ৰাইনা আৰু শিয়ালৰ সাধু
ৰাইনা আৰু শিয়াল
(ন-পুৰণি সাধু)
সুৰেন গোস্বামী
আঁক-বাক
rāinā āru shiyāl
A collection of stories in Assamese by Suren Goswami, published by Saumitra Jogee on behalf of AANK-BAAK, House No 3, Bylane No. 5, Natun Saraniya, Gandhibasti, Guwahati-3, Assam, e-mail: aankbaak@gmail.com
website: www.aankbaak.com
'আঁক-বাক'ৰ বিক্ৰী কেন্দ্ৰ : সৰস্বতী মাৰ্কেট, যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী-৭৮১০০১
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, ২০২০
লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত
প্ৰকাশক অথবা স্বত্বাধিকাৰীৰ লিখিত অনুমতি অবিহনে এই গ্ৰন্থৰ কোনো অংশৰে কোনো ৰূপত ব্যৱহাৰ বা প্ৰতিলিপি কৰিব নোৱাৰিব, কোনো যান্ত্ৰিক উপায়েৰে (গ্ৰাফিক, বৈদ্যুতিন অথবা অন্য কোনো মাধ্যম, যেনে— ফটোষ্টেট, টেপ বা পুনৰুদ্ধাৰৰ সুযোগ সম্বলিত তথ্য সঞ্চয় কৰি ৰখাৰ কোনো পদ্ধতি) প্ৰতিলিপি কৰিব নোৱাৰিব, অথবা যিকোনো ডিস্ক, টেপ, পাৰ্ফোৰেটেড মেডিয়া বা কোনো তথ্য সংৰক্ষণৰ যান্ত্ৰিক পদ্ধতিৰে ব্যৱহাৰ কৰিব নোৱাৰিব। এই চৰ্ত উলংঘন কৰিলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
ISBN : 978-93-85934-97-1
দাম : চল্লিছ টকা
অংগসজ্জা : উপমা বৰদলৈ
প্ৰচ্ছদ ছবি : চুছেন কলিতা
প্ৰচ্ছদ সজ্জা : সুমন দাস
আঁক-বাক, ৩/উপ-পথ নং ৫, নতুন শৰণীয়া, গান্ধীবস্তি, গুৱাহাটী-৩ৰ হৈ সৌমিত্ৰ যোগীৰ দ্বাৰা প্ৰকাশিত আৰু এড'ৰ গ্ৰাফিক্স, আৰ জি বৰুৱা ৰোড, গুৱাহাটী-৭৮১০২৪ত মুদ্ৰিত। [ পাতনি ]লেখকৰ একাষাৰ
ল’ৰা-ছোৱালীয়ে সাধুকথা ভাল পায়। শিক্ষাত সাধুকথাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ১৯৫৫-৫৬ চনত আমি পঞ্চম শ্ৰেণীত থাকোঁতে আমাৰ গাঁৱৰ ভাগতী ডেকা নামৰ বয়সস্থ লোক এজনে আমাৰ গাঁৱৰ ঘৰলৈ আহি দৈনিক সাধুকথা শুনাইছিল। তেখেতক আমি জেঠা বুলি মাতিছিলোঁ। তেখেতে কোৱা সাধুবোৰৰে সাতটা সাধু মই সেই সময়ৰ পঞ্চমমনীয়া ভাষাজ্ঞানেৰে লিখি থৈছিলোঁ। সেই সময়ৰ পৰা সাধুবোৰ সাঁচি ৰাখি ১৯৭৮ চনত মই শিক্ষকতা কৰা সময়ত সাধুবোৰ পুনৰ যোগ-বিয়োগ কৰি ‘সাধুৰ জপা মেলিলো’ নামৰ এখন কিতাপ উলিয়ালোঁ। প্ৰকাশ কৰিছিল শিলপুখুৰীৰ জয়া প্ৰেছে। কম সংখ্যক ছপা কৰা, মাত্ৰ দুটকা দামৰ কিতাপখন কিছুদিনৰ ভিতৰতে শেষ হ'ল। পুনৰ ছপা কৰা নহ’ল। ৰসাল সাধুকেইটাৰ লগত মই নিজাকৈ আৰু কেইটামান নিজে ৰচনা কৰি আৰু এটা উড়িয়া সাধু যোগ কৰি মুঠ বাৰটা সাধুৰ কিতাপখন প্ৰস্তুত কৰা হ’ল। এজন প্ৰকাশকে নি তিনি বছৰমান পেলাই থ’লে। পাছত কিতাপখন ওভোতাই আনিলোঁ। অসমত পুথি প্ৰকাশ কৰাৰ সমস্যা অনেক। নিৰাশ মনে পেলাই থ’লোঁ।
অৱশেষত ২০১৭ চনত ‘আঁক-বাক’ৰ স্বত্বাধিকাৰ সৌমিত্ৰ যোগীক কথাটো কোৱাত তেওঁ প্ৰায় একেষাৰতে মান্তি হ'ল যদিও ততাতৈয়াকৈ তেৱোঁ প্ৰকাশ কৰিব নোৱাৰিলে। যি কি নহওক, যোগীৰ চেষ্টাতেই পুথিখনে বৰ্তমান ‘ৰাইনা আৰু শিয়াল’ নামেৰে পোহৰৰ বাট দেখিলে। আমি সৌমিত্ৰ যোগী আৰু তেওঁৰ [ পাতনি ] কৰ্মীবৃন্দলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
বহুত আশাৰে বাট চায়ো মোৰ পত্নী প্ৰয়াত কমলা গোস্বামীয়ে পুথিখন দেখা নাপালে। ২০১১ চনৰ ২৯ নৱেম্বৰত তেওঁ আকস্মিক ইহলীলা সম্বৰণ কৰিলে। পুথিখন মই তেওঁৰে স্মৃতিত অৰ্পণ কৰিলোঁ।
সুহৃদ পাঠকে, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে পুথিখন আঁকোৱালি ল'লে এই লেখক ধন্য হ'ব।
সুৰেন গোস্বামী
লেখক-সংগ্ৰাহক
বুঢ়াৰ ভাগ্য
এহাল বুঢ়া-বুঢ়ী আছিল। সিহঁত বৰ দুখীয়া আছিল আৰু কোনো ল'ৰা-ছোৱালী নাছিল। সেইকাৰণে বুঢ়াই নিজেই খৰি বেচি ভাত মোকোলাইছিল। এদিন বুঢ়াই খৰি কাটি ঘৰলৈ আহি থাকোঁতে সৰগৰপৰা মহাদেৱ আৰু পাৰ্বতীয়ে দেখা পালে। বুঢ়াৰ দুখ দেখি পাৰ্বতীৰ বৰ বেজাৰ লাগিল। তেওঁ মহাদেৱক ক’লে— ‘প্ৰভু! এই বুঢ়াৰ কিমান দুখ হৈছে চাওকচোন। সি যেতিয়া ইয়াতকৈও বেছি বুঢ়া হৈ কাম-বন কৰিব নোৱৰা হ'ব, তেতিয়া যে আৰু কিমান কষ্ট হ'ব, আপুনি ভাবিছেনে? গতিকে তাৰ ভৱিষ্যতৰ বাবে আমি কিছু টকা-পইচা দিয়া ভাল হ'ব।'
পাৰ্বতীৰ কথা শুনি মহাদেৱে ক’লে— ‘তুমি কথাটো ঠিকেই কৈছা। ধন দিব পাৰোঁ; কিন্তু বুঢ়াৰ ভাগ্য নাই। ধন দিলেও সি একো কৰিব নোৱাৰে।সি বৰ অকামিলা মানুহ। ডেকা কালটোও একো কাম-বন নকৰাকৈ ঘূৰি ফুৰি কটাইছিল। এনে মানুহে ধনৰেই বা মূল্য কেনেকৈ বুজিব? নহ'লে তাৰ আজি এনে অৱস্থা নহ'লহেঁতেন।'
মহাদেৱৰ কথাত পাৰ্বতী পতিয়ন নগ'ল। তেওঁ পুনৰ ক'লে— ‘নহয়
প্ৰভু! সি এতিয়া পস্তাইছে। তাক ধন দিলে সি ভালকৈ ব্যৱহাৰ কৰিব। আপুনি
দি চাওকচোন বাৰু!
পাৰ্বতীৰ অনুৰোধ এৰাব নোৱাৰি মহাদেৱে বুঢ়াৰ সন্মুখত এটা টকাৰ টোপোলা ঢপংকৈ পেলাই দিলে। থনৰকৈ পৰা টোপোলাটো দেখি বুঢ়াই চাই দেখে তাত এগাল টকা। বুঢ়াই নিজকে বহুত ভাগ্যৱান বুলি ভাবিলে। সি ইফালে-সিফালে চাই কাকো নেদেখি মনতে ভাবিলে— ‘ভগৱানে এই ধন মোকেইহে দিছে। মই নহৈ যদি আজি এজন অন্ধ মানুহৰ আগত পৰিলহেঁতেন, তেন্তে সিনো কেনেকৈ ল'লেহেঁতেন চাওঁৱেইচোন!' এই ভাবি বুঢ়াই অতি আনন্দেৰে চকু দুটা মুদি অন্ধ মানুহৰ দৰে খেপিয়াই খেপিয়াই যাবলৈ ধৰিলে।
[ ৬ ] এনেদৰে যাওঁতে ধনৰ টোপোলাটো ক'ত এৰি আহিল গমকে নাপালে। সেই সময়তে পিছফালৰপৰা আহি থকা এজন মানুহে টোপোলাটো পাই উঠাই লৈ গুচি গ'ল।
বুঢ়াৰ এনে কাণ্ড দেখি মহাদেৱে পাৰ্বতীক ক’লে— ‘দেখিলানে? যাৰ কপালত ধন নাই তাক ধন দিলেও একো কৰিব নোৱাৰে। তোমাক আৰু এটা প্ৰমাণ দেখুৱাওঁ ৰ'বা।' এইবুলি মহাদেৱে বুঢ়াৰ আগত টকাৰ বৰষুণ দিলে। বুঢ়াই দেখিলে, তাৰ চাৰিওফালে কেৱল টকাই টকা। সি ভাবিলে — ‘আজি টকাৰ বৰষুণ দিছে যেতিয়া সকলো মানুহে টকা বুটলি জমা কৰিব। আমাৰ বুঢ়ীওতো বহি নাথাকে। তায়ো ঘৰ ভৰাই ৰাখিব। গতিকে ময়ো যদি নিওঁ, ঘৰত ৰাখিবলৈ ঠায়েই নহ'ব।' এই ভাবি সি দৌৰি দৌৰি ঘৰ পালে আৰু বুঢ়ীক ক’লে— ‘হেৰৌ, টকাৰ বৰষুণ দিছিল নহয়! কিমান টকা ভৰালি?’
বুঢ়াৰ কথা শুনি বুঢ়ীয়ে তবধ মানিলে। তাই ক'লে— “কিনো কথা কোৱাহে? টকাৰো বৰষুণ দিয়েনে? আমি হ'লে এনে কথা শুনাও নাই, দেখাও নাই।' বুঢ়ীৰ কথা শুনি বুঢ়াই ক’লে— “অহ্! এতিয়া মইহে মিছা কথা ক'লোঁ হ’বলা। মই আহি থাকোঁতে মোৰ সন্মুখতে হৰ্হৰকৈ টকাৰ বৰষুণ দিছিল। তই ঘৰ ভৰাই থ’বি বুলিহে মই নানিলোঁ!
বুঢ়াৰ কথা শুনি বুঢ়ীৰ বিশ্বাস হ'ল। তাই এনে এটা সুযোগ হেৰোৱাৰ বাবে বুঢ়াক পাৰে মানে গালি পাৰিবলৈ ধৰিলে। বুঢ়ীৰ গালি খাই বুঢ়াৰ জেদ
লাগিল। সি ক'লে— ‘যেতিয়ালৈ তোক টকা আনি দিব নোৱাৰোঁ, তেতিয়ালৈকে আৰু ঘৰত নোসোমাওঁ।' এইবুলি কৈ একেকোবে ঘৰৰপৰা তিনিটা আঠিয়া কল লৈ ফৰফৰাই ভৰভৰাই ওলাই গ'ল।
গৈ গৈ বুঢ়াই আবেলি পৰত এখন নৈ পালে। সেই নৈৰ পাৰতে অলপ জিৰাই লোৱাৰ মানসেৰে এজোপা গছৰ তলত বহিল। নৈৰ দুয়োফালে হাবি বুঢ়াৰ অলপ ভয়ো লাগিল। ইফালে দিনটো খোজ কাঢ়ি কাঢ়ি ভাগৰে-ভোকে অৱস্থা কাহিল। বুঢ়াই কলকেইটাকে উলিয়াই লৈ এটা এটাকৈ চাই চাই ক'বলৈ ধৰিলে— ‘কোনটো খাম, এইটো খাম নে এইটো খাম।' সেই সময়তে নৈত তিনিজনী পৰীয়ে গা ধুবলৈ আহিছিল। বুঢ়াই পৰীকেইজনীক দেখা নাছিল।পৰীকেইজনীয়ে ভাবিলে— 'বুঢ়াই আকৌ আমাক কিয় খাব বিচাৰিছে। সি কোনজনীক আগতে খাব ভাবিবলৈ ধৰিছে। এতিয়াহে সৰ্বনাশ!' এই ভাবি [ ৭ ] পৰী তিনিজনী উঠি আহি বুঢ়াক হাতযোৰ কৰি ক'বলৈ ধৰিলে— ‘আতৈ!
আমাক নাখাবা। আমাক খালে এই জংঘলৰ বৰ বিপদ হ’ব। আমি এই ঘাটলৈ
গা ধুবলৈ আহিছোঁ। তোমাৰ অন্যায় কৰিবলৈ নহয়। আমাৰ যদি কিবা ভুল
হৈছে, ক্ষমা কৰা। তোমাক যি লাগে তাকে দিম।'
বুঢ়াই সিহঁতক দেখি থতমত খালে। পেটে পেটে অলপ ভয়ো লাগিল যদিও এটা বুধি উলিয়াই ক'লে- ‘সেইটো নহ'ব। তোমালোকে মোক নোসোধাকৈ সদায় ইয়াত গা ধোৱা। মই ইমানদিনে চাইহে আছিলোঁ। আজি হয় খাম, নহয় যাদুমন্ত্ৰ কৰি লৈ যাম।' বুঢ়াৰ কথাত পৰীকেইজনীয়ে ভয় পাই ভৰিত ধৰি ক'লে— ‘আতৈ, আমাক ক্ষমা কৰা, তোমাক যি লাগে দিম।’ বুঢ়াই তেতিয়া ক’লে— ‘বাৰু, তহঁতৰ যি ইচ্ছা দে। ভাল পছন্দৰ বস্তু নিদিয় যদি কিন্তু ক্ষমা নকৰোঁ।' পৰীকেইজনীয়ে তেতিয়া এটা গোপালৰ মূৰ্তি উলিয়াই বুঢ়াক দি ক’লে— ‘আতৈ, তুমি এই মূৰ্তিটো লৈ যোৱা। মূৰ্তিটোক যি খোজা তাকেই দিব। ই তোমাক সকলো বিপদৰপৰা ৰক্ষা কৰিব।’ বুঢ়াই মূৰ্তিটো লৈ এটা হাঁহি মাৰি ক'লে— “ঠিক আছে। কিন্তু যদিহে তহঁতৰ কথা মিছা হয়, মই ঘূৰি আহি তহঁতক খাম।
এইবুলি বুঢ়াই মূৰ্তিটো লৈ তাৰপৰা গুচি গ'ল। সন্ধিয়া হ'লত বুঢ়াই এখন গাঁৱৰ এজন ব্ৰাহ্মণৰ ঘৰ পালে। বুঢ়াই ৰাতিটো তাতেই কটাব বিচাৰি ব্ৰাহ্মণক অনুৰোধ কৰিলে। ব্ৰাহ্মণে ক’লে যে তেওঁ বুঢ়াক থাকিব দিব পাৰে, কিন্তু একো খুৱাব নোৱাৰে। বুঢ়াই ক’লে— ‘নালাগে দেউ! একো খুৱাব নালাগে। থাকিবৰ বাবে যে অকণমান ঠাই দিছে, সেয়ে বহুত। ভগৱানে আপোনাৰ মংগল কৰিব।’ এইবুলি বুঢ়াই বাটচ’ৰাতে ঢাৰি এখন পাৰি শোৱাৰ বন্দবস্ত কৰিলে। বিছনাৰ কাষতে জোলোঙাটো থৈ বুঢ়াই অলপ বাগৰ দি ব্ৰাহ্মণহঁত শোৱালৈ অপেক্ষা কৰিলে।
ইফালে ব্ৰাহ্মণে বুঢ়াই কিবা চুৰ কৰি নিব পাৰে বুলি শুবলৈ নগৈ মনে মনে বেৰৰ জলঙাৰে বুঢ়ালৈ নজৰ কৰি থাকিল। বুঢ়ায়ো ব্ৰাহ্মণ শোৱা বুলি ভাবি লাহেকৈ জোলোঙাৰপৰা গোপালৰ মূৰ্তিটো উলিয়াই ক'লে— ‘হে গোপাল! মই দিনটো একো খাবলৈ পোৱা নাই, বৰ ভোক লাগিছে। কিবা অলপ খাবলৈ দিয়া।' লগে লগে বুঢ়াৰ সন্মুখত ভাত, আঞ্জা, দৈ, মিঠৈ, মিঠাই আদি ভৰি পৰিল। বুঢ়াই হেঁপাহ পলুৱাই খাই পৰীকেইজনীক পেটে পেটে ধন্যবাদ [ ৮ ] দি শুই পৰিল। দিনৰ দিনটো খোজকাঢ়ি বুঢ়াৰ ভাগৰো লাগিছিল। সেয়ে অলপ পাছতেই ঘোৰ নিদ্ৰাত পৰিল।
এইফালে কৃপণ ব্ৰাহ্মণে বুঢ়াৰ কাণ্ড দেখি অবাক। ‘মূৰ্তিটোক কোৱা মাত্ৰকে এনে সুন্দৰ খাদ্য দিলে। এই মূৰ্তিটো মই ৰখাই ভাল, নিতৌ এনে খাদ্য খাই থাকিব পাৰিম।’ এই ভাবি ব্ৰাহ্মণে নিজৰ ঘৰৰপৰা একেধৰণৰ শিলৰ মূৰ্তি এটা আনি মনে মনে বুঢ়াৰ জোলোঙাত ভৰাই থৈ বুঢ়াৰ মূৰ্তিটো লৈ গ'ল
ৰাতি পুৱালত বুঢ়াই লৰালৰিকৈ যাবলৈ ওলাল। সি মনতে ভাবিলে, আজি বুঢ়ীক হেঁপাহ পলুৱাই ধন দিম। তাই মোক অকামিলা, বুদ্ধিহীন বুলি কয়। আজি প্ৰমাণ দেখুৱাই দিম মই কি বস্তু। এই ভাবি ব্ৰাহ্মণক মাত লগাই বেগাবেগিকৈ ঘৰমুৱা হ'ল। সি গৈ পদুলিমুখ পায়েই ঘৈণীয়েকক চিঞৰ ধৰিলে— ঐ বুঢ়ী, আগবাঢ়ি আহ। আজিৰ পৰা তোৰ সকলো অভাৱ দূৰ কৰিম। তই আৰু এই ভঙা ঘৰত থাকিব নালাগে। এই ঘৰ এতিয়াই জুই লগাই পুৰি পেলা।’ বুঢ়ীয়ে গিৰীয়েকৰ কথাৰ একো তত্ ধৰিব নোৱাৰি ভেবা লাগি চাই থাকিল। বুঢ়াই ক'লে— ‘কি ভেবা লাগি চাইছ? একো বুজা নাই হ’বলা সকলো বুজিবি, অলপ সময় ৰ।’ এইবুলি বুঢ়াই লগে লগে ঘৰটোত জুই দি পুৰি পেলালে আৰু তাৰ পাছত গোপালৰ মূৰ্তিটো উলিয়াই মাটিত বহি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে— ‘হে গোপাল! মোৰ এই পুৰণি ঘৰটো পুৰি গ'ল। এটা নতুন ধুনীয়া ঘৰ দিয়া। মোৰ বুঢ়ীৰ কাপোৰ-কানিবোৰো নতুন কৰি দিয়া।’ সি এনেদৰে কেইবাবাৰো ক’লে, কিন্তু একো ফল নহ’ল। বুঢ়ীয়ে বুঢ়াৰ কাণ্ডবোৰ দেখি উধাই-মুধাই গালি পাৰিবলৈ ধৰিলে— ‘মৰ বুঢ়া, তই সৰ্বনাশ কৰি দিলি। যিডোখৰ ঘৰ আছিল, সেইকণো শেষ কৰিলি। এতিয়া কি হ'ব মোৰ অৱস্থা!’ এইবুলি বুঢ়ীয়ে হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। বুঢ়ায়ো ভাল ঘৰৰ আশা কৰি নিজৰ পুৰণি ঘৰটোও হেৰুওৱাৰ দুখত কান্দিবলৈ ধৰিলে আৰু পৰীকেইজনীয়ে তাক ঠগোৱা বুলি ভাবি সিহঁতকো এসেকা দিবৰ আশাৰে সেই নদীৰ ঘাটলৈ খোজ ল'লে।
বুঢ়াই গৈ পুনৰ সেই নদীৰ কাষত বহি চিঞৰি চিঞৰি ক'বলৈ ধৰিল—
“আজি তহঁতক খামেই। তহঁতৰ ফাকি আৰু নচলিব। মোৰ সকলো শেষ কৰি
দিলি।'
[ ৯ ] বামুণৰ ঘৰত ৰাতি থকাৰেপৰা ঘৰ পোৱালৈকে সকলো কথা ক'লে পৰীকেইজনীয়ে বুজিলে যে বুঢ়াৰ আচল মূৰ্তিটো ব্ৰাহ্মণে সৰকালে। তেতিয়া সিহঁতে ক’লে— ‘আতৈ, তুমি খং নকৰিবা। তোমাক আমি ভাল মূৰ্তিয়েই দিছিলোঁ। পিছে তোমাৰ সেই মূৰ্তিটো ব্ৰাহ্মণে লৈ গ'ল। আমি তোমাক আজি এটা নতুন মূৰ্তি দিওঁ। এই মূৰ্তিটোৱে তোমাক নানান প্ৰকাৰৰ ভাল ভাল বস্তু দিবলৈ খুজিব। তুমি প্ৰতিবাৰেই নালাগে বুলিহে ক’বা। লাগে বুলি ক'লে একো নিদিয়ে। মূৰ্তিটো নি তুমি সেই ব্ৰাহ্মণৰ ঘৰত থাকিবা। ৰাতি শুবৰ সময়ত তুমি মূৰ্তিটো কাষতে ৰাখি টোপনিৰ ভাও জুৰি থাকিবা। দেখিবা ব্ৰাহ্মণে তোমাৰ পুৰণা মূৰ্তিটো সলাই এই মূৰ্তিটো লৈ যাব। তাৰ পাছত সকলো ঠিক হৈ যাব।'
পৰীৰ কথা শুনি বুঢ়াই সেইমতে ব্ৰাহ্মণৰ ঘৰলৈ গ'ল। সেইদিনা ব্ৰাহ্মণে বুঢ়াক বৰ আদৰ-সন্মান কৰি ৰাখিলে। তেওঁ ভাবিলে— ‘আজি নিশ্চয় বুঢ়াই আৰু কিবা ভাল বস্তু আনিছে।' এই ভাবি সেই নিশাও ব্ৰাহ্মণে শুবলৈ যোৱাৰ ভাও ধৰি বেৰৰ জলঙাৰে বুঢ়ালৈ চাই থাকিল। বুঢ়ায়ো টং কৰি থাকি বুজিলে যে ব্ৰাহ্মণে তাক নজৰ কৰি আছে। সি লাহেকৈ জোলোঙাৰপৰা পৰীহঁতে দিয়া মূৰ্তিটো উলিয়াই লওঁতেই মূৰ্তিটোৱে ক'লে— অ’ বুঢ়া, তই মাছে-মঙহে ভাত খাবিনে? বুঢ়াই ক'লে— ‘নালাগে, নালাগে। আজি মোৰ ভোক নাই। মই বহুত খাই আহিছোঁ৷'
মূৰ্তিয়ে ক’লে— ‘বুঢ়া, তোৰ ঘৰটোকে পকা কৰি দিওঁ দে। ভঙা ঘৰটোতনে কিমান থাকিবি?'
বুঢ়াই ক'লে— ‘নালাগে অ' বোপাই। মই দুখীয়া মানুহ। ভাল ঘৰ হ'লে মানুহে হাঁহিবহে!'
