এমুঠি বনকৰা কিংখাপ কবিতা

[  ]
 
 

[  ]

 

এমুঠি বনকৰা
কিংখাপ কবিতা

 

ৰত্নেশ্বৰ বৰা

 

কৌস্তুভ প্ৰকাশন
নিউ মাৰ্কেট, ডিব্ৰুগড়-০

 

[  ]
 

Emuthi Bonkara Kingkhap Kabita : a collection of poems composed by Shree Ratneswar Bora and published by Gayatree Boruah on behalf of Kaustubh Prakashan, Dibrugarh-01. Printed at Kaustubh Printers, Milan Nagar, Dibrugarh-03


Price : 100/-


ISBN : 978-93-82283-87–4

 

এমুঠি বনকৰা কিংখাপ কবিতাঃ ৰত্নেশ্বৰ বৰাৰ কবিতা সংকলন। কৌস্তুভ প্ৰকাশন, নিউ মাৰ্কেট, ডিব্ৰুগড়ৰ হৈ শ্ৰীমতী গায়ত্ৰী বৰুৱাৰ দ্বাৰা প্ৰকাশিত আৰু কৌস্তুভ প্ৰিন্টাৰ্ছ্‌, মিলন নগৰত মুদ্ৰিত।
প্ৰথম প্ৰকাশঃ জুলাই, ২০১৯ খ্ৰীষ্টাব্দ।


©) গ্ৰন্থস্বত্বঃ লেখক
প্ৰচছদ /স্কেচঃ ইণ্টাৰনেট
অলংকৰণ আৰু অনুলেখনঃ দীপ গগৈ।


মূল্যঃ ১০০/-

 

[  ]
 

উছৰ্গা


পাগলাদিয়াৰ পাৰৰ জীয়াৰী আমাৰ মৰম বোৱাৰী
শ্ৰীমতী যুগব্ৰতা দাস (বাবী)ৰ নামত কবিতাৰ।
থুনুক-থানা ভাষাৰে
আলফুল দুখনি হাতেৰে ..।


দে-উ-তা ...
২৫ | ০৭ | ২০১৯

 

[  ]
 

এইখিনিতে ...

 সাংবাদিকতা, শিক্ষকতা আৰু শিক্ষা বিষয়া হিচাপে জীৱন পানচৈ মেলি দিয়া শ্ৰী ৰত্নেশ্বৰ বৰাই হাইস্কুলীয়া শিক্ষাৰ দিনৰে পৰা সাহিত্য চৰ্চা কৰি আহিছে। পৈণত বয়সত চাকৰিৰ সমান্তৰালকৈ সাহিত্যৰ ক্ষেত্ৰখনলৈও প্ৰভূত বৰঙনি আগবঢ়াই আহিছে শ্ৰী বৰাই। প্ৰকাশ, প্ৰান্তিক, ত্ৰিশংকু, গাণ্ডীৱ, অন্তৰংগ, অন্তৰা, দোকমোকালি, গণকণ্ঠ, কবিকণ্ঠ, অসমবাণী, সাদিন, জনমভূমি, দৈনিক জনমভূমি, অনুভূতি, অগ্ৰদূত, আমাৰ অসম, দৈনিক অসম, অসমীয়া প্ৰতিদিন, সম্ভাৰ, পূৰ্বাচল, সমাহাৰ দৈনিক বাতৰি আদি বিভিন্ন কাকত-আলোচনীত তেখেতৰ লেখা প্ৰকাশ পাই আহিছে। বিস্তৰ অধ্যয়নপুষ্ট তথা সুবক্তা হিচাপে পৰিচিত এইগৰাকী সাহিত্যিক একাধাৰে কবি, গল্পকাৰ, উপন্যাসিক, প্ৰাৱন্ধিক, নিৱন্ধকাৰ, সমালোচক, অনাতাঁৰ নাট্যকাৰ, শিশু সাহিত্যিক তথা সাংস্কৃতিক প্ৰতিবেদক। লগতে আছে অসংখ্য অনুবাদ কৰ্ম।
 ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত দ্বিমাসিক সাহিত্য পত্ৰিকা ‘মজিয়া’ৰ মুখ্য সম্পাদক শ্ৰী বৰাই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ, ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী দূৰদৰ্শন আৰু আমাৰ ভি.এ.এছ চেনেলৰ যোগেদি অনেক গল্প-প্ৰবন্ধ কবিতাৰ অনুষ্ঠানত অংশ গ্ৰহণৰ মাজেদি শ্ৰোতা-দৰ্শকৰ প্ৰিয়ভাজন হ’বলৈ সক্ষম হৈছে।
 তথাপি ক'বই লাগিব সব্যসাচী শ্ৰী বৰা প্ৰচাৰ বিমুখ কিন্তু নিৰহংকাৰী। তেখেতৰ সৃষ্টিৰাজিৰ এতিয়াও যথাযথ মূল্যায়ণ নোহোৱাটো আক্ষেপৰ কথা।


প্ৰকাশক

 

[  ]
 

মইনো কি ক’ম


 মইনো কি ক’ম—ভাবিকে পোৱা নাই। যিবোৰ কথা ক'ব পাৰি ভাবিব নোৱাৰি। যিবোৰ কথা ভাবিব পাৰি, মুকলিকৈ ক'ব নোৱাৰি। কবিতাৰ এই বিশাল সাম্ৰাজ্যখনত কিমান যে কথা ভাবিলে চকু কপালত উঠে। ঠিক দিব্যাংগৰ হস্তী দৰ্শনৰ নিচিনাই। ঠেঙত ধৰিলে ঠেঙৰ বৰ্ণনা, নেজত ধৰিলে নেজৰ বৰ্ণনা।

 ‘তেজক চিঞাহীলৈ ৰূপান্তৰ কৰাৰ যন্ত্ৰণাই কবিতা’— ৱৰ্ডছৱৰ্থৰ এই আপ্তবাক্যই যদি শুদ্ধ হয়, তেন্তে ক’বই লাগিব মোৰ যন্ত্ৰণাৰ উপশম পাবৰ কাৰণে সেৱন কৰা একোপালি দেৱাই হ'ল মোৰ বাবে একোটি কবিতাৰ নিৰ্মিতি। অন্য অৰ্থত W.B. Yeats এ কোৱাৰ দৰে “When we quarrel with others, it is rhetoric but when we quarrel with ourselves, it is poetry". এৰা, আনৰ লগত চুপতি মাৰিলে তৰ্কশাস্ত্ৰৰ সৃষ্টি হয়, কিন্তু নিজৰ লগত চুপতি মাৰিলে সৃষ্টি হয় কবিতা। নিজৰ বিবেকৰ লগত মুখ চুপতি মাৰি মাৰিয়েই এইখিনি কবিতাৰ জন্ম দিছিলোঁ। দৈনিক জনমভূমি, দৈনিক অসম, আজিৰ দৈনিক বাতৰি, সাদিনকে ধৰি অন্যান্য কাকত-আলোচনীলৈ সময় পালে পঠিয়াই দিওঁ- বিশেষকৈ পূজা সংখ্যা, বিহু সংখ্যাবিলাকলৈ। কি ভাবি জানো মাননীয় সম্পাদকসকলে কবিতাবোৰক (এইবোৰনো কবিতানে?) মৰম কৰে। অসমত বোলে বৰ্তমান বাৰ হেজাৰ সক্ৰিয় কবি আছে? চাওকচোন তাৰ মাজৰ পৰা...।

 এই যে কবিতাবোৰ কাকত-আলোচনীৰ পাতত আলমাৰীৰ এচুকত ব্ৰজ্ঞৰ ঢেঁকীয়াৰ এলুমিনিয়ামৰ আঙুলিৰ দৰে আলৈ আথানি হৈ পৰি আছিলে মলমতি মন্দ সহস্ৰ পঁইতাচোৰাৰ অত্যাচাৰ উৎপীড়ন সহি সামৰি, কেইজনমান বিবেকৱান বন্ধুৱে সহনশীলতাৰ সকলো সীমা চেৰাই গৈ লগ পালেই কয়—‘কবিতাবোৰৰ গতি এটা লগাওক। বিনাশ কালে হত বুদ্ধি হ’বলৈ নিদিব’।

 ফলশ্ৰুতিত এই কবিতা সংকলনটি। নাম থ’লোঁ ‘এমুঠি বনকৰা কিংখাপ [  ] কবিতা’। বিশিষ্ট শিশু সাহিত্যিক ‘প্ৰসেন মামা’ খ্যাত শ্ৰীযুত প্ৰসেনজিৎ গোস্বামী, অনুজ কবি শ্ৰীমান বিজু শৰ্মাই এই বিষয়ে আক্ষৰিক অৰ্থতে উৎপীড়ন নকৰাহেঁতেন সংকলনটি পাঠকৰ হাতত নপৰিলগৈহেঁতেন।

 সংকলন হিচাপে কবিতাৰ এইটি মোৰ দ্বিতীয়টি কাব্য সংকলন। ইয়াৰ আগৰটি সংকলন ‘তুমি আঘোণৰ সোণোৱালী পথাৰ’, ৰাজ্যৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান যোৰহাটৰ ‘শব্দ প্ৰকাশ’ এ প্ৰকাশ কৰিছিল। প্ৰথম প্ৰকাশৰ দুহেজাৰ কপি গৰম পাওৰুটিৰ দৰে গ্ৰাহকে গ্ৰহণ কৰিলে। হাতত দুটা কপি মাত্ৰ (আপুনি খুজিলেও এটা কপি দিব নোৱাৰোঁ, ক্ষমা কৰিব) আছে। এইটি সংকলনকো কাব্যপ্ৰেমী পাঠকে মৰম কৰিব বুলি মোৰ বিশ্বাস তুংগত আছে।

