পৃষ্ঠা:Ratneswar Bora Poem.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবিতা’। বিশিষ্ট শিশু সাহিত্যিক ‘প্ৰসেন মামা’ খ্যাত শ্ৰীযুত প্ৰসেনজিৎ গোস্বামী, অনুজ কবি শ্ৰীমান বিজু শৰ্মাই এই বিষয়ে আক্ষৰিক অৰ্থতে উৎপীড়ন নকৰাহেঁতেন সংকলনটি পাঠকৰ হাতত নপৰিলগৈহেঁতেন।

 সংকলন হিচাপে কবিতাৰ এইটি মোৰ দ্বিতীয়টি কাব্য সংকলন। ইয়াৰ আগৰটি সংকলন ‘তুমি আঘোণৰ সোণোৱালী পথাৰ’, ৰাজ্যৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান যোৰহাটৰ ‘শব্দ প্ৰকাশ’ এ প্ৰকাশ কৰিছিল। প্ৰথম প্ৰকাশৰ দুহেজাৰ কপি গৰম পাওৰুটিৰ দৰে গ্ৰাহকে গ্ৰহণ কৰিলে। হাতত দুটা কপি মাত্ৰ (আপুনি খুজিলেও এটা কপি দিব নোৱাৰোঁ, ক্ষমা কৰিব) আছে। এইটি সংকলনকো কাব্যপ্ৰেমী পাঠকে মৰম কৰিব বুলি মোৰ বিশ্বাস তুংগত আছে।

 ৰাজ্যৰ অন্যতম প্ৰকাশন দিক্‌পাল ‘কৌস্তুভ প্ৰকাশন এণ্ড প্ৰিণ্টাৰ্ছে’ গ্ৰন্থখনি আগ্ৰহেৰে প্ৰকাশৰ দায়িত্ব মূৰ পাতি লোৱাত কৃতাৰ্থ হ’লোঁ। কলা-কুশলী, স্বত্বাধিকাৰী আটায়ে ধন্যবাদৰ পাত্ৰ।

 ‘শব্দৰ এজাক সেউজীয়া বৰষুণত’ শীৰ্ষক কবিতাটি ‘তুমি আঘোণৰ সোণোৱালী পথাৰ’ত সন্নিৱিষ্ট কৰা হৈছিল। সাহিত্যিক পেঞ্চনাৰ, বিশিষ্ট সাহিত্যিক শ্ৰীযুত গন্ধেশ্বৰ শইকীয়াই কাব্যানুষ্ঠানবিলাকত এই কবিতাটি সদায় আবৃত্তি কৰে। কৃতজ্ঞতাৰ চিন স্বৰূপে কবিতাটি পুনৰ্মুদ্ৰণ কৰি তেখেতৰ নামতে উৎসৰ্গা কৰিলোঁ।


ইতি
ৰত্নেশ্বৰ বৰা
মিলন নগৰ, ডিব্ৰুগড়-৩
ফোন নং-৮৪৮৬২০৭১৪২