মূৰ্তিয়ে ক’লে— ‘তেনেহ'লে তোক আৰু বুঢ়ীক একেবাৰে যুৱক-যুৱতী
কৰি দিওঁ দে।'
বুঢ়াই ক'লে— ‘নালাগে অ' বোপাই। এতিয়া আৰু সংসাৰৰ মোহ নাই। সোনকালে পাৰ হ'ব পাৰিলেই ৰক্ষা।'
[ ১০ ] এইটোৱে সকলো দিব। মই এইটোহে হাত কৰিব লাগিল।'
এইফালে বুঢ়াই পুনৰ মূৰ্তিটো মোনাত ভৰাই থৈ শুই পৰাৰ ভাও ধৰি নাকেৰে ঘোৰঘোৰাবলৈ ধৰিলে। ব্ৰাহ্মণে বুঢ়াৰ টোপনি অহা বুলি ভাবি লাহে লাহে সোমাই গ'ল আৰু বুঢ়াৰ আগৰ মূৰ্তিটো মোনাত ভৰাই থৈ নতুন মূৰ্তিটো লৈ গ'ল। বুঢ়াই মনে মনে সকলো লক্ষ্য কৰি আছিল। তথাপি সি একো নামাতি আনন্দ মনে শুই থাকিল।
ৰাতি পুৱাৰ লগে লগে বুঢ়াই ব্ৰাহ্মণক মাত দি ঘৰমুখে ৰাওনা হ'ল। ঘৰ পাই বুঢ়াই মূৰ্তিটোক সেৱা কৰি ঘৰটো নতুন কৰি দিবলৈ ক'লে। তাৰ পাছত বুঢ়ীৰ কাপোৰ-কানি নতুন কৰিবলৈ ক'লে। এনেকৈ বুঢ়াই মূৰ্তিটোক খুজি সকলো নতুন কৰি ল'লে। বুঢ়া আৰু বুঢ়ীয়ে সুখেৰে দিন কটাবলৈ ধৰিলে। সেইফালে ব্ৰাহ্মণে নতুন মূৰ্তিটোক খোজেহে খোজে- একো নাপায়। ব্ৰাহ্মণে নতুন ঘৰ-বাৰীৰ আশাত পুৰণিবোৰ ভাঙি পেলাইছিল যদিও সেইবোৰ আৰু ঘূৰাই নাপাই হায় হায় কৰি জীৱন কটাবলৈ ধৰিলে। [ ১১ ]বুদ্ধিৰ বল
এজনী বুঢ়ীৰ দুজন পুতেক আছিল। বুঢ়ীৰ অৱস্থা অতি বেয়া আছিল বাবে পুতেক দুজনক শিক্ষা-দীক্ষা দিব নোৱাৰি এজন শিক্ষকৰ ওচৰত থ'বলৈ ইচ্ছা কৰিলে। এদিন তাই পুতেক দুজনক লৈ গৈ শিক্ষকৰ ওচৰ পালে আৰু ক'লে – ‘বোপা মই বৰ দুখীয়া তিৰোতা। এই ল'ৰা দুটাক শিক্ষা-দীক্ষা দিবলৈ মোৰ সম্বল নাই। গতিকে ইহঁতক তুমিয়ে ৰাখি ভালদৰে শিকাই-বুজাই মানুহ কৰা। ইয়াৰ বিনিময়ত মই তোমাক কোনো ধন-বিত দিব নোৱাৰোঁ। সেয়েহে সিহঁত মানুহ হ'লে এজনক তুমি ৰাখিবা আৰু আনজনক মোক দিবা।'
বুঢ়ীৰ অনুৰোধত শিক্ষকে ল'ৰা দুজনক ৰাখিবলৈ মান্তি হ'ল। সিদিনাৰেপৰা দুয়োজনে শিক্ষকৰ ঘৰত থাকি শিক্ষা ল'বলৈ ধৰিলে। শিক্ষকে সিহঁতক তন্ত্ৰ- মন্ত্ৰৰ শিক্ষা দিলে। সৰু ল'ৰাজন আছিল বুদ্ধিত বৰ চোকা। শিক্ষকে যিহকে শিকায় তাকে সি তপৰাই আয়ত্ত কৰি লয়। অলপ দিনৰ ভিতৰতে সি শিক্ষকৰপৰা সকলো তন্ত্ৰ-মন্ত্ৰ শিকি পণ্ডিত হৈ পৰিল। শিক্ষক বৰ সন্তুষ্ট হ'ল। কিন্তু ডাঙৰ ল'ৰাজন সিমান বুধিয়ক নাছিল। তাক লৈ শিক্ষক হায়ৰান হ'ল। তেওঁ ভাবিলে এইজনকে বুঢ়ীক গতাই দি তেওঁ সৰুজনক ৰাখিব। বুধিয়ক সৰু ল'ৰাজনে শিক্ষকৰ এই আঁচনিৰ কথা গম পালে। সি ভাবিলে যে যদি সি মাকৰ লগত নাথাকে, তেন্তে মাক বৰ বিপদত পৰিব। সেয়ে সি এদিন মাকৰ ওচৰলৈ গৈ সকলো কথা ক'লে আৰু মাকক খাটনি ধৰিলে যাতে মাকে তাকহে ৰাখিব বুলি শিক্ষকৰ ওচৰত জোৰ দিয়ে। সেইমতে এদিন বুঢ়ী শিক্ষকৰ ওচৰলৈ আহি ক’লে, 'বোপা, তুমি মোৰ ল'ৰা দুটাক মানুহ কৰিলা৷ গতিকে মই তোমাক ডাঙৰ ল'ৰাটোকে ৰখাৰ বাবে অনুৰোধ কৰিলোঁ। সৰু ল'ৰাটোকে মই লৈ যাওঁ।' শিক্ষকে ক'লে, ‘নহয় আইতা। ডাঙৰটোকে তুমি নিয়া। সি তোমাক সকলো কামতে সহায় কৰিব পাৰিব। সৰু ল'ৰাটোৱে ঘৰুৱা কাম- বন কৰিব পৰা হোৱা নাই।' [ ১২ ] শিক্ষকৰ কথা শুনি বুঢ়ীয়ে ক'লে নহয় বোপা। ভাল আৰু ডাঙৰ ল'ৰাটোক তোমাক দিলেহে মোৰ গুৰু দক্ষিণা হ'ব। এইটো মোৰ নুমলীয়া ল'ৰা কাৰণেহে তাক বিচাৰিছোঁ। সিও মাকৰ লগতহে থাকিবলৈ ভাল পাব।'
এনেদৰে বুঢ়ী আৰু শিক্ষকৰ মাজত বহুত সময় কথা-বতৰা চলাৰ পাছত শিক্ষকে হতাশ হৈ সৰু ল'ৰাজনক বুঢ়ীক দি ডাঙৰজনক ৰাখিবলৈ বাধ্য হ'ল। সৰু ল'ৰাজনে মাকৰ ওচৰ পায়েই তাৰ তন্ত্ৰ-মন্ত্ৰৰ কাম আৰম্ভ কৰি মাকক উপাৰ্জন কৰি দিবলৈ আৰম্ভ কৰিলে। সি নিতৌ একোটা নতুন ৰূপ ধৰি তন্ত্ৰ- মন্ত্ৰৰ শিক্ষাক ভালদৰে ব্যৱহাৰ কৰিলে।
এদিন সি মাকক ক’লে, 'আই, আজি মই এটা হাঁহ হৈ থাকিম। কোনোবাই হাঁহ কিনিব আহিলে তই বিক্ৰী কৰি দিবি।' এনেকৈ কৈ সি ঘৰৰ ভিতৰত সোমাই এটা হাঁহ হৈ বহি থাকিল। আবেলি পৰত এজন হাঁহ কিনিবলৈ অহা মানুহে লোদোৰ-পোদোৰ হাঁহটো দেখি ভাল দাম দি কিনি লৈ গ'ল। মানুহজনে নি ঘৰত হাঁহটো থৈ দিয়াৰ পাছত সি আকৌ ল'ৰাটো হৈ ঘৰলৈ ল'ৰ মাৰিলে।
তাৰ পাছত ল'ৰাটো-এদিন এটা ছাগলী হ'ল। সেইদিনাও মাকে তাক ছাগলী কিনা মানুহত বিক্ৰী কৰি বহুত টকা পালে। মানুহজনে ছাগলী নি ঘৰ পোৱাৰ পাছত সি পুনৰ আগৰ দৰে ল'ৰাটো হৈ ঘৰলৈ উভতি আহে। এনেদৰে সৰু ল'ৰাটোৱে এদিন গৰু, এদিন ঘোঁৰা, এদিন ম'হ আদি নানান ৰূপ ধৰি বিক্ৰী হৈ যায় আৰু পুনৰ ল'ৰাটো হৈ ঘৰ পায়। কিনোতাবিলাকে গমেই নাপায়। সিহঁতে ভাবে যে কিনি অনা জন্তুটো কিবাকৈ পলাল। এনেকৈয়ে বুঢ়ীয়ে সৰু পুতেকৰ যহত দৈনিক অজস্ৰ টকা ঘটি ধনী হ'ল। পুৰণা ঘৰ গুচি নতুন ঘৰ হ'ল, ফটা-ছিটা কাপোৰ গুচি ভাল ভাল কাপোৰ হ'ল, খেতিৰ মাটি হ'ল, গৰুগাড়ী হ'ল। মুঠতে বুঢ়ীৰ আৰু একোৰে অভাৱ নাইকিয়া হ'ল।
বুঢ়ীৰ ঘৰৰ এনে উন্নতি দেখি শিক্ষকজনে ভাবিলে যে এইবোৰ এই সৰু ল'ৰাজনৰে উপাৰ্জন। তেওঁ তাক শিকাই দিয়া মন্ত্ৰৰ বলত বুঢ়ী আজি দাংকোপ মাৰিব পৰা হ'ল। শিক্ষকৰ পেটে পেটে হিংসা লাগিল আৰু সৰু ল'ৰাটোক মাৰি বুঢ়ীৰ অহংকাৰ চূৰ্ণ কৰাৰ সংকল্প ল'লে।
এদিন তেওঁ এটা ঘোঁৰা কিনাৰ চলেৰে বুঢ়ীৰ ওচৰ পালে। সেইদিনাও সৰু ল'ৰাটোৱে এটা ঘোঁৰা হৈ ঘৰৰ পিছফালে আছিল। বুঢ়ীয়ে ঘোঁৰাটো আনি মানুহজনত বিক্ৰী কৰি দিলে। শিক্ষকজনে বুজিছিল যে এইটোৱে সেই ল'ৰাটো। [ ১৩ ] তেওঁ ঘোঁৰাটো ঘৰলৈ নি দুছেও কৰি কটাৰ পাং পাতিলে। ঘৰ পাই তেওঁ ঘৈণীয়েকক ক’লে— 'বুজিছনে, আজি এটা উৎপতীয়া ঘোঁৰা আনিছোঁ। ইয়াক কাটি দুছেও কৰিলেহে শান্তি পাম। তই দাখন দে।'
ঘৈণীয়েকে কথাটো বিষম দেখি ক'লে— 'ঘোঁৰাটোনো কিয় কাটিব লাগে। সি এটা জন্তুহে। সুস্থিৰ হোৱাচোন। ভাত-পানী হৈছে। খাই লোৱা।'
শিক্ষকে ক’লে— —তই তিৰোতা মানুহ, এইবোৰ কথা বুজি নাপাবি। দাখন লৈ আহ। ভাতো আন। ভাত খাইয়েই ইয়াক ৰখিব লাগিব, নহ'লে পলাই পত্ৰং মাৰিব।'
অগত্যা শিক্ষকৰ কথা এৰাব নোৱাৰি ঘৈণীয়েকে এহাতে ভাত আৰু আনহাতে দাখন আনি গিৰীয়েকক দিলে। শিক্ষকে ঘোঁৰাটোলৈ শেন চকু ৰাখি আৰু এহাতে দাখন লৈ ভাত খাবলৈ ধৰিলে। ল'ৰা-ঘোঁৰাটোৱে শিক্ষকৰ এনে কাণ্ড দেখি কি কৰিব কি নকৰিব চিন্তা কৰিবলৈ ধৰিলে। এনেতে শিক্ষকে আঞ্জাত থকা জলকীয়া নেদেখাতে চোবাই দিলত তেওঁৰ উঠিল চৰচৰণী। কাহি কাহি দাখন থৈ পানীৰ গিলাচটো হাতত লওঁতেই ঘোঁৰাটোৱে তৎক্ষণাৎ এটা কপৌ চৰাই হৈ উৰা মাৰি গ'ল। লগে লগে শিক্ষকেও কপৌক ধৰিবলৈ এটা শেন চৰাই হৈ পিছে পিছে খেদিলে। শেন চৰাইৰ আগত উৰিব নোৱাৰিব বুলি ভাবি এটা ডঁৰিকনা মাছ হৈ পুখুৰীত পৰিল। তাকে দেখি শেনটোৱে এটা মাছৰোকা চৰাই হৈ পুখুৰীৰ পাৰৰে এডাল গছত খাপ লৈ থাকিল। শিক্ষক- মাছৰোকাক দেখি ডঁৰিকনাটো পানীৰ ওপৰলৈ আহিবলৈ নোৱৰা হ'ল।
এনেতে এজনী ৰাজকন্যাই সেই পুখুৰীলৈ পানী নিবলৈ আহিছিল। সুবিধা পাই ডঁৰিকনাটোৱে ৰাজকুমাৰীৰ কলহত সোমাই গ'ল। মাছৰোকা চৰাইটোৱে ডঁৰিকনাৰ বুদ্ধি দেখি ৰাজকন্যাৰ পিছ ল'লে। সি ভাবিলে ৰাজকন্যাই ঘৰত পানী বাকিলেতো ই ওলাব। তেতিয়া তাক ধৰা যাব। মাছৰোকাই পিছে পিছে অহা গম পাই ডঁৰিকনাটোৱে তৎক্ষণাৎ এডাল হাৰ হৈ ৰাজকন্যাৰ ডিঙিত উলমিল।
ডঁৰিকনাটোৱে এডাল হাৰ হোৱা দেখি মাছৰোকাটোৱেও এজন সন্ন্যাসীৰ ৰূপ ধৰি ৰাজকন্যা ঘৰ পোৱাৰ আগেয়ে তেওঁৰ ঘৰত ৰৈ থাকিল। ৰাজকুমাৰীয়ে ঘৰ পাই সন্ন্যাসীক দেখি ক'ৰ পৰা আহিছে, কি লাগে ইত্যাদি সুধিলে। সন্ন্যাসীয়ে ক’লে— ‘হে ৰাজকুমাৰী! মই ব্ৰাহ্মণ মানুহ। হাৰডাল মই পুখুৰীৰ [ ১৪ ] পাৰত থৈ গছৰ তলত ধ্যান কৰি আছিলোঁ। তুমি পাই লৈ আহিলা। ব্ৰাহ্মণৰ হাৰ ৰাখিব নাপায়; হাৰডাল মোক ঘূৰাই দিয়া।'
ৰাজকুমাৰী হতবাক। তেওঁ ক'লে— ‘মইতো একো হাৰ অনা নাই। মোক আনৰ সম্পত্তি নালাগে। তুমি মিছা কথা কৈছা।' ব্ৰাহ্মণে পুনৰ ক'লে— 'মই মিছা কোৱা নাই আই। সৌডাল তোমাৰ ডিঙিতে ওলমি আছে। হাৰডাল মোক দিয়া।' ৰাজকুমাৰীয়ে তেতিয়াহে গম পালে যে তেওঁৰ গাত এডাল হাৰ ওলমি আছে। ৰাজকুমাৰীয়ে বৰ লাজ পালে আৰু হাৰডাল খুলি সন্ন্যাসীক দিব ধৰোঁতেই হাৰডাল মাটিত পৰি এমুঠি সৰিয়হ হৈ চোতালত সিঁচৰতি হৈ পৰিল। ব্ৰাহ্মণে তেতিয়া কোনটো সৰিয়হত আচল ল'ৰাজনৰ জীৱটো আছে ধৰিব নোৱাৰি বিমোৰত পৰিল। তেতিয়া তেওঁ এটা বুদ্ধি কৰিলে। তেওঁ এটা পাৰ চৰাই হৈ সৰিয়হবোৰ এফালৰপৰা খাবলৈ আৰম্ভ কৰিলে। এনেকৈ সৰিয়হ খাই থাকোঁতে হঠাতে ল'ৰাটোৰ আচল জীৱ থকা সৰিয়হটোৱে তৎক্ষণাৎ এটা বোন্দা মেকুৰী হ'ল আৰু পাৰটোক থাপ মাৰি ধৰি খাই পেলালে। মেকুৰীটোৱে পুনৰ আগৰ দৰে সৰু ল'ৰাজনৰ ৰূপ ল'লে।
ৰাজপ্ৰাসাদত সেই সময়ত বহুতো মানুহ এইবোৰ কাণ্ড চাই হতভম্ব হৈ আছিল। ৰজা নিজেও আহি সকলো প্ৰত্যক্ষ কৰিলে। তেওঁ সৰু ল'ৰাটোক ইবোৰ কি কথা-কাণ্ড সুধিলে। ল'ৰাটোৱেও আগৰপৰা গুৰিলৈকে সকলো কথা বৰ্ণালে। ৰজাই ল'ৰাটোৰ বুদ্ধি আৰু সাহস দেখি বৰ সন্তুষ্ট হ'ল আৰু ৰাজকুমাৰীক তালৈ বিয়া দি দিলে।
বিয়ালৈ হ'লে আমি যাব নাপালোঁ। পাছতহে শুনিছোঁ যে ৰাজকন্যা আৰু সৰু ল'ৰাটো সুখেৰে আছে। [ ১৫ ]সচেতন ৰজা
এজন সাউদ আছিল। সাউদজনে পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ বেহা-বেপাৰ চলাই বহুত ধন-সম্পদ কৰিছিল। কিন্তু তেওঁ লাহে লাহে বুঢ়া হৈ অহাত বেপাৰ চলাব নোৱৰা হ'ল। সেইবাবে এদিন পুতেকক মাতি আনি ক'লে— “বোপা, মই আৰু বেহা-বেপাৰ চলাব নোৱৰা হৈছোঁ। এই বয়সত চাৰিওফালে ঘূৰি ফুৰাৰ শক্তি নাই। গতিকে তয়ে এইবোৰ চলা। তোক যি ধন লাগে মই দিম। কিন্তু এটা কথা, তই মূলনাশী দেশলৈ বেপাৰ কৰিবলৈ নাযাবি। তালৈ গ'লে লাভৰতো কথা বেলেগেই, মূল ধনকো হেৰুৱাব লাগিব।'
সাউদৰ কথা মতে পুতেকে ডেকা সাউদ নাম লৈ বাপেকৰপৰা চাৰিশ টকা লৈ বেপাৰ কৰিবলৈ ওলাই গ'ল। সি কিন্তু মূলনাশী দেশ ক'ত আছে, সেই কথা পিতাকক সুধিবলৈ পাহৰি গ'ল। ডেকা সাউদ গৈ গৈ দুৰ্ভাগ্যবশতঃ সেই ৰাজ্যই পালে। তাতে বেপাৰৰ বাবে ঘূৰি ফুৰোঁতে এজন বুঢ়া মানুহক লগ পালে। বুঢ়াই তাক ক'ৰ পৰা আহিছে, কি উদ্দেশ্যত আহিছে সোধাত ডেকা সাউদে বেপাৰৰ বাবে অহা বুলি ক'লে। তেতিয়া বুঢ়াই ক’লে— “বোপা, তুমি নতুন মানুহ। আমি বেপাৰ-বাণিজ্য কৰি বুঢ়াই হ'লোঁ। বেপাৰ কৰিব লাগিলে বহুত কথা জানিব লাগে। তোমাৰ সেই অভিজ্ঞতা নাই। গতিকে তুমি লোকচান ভৰিব লাগিব।' বুঢ়াৰ কথাটো ডেকা সাউদৰ মনত লাগিল। সি বুঢ়াক ক'লে- ‘আতৈ, তুমি মোক বেপাৰৰ নিয়ম-নীতি শিকাবানে? মই তোমাৰ প্ৰতি বৰ কৃতজ্ঞ হ'ম।’
বুঢ়াই বুজিলে যে ডেকা সাউদৰ আগ্ৰহ আছে। তেওঁ ডেকা সাউদক ক'লে— “তুমি যদি বেপাৰ কৰিব খুজিছা, তেন্তে মই তোমাক লাভজনক চাৰিষাৰ মন্ত্ৰ দিম। কিন্তু ইয়াৰ বাবে তুমি মোক চাৰিশ টকা দিব লাগিব। পাৰিবানে?
ডেকা সাউদৰ হাতত মাত্ৰ চাৰিশ টকাই আছে। এই চাৰিশ দি দিলে সি কি কৰিব অলপ ভাবিলে। তাৰ পাছত সি বুঢ়াক টকা দিম বুলি ক'লে। তেতিয়া [ ১৬ ] বুঢ়াই ক'লে— ‘মনত ৰাখিবা— ভাৰ্যাৰ ধন, সম্পদত ভাই-ভনী, সচেতন ৰজা আৰু আপদত মিতা। অৰ্থাৎ ধন হ'লেহে ভাৰ্যাৰ মৰম পায়, সম্পদ হ'লেহে ভাই-ভনীয়ে আদৰ কৰে, ৰজা হ'লে সদায় সচেতন হৈ থাকিব লাগে আৰু বিপদত পৰিলে বন্ধুৰ ওচৰ চাপিব লাগে। এতিয়া দিয়া মোক চাৰিশ টকা।'
ডেকা সাউদে ভাবিলে ‘এইটো আকৌ কি মন্ত্ৰ হ'ল। বেপাৰৰ লগত এই চাৰিষাৰ কথাৰ মূল্যইবা কি? বুঢ়াই মোক ঠগিলে কিজানি।' কিন্তু তথাপি সি প্ৰতিশ্ৰুতি দিয়ামতে বুঢ়াক টকা চাৰিশ দি দিলে। তাৰ তলি উদং হ'ল। এতিয়া কেনেকৈ বেপাৰ কৰে? উপায় নাপাই সি ঘৰলৈ উভতি গ'ল আৰু ঘৈণীয়েকক সমস্ত কথা ক'লে। সি ঘৈণীয়েকক আকৌ টকা খুজিলে। এই কথা শুনি ঘৈণীয়েকৰ বৰ খং উঠিল আৰু বিনা কাৰণত টকাখিনি খৰচ কৰা বুলি কটুকথা শুনালে। ক্ষোভ আৰু মনৰ বেজাৰত ডেকা সাউদে ক'লে— —যেতিয়ালৈ মই তোক টকা আনি দিব নোৱাৰোঁ তেতিয়ালৈ এই ঘৰত নোসোমাওঁ।' এইবুলি সি চেঙচেঙকৈ ওলাই গ'ল।
সি বাটে বাটে ভাবি গ’ল— ‘সেই বুঢ়াই কোৱা কথাটো ঠিকেই। ধন নহ'লে ভাৰ্যাৰ আদৰ পোৱা টান। ঠিক আছে, তাই টকা নিদিলে কি হ'ব? মোৰতো ভনী আছে। আমি একে আইৰে সন্তান। ভনীয়ে মোক সহায় কৰিবই।” এই ভাবি সি ওচৰৰে গাঁৱত বিয়া দিয়া তাৰ ভনীয়েকজনীৰ ওচৰলৈ গ'ল। তাতেই কেইদিনমান থাকি টকা-পইছা যোগাৰ কৰি বেপাৰলৈ যোৱাৰ মতলব কৰিলে। সি ভনীয়েকক টকা লৈ বেপাৰ কৰিব যোৱাৰেপৰা আৰম্ভ কৰি ঘৈণীয়েকে তাক গালি পৰালৈকে আদ্যোপান্ত কৈ তাৰ দুখ বৰ্ণালে। সি ক’লে— —ভনী, অন্যই মোৰ দুখ নুবুজে। তই নিশ্চয় বুজিবি। মই সেয়েহে তোৰ ওচৰলৈ আহি ইয়াত দুদিনমান থাকিম বুলি ভাবিছোঁ। বেপাৰ কৰি ধন নঘটালৈকে আৰু ঘৰলৈ নাযাওঁ বুলি শপত খাই আহিছোঁ। তই মোক কেইদিনমান ৰাখিব পাৰিবিনে?”