 ৰাজ্যৰ অন্যতম প্ৰকাশন দিক্‌পাল ‘কৌস্তুভ প্ৰকাশন এণ্ড প্ৰিণ্টাৰ্ছে’ গ্ৰন্থখনি আগ্ৰহেৰে প্ৰকাশৰ দায়িত্ব মূৰ পাতি লোৱাত কৃতাৰ্থ হ’লোঁ। কলা-কুশলী, স্বত্বাধিকাৰী আটায়ে ধন্যবাদৰ পাত্ৰ।

 ‘শব্দৰ এজাক সেউজীয়া বৰষুণত’ শীৰ্ষক কবিতাটি ‘তুমি আঘোণৰ সোণোৱালী পথাৰ’ত সন্নিৱিষ্ট কৰা হৈছিল। সাহিত্যিক পেঞ্চনাৰ, বিশিষ্ট সাহিত্যিক শ্ৰীযুত গন্ধেশ্বৰ শইকীয়াই কাব্যানুষ্ঠানবিলাকত এই কবিতাটি সদায় আবৃত্তি কৰে। কৃতজ্ঞতাৰ চিন স্বৰূপে কবিতাটি পুনৰ্মুদ্ৰণ কৰি তেখেতৰ নামতে উৎসৰ্গা কৰিলোঁ।


ইতি
ৰত্নেশ্বৰ বৰা
মিলন নগৰ, ডিব্ৰুগড়-৩
ফোন নং-৮৪৮৬২০৭১৪২

 

[  ]
 

সূচী–পত্ৰ

তোমাৰ জন্মদিনৰ বুকে / ১১
আহক, অলপ আলাপ কৰো মুকলি মনেৰে / ১২
অনুভৱ / ১৪
খৰিকাজাঁই / ১৫
অ’ মোৰ চম্পাৱতী শাওণৰ পথাৰ / ১৬
কপৌফুল যেন ছোৱালীবোৰ / ১৭
এটি স্কেচ্ছঃ সন্ধিয়াৰ / ১৮
বুকুত নাচি আছে এটা দীঘল সুহুৰি / ১৯
খোজত ফুলাই খৰিকাজাঁই / ২০
গৰু মেলি গৰখীয়া... / ২১
বিভ্ৰাট / ২২
পাতে তিৰবিৰ হামদৈ পথাৰ / ২৩
তোমাৰ চহৰত এতিয়া / ২৪
মোৰ তেজৰ বাগিছাত ফুলিছে / ২৫
মোৰ পিতা / ২৬
জোনাকৰ চেলেং এখন লৈ / ২৭
নিশাটোৱে উচুপিছে মোৰেই বিছনাত / ২৮
দিহিঙৰ অথাউনি পানীত / ২৯
আপুনি নজনাকৈয়ে / ৩০
তেজীমলা অ’ / ৩১
দুটি স্নেপঃ বিগত বছৰটোৰ / ৩২
অঘাইতং বছৰটো / ৩৩

[  ]

প্ৰিয় বন্ধু বিদ্যাধৰ দলে সমীপেষু / ৩৪
নাম তাইৰ নিবেদিতা লাচন গাম / ৩৫
বতাহ খামুচি আছোঁ দিন ৰাতি / ৩৬
শৈশৱ / ৩৭
পলসে কবৰ দিছে / ৩৮
এখন দুখৰ দিখৌ / ৩৯
দুখ মোৰ দুপৰৰ অতিথি / ৪০
বুকুৰ হাবি-বন কাটি / ৪১
সকলো কবিয়ে দিনটোত এবাৰ উচুপে / ৪২
কবিতা এ নাহিবি ৰাতি / ৪৩
যন্ত্ৰণাত নিশাৰ উলুবাৰীৰ উৰণ সেঁতু / ৪৪
মেকুৰীৰ ডিঙিত টিলিঙা মই আঁৰিম কিজানি / ৪৫
আজাৰ নিজাৰ পৰিল... / ৪৬
বন্ধুলৈ / ৪৭
কঁপি থকা বিৰিণা পাতৰ দৰে / ৪৮
ফুল আলসুৱা কবিতাৰ কেঁচুৱা / ৪৯
কাষে চপাই দিয়া... / ৫০
কাজিৰঙা পাৰ যদি তোৰ পোনাহঁতক বচা / ৫১
আমাৰ জীৱনৰ যাত্ৰা পথত / ৫২
পাহাৰ / ৫৩
স্থবিৰ হৈ গৈছে তেজৰ দলদোপ নদী / ৫৪
কম্পিত এই উপত্যকা / ৫৫
শব্দৰ এজাক সেউজীয়া বৰষুণত / ৫৬
সেইজনী সোণপাহী নহয়, এটা কবিতা / ৫৭
খুলি থৈছোঁ হৃদয়ৰ আটাইবোৰ খিড়িকী / ৫৮
অ’ মোৰ ৰাজমাই বাগিছাৰ ৰূপহী গাভৰুজনী / ৫৯
আহিনৰ বতৰ / ৬১
অনুভৱঃ কবিতা বিষয়ক / ৬২
আমতলে শ্যাম যায়... / ৬৩

 

[ ১০ ]

তোমাৰ জন্মদিনৰ বুকে

শৰতৰ
তলসৰা শেৱালিৰে
কেনেকৈ সজাওঁ তোমাৰ
জন্মদিনৰ বুকে

বুকুৰ ফুলনিত শাৰী শাৰীকৈ
ৰুইছোঁ এডৰা ক্ৰিছেন থেমাম
ফুলকচোন শীতত
তাৰেই সজাম।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, নৱবৰ্ষ পৰিপূৰিকা, ০১/০১/২০০৬)

[ ১১ ]

আহক, অলপ আলাপ কৰোঁ
মুকলি মনেৰে


আহক, অলপ আলাপ কৰোঁ মুকলি মনেৰে
আপোনালৈ মোৰ সাদৰ সম্ভাষণ
আহিনৰ তলসৰা শেৱালিৰে নহয়
ফুটো নুফুটো এটি ৰঙা গোলাপেৰে
বাৰিষাৰ বিষাদভৰা অশ্ৰুৰ অন্তত
জ্বলি উঠিছে আইতাৰ এগচি তেল শলিতা
সন্ধিয়াৰ নিৰ্মেঘ তুলসী তলত
য’ত প্ৰৱাহিত হৈছে আপোনাৰ মোৰ কুশল-বাৰ্তা

আহিনত বাঢ়ি আহিছে লহপহকৈ
নীলপৱনৰ কেনভাছত এখন
শইচ সম্ভৱা পথাৰৰ সেউজীয়া গোন্ধ
সুন্দৰকৈ সজাইছে কজলা জুৰিৰ পানীত
এখন মনৰ মতন লাইফ চাইজ দাপোণ
য’ত আপুনি চাব পাৰে আপোন মুখ
আঁচুৰিব পাৰে দীৰ্ঘদিনৰ অযত্নপালিত
আউলি বাউলি আপোনাৰ কেঁকোৰা চুলি
পৰীক্ষা কৰিব পাৰে আপোনাৰ মলিয়ন সাজোন
চকুৰ ভাষা বিধ্বস্ত দেহৰ ৰেখা

নাৰ্চিছাছৰ দৰে আপুনিও পৰিব পাৰে
নিজৰেই প্ৰেমত আৰু তেনেদৰেই

[ ১২ ]

সংক্ৰমিত হ'ব পাৰে আকৌ এবাৰ প্ৰেম
মানুহৰ পৰা মানুহলৈ হৃদয়ৰপৰা হৃদয়লৈ
চাইবেৰীয়াৰ পৰিভ্ৰমী এজাক পক্ষীৰ দৰেই
আকাশৰ বিশালতাই হ’ব এদিন
আমাৰ কাংক্ষিত ফুলনিৰ চাৰিসীমা
বিশ্বাস আৰু অলপ প্ৰত্যয় হ’ব জেওৰা জপনা
আহক, অলপ আলাপ কৰোঁ মুকলি মনেৰে।

(পূৰ্ব প্ৰকাশঃ জনমভূমি, বঙালী বিহু আলোচনী, ২০১১ চন)

[ ১৩ ]


অনুভৱ

ইচ্ছা কৰি বন্ধ কৰি থৈছোঁ
মোৰ হৃদয়ৰ
একেখনি ভগা দুৱাৰ
মন গ’লে সহস্ৰবাৰ
সজোৰে টুকুৰিয়াব পাৰি
চাবা দেই
তোমাৰ লিহিৰিপতীয়া আঙুলি
আলফুলীয়া পদুম ঠাৰি

কিন্তু
মৃত্যু যিমানেই সবল নহওক
এবাৰহে পাৰে টুকুৰিয়াব
মোৰ হাউলি থকা জীৱনত
নান্দীশ্লোক এবাৰহে গাব পাৰি
চিহ্নযাত্ৰা নাটকত।

(পূৰ্বপ্ৰকাশঃ অনুভূতি, শাৰদীয় আলোচনী, ২০০৯,
আজিৰ দৈনিক বাতৰি)

[ ১৪ ]


খৰিকাজাঁই

নাজানো
কিহৰ আনন্দত ফুলিল
ইমান খৰিকাজাঁই

ফুলে ফুলে
গুণ গুণাই
দুখতো সুখতো
অনেক কবিতা উজায় ভটিয়ায়।
মোৰ গালে-মুখে হাত ফুৰাই।

(পূৰ্বপ্ৰকাশঃ দৈনিক অসম, ০৮/১০/২০০৯)

[ ১৫ ]

অ' মোৰ চম্পাৱতী শাওণৰ পথাৰ

অ' মোৰ চম্পাৱতী
শাওণৰ পথাৰ
ডিঙি কুটে কুটায়
দেহা ৰমে ৰমায়
পিন্ধাইছেনে জোঁৱাইহঁতে
সাতসৰী কণ্ঠহাৰ

