকে! Principalৰ অসুখ। তোমালোকে তেও নেৰা।

 ছাত্ৰ— আপুনিয়ে মাত দিয়ক তেনেহলে।

 [এনেতে কলেজৰ চকীদাৰ, চাপ্ৰাছী আঠ-দহজন মান আৰু দহ বাৰটা মান পুলিচ আহি প্ৰিন্সিপালৰ বঙলাৰ সমুখত থিয় হ’লহি।]

 Mrs. Principal— (বাৰাণ্ডালৈ আহি) ধৰা ধৰা ইহঁতক। আমাক মাৰি সাং কৰিলে। ধৰা ধৰা (Principalও বঙলাৰ বাৰাণ্ডালৈ আহিল। ছাত্ৰ, চকীদাৰ, পুলিচ সকলোৰে মাজত এটা হাহাকাৰ লাগিল। কিছুমানে ইফালে সিফালে দৌৰিলে। মৰামৰি খুন্দিয়া-খুন্দি লাগিল। এঘাৰ মান বজাৰ আগতে এই কাণ্ড ঘটিল। কেইটামান ল’ৰাৰ মূৰত, ভৰিত,

পিঠিত, বুকত আঘাত লাগিল। দুটামান পুলিচৰ তেনে হ’ল। এজন চকীদাৰ আৰু এজন ছাত্ৰ মাটিত পৰি গ’ল। ছাত্ৰজন চমচেৰ। অলপ পাচতে চমচেৰ, ৰমানাথ, হীৰাচিং প্ৰভৃতি দহ-বাৰজন মান ছাত্ৰক হাতকেৰেয়া দি পুলিচে ধৰিলে।

[৪৪]