ভনীয়েকে মুখ ভেঙুচাই উত্তৰ দিলে— ‘তই এনেদৰে বহি বহি খাই ছল পাই গৈছ। নিজৰ ঘৈণীয়েকেই যাক বিশ্বাস নকৰে, মই তাক ৰাখিলে বদনামহে হ'ব। সিফালে বেপাৰৰ বাবে নিয়া টকাকেইটাও তই অবাবত খৰচ কৰিলি। মই তোক এনেদৰে ঘৰত বহাই ৰাখিব নোৱাৰোঁ দেই, যি কৰ কৰ। [ ১৭ ] ভনীয়েকৰ এনে কথা শুনি সি বিচূৰ্তি খালে। ভনীয়েকৰ পৰাও এনে ব্যৱহাৰ পাই তেতিয়াহে সি বুঢ়াই কোৱা কথাৰ সত্যতা বুজি পালে। উপায় নাপাই সি তাৰপৰা ওলাই গৈ এজন বন্ধুৰ ঘৰ পালে। বন্ধুজনক ডেকা সাউদে পিতাকে বেপাৰ কৰিব কোৱাৰেপৰা ভনীয়েকে উলিয়াই দিয়ালৈকে সকলো কথা বিৱৰি ক'লে। তাৰ চকুৱেদি হৰহৰকৈ পানী ওলাল। কান্দি কান্দি বন্ধুক ক’লে— ‘কচোন ভাই, মই এতিয়া কি কৰোঁ, ক'লৈ যাওঁ। মইতো আৰু ইচ্ছা কৰি টকা খৰচ কৰা নাই। মোক বেপাৰ কৰিবলৈহে টকা লাগে।'
ডেকা সাউদৰ এনে ইননি-বিননি দেখি বন্ধুৱে ক'লে— ‘ৰচোন, ধৈৰ্য ধৰ। ধৈৰ্যইহে আচল বল। ধৈৰ্য আৰু সাহস হ'লে কোনো সমস্যাই একো কৰিব নোৱাৰে। আজি টকা গ'ল, গ'ল— কাইলৈ আহিব। তই চিন্তা নকৰিবি। মই তোক যেনেকৈ যি পাৰোঁ সহায় কৰিম।
বন্ধুৰ কথা শুনি সাউদৰ পুতেকৰ মুখলৈ পানী আহিল। সি এটা আশাৰ বাট দেখা পালে। তাক বন্ধুৱে তেওঁৰ ঘৰত দুদিন ৰাখি টকা যোগাৰ কৰি আনি দি ক'লে— ‘হ, নে এই চাৰিশ টকা। ভালদৰে চম্ভালিবি। ভালদৰে বেপাৰত লগাই লাভৱান হ'বৰ বাবে চেষ্টা কৰিবি। কিবা অসুবিধাত পৰিলে মোক খবৰ দিবি। একো চিন্তা নকৰিবি। সকলো ঠিক হৈ যাব।'
সাউদৰ পুতেকে টকাকেইটা লৈ আহিল হয়, কিন্তু সি বেপাৰলৈ নগৈ পোনেই ঘৰলৈ উভতিলে আৰু টকা চাৰিশ ঘৈণীয়েকক গুঁজি দি হতঙা মাতেৰে ক'লে— ‘হ, নে তোৰ এই টকা। তোক টকাহে লাগে, মোক নালাগে। মই আৰু এই ঘৰলৈ উভতি নাহোঁ।' এইবুলি কৈ সি ঘৰৰপৰা ওলাই গ'ল। ঘৈণীয়েকে টকাকেইটা লৈ সি যোৱাৰ ফালে চাই থাকিল।
ডেকা সাউদ গৈ গৈ এখন ৰাজ্য পালে। সেই ৰাজ্যত ৰজা নাই। মানুহবিলাকে এজন ভাল ৰজা পাতিবলৈ মানুহ বিচাৰি আছে। কিন্তু কোনেও তাত ৰজা হ'বলৈ সাহস নকৰে। তাত বোলে যিয়ে ৰজা হয়, সিয়ে ৰাতিটোৰ ভিতৰতে মৰি থাকে। এনেদৰে ভাল বংশৰ মানুহবিলাক মৰি শেষ হ'ল। এনে সময়তে সাউদৰ পুতেকক সেই ৰাজ্যত দেখা পাই তাকেই ৰজা হ'বলৈ অনুৰোধ কৰিলে। তেওঁলোকে ভাবিলে যে এই ৰাজ্যত এওঁ নতুন মানুহ। গতিকে ৰজা হ'বলৈ আপত্তি নকৰিব।
সাউদৰ পুতেকে গম পালে যে সেই ৰাজ্যত ৰজা নাবাচে। তথাপি সি [ ১৮ ] ভাবিলে— ‘মৰোঁ যদি ৰজা হৈয়েই মৰোঁ। এনেয়েনো আৰু জীৱনটোত গালি-গালাজ খাই জীয়াই থাকি কি লাভ। অন্ততঃ ৰজা হৈতো মৰিব পাৰিম।' এনেদৰে ভাবি সি ৰজা হ'বলৈ সন্মতি দিলে। ৰাইজে আনন্দত জঁপিয়াবলৈ ধৰিলে। তেওঁলোকে এজন ৰজা পাতিব পাৰিব। মহা ধুমধামেৰে ৰাজ-অভিষেক পতা হ'ল; পূৰ্বৰ এজনী সুন্দৰী ৰাণীৰ লগত ডেকা সাউদৰ বিয়াও একেলগে পতা হ'ল। মুঠতে ৰাজসভা উৎসৱমুখৰ হৈ পৰিল।
পাত্ৰ-মন্ত্ৰী সকলোকে লৈ সাউদৰ পুতেকক ৰজা পাতিলে যদিও আনফালে পিছদিনাই তেওঁৰ মৃতদেহ সৎকাৰ কৰাৰ আয়োজনো চলিল। ফুলৰ মালা, বগা কাপোৰ, চন্দন কাঠৰ খৰি, ধূপ-ধূনা আদি সকলো বস্তুৰ যোগাৰ কৰিবলৈ তলে তলে মন্ত্ৰীয়ে যো-জা কৰালে। ৰাজসাঙীখনো ভালদৰে চাফা কৰি ফুল- কাপোৰেৰে সজাই-পৰাই ৰাখিবৰ বাবে হুকুম দিয়া হ'ল। ৰাজপুৰোহিতজনক কোৱা হ'ল, তেওঁ যাতে পিছদিনাখন অন্য কোনো সকাম নাৰাখে আৰু ৰাতিপুৱা আঠ বজাৰ আগতেই ৰাজচ'ৰাত উপস্থিত হয়হি। এনেদৰে ৰজাই গম নোপোৱাকৈ সকলো যোগাৰ কৰি ৰাতি খোৱা-বোৱাৰ পাছত ৰজা- ৰাণীক একেটা ঘৰতে থাকিবলৈ দিয়া হ'ল। সাউদৰ পুতেকৰ মনত নানান কথাই খেলিবলৈ ধৰিলে। হঠাতে তাৰ বুঢ়াই কোৱা কথা মনত পৰিল যে ‘ৰজা হ'লে সচেতন হ'ব লাগে'। সেয়ে সি ৰাতি শুবলৈ যোৱাৰ সময়ত লগত তৰোৱালখন কাষত থৈ ৰাণীৰ ওচৰত শুলে যদিও তাৰ টোপনি নাহিল। আজি ৰাতি সি মৰিব। মৃত্যুনো কেনেকৈ আহে তাৰেই গম ল'বলৈ সি জাগি থাকিল। সি ৰাণীৰ মুখখনলৈ চাই ভাবিবলৈ ধৰিলে— ‘এই ৰাণী আজি দুপৰীয়ালৈ বিধৱা আছিল। তাৰ পাছত তেওঁ এতিয়ালৈ সধৱা, আকৌ কাইলৈ পুৱাৰপৰা বিধৱা। এওঁৰ জীৱনটো বাৰু এনেকৈয়ে যাবনে?' এনেদৰে ভাবি তাৰ দুখো লাগিল।
এনেতে দেখা পালে ৰাণীৰ দুই নাকেৰে দুডাল প্ৰকাণ্ড বিষাক্ত সাপ ওলাই আহি ৰজাৰ ফালে চোঁচা লৈছে। ৰজাই একেজাঁপে থিয় হৈ হাতত তৰোৱালখন লৈ সাপ দুডালক কাটি মাৰি পেলালে। সি বুজিলে যে আচলতে এই সাপেহে খুঁটি আগৰ ৰজাবোৰক হত্যা কৰিছিল। সেইসকল ৰজাই অলপ সচেতন হোৱা হ'লে মৃত্যুক সাবটি ল'ব নালাগিলহেঁতেন। তাৰ মূলনাশী দেশত বুঢ়াই কোৱা কথালৈ মনত পৰি বুঢ়াক পেটে পেটে ধন্যবাদ দিলে যে সেই বুঢ়াৰ মন্ত্ৰৰ [ ১৯ ] বাবেই সি আজি ৰক্ষা পৰিল। তাৰ মহা আনন্দ লাগিল— যেন সি বিশ্ব জয় কৰিলে।
পিছদিনা পুৱা ৰজাৰ মৃতদেহ নিবলৈ ৰাজদৰবাৰত সাঙী উপস্থিত হ'ল। পাত্ৰ-মন্ত্ৰীকে ধৰি বহুতো মানুহে ৰজাৰ শৱযাত্ৰাত ভাগ ল'বলৈ উপস্থিত হ'ল। শ্ৰদ্ধাসহকাৰে পাত্ৰ-মন্ত্ৰীসকলে মৃতদেহ থকা ৰজাৰ কোঠাত সন্তৰ্পণে প্ৰৱেশ কৰিব খোজোঁতেই ৰজাই আগবাঢ়ি গৈ সকলোকে আদৰিলে। জীৱিত অৱস্থাত ৰজাক দেখি সকলোৰে চকু থিয় হ'ল। তেতিয়া ৰজাই সকলো কথা বিৱৰি ক'লে আৰু কটা সাপ দুডাল দেখুৱালে। পাত্ৰ-মন্ত্ৰীসকলে তেওঁহে উপযুক্ত ৰজা বুলি মহা উল্লাসেৰে জয়ধ্বনি দিবলৈ ধৰিলে। তেওঁলোকে আনন্দোল্লাসেৰে সমাৰোহ পাতি ৰজাক পুনৰ সিংহাসনত প্ৰতিষ্ঠা কৰিলে।
সাউদৰ পুতেক ৰজা হৈ আগৰ ঘৈণীয়েকক দূত পঠিয়াই মাতি অনালে। গিৰীয়েক ৰজা হোৱা জানি তাইৰ আনন্দত সীমা নোহোৱা হ'ল। তাই ভাবিলে, ‘এইবাৰ মই ৰাণী হৈ সকলোকে দেখুৱাম'। অতি আনন্দেৰে ডেকা সাউদৰ ঘৈণীয়েক গৈ ৰাজদৰবাৰ পালে। পোৱাৰ লগে লগে ৰজাই তাইক আকৌ চাৰিশ টকা দি গিৰীয়েকক তিৰস্কাৰ কৰাৰ প্ৰতিফলস্বৰূপে চাবুকেৰে কোবাই দেশৰ বাহিৰ কৰি দিলে। সেইদৰে ভনীয়েককো শাস্তি বিহিলে। তাৰ পাছত তাৰ অন্তৰংগ বন্ধুজনক মাতি আনি ৰাজপ্ৰাসাদত এজন মন্ত্ৰীৰ বাব দিয়াৰ উপৰি মাটি-ঘৰ সুন্দৰকৈ সজাই দি সসন্মানে ৰাখিলে। বন্ধুজনৰ লগতে আলোচনা-বিলোচনা কৰি সুন্দৰভাৱে ৰাজ্য চলাই সাউদৰ পুতেক সুখে-সন্তোষে থাকিল।
আমাৰ কিন্তু একো লাভ নহ'ল। কথাবোৰ এনেয়ে শুনিলোঁ। সঁচা নে মিছা নাজানো। [ ২০ ]সত্যৰ ধন অসত্যৰ ছন
এসময়ত এজন ৰজা আছিল। তেওঁ বৰ দয়ালু আৰু দানী আছিল। ৰজাৰ মানত ধনী, দুখীয়া, উচ্চ-নীচ সকলো সমান। কাকো অন্যায় নকৰে, দোষীক সমানে শাস্তি দিয়ে। সেইকাৰণে প্ৰজাই তেওঁক বৰ শ্ৰদ্ধা কৰে।
ৰজাৰ ওচৰত ভিক্ষা কৰিলে কাকো বিমুখ নকৰে। সেইকাৰণে দেশৰ নানান ঠাইৰপৰা ভিক্ষাৰী আহি ৰজাৰ ওচৰত ভিক্ষা মাগে। ৰজাই কিন্তু নিজ হাতেৰে ভিক্ষা নিদি এখন কাগজত কিমান পৰিমাণৰ ভিক্ষা দিব লাগে, সেই কথা লিখি ভিক্ষাৰীজনক ধনভঁৰালীৰ ওচৰলৈ পঠিয়াই দিয়ে। তেনেকৈয়ে ভিক্ষা লৈ ভিক্ষাৰীয়ে ৰজাক আশীৰ্বাদ দি গুচি যায়।
এদিন এজন ছালছিগা ভিকহুৰ কাণত ৰজাৰ এই মহানতাৰ কথা পৰিল। সিও এদিন গৈ ৰজাৰ ওচৰত ভিক্ষা মগাৰ মন কৰিলে। কিন্তু তাৰ সমস্যা হ’ল সি আশীৰ্বাদ দিব নাজানে। সেইকাৰণে সি এজন মানুহক সুধিলে কেনেকৈ আশীৰ্বাদ দিব লাগে। মানুহজনে তাক উপলুঙা কৰি ক’লে— ‘আশীৰ্বাদ দিব খোজ যদি ক’বি, মহাৰাজ সত্যৰ ধন অসত্যৰ ছন’।
ভিক্ষাৰীজনে সেইটোকে আশীৰ্বাদ বুলি ভাবি ৰজাৰ ওচৰলৈ গৈ ভিক্ষা মাগিলে আৰু ক'লে— ‘মহাৰাজ সত্যৰ ধন অসত্যৰ ছন।'
ৰজাই শুনি আচৰিত হ'ল। ই এটা নতুন কথা। তেওঁ অলপ সময় ভাবি এটুকুৰা কাগজত অন্য ভিক্ষাৰীক দিয়াতকৈও বেছিকৈ ধন লিখি ধনভঁৰালীলৈ পঠিয়ালে। ধনভঁৰালীৰপৰা ধন লৈ সি মহা আনন্দেৰে গ'ল। গৈ থাকোঁতে বাটতে দুজন মানুহে তাক সুধিলে যে ৰজাই তাক কিমান ধন দিলে। ভিক্ষাৰীজন, আছিল একেবাৰে হোজা। সি কোনো লুক-ঢাক নকৰাকৈ আচল কথা কৈ দিলে। সিহঁতে শুনি অবাক হ'ল যে ইমান ধনতো ৰজাই আগতে কোনো ভিক্ষাৰীক দিয়া শুনা নাই। দুয়োজনৰে বৰ হিংসা লাগিল যদিও মনৰ কথা মনতে লুকুৱাই ভিক্ষাৰীজনক পিছদিনাও ভিক্ষা মাগিবলৈ পৰামৰ্শ দিলে। [ ২১ ] দুয়োজনে তাৰপৰা পিছদিনা ধনখিনি সৰকাবৰ বুদ্ধি কৰিলে।
পিছদিনাও ভিক্ষাৰীজনে ৰজাৰপৰা টকা লৈ আহোঁতে বাটতে দুষ্ট মানুহ দুজনে খাপ লৈ থাকি আগভেটি ধৰি সুধিলে— ‘আজি কিমান টকা পালা'? ভিক্ষাৰীজনে আচল সংখ্যাটোকে কৈ দিলে। তেতিয়া বদমাচ দুজনে ক'লে ‘আজিৰ টকাখিনি আমাকে দিয়া। আমি বৰ গৰীৱ মানুহ। ভিক্ষাৰীজনে ক’লে যে সি পিছদিনা দিব।
দ্বিতীয় দিনাও ভিক্ষাৰীজনে টকা লৈ আহোঁতে সিহঁতে ক'লে— 'কালি কৈছিলা নহয় আজিৰ টকাখিনি দিবা বুলি। এতিয়া দিয়া।' ভিক্ষাৰীজনে ক’লে— ‘আজি মোৰ টকাৰ বৰ দৰকাৰ। কাইলৈহে দিব পাৰিম, বেয়া নাপাবা।’ এনেকৈ কৈ সেইদিনাও সিহঁতৰপৰা হাত সাৰিল।
তাৰ পিছদিনাও ভিক্ষাৰীজনে একেধৰণৰ উত্তৰ দি টকা সিহঁতক নিদিলে। বদমাছ দুজনে দেখিলে ইয়াৰপৰা এনেদৰে খুজি টকা পোৱা টান। ইয়াৰ প্ৰতিশোধ ল'ব লাগিল। চাওঁচোন বাৰু সি কাইলৈ ৰজাৰপৰা কেনেকৈ টকা উলিয়ায়। ৰজাৰ দ্বাৰা ইয়াক কটাইহে এৰিম।' এইবুলি দুয়োজনে ভিক্ষাৰীজনক ক’লে— ‘হেৰা, তুমি আমাক টকা নিদিয়া নালাগে। কিন্তু ৰজাই কালি আমাক কৈছে যে তেওঁ হেনো তোমাৰপৰা বৰ বেয়া গোন্ধ পায়। কাৰণ তুমি সদায় ৰজাৰ ফালে মুখ দি কথা কোৱা। সেয়ে তোমাৰ মুখৰপৰা ওলোৱা ভেকেটাভেকেট গোন্ধত তেওঁ বিৰক্ত হৈ গৈছে।' ভিক্ষাৰীজনে ক'লে— ‘পাব পাৰে, একো আচৰিত কথা নহয়। আমি দুখীয়া মানুহ, গাত তেল- চাবোন ঘঁহিব নোৱাৰোঁ। ভাল বস্তুৰে মুখ ধুব নোৱাৰোঁ। হ'লেওতো মই ৰজাৰ সহায় ল'বই লাগিব।'
মানুহ দুজনে ক'লে— ‘সেইটো হয়। পিছে তুমি কাইলৈৰপৰা ৰজাৰ ফালে চাই ভিক্ষা নামাগিবা। তেওঁক পিছ দিহে খুজিবা। তেতিয়া তেওঁ তোমাৰ মুখৰ গোন্ধ নাপায়।' সিহঁতে ভাবিছিল যে এনেকৈ পিছ দি ভিক্ষা মাগিলে ৰজাই অপমান কৰা বুলি তাক কাটিব। হোজা ভিক্ষাৰীজনেও তাকে মানি ক'লে— ‘ঠিক আছে বাৰু, মই পিছ দিয়েই ভিক্ষা মাগিম।'
পিছদিনাখন ভিক্ষাৰীজনে গৈ ৰজাক পিছ দি ভিক্ষা মাগিলে। কিন্তু ৰজাই সদায়ে আহি থকা ভিক্ষাৰীজনলৈ নাচালেই। তেওঁ কিবা কথাত ব্যস্ত আছিল। ঘপৰাই কাগজ এখনত ভিক্ষাৰ পৰিমাণ লিখি আগৰ দৰেই পঠিয়াই দিলে। [ ২২ ] বদমাচ দুজনে তাক শাস্তি দিয়াৰ খবৰটো পাবলৈ বাটতে অপেক্ষা কৰি আছি যদিও ভিক্ষাৰীজনে টকা লৈ অহাত আচৰিত হ'ল। সিহঁতৰ পৰিকল্পনা অথলে গ'ল। তথাপি সিহঁতে তাক একো নকৈ আকৌ টকা মাগিলে। সেইদিনা ভিক্ষাৰীজনে সিহঁতক টকা নিদিলে। মানুহ দুজনৰ খং উঠিল আৰু এইবাৰ ৰজাৰ আগত তাৰ বিৰুদ্ধে কৈ এসেকা দিবলৈ পাং পাতিলে।
সিহঁত দুয়ো ৰজাৰ ওচৰলৈ গ'ল আৰু সেৱা জনাই ক'লে— ‘মহাৰাজ, দায়-দোষ নধৰিব। আমি আপোনাক কথা এষাৰ ক'বলৈহে আহিলোঁ। মহাৰাজ আমাৰ পৰম পূজ্য। এনে অৱস্থাত আপোনাৰ কোনো প্ৰকাৰে অপমান হোৱাটো আমি সহ্য কৰিব নোৱাৰিহে মহাৰাজৰ ওচৰত সুবিচাৰৰ আশা কৰি আহিলোঁ।'
ৰজাই সুধিলে— “কি হ'ল? মোক কোনে অপমান কৰিলে?' মানুহ দুজন ‘মহাৰাজ, সেই যে ভিক্ষাৰীজন আপোনাৰ ওচৰলৈ আহে, সি কৈছে যে সি হেনো আপোনাৰ মুখৰপৰা গোন্ধ পায়। সেয়ে সদায়ে আপোনাক পিছ দিহে ভিক্ষা মাগে আৰু আশীৰ্বাদ দিয়ে। তাৰ এনে কাণ্ড মহাৰাজৰ প্ৰতি ভীষণ অপমান বুলি আমি বন্দীয়ে অনুভৱ কৰোঁ। মহাৰাজে আমাৰ কথাৰ সত্যাসত্য কাইলৈ সি আহিলে প্ৰমাণ চাব পাৰে।' ৰজাই শুনি বৰ লাজ পালে আৰু ক'লে— “ঠিক আছে, তোমালোক যোৱা। মই কাইলৈ প্ৰমাণ চাম।’
পিছদিনাও ভিক্ষাৰীজন ৰজাৰ ওচৰলৈ গৈ পিছফাল দি ভিক্ষা মাগি আশীৰ্বাদ দিছে। তেওঁ গুচৰীয়া দুজনে কোৱা কথাৰ সত্য বিচাৰি পালে। খঙতে ৰজাই তাক একো নক'লে যদিও কাগজ এখনত লিখি দিলে— ‘পত্ৰবাহকৰ মূৰ কাটি ৰাখিবা।' ভিক্ষাৰীজনে আন দিনাৰ দৰেই কাগজখন লৈ ধনভঁৰালীৰ ওচৰলৈ গৈ থাকোঁতে বাটতে পুনৰ সেই বদমাচ দুজনে পালে। সিহঁতে ভাবিলে— ই আমাক প্ৰতিদিনে ঠগায়। ৰজাই আজিও তাক শাস্তি নিদি ভিক্ষাহে দিলে। আজি ইয়াৰ ভিক্ষা নিমেই নিম।' এই ভাবি দুয়োজনে ভিক্ষাৰীজনক আগভেটি ধৰি ক'লে— “তই সদায় আমাক টকা দিম বুলি ফাকি দি থাক। আজি দিয়া ৰজাৰ হুকুমটোকে দে। আমি নিজেই ধনভঁৰালীৰপৰা টকা ল'ম। নিদিলে তোক আজি নেৰিছোঁ।”
ভিক্ষাৰীজনেও উপায় নাপাই খঙতে কাগজখন দি দিলে। মানুহ দুজনে অতি আনন্দেৰে কাগজখন লৈ ভঁৰালীৰ ওচৰত দাখিল কৰিলে। ধনভঁৰালীয়ে কাগজখন পঢ়ি দুয়োজনৰ মুখলৈ চাই ক'লে— ‘সৌজনৰ ওচৰতহে [ ২৩ ] তোমালোকৰ কাম হ'ব। তালৈ যোৱা'। এই বুলি দুয়োজনকে ঘাতকৰ ওচৰলৈ পঠিয়াই দিলে। ঘাতকে ৰজাৰ হুকুমটো পাই দুয়োজনকে বলিৰ কাতৰাত ডিঙি দুটা ভৰাই এটা এটাকৈ বলি দিলে।
পিছদিনাখন ভিক্ষাৰীজন পুনৰ মহাৰাজৰ ওচৰলৈ ভিক্ষা মাগিবলৈ যোৱা দেখি ৰজা অবাক। তেওঁৰ হুকুম ঘাতকে কিয় মনা নাই সুধিবলৈ ঘাতকক মাতি পঠিয়ালে। ঘাতক আহিল আৰু হাতযোৰ কৰি ক'লে— ‘মহাৰাজ, মই আপোনাৰ হুকুম অমান্য কৰা নাই। পত্ৰবাহকৰ মূৰ কাটি ৰাখিবলৈ মহাৰাজে দিয়া হুকুম মই আখৰে আখৰে পালন কৰিছোঁ। লাগিলে প্ৰমাণ চাওঁক।' এই বুলি সি দুয়োটা কটা মূৰ আৰু হুকুমটো লৈ আহি ৰজাক দেখুৱালে। ৰজা আচৰিত হ'ল। তেওঁ ভাবিলে— মই এই ভিক্ষাৰীৰ মূৰটোহে কাটিবলৈ কৈছিলোঁ, ইহঁত দুটাই এই হুকুম কেনেকৈ পালে!' তেওঁ তেতিয়া ভিক্ষাৰীজনক কি কথা, কি বাৰ্তা সোধাত ভিক্ষাৰীজনে সেই দুজনে কেনেকৈ সদায় তাৰপৰা টকা খোজে, কেনেকৈ তাক ৰজাক পিঠি দি আশীৰ্বাদ দিবলৈ শিকাই দিছিল ইত্যাদি সমস্ত কথা বৰ্ণাই ক'লে। ৰজাই ভিক্ষাৰীজনৰ সৰলতা আৰু ৰজাৰ প্ৰতি তাৰ আনুগত্য আদি দেখি তাৰ প্ৰতি দয়া উপজিল। তেওঁ ক'লে— ভুলতে হ’লেও শাস্তি ঠিকেই হৈছে। এনে ঠগ-প্ৰৱঞ্চক মোৰ দেশত থকা উচিত নহয়।' এইবুলি তেওঁ ভিক্ষাৰীজনৰ ঘৰ-দুৱাৰ ভালদৰে সজাই দিয়া আৰু থকা-খোৱাৰ যাতে তাৰ কোনো কষ্ট নহয়, তাৰ প্ৰতি নজৰ দিবলৈ মন্ত্ৰীক হুকুম দিলে ভিক্ষাৰীজনেও ৰজাক নমস্কাৰ জনাই গুচি গ'ল।
আমি মুখ মেলি চাই থাকোতেই গ'ল। একো নাপালোঁ। [ ২৪ ]সৰু বোৱাৰী
এসময়ত এখন গাঁৱত এজন বুঢ়া আছিল। তেওঁৰ সাতজন পুতেক আছিল আৰু সাতোজনকে বিয়া কৰাই দিছিল। কিন্তু বুঢ়াৰ দুৰ্ভাগ্য যে পুতেককেইজনৰ বিয়াৰ পাছৰপৰাই ঘৰখনত অশান্তিৰ সৃষ্টি হ'ল। বিশেষকৈ বোৱাৰীকেইজনীয়ে ইজনীয়ে সিজনীৰ দোষ খুঁচৰে; কেতিয়াবা চোতালখন সৰাক লৈ জেদ, কেতিয়াবা ভাত ৰন্ধাক লৈ, কেতিয়াবা তাঁতৰ কাপোৰ বোৱাক লৈ, কোনোবাজনীয়ে মাকৰ ঘৰলৈ যোৱা কথাক লৈ, কেতিয়াবা ল'ৰা-ছোৱালীৰ মাজত হোৱা কাজিয়াক লৈও বোৱাৰীহঁতে কাজিয়া কৰে। আনফালে ল'ৰাকেইজনো মইমতীয়া, কোনেও সৰু হ'ব নোখোজে। ইত্যাদিবোৰ কাৰণত বুঢ়াৰ অশান্তি দিনে দিনে বাঢ়ি গ'ল। মাটি— বিত্তিও তেনেকৈ নাই যে খেতি-বাতি কৰি সিহঁত ব্যস্ত থাকিব।
এনে অশান্তিৰপৰা হাত সাৰিবলৈ এদিন বুঢ়াই ঘৰৰ আটাইবোৰ পুতেক- বোৱাৰীয়েকক মাতি আনি ক'লে— ‘আইহঁত-বোপাইহঁত! মই বুঢ়া হ'লোঁ। আৰু বেছিদিন বাচি নাথাকোঁ। তহঁতৰ কাজিয়া-পেচালে মোক এই বুঢ়া বয়সত আৰু অশান্তি দিছে। মই মৰি গ'লে তহঁত থানবান হৈ যাবি। যদি এতিয়াই মিলামিছাকৈ থাকিবৰ ব্যৱস্থা নকৰ, তেন্তে তহঁত সকলোৱে ভুগিব লাগিব। তহঁতৰ কাজিয়াৰ মূল কাৰণ হ'ল, কোনেও কাকো বিশ্বাস নকৰ, কোনেও কাকো নামান। নিজে নিজে দিহা-পৰামৰ্শ কৰ, অথচ কাম কৰিবলৈ আগ নাবাঢ়। সমূহীয়াভাৱে মিলামিছাকৈ থাকিব লাগিলে এজনৰ দিহা-পৰামৰ্শকে সকলোৱে মানিব লাগে। দৰকাৰ হ'লে আলোচনা কৰিব লাগে। তহঁতে এজনৰ কথা মতে চলা কৰ আৰু ঘৰখন থানথিত লগা। মৰাৰ আগতে তহঁতৰ মিলা-প্ৰীতিখিনি দেখিলেই অলপ আনন্দৰে মৰিব পাৰিম। মৰাৰ পাছত মোক পিণ্ড দিয়াতকৈ তহঁতৰ মিলা-প্ৰীতিখন দেখিলেই পিণ্ডতকৈ বেছি ভাল বস্তু পাম।’
পিতাকৰ কথা শুনি এজন পুতেকে ক'লে— “পিতা, তুমিয়েই কোৱাচোন কাৰ কথামতে ঘৰ চলিব। আমাৰচোন এজনেও এজনক বিশ্বাস নকৰে। তুমি যি কোৱা আমি মানিবলৈ ৰাজী আছোঁ।' [ ২৫ ] বুঢ়াই ক’লে— “তেন্তে শুন। মই ভাবোঁ সৰু বোৱাৰীয়েই ঘৰৰ পৰামৰ্শদাত্ৰী হওক। তাই পণ্ডিতৰ ঘৰৰ ছোৱালী। মুখখন অলপ চোকা হ'লেও বুদ্ধি-বৃত্তিত ভাল।' বুঢ়াৰ কথাত সকলোৱে সৈমান হ'ল। সৰু বোৱাৰীক ঘৰৰ মূল গৃহিণী পতা হ'ল।