দেচোন দে পাই
এডৰা বা দুডৰা
ফটো ফ্ৰেমত বন্ধাই
সজাই থওঁ হৃদয় চ’ৰা
তইতো জানই
মই যে আজন্ম
খেতিয়কৰ ভেলেঙা ল'ৰা
তোক ভালপোৱাৰ টোপোলাৰে
ভৰ্তি মোৰ জীৱন ডিঙৰা

দেচোন দে পাই
মই স্থাপন কৰোঁ এই
আপোন শাওণৰ বতৰত
তোৰ সীৰলুৰ জৰায়ুত
এটোম হিৰন্ময়ী শস্যৰ সপোন
আহি থকা কঠিন দিনবোৰৰ বাবে
মোৰ ভৱিষ্যতৰ পোনাহঁতৰ জোখাৰে।

(পূৰ্বপ্ৰকাশঃ ৰঙালী বিহু আলোচনী, জনমভূমি, ২০১০ চন)

[ ১৬ ]

কপৌফুল যেন ছোৱালীবোৰ

আঁহত পাত দুখিলা বুকুত বান্ধি
ম’বাইল ফোনত কথা পাতি
কেতিয়াবা বাইকৰ পিছত
কেতিয়াবা খোজকাঢ়ি
মোৰ দোকানৰ আগেদি
হাঁহি-মাতি তাল-ফাল কৰি

কপৌফুল যেন ছোৱালীবোৰ আহে আৰু যায়
মন গলে থাম্‌ছ আপ্‌ নহ'লে চকলেট খায়
সিহঁতক মই ভুলতো নকওঁ
মোৰ দোকানত মাহে মাহে
কিমান মানুহে উঠনা খায়
কিজানিবা শুকাই যায় সিহঁতৰ
সাগৰ নীলা চকুৰ অঞ্জন ঋতুৰ হাচনাহানা
অথবা যৌৱনৰ খৰস্ৰোতা নদীবোৰ
কপিলী ভৰলী সোৱণশিৰী
অথবা সুমথিৰা কোঁহৰ এযুৰি ওঁঠৰ উপত্যকা
ৰাগ ভৈৰৱীত পল্লৱিত শব্দৰ সুষমা

হাঁহিবলৈ দিয়া বান্ধৈ আমাৰতো সময় নাই
উকিয়াই উকিয়াই ৰেলগাড়ী গুচি যায়
ইষ্টেচনৰ মুখলৈ চাই
অ’ মোৰে চেনাইটি ঐ
মুখৰ হাঁহি
মুখৰ হাঁহি হৰিলে কোনে।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ৰঙালী বিহু আলোচনী, ২০১২ চন)

[ ১৭ ]

এটি স্কেচ্ছঃ সন্ধিয়াৰ

সাজৰ আজলী জোন
বুজিলেই বা কি
খিড়িকীৰে জুমি
শুধ বগা বিচনাত
অকলশৰে তুমি
এখিনি বিষাদৰঙী জোনাকত
তিতি জুৰুলি জুপুৰি।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ২৬/০৫/২০১৭)

[ ১৮ ]

বুকুত নাচি আছে এটা দীঘল সুহুৰি

বিৰিণা বননি ফালি
উজাই আহিল এমুঠি
হাঁহি খিকিন্দালি

পুৰঠ কলাফুল
বুকুত মেঠনি
সেইজাক ঘৰমুখী
জাকৈয়া ছোৱালী

জিভা সিঞাই
ইণ্টাৰচিটী ৰেলত
আহিলোঁ আঁতৰি
বুকুত আজিও নাচি আছে
এটা দীঘল সু-হু-ৰি

(পূৰ্বপ্ৰকাশঃ শাৰদীয় বিশেষ জনমভূমি, ২০০৯ চন)

[ ১৯ ]

খোজত ফুলাই খৰিকাজাঁই

আজি সন্ধিয়া
চোতাল গৰকি
গ'লাহি গুচি
খোজত ফুলাই খৰিকাজাঁই

ওৰেটো নিশা

নক্ষত্ৰ খচিত আকাশ দেখা
মোৰ উৰুখা পঁজা
ভালেহে গোন্ধাইছে
কবিতা কবিতা।

(পূৰ্বপ্ৰকাশঃ দৈনিক অসম, ৮/৭/২০০৬)

[ ২০ ]

গৰু মেলি গৰখীয়া...

চকুৰ পচাৰতে ছিগি থাকিল
নিৰ্ভেজাল শৈশৱৰ সোণালী সূতাডাল
য’ত গাঁথি থোৱা প্ৰতিটো পল-অনুপল
ফুল হৈ ফুলিছিল গধূলি গোপাল

উস্ মোৰ কি পোৰা কপাল
ক’ত যে হেৰাল হিয়াৰ এফাল

গৰু মেলি গৰখীয়া পালে বহুদূৰ
ৰিণি ৰিণি শুনিছোঁ বাঁহী পেঁপাৰ সুৰ
মই এতিয়া খাঁটি চহৰীয়া
কংক্ৰিটৰ অৰণ্যৰ বিশ্বস্ত ৰখীয়া |

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভুমি, ২০/০৮/২০১৬)

[ ২১ ]

বিভ্ৰাট

কুলাই পাছিয়ে নধৰা
 মোৰ
 দুখ
চকুত চকুপানী দুধাৰি
 টোপ
 টোপ
ওহোঁ নহয় চকুপানী
 সুৱাগমণি
 ধানৰ
 থোক।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ১৭/১১/২০১৩)

[ ২২ ]


পাতে তিৰবিৰ হামদৈ পথাৰ

মোৰ সুখ
কিম্বা মোৰ দুখ
  বকুলবৰা ধানৰ থোক
এভঁৰাল এডুলি সহৃদয়
সপোনে ধৰিছে চালি
চিক্‌মিক্‌ কাঁচি খনি ৰ’দ কাঁচিয়লি

পাতে তিৰবিৰ হামদৈ পথাৰ

জীৱন যৌৱন
লাৱনি দাৱনী
 তেজে-ঘামে কৰি একাকাৰ
অ' মোৰ কৰুণাময়ী
আশাৰ শ্যামল আধাৰ
 যুগে যুগে ভৰসাৰ বিপুল সম্ভাৰ
মই অজলা কৃষকৰ
এটি অবুজ সন্তান
 মোৰ তেজ মোৰ হাড়ৰ সমাহাৰ
 পিতৃ-পিতামহৰ স্বৰ্ণখচিত অলংকাৰ।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ২৩/১১/২০১৩)

[ ২৩ ]


তোমাৰ চহৰত এতিয়া

তোমাৰ চহৰত এতিয়া
লহপহকৈ বাঢ়িছে এডৰা
অবিশ্বাসৰ ছাইৰঙী কঠীয়া

এক সংশয়ৰ দুৰ্গন্ধভৰা আস্তাবল,
হেঁপাহৰ ৰঙীণ ৰুমাল জোকাৰি
ক’তো নাই উমাল হাত-বাউল

হোৰা-হোৰে নামিছে বিশ্বাসৰ ছেনছেকছ
পানীৰ দৰত বিক্ৰী হৈছে শক্তিহীন বিবেক

কোৱাচোন, কত খৰচ কৰোঁ
মোৰ বুকুত গুপুতে পুতি থোৱা
প্ৰেম বিশ্বাস আৰু মৰমৰ
এপেৰা সাঁচতীয়া গুটিধন

নাই হৃদয়ৰ সুলভ বিনিয়োজন

হাঁয়, ধান পকে মানে কিন্তু
টুনীৰ নিশ্চিত আওমৰণ।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ১৮/১১/২০১৪)

[ ২৪ ]

মোৰ তেজৰ বাগিচাত ফুলিছে

হঠাৎ সাৰ পালোঁ
ৰাতি দুপৰত
তৰাবোৰৰ খোজৰ শব্দত
উঠি গ'লোঁ খপ্জ‌পাই
আধাপোৰা মমডাল জ্বলাই
চালোঁ পিৰিকিয়াই

ওহোঁ, তৰা নহয়।
শৈশৱৰ অলেখ স্মৃতি কঢ়িয়াই
ফৰিংফুটা চোতাল ওপচাই
মোৰ তেজৰ বাগিচাত ফুলিছে
এজোপা খৰিকাজাঁই

সাজে-পোছাকে
খোজে-কাটলে
সাইলাখ তোমাৰ লেখীয়াই, পাই।


(পূৰ্বপ্ৰকাশঃ দৈনিক, অসম, ২৬/০৭/২০১৫)

[ ২৫ ]

মোৰ পিতা

বতৰৰ খেয়ালী মন
কেতিয়াবা দোপাল-পিটা বৰষুণ
কেতিয়াবা তামসিক ৰ’দৰ আয়োজন

মূৰত জাপি
হাতত এচাৰি
মানুহজন পথাৰত নামে
এটি সোণফলা সীৰলু আঁকি আঁকি


আপাততঃ ৰ’দ-বৰষুণেই তেওঁৰ চোলা
নাঙলেই তেওঁৰ কলম
শইচেই তেওঁৰ ঐশ্বৰ্যৰ পাহাৰ
পথাৰেই বিভূতিৰ পাঠশালা

আকাশেই তেওঁৰ আশাৰ শেষ সীমা
তেওঁ এজন উদ্দীপন নিয়মীয়া শিক্ষক
আয়তক্ষেত্ৰ আঁকিব পাৰে পথাৰৰ আলিৰে
সৌৰজগত বুজাই দিয়ে দুপৰৰ বেলিৰে
সাহিত্য তেওঁ গুণ গুণাই পঢ়ে বতাহত
অংক কৰে চিৰিলি আঙুলি পাবত

মানুহজন আন কোনো নহয়
মোৰ পিতা আপোনাৰ খুৰা
মুকলি আকাশৰ তলত ধৰ্ষিতা গৰাকীৰ পেহা
অযুত ৰাৰ ঘুমতি ভঙা
গুৰু দ্ৰোণাচাৰ্যৰ জেঠপেহা।

(পূৰ্বপ্ৰকাশঃ ডিব্ৰুগড় কবি সন্মিলনৰ মুখপত্ৰ, জানুৱাৰী, ২০১১ চন)

[ ২৬ ]

জোনাকৰ চেলেং এখন লৈ

নাযায় নুপুৱায় নিশাৰ নিস্তব্ধতা
ইচ্ছা কৰি খুলি দিলোঁ
হৃদয়ৰ আটাইবোৰ নঙলা
জোনাকৰ চেলেং এখন লৈ
কাঞ্চনমতী অনেক কবিতাৰ
দীঘলীয়া সৰ্পিল শোভাযাত্ৰা
মোৰ ফৰকাল চোতালত দুপৰ নিশা

এইবোৰ কবিতাৰ গোন্ধ আছে
নাম নাই সংজ্ঞা নাই
শৈশৱ কৈশোৰ আৰু যৌৱনৰ
পিৰালিত ওৰে নিশা আমোলমোলাই
একোপাহ মোক চা মোক চা খৰিকাজাঁই

ৰাতি পুৱাল কি নুপুৱাল
মানুহৰ প্ৰাত্যহিক খোজৰ শব্দত
(সাগৰ শুকাল)
আটাইবোৰ কবিতা থিতাতে লুকাল

সময় অসময় বুলি কথা নাই
কবিতাই কেতিয়াবা হাঁহি হঁহুৱায়
কবিতাই কেতিয়াবা কান্দি কন্দুৱায়
এৰা, কবিতা এনেকুৱাই
কবিতা এনেকুৱাই
ভৈয়াই।

(পূৰ্বপ্ৰকাশঃ দৈনিক অসম, ১২/০১/২০০৭)

[ ২৭ ]

নিশাটোৰে উচুপিছে মোৰেই বিছনাত

ইমানদিনে
নিশাটোক আলফুলে
শুৱাই থৈছিলা
তোমাৰ বিছনাত

চুলিত চেটাৰ বজাই
মুখত গুজি দিছিলা
তোমাৰ বুকুৰ
অমৃতভৰা সাগৰীয় শংখ
গান গাইছিলা গুণগুণাই

চোৱাহিচোন চোৱাহি
লাই পাই নিশাটোৱে
আজি উচুপি আছেহি
কেনেকৈ মোৰেই বিছনাত

আৰু মই মাতাল হৈ আছোঁ
ওৰেটো নিশা
এটা অজান বাঁহীৰ মাতত
কোনো এক গোপন ঠিকনাত।

(পূৰ্বপ্ৰকাশঃ সাপ্তাহিক জনমভূমি, পূজা সংখ্যা, ২০১০ চন)

[ ২৮ ]

দিহিঙৰ অথাউনি পানীত

দিহিঙৰ অথাউনি পানীত
যাৰ বাবে মই অপেক্ষা কৰিছোঁ
দুখৰ ছৈ দিয়া নাৱৰ তলিত
তেওঁ এতিয়া নিঃশব্দে খোজ দিছে সুখৰ
ফুল হালধীয়া সৰিয়হৰ সাগৰ এখনত

তেওঁ বাৰু জানেনে নাজানে

এই নিঃকিন কবিৰ হৃদয়তো হালে জালে
ভালপোৱাৰ কাকিনি তামোল এজোপা
ভেন্ গঘৰ দৰে ছবি এখন আঁকিবলৈ
মজুত আছে কিছু ৰং তুলিকা

অথবা বাজি আছে উচ্চ গ্ৰামত
জুবিনৰ কণ্ঠত হাই ভল্টেজ প্ৰেমৰ গান এটা।

(পূৰ্বপ্ৰকাশঃ দৈনিক অসম, ১৪/১১/২০১০)

[ ২৯ ]


আপুনি নজনাকৈয়ে

আপুনি নজনাকৈয়ে আপোনাৰ বুকুত
ডেও দি ফুৰিব পাৰে ৰুণুক জুনুক
এটি আশাৰ হৰিণা পোৱালি
লহপহকৈ বাঢ়িব পাৰে চিৰিলিপতীয়া
এটি নোদোকা চতিয়না পুলি
আনকি উৰিব পাৰে মুক্ত মনে
এহাল বনৰীয়া ৰাজহংস
পাখি মেলি জুখিব পাৰে আপোনাৰ
হৃদয় আকাশৰ বিশাল দিগন্ত
আৰু এনেকৈয়ে মেলিব পাৰে পোখা
আপোনাৰ কংক্ৰিটৰ মন মণিকূটত
ৰাগ শ্যাম তাল পৰিত এটা বৰগীত
তেজৰে কমলাপতি পৰভাতে নিন্দ
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোৱিন্দ।

(পূৰ্বপ্ৰকাশঃ দৈনিক অসম, ০৯/০১/২০১১)

[ ৩০ ]

তেজীমলা অ’

তেজীমলা অ’
তই ফুল হৈ ফুলিবিনে এবাৰ
এবাৰ মাথোঁ এবাৰ ...
তেনেই শূন্য হৈ আছে
বছৰৰ পাছত বছৰ
মোৰ হৃদয় দিচাঙৰ পলসুৱা দুপাৰ

মই নাৱৰীয়া হৈ কাষে চপাই দিওঁ

দুখৰ বোজাৰে টুলুং ভুটুং নাও
জীৱনৰ হেৰাই যোৱা
থোপা-থোপে পলাশ এজাৰ
কিজানিবা আকৌ এবাৰ পাওঁ

তেজীমলা অ’ ...
এবাৰ মাথোঁ এবাৰ...।


(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ২১/০৪/২০১৪)

[ ৩১ ]

দুটি স্নেপঃ বিগত বছৰটোৰ

(১)
বছৰৰ মৃতদেহ বুকুত লৈ
চকুপানী টুকি
আকৌ যাবলৈ ওলাল
সময়ৰ কোবাল নৈ।

(২)
আকাশ গোমা
তিনিশ পঁইষষ্টি দিনে
বাৰুদ আৰু বোমা
পচন্দৰ ছবিখন নহ’ল তোলা
সামৰি থ’লোঁ ডিজিটেল কেমেৰা।

(পূৰ্বপ্ৰকাশঃ দৈনিক অসম, ১৬/১১/২০১০)

[ ৩২ ]

অঘাইতং বছৰটো

অঘাইতং বছৰটো আঁতৰি গ'ল
ভালেই হ'ল
উৰুলি এজোলোকা দিয়া
দূৰৈৰ মন্দিৰত বাজক ঘণ্টা
ফুলি উঠক ঈষৎ হালধীয়া
এডৰা হাছনাহানা

খুলি দিয়া মইনাহঁতৰ বাবে
উল্লসিত উদ্যানৰ লৌহ জপনা
ইয়াতেই বহিব এদিন জোনাকী মেলা
গৃহীত হ’ব অনাগত দিনৰ
সুখ-শান্তিৰ প্ৰস্তাৱনা।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভুমি, ০৮/০১/২০১১)

[ ৩৩ ]

প্ৰিয় বন্ধু বিদ্যাধৰ দলে সমীপেষু

বানে গৰকা দধিয়া-লাইকা
প্ৰিয় বন্ধু বিদ্যাধৰ দলে
চাংঘৰত আছানে কুশলে এসাঁজ খাই
নিৰলে-নিভৃতে নিজানে নিজানে

খবৰ পাইছোঁ কাকতে-পত্ৰে
ব্ৰেকিং নিউজ দিছে টেলিভিছন চেনেলে

পানী শুকালেই তোমালোকৰ দেশলৈ
যাম বুলি ভাবিছো পূজাৰ পাছতে
আকুম মুৰঙত এপাক নাচিবলে’
শুকতি আৰু ... জুতি লগাই এসাঁজ খাবলে’

শ্ৰীমতীৰ পচন্দৰ শাড়ী-চেণ্ডেল বিচাৰি
এইকেইদিন মই ব্যস্ত শ্বপিং মলে মলে।


বিঃদ্ৰ—দধিয়া-লাইকা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ
সীমামুৰীয়া অতি পিছপৰা মিচিং জনগোষ্ঠী অধ্যুষিত বানে গৰকা
এটা অঞ্চল য’ত নাওখনেই একমাত্ৰ যাতায়াতৰ আহিলা।

মিচিং শব্দঃ আকুম (ঘৰ), মুৰং (ডেকাচাং)।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ২৯/০৯/২০১২)ৰ

[ ৩৪ ]

নাম তাইৰ নিবেদিতা লাচন গাম

তাই মাজুলীৰ এজনী ধুনীয়া ছোৱালী
নাম তাইৰ নিবেদিতা লাচন গাম
অইঃনিতম এটাৰ দৰে নিমজ তাইৰ সুগোল দুগাল

ডেনী গামক সুধিলেই ঠিকনাটো পাম

সাগৰ দেখা নাছিল তাই
মাহে-হালধিৰে নোৱাই-ধুৱাই আহিনতে
সাগৰত সাঁতোৰাৰ সপোন দেখিছিল হ’ব পাই
আজি তাইৰ আকাশ নীলা চকু দুটিত
নিজেই গুজি ল'লে দুখৰ লুণীয়া সাগৰ
ৰাতিটোতে কাটি হ’ল তাইৰ মৰমৰ চাংঘৰ

হেৰুৱালি কাঁহীবাটি ...
হেৰুৱালি লোটা-ঘটি ...
বান এনেকৈয়ে আহে জান
থানবান কৰে যৌৱনৰ সমস্ত সোপান
অশ্বাৰোহী সময়ৰ কবৰত শুই থাকে
অনেক ইজাবেলাৰে অকথিত পাণ্ডুলিপি