সৰু বোৱাৰীয়ে তেতিয়া ক'লে— “পিতা, মই ঘৰ চলাবলৈ সন্মত আছোঁ। কিন্তু সকলোৱে আজি সন্মুখত ক'ব লাগিব যে মই যি কওঁ, তেওঁলোকে তাকে শুনিব।' সকলোৱে ‘হ’ব হ’ব’ বুলি হয়ভৰ দিলে।
পিছদিনা ৰাতিপুৱা সৰু বোৱাৰীয়ে সকলোটিকে মাতি আনি ক'লে— ‘আজিৰপৰা আপোনালোকে সকলোৱে নিজৰ নিজৰ কাম কৰিব লাগিব। আৰু এটা কথা, কোনেও শুদাহাতে ঘৰলৈ উভতিব নোৱাৰিব। যিয়ে যিহকে পায়, তাকে আনি মোক দিব। এই নিয়ম ভংগ কৰিলে এসাঁজকৈ ভাত হেৰুৱাব লাগিব।' সৰু বোৱাৰীৰ এই কথাত সকলোৱে হাঁহি মাৰি ক'লে— ‘সেইটোনো কি কথা! যিহকে পাওঁ তাকে আনিম।'
সেইদিনাৰপৰা সৰু বোৱাৰী ঘৰত থাকিল আৰু বাকীকেইজনে নিজ নিজ কামলৈ ওলাই গ'ল। ঘূৰি আহোঁতে কোনোবাই খৰি, কোনোবাই খেৰ, কোনোবাই আকৌ শাক-পাচলি ইত্যাদি লৈ ঘৰলৈ আহে আৰু সৰু বোৱাৰীক দিয়ে। আনহাতে বাকী বোৱাৰীকেইজনীকো কাম ভাগ ভাগ কৰি দিলে। এজনীয়ে যদি ভাত ৰান্ধে, আন এজনীয়ে ঘৰ সৰা-মচা কৰে, কোনোবাজনীয়ে কাপোৰ বয়, কোনোবাজনীয়ে পাচলি কাটি দিয়ে। এনেদৰে প্ৰত্যেকজনী বোৱাৰীয়েককে কামত ব্যস্ত ৰখা হ'ল এনে কৰাত ঘৰখনত কোনো বস্তুৰে অভাৱ নোহোৱা হ'ল আৰু কাজিয়া পেচালবোৰৰো অন্ত পৰিল। সৰু বোৱাৰীয়ে দৰকাৰ অনুযায়ী দুই-এপদ বস্তু বিক্ৰী কৰায়ো ধন ঘটে।
এদিন বুঢ়াৰ এজন পুতেকে ঘৰলৈ আহোঁতে কিবা এবিধ আনিবলৈ পাহৰিলে। ঘৰৰ পদূলি পাওঁতেহে তাৰ মনত পৰিল। সি ভাবিলে, যদি আজি একো নিনিয়ে তেন্তে তাৰ আজিৰ এসাঁজ ভাত যাব। কি আনিব, একো ভাবি নাপাই বাটত অলপ গাহৰিৰ গোবৰ পাই তাকে লৈ আহি সৰু বোৱাৰীক দিলে। বোৱাৰীয়েও একো নকৈ গোবৰখিনি নি চম্ভালি ৰাখি থ'লে।
লাহে লাহে বুঢ়াৰ ঘৰৰ এনে নীতি আৰু শৃংখলাবদ্ধতাৰ কথা চাৰিওফালে বিয়পি পৰিল। সকলোৱে জানিলে বুঢ়াৰ ঘৰত একোৰে অভাৱ নাই।বুঢ়াৰ মুখতো আজিকালি সদায় হাঁহি, আনন্দ। তেওঁ সৰু বোৱাৰীৰ গুণ গায়েই তৎ নাপায় সন্ধিয়া পৰত আটাইকেইজনী বোৱাৰী মিলি আলোচনা কৰা, নাম-প্ৰসংগ কৰা, [ ২৬ ] ল'ৰা-ছোৱালীবোৰৰ মিলিজুলি আলপৈচান ধৰা ইত্যাদি কথাবোৰ লৈও বুঢ়াই আনৰ আগত কৈ গৌৰৱ অনুভৱ কৰিলে।
এবাৰ সেই ৰাজ্যৰে ৰাণী বৰ টান নৰীয়াত পৰিল। ৰজাই নানান চিকিৎসা কৰিও ৰাণীক আৰোগ্য কৰিব নোৱাৰি প্ৰচাৰ কৰি দিলে যে যিয়ে ৰাণীৰ অসুখ ভাল কৰিব পাৰিব, তাকে তেওঁ অজস্ৰ ধন-সোণ দিব। এই খবৰ পাই এজন গাঁৱলীয়া বৈদ্য আহি ৰজাক ক'লে— ‘মহাৰাজ, এই অধমেও অলপ চেষ্টা কৰি চাব খোজোঁ।' ৰজাই ক'লে— ‘চেষ্টা কৰা। মোৰ বিশ্বাস তুমি ভাল কৰিব পাৰিবা। ৰজাৰ অনুমতি পাই বৈদ্যই চাই-চিতি ক'লে— 'মহাৰাজ! ৰাণীৰ নৰীয়া টান। পিছে অলপ যদি বাৰ বছৰীয়া পুৰণি গাহৰিৰ গোবৰ পোৱা হয়, তেন্তে ভাল হ'ব।'
ৰজা বৰ বিমোৰত পৰিল। বাৰ বছৰ গাহৰিৰ গোবৰনো ক'ত পোৱা যাব। ই এটা অসম্ভৱ কথা। তথাপি তেওঁ ৰাজ্যৰ চাৰিওফালে ঢোল পিটি প্ৰচাৰ কৰালে যে যিয়ে বাৰ বছৰীয়া পুৰণি গাহৰিৰ গোবৰ দিব পাৰে, তাকে ৰজাই যি বিচাৰে দিব। ৰজাৰ এই প্ৰচাৰৰ কথা সৰু বোৱাৰীৰ কাণত পৰিল। তেওঁৰ হঠাতে মনত পৰিল বুঢ়াৰ এজন পুতেকে আনি দিয়া গোবৰখিনিৰ কথা। তেওঁ গৈ থোৱা ঠাইত দেখে যে গোবৰখিনি শুকাই গেথেলা মাৰি পৰি আছে। তেওঁ তৎক্ষণাৎ সেইখিনি নি ৰজাক দিলে।
বৈদ্যজনেও গোবৰখিনিৰে ঔষধ তৈয়াৰ কৰি ৰাণীক খুৱালত ৰাণী থনথনীয়াকৈ ভাল হৈ গ'ল। ৰজাৰ মনত বৰ আনন্দ লাগিল। তেওঁ বুঢ়াৰ সৰু বোৱাৰীয়েকক মাতি আনি সেই গোবৰ ক'ত পালে, কেনেকৈ ৰাখিলে ইত্যাদি সুধিলে। বোৱাৰীয়েও ঘৰৰ নীতি-নিয়ম বন্ধাৰপৰা আৰম্ভ কৰি ঘৰখন থিতাপি লগালৈকে সমস্ত কথা বৰ্ণাই ক'লে। সৰু বোৱাৰীৰ এনে বুদ্ধি দেখি ৰজা বৰ সন্তুষ্ট হ'ল আৰু তেওঁক কি লাগে সুধিলে। সৰু বোৱাৰীয়ে ক'লে— ‘মহাৰাজ! ঈশ্বৰৰ কৃপাত আমাৰ বৰ্তমান একো বস্তুৰে অভাৱ নাই। কিন্তু মাটি-বিত্তিৰ অভাৱত শহুৰৰ পুতেকহঁতে খেতি- বাতি কৰিব পৰা নাই। আপুনি ধন দিলে কিমান দিন খাম? তদুপৰি ধন পালে আমাৰ ঘৰৰ আটায়ে অকামিলা হৈ পৰিব। হেন জানি, মহাৰাজে যদি দিয়ে, তেন্তে এই সাতজন ভাই-ককায়ে খেতি কৰি খাব পৰাকৈ মাটিকে দিয়ক।'
ৰজাই সৰু বোৱাৰীৰ কথাত অত্যন্ত সুখী হ'ল আৰু এশ বিঘা মাটি দিলে। তদুপৰি বুঢ়াৰ সাতোজন পুতেকৰ জোখাৰে সুন্দৰ ঘৰো তৈয়াৰ কৰোৱাই দিলে। সেই মাটি-বিত্তি, ঘৰ-দুৱাৰ লৈ বুঢ়া আৰু পুতেকহঁতে মহা সুখেৰে দিন কটাবলৈ ধৰিলে। [ ২৭ ]চোৰ চাই টাঙোন
এসময়ত এজন ৰজাৰ এজন নাপিত আছিল। এই নাপিতজনৰ হতুৱাই ৰজা আৰু মন্ত্ৰী দুয়োজনাই দাঢ়ি-চুলি কাটিছিল। নিয়মীয়া নাপিত আছিল কাৰণে সি ৰজা আৰু মন্ত্ৰী দুয়োৰে বৰ প্ৰিয়পাত্ৰ হৈ পৰিছিল।
এদিন নাপিতজনে মন্ত্ৰীৰ ঘৰলৈ গৈ মন্ত্ৰীৰ দাঢ়ি খুৰাই আছিল। হঠাতে তাৰ চকু পৰিল মন্ত্ৰীৰ ঘৈণীয়েকৰ ওপৰত। এনে দীপলিপ তিৰোতা দেখি তাৰ চকু থিয় হ'ল। সি ভাবিলে— ‘মন্ত্ৰীৰ ঘৈণীয়েকো বাৰু ইমান সুন্দৰ হয়নে? এইজন ৰজাৰ ঘৈণীয়েক হোৱা হ'লে বৰ শুৱালেহেঁতেন। মই ৰজাক কথাটো ক'ব লাগিল। কিবা উপায় কৰি তেৱেঁই নি ঘৰ শুৱনি কৰক। লগতে ময়ো ভাল উপহাৰ পাব পাৰিম।' মন্ত্ৰীৰ দাঢ়ি খুৰোৱা হ'লত সি ৰজাৰ দাঢ়ি খুৰাব লাগে বুলি ততাতৈয়াকৈ গুচি আহিল।
ৰজাৰ ওচৰ পাই সি বৰ হেঁপাহেৰে ৰজাক নমস্কাৰ জনালত ৰজাই তাক অসময়ত অহাৰ কাৰণ কি সুধিলে। নাপিতে ক’লে— ‘মহাৰাজ! আপোনাৰ বাবে এটা বৰ সুসংবাদ আনিছোঁ। অনুমতি দিলে ক'ব পাৰোঁ।' ৰজাই ক'লে— “যদি সুসংবাদেই হয়, তেন্তে ততালিকে কোৱা।' নাপিতে এটা হাঁহি মাৰি আৰু গলহেঁকাৰি মাৰি অলপ কাণে কাণে কোৱাৰ দৰে ক’লে— ‘মহাৰাজ! আজি মন্ত্ৰীৰ দাঢ়ি খুৰাই থাকোতে তেওঁৰ ঘৈণীয়েকক দেখিলোঁ। এনে দীপলিপ তিৰোতা প্ৰকৃততে মহাৰাজৰ পত্নী হ'লেহে শুৱায়। সেয়ে মহাৰাজক অৱগত কৰি অনুৰোধ কৰোঁ যাতে সেইজনী অনাৰ কিবা এটা বন্দবস্ত কৰে।' নাপিতৰ কথা শুনি ৰজা উচপ খাই উঠাৰ নিচিনা উঠি বহিল। অলপ তলকা মাৰি ক’লে— ‘হয়নে? পিছে কি বুদ্ধি কৰিনো আনিব পৰা যাব? মইচোন ভাবিয়েই পোৱা নাই।’
নাপিতে ৰজাৰ কথা শুনি ততালিকে ক'লে— ‘মহাৰাজ! সেইটো ভাবিব লগা কথানে? ময়েই বুদ্ধি দিওঁ শুনক। আপুনি মন্ত্ৰীক এজন দিনকণা মানুহৰ প্ৰয়োজন হোৱা বুলি কওক। যদি মন্ত্ৰীয়ে দিনকণা মানুহ আনি দিব নোৱাৰে তেন্তে তেওঁ ঘৈণীয়েকক দিব লাগিব বুলি কওক।' নাপিতৰ বুদ্ধিক ৰজাই প্ৰশংসা কৰিলে আৰু [ ২৮ ] সেইমতে মন্ত্ৰীক মাতি আনি আদেশ দিলে।
ৰজাৰ এনে অপ্ৰাসংগিক আদেশ শুনি মন্ত্ৰীৰ বুজিবলৈ বাকী নাথাকিল যে ৰজাই তেওঁৰ কিবা অনিষ্ট কৰিবলৈহে এনে পাং পাতিছে। মন্ত্ৰী বৰ বিমোৰত পৰিল। তেওঁ কি কৰিব একো উৱাদিহ নাপাই শেষত স্থিৰ কৰিলে যে ৰজাই পুনৰ যেতিয়ালৈ তেওঁক মাতিবলৈ মানুহ নপঠিয়ায়, তেতিয়ালৈ তেওঁ ৰজাৰ ওচৰলৈ নাযায়। সেইদিনাৰপৰা মন্ত্ৰীয়ে ঘৰতে কাম-বন কৰি থাকিল।
কেইবাদিনো পাৰ হৈ যোৱাত ৰজাই দিনকণা মানুহ পালে নে নাই খবৰ কৰিবলৈ আৰু মন্ত্ৰীক মতাই আনিবলৈ দূত পঠালে। দূতজনে গৈ দেখে যে মন্ত্ৰীয়ে শাক- পাচলি বাৰীত কাম কৰি আছে। দূতজনে সুধিলে— ‘মন্ত্ৰী ডাঙৰীয়া, আপুনি কি কৰি আছে?' মন্ত্ৰীয়ে উত্তৰ দিলে— ‘মই শাক খুঁচৰি আছোঁ। তইনো কে’লেই আহিলি?’ দূতজনে উত্তৰ দিলে – ‘ৰজাই আপোনাক দিনকণা মানুহ পালে নে নাই খবৰ ল'বলৈ আপোনাক মাতি পঠিয়াইছে।'
দূতজনৰ কথা শুনি মন্ত্ৰীয়ে ক’লে— ‘ব’ল, তোৰ লগতে যাওঁ। এইবুলি মন্ত্ৰীয়ে সাজি-কাচি ওলাই গ'ল।
ৰজাই সুধিলে— ‘মন্ত্ৰী! দিনকণা মানুহ পালানে?’ মন্ত্ৰীয়ে উত্তৰ দিলে— হিয় মহাৰাজ, পাইছোঁ। এইজন মোৰ লগতে লৈ আহিছোঁ।' এইবুলি মন্ত্ৰীয়ে দূতজনলৈ আঙুলিয়াই দেখুৱালে। ৰজাই দূতজনক দেখি অবাক হ'ল আৰু ক'লে— “ক'তা, এইজন দেখোন দূতহে! এওঁতো দিনকণা নহয়!’
মন্ত্ৰীয়ে পুনৰ ক'লে— হয় মহাৰাজ, ইয়েই দিনকণা। নহ'লেনো ই গৈ মই শাকনিবাৰী খুঁচৰি থাকোঁতে সোধেনে ‘মন্ত্ৰী ডাঙৰীয়া, কি কৰিছে' বুলি। ৰজাই তেতিয়া দূতক সুধিলে— ‘তুমি তেনেকৈ সোধা কথা সঁচানে?' দূতে উত্তৰ দিলে, ‘হয় মহাৰাজ, মই তেনেকৈ সোধা কথা সঁচা। তেওঁ তাত শাক খুঁচৰি আছিল নে কি কৰিছিল মই বুজা নাছিলোঁ বুলিহে সুধিছিলোঁ।' ৰজাই তেতিয়া মন্ত্ৰীৰ কথাকে সঁচা বুলি ধৰি লৈ মনে মনে থাকিল। তেওঁ মন্ত্ৰীক যাবলৈ দিলে।
ৰজাৰ এই বুদ্ধিও কামত নাহিল বুলি জানি অন্য উপায়ৰ বাবে নাপিতক মাতি পঠিয়ালে। নাপিত আহি বহুত ভাবি-চিন্তি ৰজাক ক'লে— ‘মহাৰাজ! আপুনি চিন্তা নকৰিব। মন্ত্ৰী জালত পৰিবই। এইবাৰ আপুনি মন্ত্ৰীক এটা মাত নোহোৱা চৰাই আনিবলৈ কওঁক। এনে চৰাই তেওঁ আনিব নোৱাৰে। তাকে নোৱাৰিলে তেওঁৰ ঘৈণীয়েকক দিব লাগিব বুলি চৰ্ত দিয়ক। এইবাৰ আপোনাৰ মনোকামনা নিশ্চয় পূৰ হ'ব।' ৰজায়ো পুনৰ মন্ত্ৰীক মাতি আনি সেইমতে হুকুম দিলে।
এইবাৰ মন্ত্ৰীৰ বুজিবলৈ বাকী নাথাকিল যে ৰজাই আচলতে তেওঁৰ ঘৈণীয়েকক [ ২৯ ] নিবৰ বাবেহে এই ফন্দী পাতিছে। তেওঁ বৰ চিন্তিত হৈ ঘৈণীয়েকক সকলো বৰ্ণাই ক'লে আৰু কি উপায় কৰা যায় তাকে ভাবি-চিন্তি বহি পৰিল।
গিৰীয়েকৰ অৱস্থা বুজি ঘৈণীয়েকে ক'লে— 'সেইটোনো কিবা চিন্তা কৰিব লগা কথানে? বাৰু, মই যি কওঁ, আপুনি সেইমতে কাম কৰক, ৰজাই সেও মানিবলৈ বাধ্য হ'ব।' ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীৰ মুখলৈ পানী আহিল আৰু কি কৰিব লাগে সুধিলে।
ঘৈণীয়েকে ক’লে— 'আপুনি ৰজাক জনাই দিয়ক যে মাত নোহোৱা চৰাই আনিবলৈ আপুনি ৰাক্ষসৰ দেশলৈ গৈছে। তাৰ পাছত সৌ ঢোলটোতে আধামান লালি ভৰাই তাৰ ওপৰত তুঁহ, তুলা ভৰাই চিনিব নোৱৰাকৈ থৈ আপুনি লুকাই থাকক। ৰজাই তেতিয়া নিশ্চিত হ'ব যে আপুনি ৰাক্ষসৰ দেশৰপৰা উভতি আহিব নোৱাৰে আৰু সেইবাবে তেওঁ মোক নিবলৈ আহিব। ৰজা অহা দেখিলে আপুনি বাহিৰৰপৰা চিঞৰি ক’ব— ‘পখী লৈ মন্ত্ৰী ঘূৰি আহিলোঁ। তাৰ পাছত যি কৰিব লাগে মই কৰিম। আপুনি নিশ্চিন্ত থাকক।
মন্ত্ৰীয়েও ঘৈণীয়েকৰ বুদ্ধিমতে কাম কৰিলে। মানুহৰ হতুৱাই ৰজাক জনাই দিলে যে তেওঁ ৰাক্ষসৰ দেশলৈ গৈছে। তেওঁ কিন্তু ঘৰতে লুকাই থাকিল।
দুদিনমান যোৱাৰ পাছত ৰজাই ভাবিলে যে মন্ত্ৰী আৰু ৰাক্ষসৰ দেশৰ পৰা উভতি অহাৰ আশা নাই। এই ভাবি তেওঁ নাপিতৰ বুদ্ধিমতে মন্ত্ৰীৰ ঘৈণীয়েকক আনিবলৈ গ'ল। মন্ত্ৰীৰ ঘৈণীয়েকে আথে-বেথে ৰজাক সন্মান জনাই ঘৰৰ ভিতৰত বহুৱালে। ৰজায়ো কথা-বতৰা পাতি তেওঁক ৰাজৰাণী সজাৰ প্ৰস্তাৱ দিলে। এনেতে বাহিৰৰপৰা মন্ত্ৰীয়ে চিঞৰি চিঞৰি ক’লে—— ‘মন্ত্ৰী মাত নোহোৱা চৰাই লৈ উভতি আহিলোঁ। মহাৰাজক খবৰ দিয়া। মই আবেলি লৈ যাম।’
মাত শুনি মন্ত্ৰীৰ ঘৈণীয়েকে ৰজাক বৰ আদৰেৰে ক’লে—‘মহাৰাজ সৰ্বনাশ হ'ল। তেওঁ ঘূৰি আহিল। আপুনি এই ঢোলটোতে লুকাওঁক। নহ'লে এতিয়া দুয়োজনেই লাজত পৰিম। তেওঁ সকলো প্ৰচাৰ কৰি দিব।'
ৰজায়ো একো ভাবিবলৈ সময় নাপালে। তেওঁ মন্ত্ৰীৰ ঘৈণীয়েকৰ পৰামৰ্শ মতে ততাতৈয়াকৈ গৈ ঢোলটোত সোমাল। মন্ত্ৰীৰ ঘৈণীয়েকেও লৰালৰিকৈ ঢোলটোৰ মুখখন বন্ধ কৰি দি ৰজাক ক'লে— ‘মহাৰাজ, আপুনি একেবাৰে মনে মনে থাকিব।'
এনেতে মন্ত্ৰী সোমাই আহিলত ঘৈণীয়েকে মিচিকিয়াই হাঁহি ৰজাক বন্দী কৰাৰ কথাটো জনালে। মন্ত্ৰীয়ে ঘৈণীয়েকৰ বুদ্ধিক প্ৰশংসা কৰিলে। তেওঁ ঢোলটো ভালদৰে বান্ধি ৰাজপ্ৰাসাদলৈ লৈ গ'ল আৰু ৰাণীক সুধিলে— ‘মহাৰাণী—মহাৰাজ নাই নেকি?” [ ৩০ ] ৰাণীয়ে উত্তৰ দিলে— 'নাই, ক'ৰবালৈ ওলাই গৈছে। কেতিয়া ঘূৰিব তাকে কোৱা নাই।' ৰাণীৰ কথা শুনি মন্ত্ৰীয়ে ক'লে— 'একো কথা নাই বাৰু, পাছতো লগ ধৰিব পাৰিম। মহাৰাজে মোক এটা মাত নোহোৱা পখী আনি দিয়াৰ কথা কৈছিল। মই ৰাক্ষসৰ দেশৰপৰা বৰ কষ্ট কৰি এনে এটা পখী ধৰি আনি এই ঢোলটোৰ ভিতৰতে ৰাখিছোঁ। মহাৰাণীয়ে এই ঢোলটো মহাৰাজক দিলে বৰ সন্তোষ পাম।’ এইবুলি ঢোলটো মহাৰাণীলৈ আগবঢ়াই পুনৰ ক'লে— ‘মহাৰাণী, আপোনালোকে কিন্তু এই ঢোলটো কোনেও নুখুলিব। ই বৰ মায়াৱী আৰু মতলবী পখী। ই নানান কথা কৈ আপোনালোকক ভুলাবলৈ চেষ্টা কৰিব। কিন্তু নুখুলিব।' এইবুলি মন্ত্ৰী গুচি গ'ল।
ঢোলৰ ভিতৰত ৰজাই চিন্তা কৰিবলৈ ধৰিলে— 'সৰ্বনাশ। কেনেকৈ ইয়াৰপৰা ওলোৱা যাব। নাপিতৰ বুদ্ধি শুনি তেওঁৰ এই দশা হ'ল। এতিয়া সকলোৱে গম পাব।' এই ভাবি তেওঁ সেইদিনা মনে মনে থাকিল যদিও ভোকে-পিয়াহে, গৰমে, গাৰ খজুৱতিয়ে তেওঁক জুৰুলা কৰাত পিছদিনাখন তেওঁ ছটফটাবলৈ ধৰিলে। ৰজাৰ আৰু সহ্য নহ'ল। তেওঁ চিঞৰিবলৈ ধৰিলে— 'কোন আছ মোক উদ্ধাৰ ক'ৰ ঔ, মই মৰিলোঁ।' ৰাণীয়ে শুনিছিল যদিও মন্ত্ৰীয়ে আগতে কোৱামতে নুখুলিলে। খুলিলেই কিবা বিপদ হ'ব বুলি তেওঁৰ ভয় লাগিল। সেইদিনাখন তেনেকৈয়ে পাৰ হ'ল।
পিছদিনাখন ৰজাই আকৌ ছটফটাই চিঞৰিলে— ‘কোন আছ, কাবৌ কৰিছোঁ, চৰণত পৰিছোঁ— মোক ইয়াৰপৰা উলিয়াই দে। সইত খাই কৈছোঁ, মই ৰজাহে, কোনো পখী নহয়।' দুদিনৰ পাছতো ৰজা ঘূৰি নহাত ৰাণীৰো অলপ সন্দেহ হ'ল। তেওঁ ভাবিলে— ‘সঁচাই যদি মাত নোহোৱা পখীয়েই হয়, তেন্তেনো কথা ক'ব কিয়?' এই ভাবি তেওঁ পাত্ৰ-মন্ত্ৰী কেইজনমানক মাতি আনি ঢোলটো খুলিলে। সকলোৱে লালি, তুঁহ, তুলাৰে আবৃত হৈ আধামৰা অৱস্থাত থকা ৰজাক দেখি হতভম্ব হ'ল। তেওঁলোকে হায় হায়, ছিঃ ছিঃ কৰি ৰজাক গা-পা ধুৱাই সতেজ কৰাৰ পাছত ৰজাই লজ্জিত হৈ তলমূৰ কৰি সকলো কথা বৰ্ণালে। তেওঁ কুকৰ্মৰ বাবে অনুতপ্ত হ'ল। বহুদিনলৈ তেওঁ মন্ত্ৰীৰ আগত ওলাব নোৱাৰিলে।
লাহে লাহে মন্ত্ৰীয়ে গম পালে যে এই সমস্ত কুচক্ৰান্তকাৰী আছিল নাপিতজন। তাক এসেকা দিয়াৰ উদ্দেশ্যে মন্ত্ৰীয়ে এটা বুধি পাঙি এদিন ৰজাৰ ওচৰলৈ গ'ল। সেইদিনা ৰজাই তেওঁক বৰ মধুৰ স্বৰে সসন্মানে আসনত বহুৱাই অহাৰ কাৰণ কি সুধিলে। মন্ত্ৰীয়ে ক'লে— ‘মহাৰাজ! দায়দোষ নধৰিব। আপুনি আমাৰ অন্নদাতা, আমি আপোনাৰ ভৃত্য। এনেস্থলত মহাৰাজৰ কোনোৱে যদি অহিত কৰিব যায়, [ ৩১ ] এনে কথাত আমি ভৃত্যই কেনেকৈ সহ্য কৰিব পাৰোঁ?'
ৰজাই ভৰি দুখন তললৈ নমাই প্ৰশ্ন কৰিলে— “কি ক'ব বিচাৰিছা ভাঙি-পাতি কোৱা।'
মন্ত্ৰীয়ে মুৰটো খজুৱাই ধীৰে ধীৰে ক'লে— ‘মহাৰাজ। কাটকেই বা মাৰকেই, সত্য কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ। আজি মই চুলি কাটি থকা সময়ত নাপিতজনে ক'লে সি বোলে কালি আপোনাৰ চুলি কটা সময়ত মহাৰাণীক দেখিলে। সি ক'লে বোলে এনে সুন্দৰী, লক্ষীযুক্তা তিৰোতা বোলে আপোনাৰ যোগ্য নহয়। সি ছলে-বলে-কৌশলে মহাৰাণীক মোৰ পত্নী কৰি লোৱাৰ পৰামৰ্শ দিলে। তাৰ বাবে সি মোক সহায়ো কৰিব বুলি ক'লে। ছিঃ ছিঃ মহাৰাজ। এনে কথা আমাৰ মতে শুনাও পাপ। সিনো বাৰু লোকৰ তিৰোতাৰ ওপৰত নজৰ কৰিব পায়নে? মই তাৰ এনে কুভাবনাৰ কথা মহাৰাজক নজনালে মোৰ পাপ হ'ব বুলিহে আহিলোঁ। মহাৰাজ! দায়-দোষ নধৰি ক্ষমা কৰিব।'
মন্ত্ৰীৰ মুখত এনে কথা শুনি ৰজা জঁপিয়াই উঠিল। তেওঁ ভাবিলে, ই একো আচৰিত নহয়। এই নাপিতেই মন্ত্ৰীৰ ঘৈণীয়েকৰ ওপৰত নজৰ কৰি মোক এনেখন লটি-ঘটি কৰিলে।' এই ভাবি তেওঁ ক'লে— কি? ই এনে কল্পনা কৰে? মই ইয়াৰ যথোচিত বিচাৰ কৰিম। এইবুলি কৈ মন্ত্ৰীক বিদায় দিলে আৰু নাপিতক মাতি পঠিয়ালে। নাপিত আহিলত ৰজাই ক'লে— ‘তই মোৰ বৰ উপকাৰ কৰিলি। এতিয়া তই মোৰ পত্নীক লৈ মন্ত্ৰীৰ উপকাৰ কৰিবলৈ ওলাইছ। ইয়াৰ বাবে তই যথোচিত পুৰস্কাৰ পাবি।' এইবুলি চাওদাঙৰ ফালে চাই হুকুম দিলে— ইয়াক লৈ গৈ এতিয়াই শিৰচ্ছেদ কৰ আৰু মূৰটো মোক আনি দেখুওৱা।' নাপিতে হুৰাওৰাৱে কান্দিবলৈ ধৰিলে যদিও চাওদাঙে তাক টানি লৈ গ'ল আৰু ৰজাৰ হুকুম পালন
কৰিলে। [ ৩২ ]সোণৰ গিলাচ
(উড়ীয়া সাধু)
এহাল বুঢ়া-বুঢ়ী আছিল। সিহঁতৰ কোনো ল'ৰা-ছোৱালী নাছিল। দুয়োজনে ইফালে-সিফালে কাম-বন কৰি ভাত মোকলাই কোনোমতে চলি আছিল। বুঢ়াক লৈ পিছে বুঢ়ীৰ এটাই সমস্যা আছিল যে প্ৰতিদিনে ৰাতিপুৱা বুঢ়াই ৰাতি শোৱা বিছনাখনৰ কাপোৰবোৰ বুঢ়ীয়ে ধুই ৰ'দত দিব লাগে; কাৰণ প্ৰতিনিশাই বুঢ়াই টোপনিতে বিছনাত পেচাব কৰে।
বিৰক্ত হৈ বুঢ়ীয়ে এদিন বুঢ়াক সুধিলে— 'বুঢ়া, তই যে প্ৰতিদিনে এনেদৰে ৰাতি বিছনাত পেচাব কৰ, তাৰ কাৰণ কি? তোৰ কিবা বেমাৰ আছে নেকি?'