সেউজীয়া হৃদয়ত গজে ধু-ধু মৰুভূমি
শোকৰ সাগৰত বন্দী হয় আৰ্তনাদৰ কৰুণ ধ্বনি।

(পূৰ্বপ্ৰকাশঃ ৰঙালী বিহু আলোচনী, দৈনিক জনমভূমি, ২০১৩ চন)

[ ৩৫ ]

বতাহ খামুচি আছোঁ দিন-ৰাতি

বতাহ খামুচি আছোঁ দিন ৰাতি
যিদৰে পিতাই খামুচি আছিল
পথাৰৰ পলসুৱা মাটি নাঙলৰ মুঠি
আইয়ে খামুচি আছিল তাঁতৰ চালি-মাৰি

জানিছিলনে কেতিয়াবা এনেকৈ নাচিব
আমাৰ পো-পোৱালি
সাগৰতে সাঁতুৰিলোঁ তথাপি
নাখালোঁ এচলু পানী

পোনাহঁতক শিকালোনো কি পুৱা-গধূলি
ভাৱেনে ককা-আইতাই সপোনে-দিঠকে
কি খাই জন্ম হ’ল আমাৰ নাতি-পুতি
গুৰু-গোসাঁই নামানে ইমান কচুগুটি।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ১৬/১২/২০১৩)

[ ৩৬ ]

শৈশৱ

নৈয়েই
লোটা-ঘটি
বালিয়েই
সিহঁতৰ ঘৰ

জীয়াধলৰ মথাউৰিত
থৰে থৰে
কঁপিছে সময়

ৰ’দে জিল মিল
সোণালী শৈশৱৰ।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভুমি, ০১/০৬/২০১৩)

[ ৩৭ ]

পলসে কবৰ দিছে

পলসে কবৰ দিছে
মোৰ আটোমটোকাৰি ঘৰ-বাৰী
কিতাপৰ মেটমৰা আলমাৰি

আলমাৰিৰ এচুকত আছিল
মোৰ মৰমৰ ডায়েৰী

লিখা আছিল তেজৰ বোলেৰে
এটা, এটাই মাত্ৰ শাৰী

কবিতা, তই মোৰ উজাগৰী
অনেক নিশাৰ বিশ্বস্ত লগৰী

দুখৰ পাগলাদিয়া পাৰ হ’ম
নিঃসন্দেহে তোৰেই হাতত ধৰি।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ১৭/০৬/২০১৩)

[ ৩৮ ]

এখন দুখৰ দিখৌ

বুকুৰ
ভিতৰত
কোনেও
নজনাকৈ
লালন
কৰিছোঁ
এখন দুখৰ দিখৌ
তেজে-সোঁতে
জাৱৰে-জোথৰে
দিন-ৰাতি
থৌকি
বাথৌ।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভুমি, ১৫/০৩/২০১৪)

[ ৩৯ ]

দুখ মোৰ দুপৰৰ অতিথি

আচলতে দুখ মোৰ
দুপৰৰ অতিথি সাক্ষাৎ দামোদৰ

মোৰ হৃদয় চৌহদত
দুখে বান্ধিছে বৰঘৰ
অজৰ অমৰ

কেতিয়াবা দুখৰ কান্ধত ভৰ দি
সুখৰ সৈতে কথা পাতোঁ নিজানত
কাৰো লগত পাতিব নোৱৰা কথা
একান্ত ব্যক্তিগত কাৰণত।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ১৯/১০/২০১৩)

[ ৪০ ]

বুকুৰ হাবি-বন কাটি

বুকুৰ
হাবি-বন কাটি
পাতিলোঁ
হেঁপাহৰ ফুলনি

জপনা কাটি কৰি
কোনে জানো নাচেহি
নিজান দুপৰ ৰাতি
জোনাকৰ মেজাংকৰি পিন্ধি

কবিতা
তয়েই কিজানি
হয়
তয়ে মোৰ
ভাঙহি টোপনি
কিয়
কৰ ইমান আমনি।

(পূৰ্বপ্ৰকাশঃ ৰঙালী বিহু সংখ্যা সাপ্তাহিক জনমভূমি, ২০১৪)

[ ৪১ ]

সকলো কবিয়ে দিনটোত এবাৰ উচুপে

সকলো কবিয়ে দুখৰ সৈতে
সহাৱস্থান কৰে, সেয়ে
সকলো কবিয়ে দিনটোত
এবাৰ নহয় এবাৰ উচুপে

যিদৰে দুপৰৰ কুলিৰ মাতত কঁপে
পদূলিৰ সেন্দুৰী আমজোপা
হিয়াভগা কেতেকীৰ কান্দোনে
ছেও ছেও কৰে নিশাৰ মৌনতা

আপুনি যদি কবি আপুনিও
দিনটোত এবাৰ হ’লেও উচুপে
মাত্ৰ পাৰ্থক্য
এইখিনিতে যে
দুখে আপোনালৈ
ভয় কৰে
কাৰণ শব্দৰ শংখ বজাই
আপুনি মানুহৰ ঘূমটি ভাঙিব জানে।

(পূৰ্বপ্ৰকাশঃ সাদিন, ২১/০৩/২০১৪)

[ ৪২ ]

কবিতা এ নাহিবি ৰাতি
(টেট্‌ শিক্ষয়িত্ৰী অপৰাজিতাৰ প্ৰতি সহমৰ্মিতাৰে)

কবিতা এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাঁতি
ইয়াত এতিয়া ৰজা-প্ৰজা
কাৰো গাত কাপোৰ নাই

সকলো উদণ্ড সম্পূৰ্ণ উলংগ
উলংগ দেহাৰে কৰে কাপোৰৰ বেহা
ফুল
তৰা
পখিলা
ডামিনী
অপৰাজিতা
প্ৰজ্ঞা-সভ্যতা চিন্তা-চেতনা সকলো ধৰ্ষিতা
কাণি-মুনী বাই
কবিতা মোৰ গাত দোষ নাই
মোৰ হ’লে বৰ খং পাই

ইচ্ছা থাকিলেও খং মই দমাব নোৱাৰোঁ
মাজে মাজে সোঁৱৰো আইৰ মুখৰ কথা
তুলাৰাশিৰ ল’ৰা বৰ একা-চেকা
কবিতা এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাঁতি।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ১৩/০৯/২০১৪)

[ ৪৩ ]

যন্ত্ৰণাত নিশাৰ উলুবাৰীৰ উৰণ সেঁতু

বিৰামহীন যন্ত্ৰণাত উস্ আস্
নিশাৰ উলুবাৰীৰ উৰণ সেঁতু
এইমাত্ৰ পাৰ হৈ গ’ল
এখন তীব্ৰবেগী চিটিবাছ
দিনান্তৰ ক্লান্তিত তন্দ্ৰালস যাত্ৰীৰ
মুদ খাই গেছে দুচকু

নাৰিকল পাতৰ চিৰিলি পোহৰত
ছোৱালীজনীয়ে কথা পাতিছে
দূৰৈৰ তৰাবোৰৰ লগত
জোনাকৰ ফাঁকু খেলিছে পৰীৰ দেশত

দেহি ঐ, তাই চাগৈ নাজানেই
আজি যে তাইৰ জন্মদিন
তেজৰ বৰষুণ
মাংস পোৰা গান্ধ
এইবোৰ এতিয়া নিতান্ত দৈনন্দিন
গ’ল কি দিন হাঁয়, আহিল কি দিন পাই
বেছিদিন নাই আহিব সুদিন।

(পূৰ্বপ্ৰকাশঃ আজিৰ দৈনিক বাতৰি, ৩০/১০/২০১৩)

[ ৪৪ ]

মেকুৰীৰ ডিঙিত টিলিঙা মই আঁৰিম কিজানি

সপ্তাহ দিন অৱস মোৰ শৰীৰ
ঢাকুমকুমা বজোৱা এটা জ্বৰ
চিকিৎসকে কৈছে ভাইৰেল ফেভাৰ
ঔষধ খাইছোঁ শলাগছি জ্বলাই কাবৌ কৰিছোঁ
জৌ জৌকৈ ঘামি নামি গৈছে শৰীৰৰ উত্তাপ
আঁতৰি গৈছে মনৰ উদ্বেগ

যোৱাটো ব’হাগত
নেৰা নেপেৰা ডাৱৰীয়া বতৰত
বাঁওহাতৰ জোৰা লৰিল
হঠাৎ পিছলি পৰি নিজৰে চোতালত
আগবাঢ়িল প্লাষ্টাৰ পেইন কিলাৰৰ বিশাল সমদল

কাতিৰ ৰাতি পাটীত পৰি ইকাতি সিকাতি
পেটত শানে কটা ভোক
চিলমিল টোপনিত জিলমিল সুৱাগমণি ধানৰ থোক
সাংঘাতিক দুখ এটাই গচকি খাস্তাং কৰিছে মোক

মই কৰিছোঁ এজন ভাল চিকিৎসকৰ সন্ধান
যি দিব পাৰে মোৰ ব্যাধিৰ সঠিক নিদান
নাজানো অন্ধ ঈশ্বৰ কোন মন্দিৰত বন্দী
মেকুৰীৰ ডিঙিত টিলিঙা মই আঁৰিম কিজানি।

(পূৰ্বপ্ৰকাশঃ ৰঙালী বিহু বিশেষ সংখ্যা জনমভূমি, ২০১৫ চন)

[ ৪৫ ]

আজাৰ নিজাৰ পৰিল...