বুঢ়াই ক'লে— ‘নাই অ’, একো বেমাৰ-চেমাৰ নাই। আচলতে প্ৰতিনিশাই মোৰ ওচৰলৈ এটা ভূত আহে আৰু সি সোণৰ গিলাচ এটা মোৰ আগত ধৰি মোক পেচাব কৰিবলৈ কয়। সেইটো কৰোঁতে কেনেকৈনো বিছনাত পৰে মইচোন ক'বই নোৱাৰোঁ।'
বুঢ়াৰ কথা শুনি বুঢ়ীয়ে খং কৰক চাৰি মনে মনে আনন্দিত হৈ ভাবিলে — ‘সোণৰ গিলাচ আনে? এই সোণৰ গিলাচটো যদি হাত কৰিব পৰা যায়, তেন্তে আমাৰতো একোৱে অভাৱ নাথাকিব!’ এই ভাবি তাই কিছুসময় তলকা মাৰি থাকি বুঢ়াক ক'লে—‘বুঢ়া, কথাটো বেয়া নহয়। আজি ৰাতি যেতিয়া ভূতটোৱে গিলাচটো তোৰ আগত ধৰে, তেতিয়া তই থাপ মাৰি গিলাচটো হাত কৰি ল’বি। সি খুজিলেও নিদিবি।' বুঢ়াই বুঢ়ীৰ প্ৰস্তাৱ শলাগি তাকেই কৰিব বুলি ক'লে।
সেইদিনা বুঢ়ীয়ে বুঢ়াৰ ভালদৰে টোপনি আহিবলৈ আৰু ভূতৰ লগত যুদ্ধ কৰিবৰ জোখাৰে বল বন্ধোৱাৰ আশাত সোনকালেই নানান প্ৰকাৰৰ আঞ্জা, মিঠাই, পিঠা আদি বুঢ়াক খাবলৈ দিলে। বুঢ়াই নাখাওঁ বুলিলে বুঢ়ীয়ে কয়— ‘খোৱা, খোৱা মোৰ দেউ। নাখালে ভালদৰে টোপনি নাহিব। তদুপৰি ভূতে টনা-আঁজোৰা কৰিলেতো তুমিও তাৰলগত ফেৰ মাৰিব লাগিব। ভালদৰে নাখালে শক্তি ক'ত পাবা। খোৱা।' এনেদৰে জোৰ-জবৰদস্তিৰে খুৱাই-বুৱাই বুঢ়াক শুৱাই থ'লে। বুঢ়ীও শুলে। কিন্তু ভূত আৰু বুঢ়াৰ যুঁজখন চাবলৈ কৰি থকা চিন্তাৰ বাবে টোপনি নাহিল।
বুঢ়াৰ টোপনি যোৱাত ৰাতি সপোনত পুনৰ ভূতটো আহিল। সি গিলাচটো [ ৩৩ ] আগবঢ়াওঁতেই বুঢ়াই থাপ মাৰি ধৰি ক'লে— 'আজি তোক নেৰিছোঁ। হয় মোক এই গিলাচ দিবি, নহয় মৰিবি।' ভূতে থৰকাচুটি খাই বুঢ়াক কাবৌ কৰিবলৈ ধৰিলে –‘ও বুঢ়া। তই পেচাব নকৰ নাই। কিন্তু মোক এই সোণৰ গিলাচটো দে। এইটোৱেই মোৰ প্ৰাণ।’ বুঢ়াই ক'লে— ‘কোনোমতে নিদিওঁ। তই প্ৰতিদিনে এগিলাচ পেচাবেৰে কি কৰ ক।’ ভূতে ক'লে— ‘সেই কথা মই তোক ক'ব নোৱাৰোঁ। তই মোক সোণৰ গিলাচটো দে। ইয়াৰ সলনি তোক যিমান ধন-সোণ লাগে দিম।’
বুঢ়াই ক'লে— ‘তোৰ বিশ্বাস নাই। গিলাচটো পালেই তই পলাবি।'
ভূতে ক'লে— ‘সইত সইত তিনি সইত কাঢ়ি কৈছোঁ। মই নপলাওঁ। তই মোক গিলাচটো দে আৰু মোৰ লগতে বল। মোৰ ৰত্নভাণ্ডাৰৰ পৰা তোক যিমান ধন-সোণ লাগে লৈ আহিবি।'
এই কথাত বুঢ়া মান্তি হ'ল আৰু গিলাচটো ভূতক দি তাৰ লগে লগে ভূতৰ ৰাজ্যলৈ গ'ল। ভূতে গৈ নিজৰ ৰত্নভাণ্ডাৰটো দেখুৱাই পুনৰ ক'লে— ‘এই ভাণ্ডাৰৰ পৰা তোক যি লাগে লৈ যা।' বুঢ়াও ভিতৰলৈ গৈ চমক খাই গ'ল। সোণ, ৰূপ, মণি, মুক্তা, হীৰা, পান্না আদিৰে ভাণ্ডাৰৰ চৌদিশে জকমকাই আছে। বুঢ়াই পাৰে মানে মোনাত ভৰাই লৈ কোনোমতে বাহিৰলৈ অতি আনন্দেৰে ওলাই আহিল। আজি সি বুঢ়ীক সন্তুষ্ট কৰিব পাৰিব। বুঢ়ীয়ে অকল সোণৰ গিলাচহে চাইছিল। সি আজি তাতকৈও অধিক মূল্যৱান সম্পদ দিব পাৰিব।
মনৰ আনন্দতে এইবোৰ ভাবি-গুণি আহি থাকোঁতে কেতিয়া গে'টৰ মুখ পালে ধৰিবই নোৱাৰিলে। গে'টতে আছিল এজন ৰখীয়া। সি বুঢ়াক ককবকাই ভাৰ বান্ধি নিয়া দেখি সুধিলে— ‘ঐ বুঢ়া, তই এইবোৰ কি নিছ চাওঁ।' বুঢ়াই ক'লে— “এইবোৰ তহঁতৰ ৰজাই মোক দিছে। মই চুৰ কৰা নাই। মোক এৰি দে।'
গে'টৰখীয়াই ক’লে— ‘ৰজাই মোক একো কোৱা নাই। তেওঁৰ বিনা অনুমতি তই এইবোৰ নিব নোৱাৰ। ভালে ভালে য'ৰ বস্তু ত'ত থ', নহ'লে তোক জে’লত ভৰাই থ'ম।' বুঢ়াই উপায় নাপাই পুনৰ ভূত-ৰজাৰ ওচৰলৈ গৈ ক'লে— ‘ভূতৰজা! মোক গিলাচটো দে। তোক মই নেৰিছোঁ। তই বুদ্ধি কৰি গে'টৰখীয়াক শিকাই থৈছ যাতে মোক যাবলৈ নিদিয়ে।'
ভূতৰজাই আচৰিত হ'ল আৰু ক'লে— ‘এহ্ মই গে'টৰখীয়াৰ কথা পাহৰিলোঁৱেই। বুঢ়া তই চিন্তা নকৰিবি। সেই গেটৰখীয়াক বশ কৰাৰ মাথোন এটাই উপায় আছে। তোক যেতিয়া সি বাধা দিব, তই তেতিয়া গেটৰ মুখতে শৌচ কৰি দিবি। ৰখীয়াই তাৰ গোন্ধ পালে লগে লগে মূৰ্ছা যাব। তেতিয়া তই বিনা বাধাই ঘৰলৈ ঘূৰি যাব পাৰিবি।’
ভূতৰজাৰ কথা মতে বুঢ়া পুনৰ গৈ গেটৰখীয়াক পালে। গে'টৰখীয়াই তাক [ ৩৪ ] আকৌ আগৰ দৰে হকা-বধা কৰিবলৈ ধৰিলে। বুঢ়াই তেতিয়া ভূতৰজাৰ পৰামৰ্শ মতে দিলে গে’টৰখীয়াৰ ওচৰতে শৌচ কৰি। গে'টৰখীয়াই ‘হেঃ বুঢ়া তই কি কৰিলি, মোৰ সৰ্বনাশ কৰিলি' বুলি লাহে লাহে ঢলি পৰিল। এই সুযোগতে বুঢ়াই লৰালৰিকৈ ঘৰলৈ দৌৰিলে।
ঘৰৰ পদুলি পাওঁতেই মনৰ আনন্দত বুঢ়াই চিঞৰিবলৈ ধৰিলে— 'ঐ বুঢ়ী, ঐ বুঢ়ী। ওলাই আহ। তোৰ কাৰণে কি আনিছোঁ চাহি। তই এতিয়া ৰাণী হ'ব পাৰিবি।” গোটেই ৰাতি বুঢ়া আৰু ভূতৰ যুঁজ চাবলৈ অপেক্ষা কৰি থকাৰ মূৰত পুৱা ৰাতি বুঢ়ীৰ চিলমিলকৈ টোপনি আহিছিল মাথোন। বুঢ়াৰ চিঞৰ শুনি বুঢ়ী একেজাঁপে বিছনাৰপৰা উঠিল। তাই ভাবিলে— ‘আজি বুঢ়াৰ জয় হ'ল। সোণৰ গিলাচটো বুঢ়াই হাত কৰিলে। কি যে ভাগ্য! মই বুদ্ধি কৰিছিলোঁ বুলিহে। বুঢ়াৰতো সেইখিনি মগজুত নেখেলে।’
এনে ভাবি তাই দৌৰাদৌৰিকৈ গৈ বুঢ়াৰ ওচৰ পালে। বুঢ়াই এটা ভয়ানক সপোন দেখি সাৰ পাই উঠি মূৰে কপালে হাত দি বিছনাত বহি আছে। বুঢ়ীয়ে গৈ বুঢ়াক সুধিলে— 'বুঢ়া, সোণৰ গিলাচটো ক'ত। ধৰি ৰাখিছ নহয়? দেখিলি, মোৰ বুদ্ধিয়ে কেনে কাম কৰিলে।' বুঢ়াৰ মুখত মাত নাই। বুঢ়ীয়ে বুঢ়াৰ গা জোকাৰি সুধিলে— ‘হেই বুঢ়া, কি হৈছে নক'ৱ কিয়?' বুঢ়াই লাজ লাজকৈ তলমুৰ কৰি বুঢ়ীক বিছনাৰ ফালে দেখুৱালে। বুঢ়ীয়ে মূৰে-কপালে হাত দি বুঢ়াই শৌচ কৰি থোৱা বিছনাখন দেখি ক'লে— ‘হায় হায় বুঢ়া, তই কি কৰিলি! আনদিনাখন পেচাব কৰ, ভালেই আছিল। আজি একেবাৰে আচলটোকে কৰি দিলি। মই এইবোৰ ধুব নোৱাৰোঁ। তই নিজে ধুব লাগিব।'
বুঢ়াই ক'লে— ‘মোৰনো কি দোষ অ’? তইহে মোক জোৰ কৰি খুৱাইছিলি। ভূতটোৰ লগতনো সেই কাণ্ডখন হ'ব বুলি মই কেনেকৈ জানো?' এইবুলি বুঢ়াই ৰাতি দেখা সপোনটো বুঢ়ীৰ আগত বৰ্ণালে। বুঢ়ীয়ে ক'লে— ‘আজিৰ পৰা তোক আৰু মই এই বিছনাত শুব নিদিওঁ। এই বিছনাত তোক ভূতে ধৰে। তই মোৰ সৌখন বিছনাত শুবি আৰু মই এইখন বিছনাত শুম।'
বুঢ়াই ক'লে— ‘তাৰমানে আজিৰ পৰা মোৰ কামটো তই কৰিব বিচাৰিছ নেকি? লোভে পাপ, পাপে বিছনাত পেচাব। [ ৩৫ ]গুৰুবাক্য
দাক্ষিণাত্যৰ এটা অঞ্চলত এটা মন্দিৰ আছিল। সেই মন্দিৰত এজন বামুণে সদায় পূজা কৰিছিল। অঞ্চলটোৰ মানুহবোৰ ইমানেই ভগৱানবিশ্বাসী আৰু ধৰ্মপৰায়ণ আছিল যে ল'ৰাৰপৰা বুঢ়ালৈকে আটায়ে সেই মন্দিৰলৈ পূজা কৰিবলৈ যায়। আনহাতে বামুণেও সেইসকল ব্যক্তিক ধৰ্মৰ বাণী শুনাই বিমোহিত কৰিছিল। মাজে মাজে ব্ৰাহ্মণে ৰামায়ণ-মহাভাৰত আদি পঢ়ি মানুহক তাৰ মূল অৰ্থ ভাঙনি কৰি দিছিল। তেওঁৰ সেই মনোমোহা ধৰ্মৰ বৰ্ণনা শুনিবলৈ গাঁৱৰ মানুহবোৰ গৈছিল আৰু বহু নিশালৈ একান্ত মনে শুনিছিল।
এদিন সন্ধিয়া এনেকৈ ব্যাখ্যা কৰোঁতে ব্ৰাহ্মণে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ, লীলাখেলা আদিৰ বৰ্ণনা দি আছিল। তেওঁ কৈছিল— ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ অসীম। হালধীয়া বস্ত্ৰ পৰিহিত, গলত মণি-মুক্তাৰ মালা, শিৰত ময়ূৰপাখি আৰু হাতত সোণৰ বাঁহীটিৰ সৈতে কৃষ্ণৰ ৰূপৰ তুলনা নাই। তেৱেঁই জগত স্ৰষ্টা। ইত্যাদি। ব্ৰাহ্মণৰ এনেবোৰ বৰ্ণনা সকলো মানুহে নিমগ্নভাৱে শুনি আছিল।
সেই সময়তে গাঁৱৰ সকলো মানুহ মন্দিৰলৈ যোৱাৰ সুযোগ লৈ এটা চোৰে মন্দিৰৰে ওচৰৰ এঘৰত চুৰি কৰিবলৈ সোমাইছিল। কোনোবা আহিব পাৰে বুলি সি কাণ দুখন বাহিৰত ৰাখোঁতে চোৰে ব্ৰাহ্মণে দি যোৱা কথাবোৰ শুনি আছিল। সি ঘৰৰ ভিতৰত বস্তু-বাহানি টোপোলা বান্ধি নিবলৈ ওলাওঁতেই তাৰ কাণত পৰিল শ্ৰীকৃষ্ণ বোলা ল'ৰাটোৰ সৌন্দৰ্যৰ বৰ্ণনা। তাকে শুনি তাৰ ভাব হ’ল— ‘বামুণে যে সেই কৃষ্ণ-বলোৰাম বোলা ল'ৰা দুটাৰ কথা কৈছে, সিহঁত ক'ত থাকে বাৰু! সিহঁতৰ গাত সঁচাই যদি ইমান দামী সোণ, মণি-মুক্তা আছে, তেন্তে মই সিহঁতক মাৰি সেই অলংকাৰবোৰ আনিলে বেছি লাভ হ'ব। এইবোৰ সাধাৰণ মানুহৰ ঘৰৰ বস্তু চুৰ কৰি লাভ কি?'
এই ভাবি সি টোপোলাটো থেকেচ মাৰি থৈ চুচুক-চামাককৈ গৈ সভাৰ একোণত বহি ব্ৰাহ্মণৰ বৰ্ণনা শুনিবলৈ ধৰিলে। অলপ পাছত সভা ভংগ হ'ল। সকলো মানুহ ঘৰে ঘৰে গ'ল, কিন্তু চোৰটো [ ৩৬ ] থাকিল। পাছত সি ব্ৰাহ্মণৰ ওচৰলৈ গৈ কৃষ্ণ আৰু বলোৰাম ক'ত থাকে তাকে ক'বলৈ ব্ৰাহ্মণক খাটনি ধৰিলে। ব্ৰাহ্মণে ক'লে— ‘মই ক'ব নোৱাৰোঁ বোপা। ভগৱান কৃষ্ণক কোনেও দেখা নাই। এইবিলাক কিতাপত লিখা বৰ্ণনাহে। মই তাকেই ব্যাখ্যা কৰি কৈছোঁ। মই দেখা নাই।'
চোৰে ব্ৰাহ্মণৰ কথা বিশ্বাস নকৰিলে। সি ক'লে— ‘নহয়, আপুনি নিশ্চয় দেখিছে আৰু জানে। নহ'লে এনেকৈ কেতিয়াও বৰ্ণাই ক'ব নোৱাৰে। আপুনি মোক চোৰ বুলি জানে আৰু সেইকাৰণে মই সিহঁতক মাৰি অলংকাৰবোৰ আনিম বুলি ভয়তে ক'বলৈ বিচৰা নাই। ভয় নাই। মই সিহঁতৰপৰা অলংকাৰবোৰ আনিব পাৰিলে আপোনাকো আধাভাগ দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। মাথোন কওক সিহঁত ক’ত আছে। আৰু যদি নকয়, আপোনাকে হত্যা কৰিম।
ব্ৰাহ্মণ বৰ বিপদত পৰিল। তেওঁ বুজি পালে যে এইজন ডকাইত। তাক কিবা এটা কৈ খেদাব নোৱাৰিলে বিপদ হ'ব। তেওঁ এনে এটা বুদ্ধি কৰিলে যে চোৰে আৰু দ্বিতীয়বাৰ তেওঁৰ ওচৰলৈ ঘূৰি আহিব নোৱাৰে আৰু ৰাস্তাতে মৰি থাকে। সেই ভাবি ব্ৰাহ্মণে চোৰক ক’লে— ‘অৱশ্যে শ্ৰীকৃষ্ণক পাব পাৰি এটা উপায়ে। কিন্তু সেইটো বৰ কষ্টকৰ কাম। তুমি যদি মোক গুৰু মানি মোৰ কথামতে কাম কৰিব পাৰিম বুলি প্ৰতিশ্ৰুতি দিয়া, তেতিয়া ক'ব পাৰোঁ আৰু পাবাও। কিন্তু অলপ হেৰফেৰ কৰিলেও নাপাবা। তেতিয়া কিন্তু মোক দোষী কৰিব নোৱাৰিবা।'
চোৰে ক'লে— ‘মই আপোনাক গুৰু বুলি মানিছোঁ। আপুনি যেনেকৈ যি কৰিবলৈ কয়, তাকে কৰিম। মুঠতে মোক সেই ল'ৰা দুজনক লাগে।'
ব্ৰাহ্মণে ক'লে— ‘তেন্তে শুনা। তুমি এই মুহূৰ্তৰেপৰা তিনি দিন একেৰাহে দৌৰিব লাগিব আৰু ক’তো ৰ'ব নোৱাৰিবা। তেনেকৈ দৌৰি গৈ তিনি দিনৰ মূৰত যিখন পথাৰ পাবা, তাৰ মাজত এডাল কদম গছ আছে। সেই গছৰ ওপৰতে দুয়োটা ল'ৰাকে বাঁহী বজাই থকা দেখা পাবা। তেতিয়া তুমি যি ইচ্ছা কৰিবা।’
বামুণৰ কথা শুনি চোৰ মান্তি হ'ল। কিন্তু লগতে কৈ গ'ল যে যদিহে তেওঁৰ বাক্য আখৰে আখৰে পালন কৰিও শ্ৰীকৃষ্ণ-বলোৰামক নাপায়, তেন্তে ঘূৰি আহি ব্ৰাহ্মণক ক্ষমা নকৰে।
ব্ৰাহ্মণে ভাবিছিল যে এনেকৈ তিনি দিন একো নাখাই-নবৈ দৌৰিব লাগিলে সি আৰু বাচি নাথাকে বা ঘূৰি আহিবলৈও শক্তি নাথাকিব। তথাপি যদি ঘূৰি আহে, তেন্তে তেওঁ তাক ক'ৰবাত ৰৈছিল বুলি দাবী কৰি ঘূৰাই পঠিয়াব পৰা হ'ব।
চোৰে দৌৰা আৰম্ভ কৰি দিলে। সি কিমান দৌৰিছে চিন্তা কৰা নাই। তাৰ মনত মাত্ৰ ব্ৰাহ্মণৰ উপদেশ আৰু শ্ৰীকৃষ্ণ বলোৰামৰ ৰূপ-সৌন্দৰ্য আৰু অলংকাৰবোৰৰ [ ৩৭ ] কথাইহে স্থান পাইছে। অলংকাৰবোৰৰ কথা যিমানেই ভাবে সিমানেই তাৰ গতি বাঢ়ে আৰু উৎসাহ বাঢ়ে। নিজৰ ভোক-পিয়াহ, দেহৰ ভাগৰ আদিৰ বিষয়ে ভাবিবলৈ সি সময়েই পোৱা নাছিল।
এনেদৰে তিনি দিন দৌৰাৰ পাছত সঁচাকৈয়ে সি এখন পথাৰ পালে আৰু ওচৰতে এজোপা আম গছ দেখিলে। চোৰে আম গছজোপাকে কদম গছ ভাবি আৰু বেগাই দৌৰিবলৈ ধৰিলে। তাৰ পাছত সি বাঁহীৰ মাত শুনা যেন পালে। সি তালৈ কাণ দি আৰু কদম গছৰ ডাললৈ একান্ত মনে চকু পেলাই লাহে লাহে তালৈকে আগবাঢ়িল। গছজোপাৰ কাষত থিয় হৈ ওপৰলৈ চাই দুটি সুন্দৰ ল'ৰা দেখি তাৰ চকু স্থিৰ হ'ল। ব্ৰাহ্মণে দিয়া বৰ্ণনাৰ অলপো সি বেলেগ নেদেখিলে। পৃথিৱীত সি আগতে ইমান সুন্দৰ ল'ৰা কেতিয়াও দেখা নাছিল। ল'ৰা দুটালৈ তাৰ মৰম উপজিল। এনেকৈ চাই থাকোঁতে চোৰটোৱে ল'ৰা দুজনক হত্যা কৰি অলংকাৰ নিয়াৰ কথা একেবাৰে পাহৰি গ'ল।
চোৰটোৱে তেনেদৰে চাই থকা দেখি ল'ৰা দুজন গছৰপৰা নামি আহিল। তেওঁলোকেই শ্ৰীকৃষ্ণ আৰু বলোৰাম। চোৰে কিবা কোৱাৰ আগতেই শ্ৰীকৃষ্ণই হাঁহি মাৰি ক’লে— ‘বুজিছোঁ, আমাক মাৰি আমাৰ অলংকাৰবোৰ নিবলৈ আহিছা। মাৰিব নালাগে। আমি নিজে তোমাক খুলি দিছোঁ। এয়া লৈ যোৱা।' এইবুলি গাৰ সকলো অলংকাৰ দুয়োজনে খুলিবলৈ ধৰিলে। কিন্তু চোৰে সেইবোৰলৈ লক্ষ্য নকৰি শ্ৰীকৃষ্ণ আৰু বলোৰামৰ মুখলৈ ভেবা লাগি চাই থাকিল। তেতিয়া কৃষ্ণই ক'লে— “কি চাইছা, এয়া লৈ যোৱা। নহ'লে গুৰুৱে তোমাক বেয়া পাব। তুমি দেখোন তেওঁক আমাৰ পৰা নিয়া অলংকাৰৰ ভাগ দিবা বুলি প্ৰতিশ্ৰুতি দি আহিছা।”
চোৰ আৰু বিস্ময় হ'ল। এওঁলোকে বাৰু কেনেকৈ জানিলে সি প্ৰতিশ্ৰুতি দি অহাৰ কথা। এওঁৱেই ভগৱান— অন্তৰ্যামী। সি নিজৰ কুঅভিপ্ৰায়ৰ বাবে নিজকে ধিক্কাৰ দিলে। তাৰ দুচকুৱেদি লোতক ব’বলৈ ধৰিলে। তাৰ পাছত সি আঠুকাঢ়ি, হাতযোৰ কৰি দুয়োকে প্ৰণাম কৰিলে আৰু ক'লে— ‘হে ভগৱান, মোক ক্ষমা কৰা। মই মহাপাপী। মই তোমালোকক দেখা নাছিলোঁ, জনা নাছিলোঁ। সেয়েহে তেনে পাপ কথা চিন্তা কৰিছিলোঁ। তুমিয়েই ভগৱান, সৰৱজান। সেইকাৰণে মই নোকোৱাকৈয়ে তুমি সকলো গম পালা। আনহাতে মই বৰ ভাগ্যৱানো, কিয়নো মইহে কেৱল তোমাক দেখিবলৈ সক্ষম হ'লোঁ। মোক ক্ষমা কৰা প্ৰভু!'
এইবুলি কৈ চোৰে কৃষ্ণ-বলোৰামৰ ভৰিত দীঘল দি পৰি হুকহুকাই কান্দিবলৈ ধৰিলে। তাৰ মনৰ অৱস্থা বুজি পাই শ্ৰীকৃষ্ণ আৰু বলোৰামে মিচিকিয়াই হাঁহিলে আৰু ক’লে— ‘তুমি আমাক কিয় দেখিলা জানানে? তুমি যে ব্ৰাহ্মণক গুৰু মানি [ ৩৮ ] ঠিক তেওঁ কোৱামতেই কাম কৰিছিলা আৰু দৌৰি থাকোঁতেও একান্তমনে আমাৰ কথাকেই ভাবিছিলা সেইকাৰণে। তুমি পাপী নহয়। তুমি চোৰ হিচাপেও জন্ম লোৱা নাছিলা, ভাল মানুহ হিচাপেহে জন্মিছিলা। কিন্তু সংগ দোষত সৎ বৃত্তি নলৈ চোৰ বৃত্তি ল’লা। বাৰু এতিয়া তুমি কি বিচাৰা কোৱা।
শ্ৰীকৃষ্ণৰ কথা শুনি চোৰে ক'লে— 'হে প্ৰভু। মই আৰু চোৰ হৈ থাকিব নোখোজোঁ। সকলো মানুহে মোক ঘিণ কৰে। মোক মাথোন সৎ কাম কৰি খাব পৰাকৈ শক্তি আৰু সামৰ্থ্য দিয়া। তোমাক যেন সকলো সময়তে চিন্তা কৰিব পাৰোঁ, তেনে শক্তি দিয়া।’
চোৰৰ কথাত শ্ৰীকৃষ্ণ অতিশয় আনন্দিত হ'ল। তেওঁ ক’লে, ‘সেয়ে হ’ব বাৰু আজিৰপৰা তুমি সৎ কাম কৰি সৎ জীৱন যাপন কৰিবা। কিন্তু তুমি এই মণিডাল নি বামুণক দেখুৱাব পাৰিবা আৰু ক’বও পাৰিবা যে তুমি মোক লগ পাইছা। আনহাতে তুমি তেওঁক গুৰু দক্ষিণা দিম বুলি যি প্ৰতিশ্ৰুতি দি আহিছা, সিও ৰক্ষা হ'ব।'
এই কথাত চোৰে শ্ৰীকৃষ্ণৰপৰা এধাৰ মণি লৈ পুনৰ সেৱা কৰি দৌৰিবলৈ আৰম্ভ কৰিলে।
মহা আনন্দেৰে দৌৰি গৈ চোৰে মন্দিৰৰ ওচৰ পায়েই দূৰৈৰপৰা চিঞৰিবলৈ ধৰিলে, ‘গুৰুদেৱ, গুৰুদেৱ, শুনক, শুনক, এটা ভাল খবৰ আনিছোঁ।' বামুণে মন্দিৰত পূজা কৰি উঠিছিলহে মাথোন, এনেতে চোৰৰ মাত শুনি ভয়তে কম্পমান। তেওঁ ভাবিলে, ‘সৰ্বনাশ!’ এই আপদীয়াটো নমৰিল। ই মোক এতিয়া কি কৰে ঠিকনা নাই।' এই ভাবি তেওঁ দৌৰি গৈ মন্দিৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে। চোৰ গৈ পুনৰ মন্দিৰৰ দুৱাৰত ঢকিয়াই মাতিবলৈ ধৰিলে— ‘গুৰুদেৱ, ওলাই আহক, এটা ভাল খবৰ আছে।'
ব্ৰাহ্মণে ভয়তে ভিতৰৰপৰা কেঁকাই কেঁকাই ক'বলৈ ধৰিলে— ‘কোন আহিছ ঔ এই সময়ত। কি ক'ব লাগে তাৰ পৰাই ক। মই উঠিব নোৱাৰোঁ বোপাই। আজি কেইবাদিন ধৰি মোৰ জ্বৰ।' এইবুলি চোৰে শুনাকৈ জোৰ জোৰকৈ উহুহু, আহাহা, আই ঐ— শব্দ কৰি কেঁকাবলৈ ধৰিলে।
চোৰৰ বুজিবলৈ বাকী নাছিল যে গুৰুদেৱে তাৰ ভয়তে এনেখন কৰিছে। সেয়ে বিনম্ৰভাৱে সি ক'লে— ‘নহয় গুৰুদেৱ, আপুনি একো চিন্তা কৰিব নালাগে। মই আপোনাৰ কোনো হানি নকৰোঁ, মাত্ৰ এবাৰ দেখা দিয়ক আৰু মোৰ গুৰু দক্ষিণা গ্ৰহণ কৰক।'
ব্ৰাহ্মণে ক’লে— ‘তই কিহৰ গুৰু দক্ষিণাৰ কথা কৈছ ঔ! কথাটো ভাঙি-পাতি কচোন।' [ ৩৯ ] চোৰে ক’লে— ‘গুৰুদেৱ, মই প্ৰতিজ্ঞা কৰিছিলোঁ যে শ্ৰীকৃষ্ণক পালে তেওঁৰপৰা গহনা আনি আপোনাক দিম। মই আনিছোঁ, শ্ৰীকৃষ্ণ ভগৱানক লগ পাইছোঁ। আপুনি মাথোন ওলাই আহি মোৰ সেৱা গ্ৰহণ কৰক।
ব্ৰাহ্মণে কথাটো বিশ্বাস নকৰিলে। তেওঁ ক'লে— 'তই মিছা কথা কৈছ। শ্ৰীকৃষ্ণক তোৰ দৰে চোৰেহে নালাগে, মই হেন ব্ৰাহ্মণে চিৰদিনে পূজা কৰিও দেখা নাই। ওলাই গ'লে তই মোক মাৰিবি। তই তাৰেপৰাই গুচি যা।'
চোৰে ক'লে, ‘আপোনাক দেখা নকৰাকৈ গ'লে মোৰ পাপ হ'ব। মই শপত খাই কৈছোঁ, আপোনাৰ কোনো হানি নকৰোঁ। মাত্ৰ এবাৰ ওলাই আহক।'
চোৰৰ নেৰানেপেৰা অনুৰোধ এৰাব নোৱাৰি অগত্যা ব্ৰাহ্মণ ওলাই আহিল। চোৰে লগে লগে তেওঁৰ ভৰিত পৰি সেৱা কৰি সোণৰ মণিডাল আগবঢ়াই দি ক’লে— ‘আপুনি মোৰ আচল গুৰু। আপোনাৰ কথা মানি মই এইকণ কষ্ট নকৰা হ'লে আজি ভগৱানক লগ নাপালোঁহেঁতেন। এয়া ভগৱানে আপোনাৰ বাবে এধাৰি মালা পঠিয়াইছে। মোৰ গুৰু দক্ষিণা হিচাপে গ্ৰহণ কৰক।'
ব্ৰাহ্মণে মণিধাৰ নলৈ চোৰৰ ফালে তভক লাগি চাই থাকিল। চোৰৰ প্ৰতি তেওঁৰ মৰম উপজিল। কিছুসময় তেনেকৈ চাই থাকি কেনেকৈনো কি হ'ল সুধিলে। চোৰেও দৌৰাৰেপৰা আৰম্ভ কৰি শ্ৰীকৃষ্ণ আৰু বলোৰামক লগ পোৱালৈ সকলো কথাকে বিৱৰি ক'লে।
চোৰৰ কথা শুনি ব্ৰাহ্মণে নিজকে ধিক্কাৰ দি ক'বলৈ ধৰিলে— ‘মই গোটেই জীৱন ধৰি ভগৱানৰ পূজা-পাতল কৰিয়েই মন্দিৰত কটালোঁ। তেওঁক পাবৰ বাবে যে কত কষ্টকে নকৰিলোঁ। কিন্তু তেওঁক দেখাকে নাপালোঁ। অথচ তুমি তেওঁৰ নামকে শুনা নাছিলা, কোনোদিন চিন্তাও কৰা নাছিলা। কেৱল চুৰ কৰা কামতে লিপ্ত থাকিও তুমি দেখিলা। তুমি বৰ ভাগ্যৱান। তুমি মোকো দেখুৱাব পাৰিবানে?'
চোৰে ক’লে, ‘পাৰিম গুৰুদেৱ। কিন্তু আপুনিও মোৰ লগত সমানে দৌৰিব লাগিব।' ব্ৰাহ্মণে ক'লে— 'সেইটোৱেতো মোৰ বাবে টান কাম। এতিয়া বুঢ়া হ'লোঁ, দৌৰিব যে পাৰিম আশা নাই। তথাপি চেষ্টা কৰি চাওঁচোন!’
চোৰ আৰু ব্ৰাহ্মণ দুয়ো দৌৰিবলৈ লাগিল। কিন্তু ব্ৰাহ্মণে অলপ গৈয়েই ভাগৰি পৰে আৰু মাটিত বহি দিয়ে। তেতিয়া চোৰে তেওঁক পিঠিত তুলি লৈ দৌৰিবলৈ ধৰিলে। এনেদৰে গৈ গৈ চোৰ আৰু ব্ৰাহ্মণ আগৰ কৃষ্ণক লগ পোৱা স্থান পালে। চোৰে বাঁহীৰ মাত শুনি ব্ৰাহ্মণক সুধিলে, ‘গুৰুদেৱ, শুনিছেনে সেয়া কৃষ্ণৰ বাঁহীৰ ধ্বনি? আমি তেওঁৰ ওচৰ পালোঁৱেই।' ব্ৰাহ্মণে ক’লে— ‘মই একো শুনা নাই।' চোৰে তেওঁক পিঠিত তুলি লৈ একেবাৰে গছৰ কাষ পাই সুধিলে— 'গুৰুদেৱ, এয়া [ ৪০ ] কৃষ্ণ ভগৱান আৰু বলোৰাম। আপুনি দেখিছেনে?
গুৰুদেৱে ক'লে— ‘মই একো দেখা নাই। তই মিছা কথা কৈছ নেকি অ’?'
চোৰে ক'লে— ‘মই কিয় মিছা কথা ক'ম গুৰুদেৱ। এয়া দুয়োজনা আমাৰ সন্মুখতে আছে।” চোৰে ব্ৰাহ্মণক দেখুৱাই তেওঁলোকক প্ৰণাম কৰিবলৈ ল'লে। ব্ৰাহ্মণে প্ৰণাম কৰিলে যদিও একো দেখা নাপালে। ভগৱানক দেখা নাপাই ব্ৰাহ্মণে নিজকে পুনৰ ধিক্কাৰ দি কান্দিবলৈ ধৰিলে।
ব্ৰাহ্মণৰ বিননি দেখি শ্ৰীকৃষ্ণ গছৰপৰা নামি আহিল আৰু চোৰক ক'লে— ‘বাচা, ব্ৰাহ্মণে মোক দেখা নাপায়। কিয়নো তেওঁ জীৱনৰ প্ৰকৃত কৰ্মসমূহ বাদ দি কেৱল মোক পাবলৈকে মন্দিৰত পূজা কৰাত ব্যস্ত থাকিল। ফলত তেওঁ নিজ ঘৰৰ প্ৰতি থকা দায়িত্বৰ কথাও পাহৰি গ'ল। ল'ৰা-তিৰোতা সকলো আছে যদিও তেওঁৰ অমনোযোগিতাৰ বাবেই তেওঁৰ ঘৰত সুখ-শান্তি নোহোৱা হ'ল। অৰ্থাৎ নিজৰ আনন্দ আৰু মুক্তিৰ স্বাৰ্থত তেওঁ সকলো সাংসাৰিক স্বাৰ্থ ত্যাগ কৰিছে। মোৰ পূজা তেনেকৈ নহয়। নিজ কৰ্তব্যৰ মাজত ব্যস্ত থাকি যি সুখ-দুখ পোৱা যায়, তাৰ মাজতহে মোক লাভ কৰিব পাৰি।' তুমি চোৰ হ'লেও গুৰুবাক্য ঠিকমতে পালন কৰিছিলা, তোমাৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবেই তুমি চুৰি কৰিছিলা যদিও তুমি তোমাৰ কৰ্তব্যকে কৰিছিলা। আচলতে চুৰি কৰা মহাপাপ। সেয়ে তুমি মানুহৰ ঘৃণাৰ পাত্ৰ হৈছিলা। কিন্তু এতিয়া তুমি এই বিদ্যা ত্যাগ কৰি সৎ মানুহ হ'লা। সেয়ে তুমি মোক পালা। তুমি তোমাৰ গুৰুদেৱক লৈ যোৱা আৰু কথাটো ভালদৰে বুজাই কোৱা। তেওঁক ক’বা যে অহা জনমত যদি তেওঁ সৎ কৰ্মবোৰৰ মাজেৰে, দায়িত্ব জ্ঞানেৰে মোক চিন্তা কৰে, তেতিয়াহে মোক পাব।'
চোৰৰ মুখৰপৰা ব্ৰাহ্মণে শ্ৰীকৃষ্ণই কোৱা কথাবোৰ শুনি হুকহুকাই কান্দিবলৈ ধৰিলে। তেওঁ জীৱনৰ বাকী সময়ছোৱা ঘৰ-সংসাৰৰ দায়িত্ব ভালদৰে পালন কৰি পূজা-অৰ্চনাত মন দিবলৈ প্ৰতিজ্ঞা কৰিলে। চোৰে তেওঁক পিঠিত তুলি পুনৰ ঘৰলৈ উভতি আহিল। [ ৪১ ]আশীৰ্বাদৰ পৰিণাম
অতি পুৰণি কালত অৰণ্য আৰু মমতা নামৰ এহাল পতি-পত্নী আছিল। তেওঁলোকৰ কোনো ল'ৰা-ছোৱালী নাছিল। দুয়োৱে গছৰ ফল-মূল আহৰণ কৰি আৰু চিকাৰ কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। তেওঁলোক বনত বাস কৰিছিল।
বনৰ মাজত তেওঁলোকক সহায় কৰিবলৈ অৰণ্যই তিনিটা জন্তু পুহিছিল। ইহঁতক অৰণ্য-দম্পতীয়ে নিজৰ সন্তানৰ দৰেই মৰম-চেনেহ কৰিছিল। জন্তু তিনিটাই অৰণ্যক ‘মানুহ’ বুলি সম্বোধন কৰিছিল।
জন্তু তিনিটাৰ এটা হ'ল কুকুৰ। ই ঘৰ ৰখে আৰু চিকাৰ কৰোঁতে অৰণ্যক সহায় কৰে। বনৰ মাজত চিকাৰ কৰোঁতে আকাৰে-ইংগিতে কথা কোৱাৰ বৰ প্ৰয়োজন হয়। এই কামত কুকুৰটোৰ অসীম দক্ষতা। কোনফালে কোন জন্তু গৈছে তাক শুঙিয়েই কুকুৰটোৱে ধৰিব পাৰে আৰু সেইমতে অৰণ্যক বাট দেখুৱাই লৈ যায়। ইয়াৰ বিশেষ নজৰ কৰিবলগীয়া নেজডাল। ঢেঁকীয়া শাকৰ কোমল ঠাৰিৰ দৰে ভাঁজ লগা এই নেজডালেৰে ই অৰণ্যৰ লগত সকলো কথা পাতে। অৰণ্য ঘৰলৈ আহিলে সেইডাল পথালিকৈ জোকাৰি জোকাৰি সি অৰণ্যক স্বাগতম জনায়, মৰম আদায় কৰে। ওপৰলৈ দাঙি ধৰি আৰু মূৰটো থিয় কৰি থিয় দিলে অৰণ্যই বুজি পায় যে তাৰ কোনো শত্ৰু আগত থিয় হৈছে। তেনে অৱস্থাতেই যদি ভুক- ভুক কৰি খেদি যায় তেন্তে বুজা যায় যে ই নিশ্চয় এখন কাজিয়া লগাব আৰু প্ৰতিপক্ষক বশ কৰিব। কিন্তু যদিহে নেজডাল দুই ঠেঙৰ মাজত সুমুৱাই চাপৰি কেং কেং কৰি এখোজ-দুখোজকৈ আগবাঢ়ি যায়, তেন্তে বুজা যায় যে প্ৰতিপক্ষ তাতকৈ বলী আৰু সি নিজে বশ্যতা স্বীকাৰ কৰিছে।
দ্বিতীয় জন্তুটো হ'ল এটা কেৰ্কেটুৱা। ই দেখাত বৰ মৰমলগা। চকু দুটি ক'লা- সদায় কাজল ঘঁহি থাকে। গাৰ নোমবোৰ মিহি আৰু কঁহুৱাৰ ফুলহেন সুন্দৰ দীঘল নেজ। বান্দৰবিলাকৰ দৰে দুই ঠেং পাৰি বহি আৰু চকু দুটা পিৰিক-পাৰাক কৰি যিদৰে গছৰ গুটি খাই থাকে, দেখিলে বহুত চিন্তাশীল, শৃংখলাবদ্ধ আৰু বিজ্ঞ যেন লাগে। চালে চাই থাকিবৰ মন যায়। কিন্তু ই বৰ চঞ্চল, এখন্তেকো সুস্থিৰে নাথাকে। [ ৪২ ] খায়ো চেলেং-পেটেংকৈ— আধা খাব, আধা পেলাব। এইদৰেই সি বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰি গছৰ ফল-মূল খায় আৰু অৰণ্যহঁতকো যোগান ধৰে।
তৃতীয়টো হ'ল এটা কাউৰী। কিচকিচিয়া ক'লা আৰু মিহি পাখি, ডাঙৰ জলকীয়াৰ সমান ক’লা ঠোঁট আৰু দীঘল চোকা নখযুক্ত এই চৰাইটো দেখিবলৈ বৰ ধুনীয়া। কিন্তু বৰ লেতেৰা; যিহকে পায় তাকে খায়। মাতটোও হতঙা। কিন্তু ইয়াৰ বুদ্ধি অতি প্ৰখৰ আৰু তৎক্ষণাৎ অনুকৰণ কৰিব পাৰে। পখীটোৱে সহজতে পোহ মানে, কিন্তু তাৰ উৎপতীয়া স্বভাৱৰ বাবে কোনোৱে পুহিব নিবিচাৰে। ই ৰাতিপুৱাতে কা কা কৰি অৰণ্যক পাটীৰপৰা জগাই দিয়ে আৰু দূৰ দূৰ ঠাইলৈ গৈ ক'ত কি জন্তু আছে, কি ঘটিছে ইত্যাদি বা-বাতৰি সি অৰণ্যহঁতক দিয়ে থাকে।
তিনিওটা জন্তু বৰ বন্ধু আছিল আৰু সিহঁতক লৈ অৰণ্যহঁতেও সুখে-সন্তোষে থাকিবলৈ ল'লে।
এদিন হঠাতে কাউৰীজনী উৰা মাৰি আহি আনন্দৰে ফিচা-পাখি আদি দাঙি নাচি খবৰ দিলে যে ভগৱান তেওঁলোকৰ ওপৰত সদয় হৈছে। অৰণ্যই যদি চিকাৰ কৰিবলৈ এৰি দি খেতি-বাতিত ধৰে, তেন্তে তেওঁলোকে এটা পুত্ৰ সন্তান লাভ কৰিব। এই কথা শুনি সেইদিনাই অৰণ্যই জীৱহত্যা কৰিবলৈ এৰি দি খেতি-বাতিত মন দিলে।
এদিন সঁচাকৈয়ে মমতাৰ এটা পুত্ৰ সন্তান জন্মিল। তাক পাই সকলোৰে মনত মহা আনন্দ। তিনিওটা জন্তু মিলি নাচি-বাগি বনৰপৰা আৰু কিছুমান জন্তু মাতি আনি ল'ৰাটোৰ জন্মদিন পালন কৰিলে। সকলোৱে আলোচনা কৰি ল'ৰাটোৰ নাম থ’লে শিশু। শিশু লাহে লাহে হাঁহিব পৰা হ'ল, হাত-ভৰি এচাৰি কলকলাই কথা ক'ব পৰা হ'ল। তাক লৈয়েই ঘৰৰ আটায়ে দিনটোৰ বেছি সময় কটাবলৈ ধৰিলে। অৰণ্য আৰু মমতা পথাৰলৈ খেতিৰ কামত যোৱা সময়ত তিনিওটায়ে শিশুক নিজৰ নিজৰ আদব-কায়দা, মাত-বচন শিকাই গৌৰৱ অনুভৱ কৰিলে। এনেকৈয়ে শিশুৱে অতি কম দিনৰ ভিতৰতে তিনিওটা জন্তুৰ গুণবোৰ আয়ত্ত কৰি ল'লে।
কিন্তু লাহে লাহে এই সুখৰ দিনবোৰৰ পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। শিশুক পাই অৰণ্য আৰু মমতাই জন্তু তিনিটাৰ প্ৰতি মন-কাণ দিবলৈ এৰিলে। আনকি সিহঁতে শিশুৰ লগত খেলা-ধূলা কৰাও পছন্দ নকৰা হ'ল।
এনেতে আন এটা ঘটনা আহি পৰিল। অৰণ্যহঁতৰ বাৰীতে এটা হাপাই বাস কৰিছিল। শিশুৰ নোমহীন, লোদোৰ-পোদোৰ থুপুকা চেহেৰাটো দেখি বহুদিনৰপৰাই তাৰ জিভা লকলকাই আছিল। কিন্তু তিনিটা জন্তুৱে বিশেষকৈ কুকুৰটো শিশুৰ ওচৰত সদায়ে থাকে দেখি তাক নিবলৈ সুবিধা কৰিব পৰা নাছিল। সেইবাবে বহুত [ ৪৩ ] চিন্তা-ভাবনা কৰি হাপাটোৱে এটা বুদ্ধি উলিয়ালে।
এদিন শিশুৰ বাপেকে পথাৰলৈ গৈ কাম কৰি থাকোঁতে হাপা গৈ উপস্থিত হ'ল আৰু অতি বেজাৰমনে ক’বলৈ ধৰিলে— ‘মানুহ, মই আপোনাক এটা খবৰ দিবলৈহে আহিছোঁ। দোষ হ'লে ক্ষমা কৰিব।' অকস্মাতে হাপাক এনেদৰে কোৱা দেখি অৰণ্য হতভম্ব হ'ল আৰু কি কথা সুধিলে। হাপাই এটা দীঘল হুমুনিয়াহ এৰি ক'বলৈ ধৰিলে— ‘কি ক’ম মানুহ। মই আজি সৌ কচুজোপাৰ আঁৰত সোমাই আপোনাৰ সেই তিনিটা ধুৰন্ধৰ পশুলৈ লক্ষ্য কৰি আছিলোঁ। শিশুক মোৰ নিজৰ ভাই যেন লাগে। কেনে কোমল, কেনে সুন্দৰ তাৰ মুখনি। চালে চকু ৰৈ যায়। কিন্তু কি আচৰিত সেই পাষণ্ড তিনিটাই ধেমালিৰ ছলেৰে শিশুক হাবিৰ মাজলৈ নি খোৱাৰ যো-জা কৰিছে। কাউৰীয়ে কোৱা শুনিলোঁ যে মানুহে যদি জন্তুক মাৰি খাব পাৰে আমিনো সিহঁতৰ পোৱালিক কিয় খাব নোৱাৰোঁ। এনে সৰ্বনশীয়া কথা শুনি মই আৰু থিৰেৰে থাকিব নোৱাৰিলোঁ। সেয়ে পলম নকৰি আপোনাক জনোৱাই মংগল বুলি ভাবিহে আহিলোঁ।'
তিনি বন্ধুৰ প্ৰতি অৰণ্যৰ সন্দেহ আগৰেপৰাই হৈছিল। হাজাৰ হ'লেও মাংসহাৰী জন্তু। বিশ্বাস বেছিকৈ কৰাটো উচিত নহয়। সি হাপাৰ কথাত পতিয়ন গৈ ‘সিহঁতক শেষ কৰিম' বুলি এডাল ডাঙৰ টাঙোন লৈ ঘৰলৈ বুলি ঢাপলি মেলিলে। ঘৰ পাই উধাই-মুধাই তিনিওটা জন্তুকে কোবাবলৈ ধৰিলে। টাঙোনৰ কোব কাউৰীৰ ঠেঙত জোৰকৈ পৰাত তাৰ এখন ঠেং খৰা হ'ল। ঘটনাৰ একো উৱাদিহ নাপাই কেৰ্কেটুৱাটো গৈ গছত উঠিল আৰু কুকুৰটোও আঁতৰি গ'ল। কোবাই কোবাই সিহঁতক ঘৰৰপৰা ওলাই যাবলৈ অৰণ্যই নিৰ্দেশ দিলে।
মনৰ দুখত সিহঁত ওলাই গ'ল। যাবৰ পৰত তিনিওৱে কান্দি কান্দি ক'বলৈ ধৰিলে— ‘মানুহ, তুমি আমাক মিছা সন্দেহ কৰি খেদি পঠিয়ালা। এদিন বুজি পাবা। শিশু আমাৰ অতি মৰমৰ ভাই। তাৰ মংগল কামনা কৰোঁ। আমি তাক অন্তৰৰপৰা আশীৰ্বাদ দিলোঁ যে সি আমাৰ দৰে গুণসম্পন্ন হওক। বিদায়।' এইবুলি চকুপানী টুকি টুকি তিনিও গুচি গ'ল।
শিশু লাহে লাহে খোজকাঢ়িব পৰা হ'ল, কথাও ক'ব পৰা হ'ল। কিন্তু তাৰ স্বভাৱ-চৰিত্ৰ এনে উচ্ছৃংখল হ'ল যে মাক-বাপেক অতিষ্ঠ হৈ পৰিল। শৃংখলাবদ্ধতা নাই, চেলবেলাই কথা কয়, কথাই কথাই কাজিয়া কৰে, এক মিনিটো ক’তো সুস্থিৰে নাথাকে, খোৱা-বোৱাবোৰো আধা খায় আধা পেলায় ইত্যাদি। মুঠতে জন্তু তিনিটাৰ আশীৰ্বাদ শিশুৰ বাবে অভিশাপহে হ'ল। তিনিওটা জন্তুৰ ভিন ভিন গুণবোৰ এটা ল'ৰাত থূপ খালে। মাক-দেউতাকে তেতিয়াহে বুজিলে যে জন্তু [ ৪৪ ] তিনিটাক ঘৰৰ পৰা উলিয়াই দি কি ভুল কৰিলে। সেয়ে অৰণ্যই সিহঁতক পুনৰ বিচাৰি ওলাল।
কেইদিনমান হাবিয়ে-বননিয়ে ঘূৰি যেনিবা কুকুৰটোক এটা আলিৰ দাঁতিত মূৰ মোটোকা মাৰি শুই থকা অৱস্থাত পালে। মালিকক দেখি কুকুৰটোৱে নেজ জোকাৰি আহি গা চেলেকিবলৈ ধৰিলে। অৰণ্যই তাক মৰম কৰি দি বাকী দুটা ক'ত আছে সুধিলে। সি তেওঁক বাট দেখুৱাই লৈ গ'ল। হাবিৰ মাজত এডাল গছৰ ওপৰত দুয়োকে দেখি মাত দিয়াত দুয়ো জাঁপ মাৰি নামি পৰিল। সিহঁতে অৰণ্যক গছৰ ছাঁত বহিবলৈ দিলে, কাউৰীয়ে পাখিৰে বিচি দিলে, কেৰ্কেটুৱাই কেইটামান ফল আনি দি তেওঁৰ আগমনৰ কাৰণ সুধিলে। অৰণ্যই দুখমনে সকলো কথা বৰ্ণালে আৰু নিজৰ ভুল স্বীকাৰ কৰিলে আৰু শিশুৰ ওচৰলৈ গৈ তাৰ স্বভাৱ-চৰিত্ৰৰ বাবে দিয়া আশীৰ্বাদ ঘূৰাই ল'বলৈ অনুৰোধ কৰিলে।
তিনি বন্ধুৱে ক'লে— ‘মানুহ! আমিও তোমালোকৰ দৰেই ভগৱানে সৃজন কৰা প্ৰাণী। তোমালোকৰ বুদ্ধি বেছি, কিন্তু লোকৰ কথা শুনি সঁচা-মিছা, ভাল-বেয়া বিচাৰ নকৰাকৈ যি কাম কৰা, তাতেই তোমালোকৰ বুদ্ধি হেৰাই যায়। স্বাৰ্থত তোমালোক অন্ধ হৈ পৰা। তুমি এতিয়া দোষ বুজি পোৱাত আমি আনন্দ পাইছোঁ, কিন্তু এবাৰ যি আশীৰ্বাদ দিয়া যায়, তাক ঘূৰাই ল'ব নাপায়। তথাপি তুমি যদি তাৰপৰা ক্ষতি হয় বুলি ভাবা, তেন্তে তাক লাঘৱৰ উপায় দিব পাৰোঁ।'
জন্তু তিনিটাৰ এই কথাত আশ্বস্ত হৈ অৰণ্যই সিহঁতৰ ফালে চাই থাকিল। সিহঁতে তেতিয়া আকৌ ক’লে— ‘চিন্তা নকৰিবা, শিশুক যদি ভালদৰে মৰম-আদৰ কৰি শিক্ষা লোৱাৰ ব্যৱস্থা কৰি দিয়া, তেন্তে লাহে লাহে তাৰ সেইবোৰ স্বভাৱ- চৰিত্ৰৰ শাম কাটি পোন্ধৰ-ষোল্ল বছৰ বয়সৰপৰা ভাল মানুহ হ'ব আৰু সকলোৰে আদৰ-সন্মান পাবৰ যোগ্য হ'ব।’
অৰণ্যই এই কথা শুনি সুখী হ'ল যদিও তিনিওটা জন্তুকে পুনৰ ঘৰলৈ উভতি যোৱাৰ বাবে অনুৰোধ কৰিলে। কিন্তু কাউৰী আৰু কেৰ্কেটুৱাই ঘৰলৈ যাবলৈ মান্তি নহ'ল। সিহঁতে অৰণ্যৰ ঘৰৰ ওচৰৰে গছ-গছনিত থাকি অৰণ্যহঁতৰ খা-খবৰ লৈ থাকিব বুলি আশ্বাস দিলে। কিন্তু কুকুৰটো হৈছে মানুহৰ মৰম আকলুৱা। সেয়ে সি অৰণ্যৰ ঘৰতে থাকিব বুলি মত দিলে।
সেই দিন ধৰি আজিও কুকুৰ মানুহৰ ঘৰত থাকে, কেৰ্কেটুৱা আৰু কাউৰীয়ে ঘৰৰ ওচৰতে ঘূৰি ফুৰে। ভৰিত টাঙোনৰ কোব খাই খোঁৰা হোৱাৰ বাবে আজিও কাউৰীয়ে জঁপিয়াই জঁপিয়াই পথালি পথালিকৈ খোজ কাঢ়ে। আনহাতে তিনি বন্ধুইদিয়া আশীৰ্বাদ হেতু আজিও ল'ৰা- ছোৱালীবোৰে প্ৰায় পোন্ধৰ-ষোল্লমান বছৰলৈ [ ৪৫ ] উৎপতীয়া, কথা চহকী, কাজিয়া কৰা ইত্যাদি গুণসম্পন্ন হয়, যাৰ ফলত মাক- বাপেকবোৰৰ অশান্তি হয়।
(স্বৰচিত। প্ৰথম হিন্দী ভাষাত লিখা এই গল্পটো কেন্দ্ৰীয় বিদ্যালয় সংগঠন (নতুন দিল্লী)ৰ মুখপত্ৰ 'সংগম'ৰ মে', ১৯৮৫ সংখ্যাত প্ৰকাশ হৈছে) [ ৪৬ ]প্ৰতিশোধৰ কল
দত্ত আৰু শইকীয়া নামৰ দুজন বন্ধু আছিল। দুয়োজনৰে ঘৰ ওচৰা-উচৰি। দুয়োজন এনে নলে-গলে লগা বন্ধু যে ডিঙিত ভাত এটা লাগিলেও এজনে আনজনক কয়। নতুন বস্তু পালেই দুয়োটা পৰিয়ালে ভগাই খায়। এদিন দুয়োজন বন্ধু এখন গাঁৱলৈ ফুৰিবলৈ গৈছিল। তাতে তেওঁলোকে এঘৰ মানুহত ভাল জাহাজী কল দেখি তাৰে দুটা পুলি তেওঁলোকেও সঁচ হিচাপে আনিলে। দুয়োজনে দুয়োটা পুলি দুয়োঘৰৰ চৌহদত লগালে।
সময়ত কলগছ ডাঙৰ হৈ উঠিল। পিছে দত্তৰ কলঠোক আগেয়ে মলিয়ালে। কল ডাঙৰ হ'লত কাটিবৰ হ'ল। পকো পকো হওঁতেই দত্তই কলঠোক কাটি আনি ঘৈণীয়েকক ক'লে— ‘হেৰি নহয়, কলৰ ঠোকবোৰ বৰ ডাঙৰ হৈছেহে! বাৰ আখি কল আছে। আমিনো কিমান খাম? শইকীয়াৰ ঘৰতো দুআখি দিয়া ভাল।' ঘৈণীয়েকে ক'লে— ‘এৰা, নিদিলেনো হ'বনে, মই পঠিয়াই দিম দিয়া, তুমি চিন্তা কৰিব নালাগে।"
দত্তনীয়ে হিচাপ কৰি পালে— শইকীয়াৰ ঘৰত চাৰিজন মানুহ— পতি-পত্নী, ল'ৰা এটা আৰু বনকৰা ছোৱালীজনী। নাম মালতী। সন্ধিয়া দত্তৰ ঘৈণীয়েকে তেওঁৰ ঘৰত কাম কৰা ছোৱালীৰ হাতত ঠোকটোৰ পৰা ছিঙি আঠটা কল দি ক’লে— ‘এইকেইটা শইকীয়াৰ ঘৰত দি আহচোন। চাৰিটাহে প্ৰাণী, গাইপতি দুটাকৈ খাব আৰু!' ছোৱালীজনীয়ে সেইমতে কলকেইটা দি আহিল। সন্ধিয়া শইকীয়া ঘৰলৈ অহাৰ পাছত ঘৈণীয়েকে চাহ-বিস্কুটৰ লগতে কল দুটাও শইকীয়াক খাবলৈ দিলে আৰু ক'লে— ‘আজি দত্তনীয়ে কল পঠিয়াইছিল, বাৰীৰে বোলে। কলকেইটা কিন্তু ভালেই হৈছে। আমাৰ ঠোকো মলিয়াইছে হ’লে। কি হয় জানো!' শইকীয়াই কলৰ বাকলি গুচাই একামোৰ খায়েই ক'লে— 'বাঃ, বৰ সোৱাদহে! আমাৰ জোপাও এনেকুৱাই হ'ব আৰু। সঁচটো ভালেই আছিলতো!'