পকা থেকেৰা যেন মোৰ চহৰৰ চিৰি চেহেৰা
ডালিমগুটীয়া শাৰী শাৰী অট্টালিকা
এটুপি সুমথিৰাৰঙী স্নিগ্ধ ফটিকা
বেংক বেলেঞ্চৰ উৰ্ধগামী জয়যাত্ৰা
গাড়ী শাড়ীৰ সহজ বিনিময়ৰ প্ৰাত্যহিকতা
জীৱন মালিতাৰ এয়াই সহজ পৌনঃপুনিকতা

কাছাৰীঘাটত ফুল বেচা এজনী তিৰোতা
কলোৱেইচোন নাম তাইৰ শকুন্তলা
আজাৰ নিজাৰ পৰিল
ডালিম পকি সৰিল
দূৰন্তু খামিডাঠ বেলিটো মূৰত লৈ
পেটত শানে কটা ভোক এটা নিচুকাই থৈ
অকস্মাৎ খহি পৰিল এটা কবিতা অথবা অকবিতা

(কবিতাৰো যে শ্ৰেণীবোৰ)
ধু-ৰ্‌-ৰ্‌, কিহৰ কবি কিহৰ কবিতা
এনেও বুজি নাপাওঁ কবিতা চবিতা
কবি-অকবিৰ বৰ বৰ কথা
গছত গৰু উঠা হোলোঙাৰে কাণ বিন্ধা।

[ ৪৬ ]

বন্ধুলৈ

সাৱধানে ফুৰিবা বন্ধু
ছিৰাল ফটাদি ফাটিছে এতিয়া
মানুহৰ হৃদয়ত সেউজীয়া
প্ৰেমৰ মন্দিৰৰ দেৱাল
সংকুচিত মন বৃত্তৰ পৰিধি

সময়ৰ তেজাল ঘোঁৰাত উঠি
কদমত দৌৰিছে মানুহ
ক’ত সেই তৃপ্তিৰ সোণালী আপেল
অথবা শান্তিৰ এচলু জল

সাৱধানে ফুৰিবা বন্ধু
পুহৰ জুহালৰ কাষত স্বজনে স্বজনে
নোপোৱা এষাৰি উত্তাপ ভৰা আলাপ
দুপৰৰ অভ্যাগতলৈ এমুঠি চাউল
অথবা বস্ত্ৰহীনলৈ এখনি বস্ত্ৰ

এতিয়া মানুহ মানুহৰ পৰা বহু নিলগত
বন্ধ দুৱাৰ বন্ধ জপনা
মানুহ চেঁকুৰিছে ঘানীৰ ঘোঁৰা হৈ
কিছু সোণালী আপেলৰ সন্ধানত।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভুমি, ১৬/০৯/১৯৯০)

[ ৪৭ ]

কঁপি থকা বিৰিণা পাতৰ দৰে

নদীৰ পাৰত
কঁপি থকা
বিৰিণা পাতৰ দৰে
আমি মূৰ দুপিয়াইছিলোঁ
প্ৰৱল প্ৰত্যয়েৰে

দোভাগ ৰাতি
খেলি থকা
নীলা তৰাবোৰৰ দৰে
আমাৰ আশাবোৰে উৰা মাৰিছিল
ডাৱৰৰ সিপাৰলে’

এটি শাশ্বত সত্য অনন্ত কালৰ
এতিয়া (আমাৰ) উন্মুক্ত কণ্ঠত
নিশ্চিত প্ৰতিশ্ৰুতি
জীৱিত ৰখাৰ জীৱিত থকাৰ
এটা সুস্থ সবল জাতি।

(পূৰ্বপ্ৰকাশঃ অসম বাণী, পূজা সংখ্যা, ১৮/১০/১৯৮৫)

[ ৪৮ ]

ফুল আলসুৱা কবিতাৰ কেঁচুৱা

কবিতা
কেনেকৈ লিখোঁ কবিতা
এই দুৰ্দিনত সাৰস্বত অলংকৃত
এমুঠি বনকৰা কিংখাপ কবিতা
ধাৰাৰ সান্নিপাতিক জ্বৰত
থক্‌ থক্‌কৈ কঁপিছে দ্ৰৌপদী পৃথিৱী

সাংখ্য দৰ্শনৰ সমীকৰণত
আচৰিত ধৰণে বন্দী মই
কবিতা মই লিখোঁ কেনেকৈ
সমস্ত পৃথিৱীচোন ধু-ধু মৰুভূমি
কেনেকৈ মেলিব ইয়াত কবিতাৰ গজালি
কোনে দিব সোণতৰা কবিতাৰ প্ৰস্তাৱ
যদি নাথাকে মাটি-পানী বায়ু
আৰু এক সতৃষ্ণ হৃদয়ৰ উত্তাপ

কত থ’বা ক’ত শুৱাবা
ফুল আলসুৱা কবিতাৰ কেঁচুৱা
জেগা বুলিবলৈ উশাহ ল’বলৈ
আছে জানো বাকী কিবা।

[ ৪৯ ]

কাষে চপাই দিয়া...
(লুইতৰ বুকুৰ মিচিং নাৱৰীয়াসকলৰ নামত উৎসৰ্গিত)

পৃথিৱীৰ মায়াবী জোনাকত তিতি
স্মৃতিৰ সৰাপাত বুকুত বান্ধি
ৰাস চাই এৰিলোঁ প্ৰাণৰ মাজুলী
প্ৰজ্ঞাৰ আলোকোজ্জ্বল তিনিটি গধূলি

উখল-মাখল নিমাতীঘাট
নাৱৰ পৰা পিছলিলোঁ অকস্মাৎ
তল-ওপৰ জীৱৰ মৰণ
কৰুণ কাতৰ আৰ্তনাদ
অ’ প্ৰিয়বন্ধু ৰতনপুৰৰ চিদানন্দ দাও
কাষে চপাই দিয়া টুলুঙা নাও

তুমি বিপদৰ ডল্‌ফিন দৈৱকী নন্দন
সত্য শিৱ সনাতন দ্বিতীয়জন।

[ ৫০ ]

কাজিৰঙা পাৰ যদি তোৰ পোনাহঁতক বচা

কাজিৰঙা, কোনে কাঢ়ি নিলে তোৰ
কলিজাৰ পাতে তিৰ বিৰ ৰ’দ এচেৰেঙা
পাৰ যদি তোৰ পোনাহঁতক বচা
মেক্‌বেথৰ বিৰনাম অৰণ্যৰ দৰে দূৰলৈ গুচি যা
অথবা দুঠেঙীয়াৰ বিৰুদ্ধে চাৰিঠেঙীয়াৰ বজাই
দে ৰণশিঙা অথবা খং শিঙা

কাজিৰঙা—মানৱতাৰ অধঃপতন
কাজিৰঙা—নিকৰণ নিদাৰুণ
কাজিৰঙা—মানৱতাৰ নগ্ন সংস্কৰণ

মোৰো হৃদয়ত আছে এখন ৰাষ্ট্ৰীয় উদ্যান
বিশ্বাসৰ অমল উৎস আৰু কিছু স্বাভিমান
ৰিব্‌ ৰিব্‌ বলি আছে তোক ভালপোৱাৰ বা
মোৰ আশ্বাস তোৰ বিশ্বাস
চিৰদিন চিৰকাল ইয়াতেই থাকি যা
কাজিৰঙা, পাৰ যগি তোৰ পোনাহঁতক বচা।

[ ৫১ ]

আমাৰ জীৱনৰ যাত্ৰা পথত

আমাৰ জীৱনৰ যাত্ৰা পথত
শুই আছে শুকান পাতবোৰ
সুখ অৰ্থবা দুখৰ সপোন বিভোৰ
নিমাত নিতাল মাথোঁ নিস্তব্ধতা
সন্তৰ্পণে গৈ থাকা নজগাবা
মৰমৰাই নকৰিবা শব্দৰ খৰমান
অপ্ৰয়োজনত প্ৰাণঢালি নাগাবা গান

জীৱননো কি জানা আইভিলতা
পাকৈত শিপিনীৰ হাতৰ
এনেছা আশী সূতা
উঘা-চেৰেকী যিহঁতে মেৰিওৱা
চাবা
ফাগুনৰ বাউলি বতাহত
আউল নলগাবা
জীৱন এবাৰহে পাবা।

(পূৰ্বপ্ৰকাশঃ দৈনিক অসম, ১৫/০২/২০১৩)

[ ৫২ ]

পাহাৰ

মানুহকে সাবটি শুই আছিল
সেউজীয়া পাহাৰটো
মানুহবোৰে ভগাই খালে
তাৰ ৰঙীন কলিজাটো।

উল্লেখ থাকে যে সাম্প্ৰতিক ক্ষয়িষ্ণু পৰ্যাৱৰণৰ প্ৰতি লক্ষ্য ৰাখি ‘ইগনৌ’ৱে ২০১৮ চনৰ ৪ আৰু ৫ অক্টোবৰ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত কৰা 'Environmental and Ecological Sustainability Engaging the stakcholders' শীৰ্ষক আন্তৰ্জাতিক সন্মিলনত অংশ গ্ৰহণ কৰি ডিব্ৰু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী প্ৰিয়ংকা বৰদলৈয়ে এই কবিতাটি পাঠ কৰি উপস্থিত ব্যক্তিসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ২৬/০৭/২০০৩)

বিঃদ্ৰঃ কবিতাটি আমাৰ প্ৰথম কাব্য-সংকলন ‘তুমি আঘোণৰ সোণোৱালী পথাৰ’ত সন্নিৱিষ্ট কৰা আছে। কবিতাটিৰ প্ৰতি পাঠকৰ বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এইটি সংকলনতো সন্নিৱিষ্ট কৰা হ'ল। [ ৫৩ ]

স্থবিৰ হৈ গৈছে তেজৰ দলদোপ নদী

অবিশ্বাস্যভাৱে দেহত ক্ৰমশঃ
স্থবিৰ হৈ গৈছে তেজৰ দলদোপ নদী
পাগলাদিয়া নহয় যেন শীৰ্ণ বুকু ভেদি
আমন জিমনকৈ এখন মৰা ভৰলী

নক্ষত্ৰখচিত আকাশ চুই চোৱাৰ
সপোন দেখা দুচকুত
দুটি শিলগুটিৰ দৰে দিন-ৰাতি
নিথৰ হৈ শুই আছে চতুৰ টোপনি

বাঁহীৰ মাতত বৰষুণ দিয়া শাওণৰ ৰাতিবোৰ
ঢলি পৰিছে মোৰ দুবাহুত

অকস্মাতে উঘালি পৰিছে হৃদয়ত
বহু দূৰ শিপাই থকা ইস্পাত কঠিন
বৰ্ষীয়ান শিমলু এজোপা য’ত
পুৱাৰপৰা গধূলিলৈকে খতিখন নোহোৱাকৈ
চৰাইবোৰে পাতিছিল বৃন্দগানৰ প্ৰতিযোগিতা।

(পূৰ্বপ্ৰকাশঃ লোহিত, ০১/০৬/২০১২)

[ ৫৪ ]

কম্পিত এই উপত্যকা

মই হেৰুৱাইছোঁ থৰ কাচুটি
নিদ্ৰাহীনতাত ইকাতি সিকাতি

কম্পিত এই উপত্যকা
য’ত সময়ক কৰা হৈছে শিৰচ্ছেদ
থেকেচি ভঙা হৈছে শতিকা

কিহৰ গৰজত কবিৰ কবিতা
সু-উচ্চ অট্টালিকা ৰঙীন ফটিকা

খেনোক দেখি ৰন্ধা-বঢ়া
খেনোক দেখি দুৱাৰ বন্ধা
ইয়াতেই আছে জীৱনৰ সাৰ্থকতা।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভুমি, ২১/০৫/২০১১)

[ ৫৫ ]

শব্দৰ এজাক সেউজীয়া বৰষুণত
(প্ৰিয় সাহিত্যিক শ্ৰী গন্ধেশ্বৰ শইকীয়াদেৱৰ নামত উৎসৰ্গিত)

কবিতাই মোৰ বদূৱা কলমত দিয়ে শাণ
হৃদয়ত দিয়ে ডেকেৰুৱা পাৰৰ ৰুণ
কবিতাই মোৰ অক্ষমতাক এচিড্‌ টেষ্ট্‌ কৰে
মোৰ শব্দৰ এজাক সেউজীয়া বৰষুণত
ধুৱাব পাৰে নিৰাভৰণ তোমাৰ গা

কবিতাই লৈ ফুৰে আলফুলে অলিয়ে-গলিয়ে
মোক দেখুৱাই জনতাৰ আদালতৰ কাঠগড়া
য’ত মই পদুম ঠাৰিৰে কৰ্ষণ কৰোঁ
মানুহৰ বেঙেনাবুলীয়া শৰীৰৰ ৰ’দে পোৰা ঘা

কবিতাই মচিব পাৰে মোৰ শেলুৱৈ ধৰা কলিজা
মকবুল্‌ ফিডা হৈ আঁকিব পাৰে সুবিশাল হৃদয়ত
ফুল
চৰাই
জোন আৰু জোনাকৰ ছবি
কবিতাই মোক মেক্‌বেথৰ তৰোৱালৰ দৰেই
শূন্যত নাচি নাচি প্ৰলুব্ধ কৰে চিঙিবলে’
শৈশৱৰ তেজগোড়া জেতুলি পকা
যৌৱনৰ এজেবা ৰঙা জবা

কবিতা মোৰ তন্দ্ৰালু নিশাৰ তন্ময়তা
কবিতা মোৰ বুকুৰ উৰ্বৰা উপত্যকা।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভুমি, ০৫/০৩/২০০৫)

[ ৫৬ ]

সেইজনী সোণপাহী নহয়, এটা কবিতা

হিচাপ কৰিলেই উচ্‌প খাই উঠোঁ
ওপচাই শাওণৰ কুমাৰী পথাৰ
কেকোঁ জেকোঁ খোজেৰে
কঁকাল বেঁকা কৰি
কঢ়িয়ালে কিমানভাৰ
ঈষৎ সেউজীয়া হৃদয় জুৰ কৰা
হেঁপাহৰ সুৱাগমণি কঠীয়া

মনত আছে আঘোণত
পকাধানৰ গোন্ধ এটা নাকে-কাণে সানি
বনগীত এটা গুণ গুণাইছিলোঁ সোণপাহীৰ কাষত
ছথৰীয়া ডাঙৰিভাৰ চিপ মাৰি দাঙোতে
চকুৰ আগত দেখিছিলোঁ ৰঙাঘোঁৰা-বগাঘোঁৰা
হয়তো লৰিছিল তেতিয়াই মোৰ কঁকালৰ জোৰা
আৰু হেৰাইছিল সোণপাহীৰ হাঁহিৰ মোকোৰা

ই কি?
সেইজনী সোণপাহী নহয়
এটা কবিতা
মোক ক'লে ইয়াকেই কয় জীৱন
হেৰ’
খেতিয়কৰ ল'ৰা ৰত্নেশ্বৰ বৰা

আৰু ইয়াকেই যদি নকৰ তই কেনেকৈ লিখিবি
মানুহ স্বপ্ন আৰু পথাৰ একাকাৰ কৰি
হৃদয় পৰ্যটকৰ মন চুই যোৱা কিছু হিৰন্ময় কবিতা
দুঃস্বপ্ন এটাই তোক খেদি ফুৰিব খালৈতে মাছ ধৰা।

(পূৰ্বপ্ৰকাশঃ শাৰদীয় আলোচনী, জনমভূমি, ২০০৮)

[ ৫৭ ]

খুলি থৈছোঁ হৃদয়ৰ আটাইবোৰ খিড়িকী

খুলি থৈছোঁ মই
হৃদয়ৰ আটাইবোৰ খিড়িকী
তথাপি হোৱা নাই অনুভৱী নিশাৰ
স্নিগ্ধ জোনাকৰে আহিনৰ বুজা-বুজি

অথবা সাজিব পৰা নাই বেই এখনি
নোৱাব ধুৱাবলে’ জোনাকৰে দৰা-কইনা খেলি
য'ত হৃদয়ৰ বন্ধ্যাত্বৰ বেদখল
উচ্ছেদিত হ’ব মাদলৰ শব্দত তিতি-বুৰি
ৰাগি লগা মাতাল ৰাতি

এনেকৈয়ে বাঢ়কচোন হৃদয়ৰ পথাৰত
এখন লহপহীয়া সেউজীয়া ৰোৱানি
অথবা জোন-জোনাক তৰাৰ কোলাত
ৰাতি-দিন পোখামেলা
একোখন সুন্দৰ নাৰ্ছাৰী।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ০৪/১০/২০০৬)

[ ৫৮ ]

অ' মোৰ ৰাজমাই বাগিচাৰ
ৰূপহী গাভৰুজনী


অ' মোৰ ৰাজমাই বাগিচাৰ ৰূপহী গাভৰুজনী
মোক তুমি শিৰীষৰ এটি সেউজীয়া শ্বামিয়ানা দিয়া
মই তোমাক পঢ়ি শুনাম গাৰ্থিয়া লৰ্কাৰ এটা প্ৰেমৰ কবিতা

মই তোমাক ভালপাওঁ দূপৰৰ ৰ’দৰ পোচাকত
সন্ধিয়াৰ ঢিমিক ঢামাক টিপ চাকিৰ পোহৰত
অথবা বৰষুণৰ টোপালত তোমাৰ আঙুলিৰ বুলনিত
যেতিয়া চেটাৰ বাজে চাহগছৰ সেউজীয়া পাতত

অ' মোৰ ৰাজমাই বাগিচাৰ ৰূপহী গাভৰুজনী
মোক তুমি শিৰীষৰ এটি সেউজীয়া শ্বামিয়ানা দিয়া
মই তোমাক পঢ়ি শুনাম গাৰ্থিয়া লৰ্কাৰ এটা প্ৰেমৰ কবিতা

মই তোমাৰ ছবি আকোঁ জোনাক নিশা
যেতিয়া মাদলৰ ছেৱত প্ৰাণ পাই উঠে কৃষ্ণচূড়াৰ চূড়া

চম্পা, চামেলী, ৰাংঢালী, ৰঙিলী তুমি যিয়েই নোহোৱা

তোমাৰ হৃদয়ৰ ব্যস্ততম পথটোৰে
মোৰ পাল্‌ছাৰ বাইকৰ সঘন অহা-যোৱা
নাজানো তুমি জানানে নাজানা
অ’ মোৰ ৰাজমাই বাগিচাৰ ৰূপহী গাভৰুজনী

[ ৫৯ ]

কোনো কথা নাই একাঁঠু বোকাৰে তোমাৰ চোতাল
মূৰৰ জাপিৰে বাজক বৰষুণৰ বৰতাল
প্ৰেমত পৰা সৈনিকে কৰিব পাৰে
আকাশৰ দুচপৰা ডাৱৰৰ দৰে মল্লযুঁজৰ আখৰা
চহাই-মৈয়াই সমান কৰে প্ৰেমৰ পথাৰৰ ওখোৰা-মোখোৰা

টপাটপ গিলিব পাৰে পকা থেৰেজুৰ দৰে
জীৱনৰ তিতা-মিঠা আৰু কিছু বিষণ্ণতা

অ’ মোৰ ৰাজমাই বাগিচাৰ ৰূপহী গাভৰুজনী
মোক তুমি শিৰীযৰ এটি সেউজীয়া শ্বামিয়ানা দিয়া।

(পূৰ্বপ্ৰকাশঃ শাৰদীয় ‘জনমভূমি’, ২০১২)

[ ৬০ ]

আহিনৰ বতৰ

আহিনৰ বতৰ
ডাৱৰৰ দেশত
দৰাঘৰীয়া খদমদম
আয়তীৰ উৰুলি
চোতালত আমোলমোল শেৱালি
নাজানো জোনে তৰাই মিলি
মোৰ পদূলি উদূলি মুদূলি
কাৰ সুৱাগুৰি তুলিছে
একাঠী ওৰণি টানি
এবাটি জোনাক ঢালি।