এমাহমান পাছত শইকীয়াৰ কলঠোকো পাৰিবৰ হ'ল। গুৰিৰ ফালে দুই-এটা কল অলপ হালধীয়া বৰণ ধৰাত শইকীয়াই কাটি আনিলে। এই ঠোক কলতো প্ৰায় বাৰ আখি কল আছিল। আখিবোৰ কাটি শইকীয়াই ঘৈণীয়েকক ক’লে— ‘হেৰা, [ ৪৭ ] ভাল চাই দুআখি কল দত্তৰ ঘৰলৈও পঠিয়াই দিয়াহে। বাৰীৰ কল চুবুৰিয়াকো দুই- এটা দিলে ভাল লাগে। বৰা আৰু গোস্বামীহঁতকো দিব লাগে।'
শইকীয়াৰ ঘৈণীয়েকে তপৰাই মাত দিলে— 'আপুনি কোৱাৰ আগতেই মই, দত্তহঁতক দিয়াৰ যো-জা কৰিছোঁৱে। পিছে দুআখিনো কিয়? আমি চাৰিটা মানুহৰ বাবে তেওঁলোকে মাত্ৰ আঠটা কল পঠিয়াইছিল। তেওঁলোকৰতো ভালেখিনি আখি হৈছিল। কমেও একাখিটো পঠিয়াব পাৰিলেহেঁতেন। আমিও তেনে কৰিম, আমাৰনো দৰদটো কিহলৈ বেছি?'
শইকীয়াই ক’লে— ‘হেৰা, দিয়া যদি আখি নভগাকৈ একাখি দিয়া। প্ৰতিশোধ ল'বলৈ কল দিব নালাগে নহয়! দত্তইতো আমাক কল খুজিব অহা নাই। আমিও খোজা নাছিলোঁ৷ গতিকে কলেৰে প্ৰতিশোধ লোৱাৰ যুক্তি নাই।'
এইবাৰ ঘৈণীয়েকে ক'লে— ‘হ'ব হ'ব, লেকচাৰ মাৰিব নালাগে। কাক কি দিব লাগে, মইও হিচাপ কৰিব পাৰোঁ। দত্তহঁতলৈ কি দিব লাগে, মই দিম। আপুনি চিন্তা কৰিব নালাগে।’
পিছদিনা সন্ধিয়া ঘৰত বনকৰা ছোৱালী মালতীৰ হাতত শইকীয়ানীয়ে দত্তহঁতলৈ বুলি দহটা কল পঠিয়াই দিলে। মালতীয়ে লৈ গৈ থাকোঁতে বাটে বাটে ভাবি গ’ল— ‘সেইজনীয়েতো মোক কল খাব নিদিয়েই, দিলেও এটা বা দুটাহে দিব! মোৰ কিবা বুদ্ধি নাই নেকি? ময়ো পোতক তুলিব পাৰোঁ। এই ভাবি তাই কলকেইটা লৈ এডাল গছৰ তলত জোপোহাৰ আঁৰ লৈ ফটাফট কলৰ বাকলি গুচাইছে আৰু মুখত ভৰাইছে।
মালতীৰ কাণ্ড দেখি আছিল গছৰ ওপৰৰপৰা এটা বান্দৰে। সি হৰহৰাই নামি আহি মালতীৰ আগত বহিল। মালতীয়ে ভয়তে উচাপ খাই চিঞৰি দিলে। বান্দৰে ক'লে— “তই ভয় খাব নালাগে। তোৰপৰা মই জোৰ কৰি কল নিনিওঁ। তই নিজ ইচ্ছাৰে কি দিয় দে, নহ'লে কিন্তু মই গৈ কৈ দিম।' মালতীয়ে অলপ সাহস পাই লগে লগে ক'লে— ‘নক’বি মোৰ সোণাই। কলতো দিমেই, তই যি খোজ তাকে দিম। তথাপি তই নক’বি। ক'লে মোক সেইজনীয়ে আজিয়েই কোবাই-ধুবাই খেদি দিব।' এইবুলি তাই বান্দৰক চাৰিটা কল দিলে। বান্দৰে বৰ তৃপ্তিৰে খাই মালতীক ক'লে— ‘তেনেহ'লে আজিৰেপৰা আমি দুয়ো বন্ধু হ'লোঁ। মই তোক যি সহায় কৰিব লাগে কৰিম। তই মাথোঁ এনেদৰে মোক খুৱাই থাকিব পাৰিবিনে? শইকীয়াৰ ঘৰত কল ক'ত ৰাখে কচোন।'
মালতীয়ে ক'লে— ‘পাকঘৰৰ কাষৰ ধোঁৱা চাংখনতে আছে। তই দুপৰীয়া ভেণ্টিলেটৰখনলৈ আহি বহিবি। মই তোক তাতে কল দিম আৰু দুপৰীয়া ভাত[ ৪৮ ] পানী খাই গিৰীহঁতনী শুই পৰিলে আমি দুয়ো মিলি ভাত খাম। মই আজিৰ পৰা সদায় তোলৈও ভাত ৰান্ধিম।' এনেদৰে কথা-বতৰা হৈ দুয়ো আনন্দৰে কল খাই গুচি গ'ল।
মালতীৰপৰা খবৰ পাই বান্দৰে আৰু পিছদিনা দুপৰীয়ালৈ অপেক্ষা কৰি থাকিব নোৱাৰিলে। সি সন্ধিয়াতে কোনেও গম নোপোৱাকৈ পাকঘৰৰ ভেন্টিলেটৰখনেৰে সোমাই পাৰেমানে কল খালে আৰু বাকী থকা কেইআখিমান দাঙি লৈ গুচি গ'ল। পিছদিনা পুৱা শইকীয়ানীয়ে কল আনিবলৈ গৈ দেখে যে কল কোনোবাই খাই শেষ কৰি থৈছে; কেৱল বাকলিবোৰ পৰি আছে। শইকীয়ানী নিশ্চিত হ'ল যে এইটো বান্দৰৰে কাম। মালতীয়ে ইমানবোৰ কল অকলে খাব নোৱাৰে। তেওঁ গৈ এই দুখৰ বাতৰি গিৰীয়েকক দিওঁতে গিৰীয়েকে ক'লে— ‘একো বেয়া হোৱা নাই দিয়া। পাপৰ ধন পৰাচিতত যায়। দত্তহঁতক দুআখি নিদিলা। এতিয়া বান্দৰে খালে। শইকীয়ানীয়ে মুখেৰে ছিঃ ছিঃ, হায় হায় কৰি চকুপানী টুকিলে।
(২)
এইফালে প্ৰতিদিনে বান্দৰে দুপৰীয়া আহি মালতীয়ে ভাত ৰন্ধা চাই থাকে। সি দেখিলে মালতীয়ে ঘৰৰ কাম আটাইবোৰ কৰি-মেলি, ভাত-পানী ঘৰৰ সকলোকে ৰান্ধি খুৱাইহে তাই খায় আৰু বাচন-বৰ্তন ধুই-মেলি ওলাই যায়। গিৰীহঁতনীয়ে ত্ৰিণকূটা এডোখৰো নিজে নকৰে, সকলো মালতীয়ে কৰিব লাগে। তাৰ বৰ দুখ লাগে।
মালতীয়ে দুপৰীয়া গিৰীহঁতক ভাত-পানী দিলে। খাই-বই উঠি একো কাম নকৰাৰ ভাগৰটো পলুৱাবলৈ তেওঁলোক বিছনাত উঠে। সেই সময়তে মালতীয়ে বান্দৰৰ সৈতে ভাত খাবলৈ বহে। এনেদৰে সদায়ে দুয়োৱে ৰংমনে, মুকলি মনে খাই-বৈ থাকিবলৈ ধৰিলে। এদিন বান্দৰে মালতীক ক'লে— ‘মালতী, তোৰ আৰু মোৰ মন মিলে। তোকো নাই নিওঁতা, মোকো নাই দিওঁতা। গতিকে ময়ে পিন্ধা ওঁ তোক সেন্দূৰৰ সেওঁতা।' মালতীয়ে লাজ লাজকৈ অলপ পৰ তলমূৰ কৰি থাকি ক'লে— ‘মই হ’লো নৰ, তই হ'লি বান্দৰ। তই থাক গছত, মোক লাগে ঘৰ। কেনেকৈ হ'ব পাৰ তই মোৰ বৰ?’
বান্দৰে ক’লে— ‘চিন্তা নকৰিবি বৰ। মোৰ গছৰ তলতে তোক বান্ধি দিম ঘৰ; দিনে-ৰাতি মই দিম তোক পৰ। তই মাথোন বিয়াখন পতাৰ উপায় কৰ, কৰ খৰধৰ। পলম নকৰিবি বৰ।
এইবুলি কৈ বান্দৰ গুচি গ'লত মালতীয়ে বাচন-বৰ্তন হাতত লৈ মূৰেৰে চিন্তা [ ৪৯ ] কৰিবলৈ ধৰিলে। এখন বাচন ধোৱে আৰু অলপ চিন্তা কৰে। দুবাৰমান বাচন সুলকিও পৰিল। তৃতীয়বাৰ মানত হাতৰপৰা পৰি গিলাচ এটাও ভাঙিল। ভাঙিল যদি ভাঙিল, কিবা তাইৰ যাবনে? আজি তাইৰ সেইবোৰৰ প্ৰতি খেয়াল নাই। তাইক বান্দৰে বিয়া কৰাব, তাইৰ ভৱিষ্যত কি হ'ব, মানুহে কি বুলিব— এটা নাভূত- নাশ্ৰুত প্ৰস্তাৱত আজি তাই চিন্তাক্লিষ্ট। আনহাতে বান্দৰত বাহিৰে ইমান মৰম দেখুওৱা তাই আন কাকোৱে পোৱা নাই। গিৰীহঁতনী হৈছে ঠেঙত ঠেং তুলি খোৱা; তেওঁলোকৰ তাইৰ বাবে ভাবিবৰ সময় নাই।
এইবোৰ ভাবি-চিন্তি তাই গৈ বিছনাত উঠিল। কোঠাৰ দুৱাৰখন বন্ধ কৰি ল'লে। শুলে, কিন্তু টোপনি নাহে। বাৰে বাৰে তাইৰ বান্দৰৰ সেই সুন্দৰ চেহেৰা, গোলপীয়া মুখখন, তাৰ মিঠা মিঠা বচনবোৰ তাইৰ চকুৰ আগত, মনৰ মাজত ভাঁহি উঠে। এনেকৈয়ে সন্ধিয়া হ'ল। গিৰীহঁতনী উঠি সন্ধিয়াৰ চাহ কৰিবলৈ মালতীক মাতেহে মাতে। চিঞৰি মাতে, দুৱাৰত ঢকিয়াই মাতে, চিটকানিটো খৰক-মৰক কৰি মাতে; খিৰিকীত ঢকিয়াই মাতে— তথাপি মালতীৰ মাত নাই। এইবাৰ শইকীয়া উঠি আহি মিঠা সুৰত মাতিলে— 'আই ঐ মালতী! কিনো কৰিছ আই! অলপ ওলাই আহ। চাহ একাপ খাবলৈ বৰ মন গৈছে অ...।' মালতীয়ে খপংকৈ দুৱাৰখন খুলি একেচাবে পাকঘৰত সোমাই গ'ল। খিটিং-খাটাং, লচ-পচ কৰি চাহ কৰি দি গিৰীহঁতক দি ক’লে— ‘মোৰ গা ভাল নহয়, মোক নামাতিব, মই শুলোঁ’– এইবুলি তাই পুনৰ শোৱনি কোঠাত সোমাল। ৰাতিৰ ভাতসাঁজ ৰান্ধিবলৈও নুঠিল। গিৰীহঁতনীয়ে যেনিবা সেইদিনা দালিত আলু দি পিটিকা কৰি ৰাতিৰ সাঁজ অটালে।
পিছদিনা পুৱাও মালতী নুঠেহে নুঠে। শইকীয়ানীয়ে ‘এইৰনো কিডাল জ্বৰ হৈছে, চাওঁগৈ ৰহ' বুলি মালতীৰ কোঠাত সোমাল। মালতী উঠি-বহি আছিল। তাই শইকীয়ানী যোৱা দেখি ঘপহকৈ বিছনাত শুই পৰি সিমুৱা দিলে। শইকীয়ানীয়ে তাইৰ গাত হাত দি চালে। নাই, জ্বৰৰ নাম-ধুম নাই। তেন্তে কি বেমাৰ? তেওঁ তেওঁৰ স্বাভাৱিক নম্ৰ মাতেৰে ক'লে— ‘ঐ মৰতী, কি হৈছে নক’ৱ কিয়। শুই- বহি থাকিবলৈ মই তোক ৰখা নাই নহয়। হয় ক, নহয় যা। তই নহ'লে চলিব নোৱাৰিম বুলি ভাবিছ নেকি? চলি আছোঁ, চলি থাকিম।' মালতীৰ মাত নাই। এইবাৰ শইকীয়ানীয়ে তাইৰ গাটো জোৰকৈ ঠেলা মাৰি ক'লে— ‘শুনিছনে নাই তই মৰতী, ক’বি নে নক’ৱ ভাঙি-পাতি? ক'ৱ যদি ক, নক’ৱ যদি যা।’
এইবাৰ মালতীয়ে একেচাবে উঠি বহিল আৰু শইকীয়ানীক পিছমুখ দি বহি ভেঁকাহি মাৰি ক'লে— ‘আমাৰ কথা হ'লে কোনেও চিন্তা নকৰে। নিজে ঘৰ- সংসাৰ কৰি সুখত আছেতো?' শইকীয়ানীয়ে শুনি আচৰিত হ'ল— ‘এইটো আগেয়ে [ ৫০ ] এনে ডাঙৰ কথা কেতিয়াও কোৱা নাই। অ' তাৰ মানে এইক বিয়াৰ দাহে ধৰিছে!' এই ভাবি তেওঁ ক'লে— ‘তোৰ কথা কি চিন্তা কৰা নাই অ'? আমি তোৰ বিয়াৰ কথা ভাবিছোঁ। পিছে দৰা পাওঁ ক'ত? তোৰ যোগ্যৰ ল'ৰা এটা লাগিবতো! চাকৰণীক কোনেও বিয়া কৰাব নুখুজে।'
এইবাৰ মালতীৰ সুযোগ ওলাল। তাই কৈ পেলালে— ‘নালাগে মোৰ বাবে ল'ৰা চাব। সৌ বাৰীৰ গছৰ ওপৰতে এটা বান্দৰ থাকে। সি মোক ভাল পায়। দিয়া যদি তালৈকে দিয়া। মানুহকহে যে বিয়া কৰাব লাগে, তাৰ কোনো নিয়ম নাই। এই কথা শুনি শইকীয়ানীয়ে হাঁহি ৰাখিব নোৱাৰিলে। তেওঁ ক'লে— 'ও! মোৰ সেই কল খোৱা বান্দৰটো? তয়েই বোধকৰোঁ মোৰ কলসোপা দিলি, নহয়নে?' মালতীয়ে ক’লে— মই দিয়া নাই, সি নিজেই নি খাইছে। তাকেই মই বিয়া কৰাম।' শইকীয়ানীয়ে ভাবিলে, তাই যদি সঁচাকৈয়ে সেইটোত মন মেলিছে, দিয়াতনো লোকচান কি? তাইৰ মতেই দিম। অন্ততঃ এই ঘৰত থাকিতো কাম-বনখিনি চম্ভালি থাকিব।' এই ভাবি তেওঁ বান্দৰত বিয়া দিম বুলি কথা দিলে। মালতীয়ে আনন্দতে উঠি আগৰ দৰে কাম-বন কৰিবলৈ ধৰিলে।
এদিন উকীল এজন মাতি অনা হ'ল। বান্দৰকো মাতি আনি ধূতী-গামোচা পিন্ধালে, কপালত ফোঁট দি আৰু মূৰত ফুলৰ মালা দি দৰা সজালে। এইফালে মালতীকো পাটৰ ৰিহা-মেখেলা চাদৰ পিন্ধাই কইনা সজালে। বান্দৰৰ হাতত ৰুমাল এখন দি সেইখন নাকত ধৰি থাকিবলৈ শিকাই দিয়া হ'ল— যাতে মানুহে তাক লাজ কৰি থকা বুলি ভাবে। উকীলে বিয়াখন পঞ্জীভুক্ত কৰিলে। ওচৰ-চুবুৰীয়াক মাতি আনি চাহ, বিস্কুট, ৰসগোল্লা, চিঙাৰা আদিৰে অতিথিক আপ্যায়ন কৰা হ'ল। বিয়াৰ পাছত গাত পাটৰ সাজ, মূৰত সেন্দূৰৰ ফোঁট, টিনৰ বাকচ এটাত কেইযোৰমান কাপোৰ, দৰাৰ বাবে কেইটামান কল আৰু মিঠাই এটোপোলা লৈ মালতী গ’ল বান্দৰ স্বামীৰ ঘৰলৈ।
ইতিমধ্যে বান্দৰে মালতীৰ বাবে গছৰ তলতে এটা জুপুৰি ঘৰ সজাই থৈছিল। তাইক তাতে থ’লে। বান্দৰে নিতৌ খৰি লুৰি আনি দিয়ে, চাউল, দালি, তৰকাৰী আদি অ’ৰ-ত'ৰ পৰা গোটাই আনি দিয়ে। মালতীয়ে ৰান্ধে আৰু দুয়োটাই এইদৰে ৰং-ধেমালি কৰি খাই-বৈ থাকে।
এদিন এজনী বুঢ়ী আহিল মালতীৰ ওচৰলৈ ভিক্ষা কৰিবলৈ। মালতীয়ে বুঢ়ীক বৰ আদৰ-সৎকাৰ কৰি চাউল এমুঠি দিলে। বুঢ়ী মালতীৰ অভ্যৰ্থনা দেখি বৰ সন্তুষ্ট হ'ল। তাই মালতীৰ মুখলৈ চাই ক’লে— ‘আই, তই বৰ লক্ষ্মীযুক্তা, ভাগ্যৱতী। তোৰ ভাগ্যৰ বলতহে এনে সুঠাম-সুন্দৰ জোঁৱাই পাইছ।' মালতীয়ে ক'লে— 'আই, [ ৫১ ] তুমি মোক ঠাট্টা নকৰিবা। তুমিতো মোৰ স্বামীক দেখাই নাই। মোৰ স্বামী ভাল ঘৰৰ বুলিনো কেনেকৈ ক'লা? তেওঁ এটা বান্দৰহে, নৰমনিচ নহয়। হ'লেও তেওঁ মোক সুখতে ৰাখিছে। মোৰ মাত্ৰ দুৰ্ভাগ্য যে তেওঁ মানুহ নহ'ল।'
বুঢ়ীয়ে মালতীৰ কথা শুনি ক'লে— ‘নহয় আই, মই তোক ঠাট্টা কৰা নাই। আচলতে তেওঁ ভাল ঘৰৰ ল'ৰা। মই আচল কথা কওঁ শুন। ইয়াৰপৰা দুমাইল আঁতৰৰ ৰামপুৰত মংগলা নামৰ এজন ভাল খেতিয়ক আছিল। তেওঁৰ একেজন ল'ৰা। মাটি-বিত্তিও ভালেখিনি আছে। তেওঁৰ গাঁৱৰে আন এজন চিত্ত লিগিৰা নামৰ খেতিয়ক আছে। চিত্তৰ তিনিজনী দাংকাটি ছোৱালী। লিগিৰাও বৰ দুষ্ট প্ৰকৃতিৰ লোক। হিংসুক, আনৰ ভাল দেখিব নোৱৰা, কলহপ্ৰিয় লোক। ওচৰ-চুবুৰীয়া কেৱে চিত্তক ভাল নাপায়। মংগলাৰ মাটি-সম্পত্তিৰ মালিক হ'বলৈ চিত্তই বিবুদ্ধি কৰি তেওঁৰ ডাঙৰ ছোৱালীজনীক মংগলাৰ ল'ৰাত বিয়া দিবলৈ খুজিলে। পিছে মংগলাই লিগিৰাৰ ছোৱালীক বোৱাৰী কৰিবলৈ মান্তি নহ'ল। তেওঁৰ বাকী দুজনী ছোৱালীও ইতিমধ্যে ক'ৰবালৈ গুচি গৈছে। ছোৱালী বিয়া নকৰোৱাৰ প্ৰতিশোধ ল'বলৈ লিগিৰাই এদিন মায়ঙৰপৰা বেজ মতাই আনি কুমন্ত্ৰ কৰি মংগলাৰ ল'ৰাক বান্দৰ সজালে।’
কথাখিনি শুনি মালতী বজ্ৰ পৰাৰ দৰে হ'ল। তাই এই শাপৰপৰা গিৰীয়েকক কেনেকৈ উদ্ধাৰ কৰিব পাৰি, তাৰে উপায় দিবলৈ বুঢ়ীক খাটনি ধৰিলে। বুঢ়ীয়ে অলপ তলকা মাৰি ক'লে— ‘শুন তেনেহ'লে। মংগলাৰ ঘৰৰ পূবফালে থকা ভেটিৰ তলত এটা কাপোৰৰ টোপোলা আছে। সেই টোপোলাত কুমন্ত্ৰ কৰা কিছুমান বস্তু আছে। তই যদি বস্তুখিনি খান্দি উলিয়াই জুইত পুৰিব পাৰ, তেন্তে সি পুনৰ মানুহ হ'ব।'
ৰামপুৰ গাঁও ক'ত মালতীয়ে নাজানে। তাই সেইদিনাই সন্ধিয়া বান্দৰ স্বামীক লৈ শইকীয়াৰ ঘৰলৈ গ'ল আৰু শইকীয়াক সকলো কথা ভাঙি-পাতি ক’লত শইকীয়াই পিছদিনা যাম বুলি ক'লে।
পিছদিনাখন ৰাতিপুৱা মালতী, তাইৰ গিৰীয়েক আৰু শইকীয়া-শইকীয়ানীয়ে ৰামপুৰ গাঁও পাই সুধি সুধি মংগলা বায়নৰ ঘৰ উলিয়ালে। ইতিমধ্যে মংগলা বায়নৰ মৃত্যু হৈছে। ঘৰত অকল বিধৱা ঘৈণীয়েকজনী আৰু ছোৱালীজনী আছে। শইকীয়াহঁত গৈ পোৱাত মংগলাৰ পত্নীয়ে তেওঁৰ দুখৰ কথা বৰ্ণালে। তেওঁলোকে কথা পাতি থাকোঁতেই মালতীয়ে মনে মনে উঠি গৈ ঘৰৰ পূবফালে থকা ভেটিটো কোৰেৰে খান্দি থাকোতে সঁচাকৈয়ে পালে এটা কাপোৰৰ টোপোলা। তাই উধাতু খাই ল'ৰি আহি মংগলাৰ মাক আৰু শইকীয়াহঁতক সেই টোপোলাৰ কথা ক'লে। মালতীৰ [ ৫২ ] কথাত সকলো হতভম্ব হৈ পৰিল। তাই প্ৰমাণ দেখুৱাবলৈ খেৰেৰে একুৰা জুই ধৰি টোপোলাটো খুলিলে। তাত পালে একোচা চুলি, এডাল বান্দৰৰ হাড়, এটা মেকুৰীৰ দাঁত, অলপ সেন্দূৰ আৰু কিবা গছৰ শিপা কেইডালমান। তাই সেইবোৰ লৰালৰিকৈ জুইত জাপি দিয়াৰ লগে লগে বান্দৰ জোঁৱাই ধাকৈ মাটিত পৰি ছটফটাবলৈ ধৰিলে আৰু লাহে লাহে মানুহ হ'ল। মংগলাৰ ঘৈণীয়েকে দেখি অবাক। তাইৰ অতবছৰে সন্ধান নোহোৱা পুত্ৰক দেখি একেজাঁপে গৈ— ‘মোৰ বোপা শান্তনু ঐ। তই মোক এৰি ক'লৈ গৈছিলি ঐ!! তোৰ এনে বিলাই কোনে কৰিলে অ' মোৰ সোণাই' বুলি পুতেকক বুকুৰ মাজত লৈ হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। মাকৰ বুকুৰ উম পাই শান্তনু সুস্থিৰ হ'ল। সি চকু মোহাৰি মাকক চিনি পাই কান্দিবলৈ ধৰিলে।