(পূৰ্বপ্ৰকাশঃ আজিৰ দৈনিক বাতৰি, দুৰ্গা পূজাৰ নৱমী বিশেষ সংখ্যা, ১৬/১০/২০১০)

[ ৬১ ]

অনুভৱঃ কবিতা বিষয়ক

কবিতা আপডালৰ বস্তু
কিংকৰৰ সাঁচতীয়া গুটিধন
কবিতা বুকুৰ বান্ধৱ
ফুটপাথৰ নিৰন্ন জননাৰায়ণ

কবিতা হাতৰ ৰেখাৰ দীৰ্ঘ পৰমায়ু
অথবা এটি সুমিষ্ট প্ৰাদেশিক ফুল
কবিতা শান্তি সৰোবৰ আকাশ নিৰ্মল
কবিতা এচলু সুশীতল জল তলমল

কবিতা নিঃস্বজনৰ কৰুণ আৰ্তনাদ
কবিতা প্ৰাজ্ঞজনৰ হৃদয় কঁপোৱা আশীৰ্বাদ

আপুনি কবিতা পঢ়ক বা নপঢ়ক
কোনো কথা নাই
কবিতা থাকিব সদায়
হৃদয়ৰ ক’ৰবাত ৰাতি ৰাতি বাঁহীটি বজাই।

(পূৰ্বপ্ৰকাশঃ দৈনিক অসম, ১৭/০৬/২০১৮)

[ ৬২ ]

আমতলে শ্যাম যায়...

তেজত নাই দগমগ ডেও ডঁৰিকনা
জন অৰণ্যত এথানি-এবানি প্ৰজ্ঞাৰ ঠিকনা
বেলতলা বজাৰৰ বাইজনীৰ ঠাৰি ছিগা বেঙেনা
জীৱন নাটঘৰত ছালি নাচৰ ৰামদানি আখৰা

তেন্তে মইয়ো ইমানদিনে কৰিছোঁ কি
আইৰ মুখৰ কথা মনত পৰে ৰিণিকি ৰিণিকি
নোৱাৰিলি নাই হ’ব দে বোপাই
নাই বুলিলে হেনো সাপতো বিষ নাই

আমতলে শ্যাম যায় কঠাল পাতে সুহুৰিয়ায়
এই হাতৰ গুটিটো এই হাতে পায়

ৰাতি ধুনি ধুনি এচাকি তেল পুৰি
কজলা উৰহীৰ পাতে তিৰবিৰ এমুঠি
কবিতা লিখিবি বেৰৰ ফাঁকেৰে হৃদয় জুমি জুমি
দুখৰ অভিধানত সুখৰ সংজ্ঞা বিচাৰি

জোনাক জোনাক ফুলিব কৃষ্ণচূড়া তই গমকে নাপাবি
লাগিলে নিমখ ভাত খাবি উজাগৰী ৰাতি
ঘৰৰ মুধচেৰে এটি দুটিকৈ গণিবি আকাশৰ তৰা
তাতে তৃপ্তি বোপাই তাতে পাবি শান্তি
চেঁচা বৰফৰ দৰে চেঁচা
ৰসে চৌ চৌ জীৱনৰ ৰহঘৰা।

(পূৰ্বপ্ৰকাশঃ দৈনিক অসম, ১৩/০৫/২০১৮)

[ ৬৩ ]

সমালোচক দৃষ্টিতঃ

(ক) “বৰা মুলতঃ এজন শব্দৰ শিল্লী। এই সুবাদতে কবিতাসমুহত তেওঁ বৰ্ণময় ছন্দকো এখন চন্দ্ৰাতপ আঁৰি পাঠকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কবিতাসমূহৰ ভাৱবস্তু, চিত্ৰকল্প আদি সংগতিপূৰ্ণ হোৱাৰ লগতে কথনশৈলী আৰু শব্দচয়ন ব্যঞ্জনাধৰ্মী হৈ পৰাত প্ৰতিটো কবিতাই পাঠকৰ হৃদয় তন্ত্ৰীত কম্পন সৃষ্টি কৰি এক অনিবৰ্চনীয় সুখানুভূতি দান কৰিবলৈ সক্ষম হৈছে।”

(অগ্ৰদূত, ১৫।০১।২০০৬, গন্ধেশ্বৰ শইকীয়া)

(খ) “জীৱনৰ এৰি অহা দিন, অভিজ্ঞতাৰে খৰাহিৰ পৰা বুটলি অনা দৃশ্য-শ্ৰব্য চিত্ৰকল্পৰ নিৰ্মাণ কৰিছে ৰত্নেশ্বৰ বৰাই। পাঠকেও তাতে বিচাৰি পাব নিজকে আৰু চিনাকি জগতখনক। মূলতঃ প্ৰকৃতিৰ সতে থকা মানুহৰ চিৰন্তন সম্পৰ্ককে বিচাৰি উলিয়াইছে কবিয়ে”।

(দৈনিক বাতৰি, ৩০।১২।২০০৫, নিৰোদ গোহাঁই)

(গ) “বৰাৰ নিৰ্বাচিত কাব্য সংকলন ‘তুমি আঘোণৰ সোণোৱালী পথাৰ’ ডিব্ৰুগড় গ্ৰন্থমেলাত গ্ৰাহকে বিপুলভাৱে আদৰি লৈছে। বিভিন্ন বাতৰি কাকত আৰু আলোচনী যোগে বৰাই গল্প,কবিতাৰ লগতে ইংৰাজী সাহিত্য আৰু অসমীয়া ভাষা-সাহিত্যৰ দিশত চিন্তা গধুৰ প্ৰবন্ধ লিখি আছে। বাতৰি কাকত আৰু ইলেকট্ৰনিক প্ৰচাৰ মাধ্যমে বৰাৰ গল্প আৰু কবিতাৰ বিশেষভাৱে পৰ্যালোচনা আগবঢ়োৱাটো মন কৰিবলগীয়া।”

(আমাৰ অসম, গুৱাহাটী, ২৪।১২।২০০৫)

(ঘ) “সাহিত্যিক ৰত্নেশ্বৰ বৰাৰ নিৰ্বাচিত কবিতা সংকলন ‘তুমি আঘোণৰ সোণোৱালী পথাৰ’ অষ্টম যোৰহাট গ্ৰন্থমেলাত উন্মোচন কৰা হয়। ইতিমধ্যে বিভিন্ন বাতৰি কাকত আৰু আলোচনীৰ পাতত প্ৰকাশ পোৱাৰ লগতে অনাতাঁৰ আৰু দূৰদৰ্শন কেন্দ্ৰযোগে প্ৰচাৰিত স্বৰচিত আৰু অনুবাদ কবিতাৰে ৰত্নেশ্বৰ বৰা কাব্যপ্ৰেমীৰ পৰিচিত।”

(অগ্ৰদূত, যোৰহাট-গুৱাহাটী, ০৩।০১।২০০৬) [ ৬৪ ]


 

ৰত্নেশ্বৰ বৰা

জন্মঃ ২০ জুলাই, ১৯৫০ চন
জন্মস্থানঃ বাহেক গাঁও, ডাকঘৰঃ পকামূৰা, যোৰহাট-৪
মাতৃঃ স্বৰ্গীয়া আইদেউ বৰা
পিতৃঃ স্বৰ্গীয় কণমইনা বৰা
পত্নীঃ শ্ৰীমতী জ্যোতি প্ৰভা বৰা
ল'ৰা-ছোৱালীঃ গীতাশ্ৰী, সুদীপ্ত, কাব্যশ্ৰী
শিক্ষাঃ এম.এ. বি.এড্

প্ৰকাশিত গ্ৰন্থঃ

(ক) তৰোৱালৰ ধাৰ—দুটা সংস্কৰণ) চুটিগল্প সংকলন, কৌস্তুভ ডিব্ৰুগড়
(খ) জেংৰাইত এৰাতি—চুটি গল্প সংকলন, কৌস্তুভ ডিব্ৰুগড়।
(গ) প্ৰতিপদত জোনৰ পোহৰ—চুটি গল্প সংকলন, অনুৰাগ গোষ্ঠী ডিব্ৰুগড়।
(ঘ) তুমি আঘোণৰ সোণোৱালী পথাৰ—কাব্য সংকলন, শব্দ প্ৰকাশন, যোৰহাট।
(ঙ) ভাৰতীয় ভাষাৰ একুৰি নিৰ্বাচিত চুটি গল্প (অনুবাদ), ষ্টুডেন্ট্‌ছ‌ ষ্টৰ্ছ, গুৱাহাটী।
(চ) দৌলতী, অনুবাদ উপন্যাস (মূল মহাশ্বেতা দেৱী, হিন্দী), কিৰণ প্ৰকাশন, ধেমাজি।
(ছ) চাৰিখন উপন্যাস (জনমভূমি আলোচনীত)
(জ) অনুবাদ উপন্যাস 'উৰন্ত চিলা', 'দুৰন্ত কিশোৰ’ (সাপ্তাহিক জনমভূমিত, ৬৫টা খণ্ডত), মূলঃ (খালিদ হুছেইনি, ইংৰাজী, আফগানিস্তান।)
(ঝ) এমুঠি বনকৰা কিংখাপ কবিতা— কাব্য সংকলন, কৌস্তুভ, ডিব্ৰুগড়।
(ঞ) মইনাহঁতলৈ মজা মজা সাধুকথা—শিশু সাহিত্য, কৌস্তুভ, ডিব্ৰুগড়।

অনাতাঁৰ নাটকঃ ডিব্ৰুগড় কেন্দ্ৰ

(ক) মুক্তিঃ ২০০৫ চন (কেন্দ্ৰটোৰ সৰ্বকালৰ শ্ৰেষ্ঠ ১০ খনৰ এখন)
(খ) উঁই চিৰিঙাৰ পাখিঃ ২০০৬ চন।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।