মালতীয়ে তেতিয়া কি কাৰণে শান্তনু তেনে হৈছিল, বুঢ়ীয়ে কোৱামতে সকলো বৰ্ণালে। সকলোৱে মালতীৰ বুদ্ধি দেখি আনন্দ পালে। শান্তনুৰ মাকে মালতীক— ‘মোৰ লক্ষ্মী আই, তইহে মোৰ ল'ৰাক বচালি, তইহে মোৰ আচল বোৱাৰী, মোৰ বুকুৰ জী, তোক মই আৰু যাব নিদিওঁ' বুলি মালতীক সাবটি ধৰি এশটামান চুমা খালে। তাৰ পাছত তাইক পুতেকৰ হাতত ধৰাই পুনৰ মনৰ হেঁপাহ পলুৱাই বিয়া পাতি দিলে। শান্তনুৰ মাকে সেইদিনা শইকীয়াহঁতকো দুপৰীয়া মাছ, মঙহ, দৈ, শাক, কলাখাৰ, বেঙেনা ভজা, কলডিলৰ চৰ্চৰি, পদিনাৰ চাটনী, দৈ-ৰসগোল্লা আদি বিবিধ ব্যঞ্জনেৰে ভোজন কৰাই পুত্ৰ-বোৱাৰীক নতুন কোঠা এটা দিলে।
সন্ধিয়া শইকীয়াহঁত যাবৰ পৰত কোননো এইজন চিত্ত লিগিৰা, চায়েই যাওঁ বুলি সুধি সুধি তেওঁৰ ঘৰ ওলাল। ঘৰৰ দুৱাৰমুখ পাই শইকীয়াই মাতেহে মাতে, কোনো ওলাই নাহে। ঘৰ-দুৱাৰৰ অৱস্থা বেয়া। চোতাল-ঘৰ আদি সৰা-মচা বুলি ক'ব নোৱাৰি। চাৰিওফালে কেঁচুৱে মাটি তুলিছে। অলপ সময় থকাৰ পাছত গাঁৱৰ পিনৰপৰা এজন ল'ৰা আহি শইকীয়াহঁতক ক'লে— 'লিগিৰা আতা ভিতৰতে আছে। উঠিব নোৱাৰে। কিবা বোলে ভৰিৰ বিষ, কঁকালৰ বিষ হৈছে। ডাক্তৰে কৈছে কিবা বোলে কেঞ্চাৰো হৈছে। আপোনালোক ভিতৰলৈ ব'লক। তাতে কি কয় ক’ব।’
শইকীয়াহঁত সোমাওঁ-নোসোমাওঁকৈ দুৱাৰমুখ পাওঁতেই এটা ভেঁকেটা-ভেকেট গোন্ধ পাই নাকত ৰুমাল ল'লে। এনেতে লিগিৰাই ভিতৰৰপৰা কেঁকাই কেঁকাই ক'লে— ‘কোন আপোনালোক? ওচৰলৈ নাহিব। মই আপোনালোকক বহিবলৈ ক'ব নোৱাৰোঁ। ছোৱালী তিনিজনী ক'ৰবালৈ গুচি গৈছে। মাকজনীও মৰিল। এতিয়া মোক চাওঁতা কেও নাই। গাঁৱৰ মানুহেও মোক পিঠি দিছে। মোৰ জীৱনত কৰি অহা পাপৰ ফল ভোগ কৰিছোঁ। শান্তনুৰ ল'ৰাই পুনৰ মানুহ হোৱা খবৰটো পাই মই সুখী হৈছোঁ। মোৰ কাৰণেই সি বেচেৰাই বহুত দুৰ্ভোগ ভুগিলে। তাৰ ভাল হওক, [ ৫৩ ] বোৱাৰীৰ সৈতে সুখে থাকক। আপোনালোক যাওক। দূৰৈৰ পৰাই নমস্কাৰ।'
শইকীয়া শইকীয়ানীয়ে সকলো বুজিলে। তেওঁলোকে একো নামাতিলে। নাকত ৰুমাল দি ওলাই আহি বাটত শ্বাস ল'লে। তেওঁলোক ঘৰমুৱা হ'ল। পুনৰ ক'লে— ‘মালতী, শান্তনু। তহঁত সুখেৰে থাক।' [ ৫৪ ]ভজা মাছৰ কাঁইট
এখন গাঁৱত হৰকান্ত নামৰ এজন গোৱাল আছিল। তাৰ ঘৰত আছিল তাৰ ঘৈণীয়েক আৰু এটা মেকুৰী। ল'ৰা-ছোৱালী নথকাত হৰকান্ত আৰু ঘৈণীয়েকে মেকুৰীটোকে বৰ মৰম কৰিছিল। গাখীৰ বিক্ৰী কৰিও কিছু গাখীৰ তাক নিতৌ খাবলৈ দিছিল, খাবৰ পৰত সিহঁতে তাক কাষত বহুৱাই আঞ্জাসনা ভাত আৰু গোটে গোটে ভজা মাছ দিছিল। এনেদৰে মৰম পাই মেকুৰীটোও নোদোকা হৈ পৰিছিল। সি আনন্দেৰে ঘৰৰ নিগনি, পঁইতাচোৰা আদি মাৰি খাই গৃহস্থক সেইবোৰৰ উৎপাতৰপৰা সকাহ দিছিল। এনেকৈয়ে সি মহাসুখেৰে দিন নিয়াইছিল।
এদিন হৰকান্তৰ এটি ল'ৰা উপজিল। তাৰ কিছুদিন পাছলৈ সকলো ঠিকে- ঠাকেই চলিছিল। পাছত ল'ৰাটোক গাখীৰ খুৱাবলগীয়া হোৱাত গৃহিণীয়ে মেকুৰীটোক দিবলগীয়া গাখীৰখিনি ল'ৰাটোক খুৱাবলৈ ধৰিলে; সদায়ে খুৱাই থকা গোট ভজা মাছৰ সলনি মাছৰ কাঁইটবোৰহে তাৰ ভাগত পৰা হ'ল। আগতে মেকুৰীটোক কাষত বহুৱাই ভাত খুৱাইছিল, এতিয়া ল'ৰাটোকহে কোলাত লৈ খুৱায়। মুঠতে মেকুৰীটোৰ প্ৰতি গিৰীহঁতৰ আকৰ্ষণ কমি গ'ল। দিনে দিনে ক্ষীণাই যাবলৈ ধৰিলে, সি বিমৰ্ষ মনেৰে ঘৰৰ এচুকত বহি কটাবলৈ ধৰিলে।
এদিন হৰকান্তই গাই খীৰাই থাকোঁতে গাঁৱৰ বুদু বায়ন আহিল। হৰকান্তই দেখি সুধিলে— 'কিহে বায়ন! আজি বহুত দিনৰ মূৰতচোন দেখা দিলা! ক’তো ওজাপালিৰ নিমন্ত্ৰণ নাই নেকি?”
বায়নে ক'লে— “কি ক’বা হৰোকাই! আজি প্ৰায় এমাহে বহিলোঁ। মানুহে নাম- ওজাপালি মাতিবই এৰিলে। আমাকচোন পছন্দই নকৰে। পূজাই-পাৰ্বণে ঢুলীয়া, ওজাপালি, যাত্ৰাৰ সলনি ঢাক, ৰক সংগীত আৰু কিবা বোলে ব্ৰেক ডেন্স নে কি— সেইসোপা মাতে। আগতে আমাৰ এই বিদ্যাটোকে লৈ দুই-চাৰি পইচা উপাৰ্জন কৰিছিলোঁ। এতিয়া তাৰো মুদা মৰিল। খেতি কৰিবলৈতো মাটি নায়েই। উপায় নোপোৱাত পৰিছোঁ।
হৰকান্ত— কথাটো ময়ো টং নকৰা নহয়। পিছে মোৰো অৱস্থা দিনে দিনে পৰি [ ৫৫ ] আহিছে। গাই দুজনী পুৰণি হ'ল, গাখীৰ নোলায়েই। যিকণ ওলায় তাৰেও আধা ল'ৰাটোক খুৱাবলৈ লাগে। বিক্ৰী কৰিবলৈ নাথাকেই। কি যে কৰোঁ উপায়েই পোৱা নাই।
এইবুলি হৰকান্তই খীৰোৱা গাখীৰখিনি ভিতৰলৈ লৈ যাবলৈ ঘৈণীয়েকক মাতিলে আৰু বুদু বায়নক বহিবলৈ দিলে। তাৰ পাছত নিজেও এটা মুঢ়াত বহি তামোলৰ বঁটাটো আগত ল'লে। তলমূৰকৈ তামোল কাটি থাকিয়েই বায়নক সুধিলে— পিছে এতিয়ানো কি কৰিম বুলি ভাবিছা?'
বায়নে অলপ তলকা মাৰি ক'লে— ‘কথা এটা ভাবিহে তোমাৰ ওচৰলৈ আহিলোঁ। তুমি বা কি মত দিয়া?' হৰকান্তই ক'লে— ‘কোৱাচোন বাৰু, নুশুনিলেনো মত দিব পাৰিনে?’
বায়নে পুনৰ ক'লে— ‘হেৰি মানে, কথাটো হ'ল, বৰবিলৰ কাষত কেইপুৰামান চৰকাৰী মাটি আছে। হাবি-জংঘলে আৱৰি আছে। গাঁৱৰ ফলিন, গেন্ধেলা, কাশী আদি কেইজনমানে তাতে দখল কৰাৰ মন মেলিছে। মই ভাবিলোঁ তুমিয়ে-ময়ে কেইবিঘামান মোকোলাই অলপ খেতি-বাতিকে কৰোঁ। নহ'লেনো কেনেকৈ চলোঁ? পিছে তুমি কি কোৱা?'
হৰকান্তই কিছুপৰ তলকা মাৰি থাকি বুদু বায়নৰ মুখৰ ফালে চাই এটা মিচিকিয়া হাঁহি মাৰিলে। সি ক'লে— ‘বৰ ভাল কথাটো ভাবিছাহে। ইমানদিনে মোৰ মূৰত কথাটো খেলোৱাই নাছিল। পিছে ডাঙৰ ডাঙৰ গছ কেইজোপামানো আছে নহয়। সেইবোৰ কাটি আজৰি নকৰিলে খেতি কৰিব পাৰিবা জানো? বায়ন— ‘সেইটোনো কি কথা। মন কৰিলেই ছন। এদিনতে হৈ যাব। কাশী, গেন্ধেলাহঁতো আছে নহয়, চিন্তা কিহৰ?' হৰকান্ত সৈমান হ'ল। সেইমতে গাঁৱৰ মানুহ কেইজনমান গোটাই বৰবিলৰ জংঘল চাফ কৰাৰ যো-জা চলিল।
ইফালে মেকুৰীটোৱে এইবোৰ আলোচনা শুনি আছিল। খাবলৈ নাপাই শুকাই- খীণাই সি ইতিমধ্যে দুৰ্বল হৈ পৰিছিল। জংঘললৈকে গৈ সৰু-সুৰা চিকাৰ কৰি খোৱাৰ কথা ভাবি সি চুচুক-চামাককৈ ওলাই গ'ল। গৈ গৈ সি বৰবিলৰ পাৰৰ শিমলু গছ এজোপাৰ তলত এটা নিগনি পাই তাকে ধৰি খাবলৈ আৰম্ভ কৰিলে।
সেই হাবিতে আছিল কেইটামান পোৱালিৰ সৈতে এজনী বাঘিনী, কেইটামান ম’হ, এজাক হৰিণ, বনগাহৰি আদি কিছুমান বনৰীয়া জন্তু। বাঘিনীজনীয়ে দূৰৈৰপৰা মেকুৰীটোক দেখি আচৰিত হ'ল— উৱা, এয়াচোন আমাৰ মাহী! ঘৰ এৰি জংঘলত? কি কথা, কি বাৰ্তা? এই ভাবি তাই আগবাঢ়ি আহি ওচৰ পায়েই ‘মাহী' বুলি মাত দিলে। মেকুৰী উচাপ খাই উঠিল। চোবাই থকা নিগনিৰ হাড়ডাল তপৰকৈ মুখৰপৰা [ ৫৬ ] সৰি পৰিল। মূৰটো ঘূৰাই দেখে বাঘিনী ভাগিনী। তেতিয়াহে স্বস্তিৰ নিশ্বাস পেলাই মিচিকিয়াই হাঁহি মাৰি ক'লে— 'অঁহে ভাগিনী, ময়েই। মোৰ দুখৰ কথানো কি ক’বা। ঘৰ এৰি ইয়ালৈ আহিবলৈ বাধ্য হ'লোঁ। পিছে তোমাক পাম বুলি ভবাই নাছিলোঁ।'
এনেদৰে কথা আৰম্ভ কৰি মেকুৰীয়ে তাইৰ দুৰ্ভাগ্যৰ কথা সকলো বৰ্ণালে। প্ৰসংগতে ক’লে— ‘জানানে ভাগিনী! এতিয়া সেই জহনীত যোৱা হৰকান্তই গাঁৱৰ মানুহ গোটাই এই জংঘল চাফ কৰি খেতি কৰাৰ মতলব কৰিছে। খেতি চোৱাচিতা কৰিবলৈ সিহঁতে বোলে ইয়াত ঘৰ-দুৱাৰো সজাব।'
কথাষাৰ শুনি বাঘিনী উঠিল দাং খাই। ক'লে— “কি কোৱাহে ভাগিনী তুমি? উহ্― এনে কথা হ'ব পাৰেনে? এই জংঘল কাটিলে আমি যাওঁ ক'লৈ। মোৰ এই পোৱালি চাৰিটাক ক'লৈ নিওঁ? অত বছৰে এইখন হাবিতে আমি ৰং-ধেমালি কৰি খাই-বৈ আছোঁ, আজি সিহঁত ওলাল হাবি চাফ কৰিবলৈ? ইমানেই সিহঁতৰ অতপালি হ'লনে? আমিওতো জীৱ, আমাকোতো ভগৱানে স্ৰজিছে। হায় ভগৱান, ক’তে মৰোঁ...' বুলি কৈ তাই হাওহাওকৈ কান্দিবলৈ ধৰিলে।
মাহীয়েকে ক’লে— ‘ভাগিনী! নাকান্দিবা, ধৈৰ্য ধৰা। আমি দুৰ্বল যেতিয়া এইবিলাক অত্যাচাৰ সহিবই লাগিব। ধৈৰ্যই আমাৰ শক্তি।'
বাঘিনীয়ে ক'লে— ‘ধৈৰ্যই শক্তি নহয় অ’ মাহী। ধৈৰ্য আমাৰ দুৰ্বলতা। ইয়াৰ আগতেও এই মানুহ বোলা প্ৰাণীটোৱে আমাৰ বহুত অনিষ্ট কৰিছে। এই জংঘলৰ হৰিণ, গাহৰি আদি মাৰি খাইছে। মোৰ স্বামীকো গুলীয়াই মাৰি তাৰ ছাল, নখ, দাঁত আদি লৈ গৈছে। ইমানতো আমি অসহায়ভাৱে ধৈৰ্যকে ধৰি আছোঁ। এতিয়া আৰু এই পোৱালিকেইটাৰ মুখলৈ চাই ধৈৰ্য ধৰিব পাৰোঁনে? তথাপি তুমি কৈছা যেতিয়া সকলোকে মাতি কিবা এটা সিদ্ধান্ত লোৱা যাওক।'
মেকুৰীয়ে ক'লে— ভাল কথা, কিবা এটা সিদ্ধান্ত কৰা। মই যাওঁহে।' এইবুলি মেকুৰীটো গুচি গ'ল।
আবেলি পৰত বনৰ জন্তুবোৰৰ এখন সভা বহিল। সভাত বাঘিনীয়ে মেকুৰীৰপৰা শুনা কথাৰ বৰ্ণনা দিলে আৰু সকলোকে মতামত দাঙি ধৰিবলৈ পৰামৰ্শ দিলে। সভাত গুণ গুণ গান গান আৰম্ভ হ'ল। এনেতে হাতীটোৱে ক'লে— ‘মানুহ নামধাৰী এই দুঠেঙীয়া প্ৰাণীবোৰৰ অতপালি আমি বহুদিনৰপৰাই সহ্য কৰি আহিছোঁ। হাবিৰ গছ-গছনি কাটি আমাৰ থকা ঠাই আৰু খোৱা খাদ্যৰ হাহাকাৰ কৰি দিছে। এতিয়া আমি পেট ভৰাই দুডাল কলগছো খাবলৈ নাপাওঁ। গছবোৰৰ ডালবোৰ কাটি নি কিবা বোলে খৰি কৰি পোৰে। সেইবোৰৰ পাতৰপৰাও আমি বঞ্চিত হ'লোঁ। এতিয়া [ ৫৭ ] বাকী থকা হাবিকণতো সিহঁতৰ চকু পৰিছে। আমি আৰু সহ্য নকৰোঁ। সিহঁতকে খেতি-ঘৰ উচন কৰি অঘৰী কৰিহে এৰিম।'
হৰিণা এটাই তেতিয়া ক'লে— 'হাতীকাই, তোমাৰ গাত বল আছে, তেনে কৰিব পাৰিবা। কিন্তু আমি কি কৰোঁ? আমাক জংঘলতে সিহঁতে মাৰি খায়। আকৌ গাঁৱলৈ গ'লে জানো আমাক শুদাই এৰিব? আমাৰ ক'তো নিস্তাৰ নাই। গতিকে আমি অন্য ঠাইলৈ যোৱাহে ভাল হ'ব।'
তাকে শুনি শিয়াল এটাই ভেঁকাহি মাৰি ক'লে— ‘তই কলৈ যাবি অ’ ফুটুকী? পাহাৰলৈ? তাতো নাপাবি তোৰ স্থান। গোটেইখন সিহঁতে দখল কৰিছে। মই ৰাতি হাঁহ-কুকুৰা বিচাৰি বিচাৰি গোটেই সংসাৰ তহিলং কৰিলোঁ। ক'তো মই লুকাবলৈকে অলপ বন নাই। এনেস্থলত আন ঠাইত নিৰাপত্তা পাবি?'
বনগাহৰি এটাই থিয় হৈ ক'লে— ‘শিয়াল পেহাই কোৱা কথাটো মিছা নহয় তথাপি ইয়াত থকাটো সমীচীন নহয়। মই ভাবিছোঁ, আমি মানুহৰ মাজলৈ গৈ জংঘলী বেশ এৰি যদি সিহঁতৰ ঘৰচীয়া বেশ ধৰোঁ, তেহে কিজানি সকাহ পাম।
গাহৰিৰ কথা শুনি নেউল এটাই ধেকধেককৈ হাঁহি তিনি লুটি মাৰিলে। সকলোৱে তাৰ ফালে চালে। নেউলে ক’লে— ‘ঐ বনগাহৰি! তই মানুহৰ ঘৰলৈ গৈ ঘৰচীয়া হ’বি? এতিয়াৰ ঘৰচীয়া গাহৰিবোৰক দেখা পোৱা নাইতো! সেইকাৰণে তোৰ তেলৰ কামোৰ উঠিছে। তহঁতকো সিহঁতে খাব বাপ্পেকে। গৰম লোহা পেটত ভৰাই দি, গোটে গোটে জুইত পুৰি তহঁতৰ মাংস খাব। তেনে অত্যাচাৰত মৰিবলৈ তোৰ তেলে কামুৰিছে হ’বলা!' এইবুলি কৈ সি আকৌ হাঁহিবলৈ ধৰিলে।
এনেদৰে যেয়ে যি পাৰে মতামত দিলে যদিও কোনো উপায়ৰ সিদ্ধান্ত নোলাল বাঘিনীয়ে শেষত ক'লে— ‘তহঁতে কি কৰ ভাবি চা। মই কিন্তু পোৱালিকেইটাক লৈ বৰ্তমান ক’লৈকো যাব নোৱাৰোঁ। দেখা যাওক পৰিস্থিতি কি হয়। এইটো ঠিক যে মোৰ পোৱালিৰ কিবা এটা হ'লে মই কিন্তু দুঠেঙীয়াক ক্ষমা নকৰিম।'
হাতীয়ে ক'লে— ‘তহঁতে যি কৰ কৰি থাক। আমি কিন্তু আৰু সহ্য নকৰোঁ। এই জংঘল কাটি খেতি কৰিবতো নিদিওঁৱেই, আনকি সিহঁতক গাঁও-চহৰত থকাৰ মুদাও মাৰিম।' এইবুলি সি বেগাই প্ৰস্থান কৰিলে।
সেইদিনাই সন্ধিয়া হাতীটোৱে লগত এজাক হাতী লৈ গাঁৱত সোমাল, মানুহৰ খেতি-বাৰী খাই তহিলং কৰিলে। ঘৰ-দুৱাৰ ভাঙিও ভিতৰত থকা চাউল, দালি, তৰকাৰী-পাচলি আদি খাই গাঁও উচন কৰিলে। গাঁওবাসীৰ মাজত হুৱা-দুৱা লাগিল। হাতী খেদিবলৈ কোনোৱে জুইৰ জোঁৰ লৈ দৌৰিছে, কোনোবাই ফটকা ফুটাইছে, টিন-বৰকাঁহ বজাইছে, চিঞৰ-বাখৰ কৰিছে। পিছে হাতীয়ে সেইবোৰক কেৰেপেই [ ৫৮ ] নকৰিলে। বৰং মানুহৰ জুমৰপৰা কান্তেশ্বৰৰ ঘৈণীয়েকক টানি আনি শুঁড়েৰে ফালি- চিৰি মাৰি পেলালে। তাৰ পাছত গুৰু-গম্ভীৰ খোজেৰে গৈ পুনৰ হাবিত সোমাল।
এই ঘটনাৰ পিছদিনা ৰাইজমেল বহিল। হাতীৰ উপদ্ৰৱৰপৰা পৰিত্ৰাণ পাবলৈ আলোচনা হ'ল। কোনোৱে পৰামৰ্শ দিলে বোলে হাবিৰ চাৰিওফালে বিজুলী পৰিবাহী তাঁৰেৰে এখন বেৰ দিয়া যাওক, কোনোৱে ক'লে ডাঙৰ গছবোৰ কাটি তাৰে এখন মজবুত বেৰ হাবিৰ চাৰিওফালে দিয়া যাওক, কোনোৱে ক'লে সিহঁতক পাহাৰৰ ফালে খেদি পঠিওৱা হওক, কোনোৱে ক'লে— জংঘলবোৰ কাটি পেলালে সিহঁতে নিজে নিজেই গুচি যাব ইত্যাদি। হৰকান্ত আৰু বুদু বায়নহঁতেও এইবোৰ কথা শুনি আছিল। সিহঁতে একো মতামত নিদি ইটোৱে সিটোৱে চকুৰ টিপেৰে ইংগিত দি লাহে লাহে সভাৰ মাজৰপৰা ওলাই গ'ল আৰু এফলীয়াকৈ আলোচনা কৰিবলৈ ধৰিলে।
বুদু বায়নে ক'লে— ‘বুজিছা হৰোকাই! এওঁলোকে এইবিলাক যিমানে আঁচনি নকৰক, একো কৰিব নোৱাৰে। হাবিখন বেৰ দিয়া সহজ কথানে? তদুপৰি মানুহৰ ঘৰত দিবলৈ বিজুলী নাই আৰু সিহঁতে উলিয়াইছে হাতীক বাধা দিবলৈ বিজুলী তাঁৰ লগোৱাৰ কথা। শুনিলে হাঁহিয়ে উঠে।’
হৰকান্ত— অঁহে বায়ন! বাৰু, বেৰ দি হাতীক বন্ধ কৰিলাই, সিহঁতে মুক্তভাৱে বিচৰণ কৰিব নোৱাৰিলে উৎপাত বেছিহে হ'ব। গতিকে সিহঁতক তেনেকৈয়ে থাকিবলৈ দিয়া। গছ-গছনি লগাই সিহঁতৰ খাদ্যৰ ব্যৱস্থা কৰা! তেনেহে এটা কথা হ'ব লাগে।
বুদু— হওঁতে কথাটো হয়। এতিয়া পিছে আমাৰ সেই খেতি কৰা কথাটো কি কৰা?
হৰকান্ত— কৰিম। আমি এইফালে হাবি কাটিম, পিছপিনে গছ-গছনি লগাম। তেতিয়া জন্তুবোৰে আমাক ভাল পাব, আমাৰ বন্ধু হ'ব।
বুদু— হৈছে দিয়া হৰোকাই! তোমাৰো যে কথা, ‘হ’ব ছলি, বুলিব বাপ, তেতিয়াহে গুচিব মনৰ তাপ'ৰ লেখীয়া। নতুনকৈ গছ লগাবা, ডাঙৰ হ'ব, জন্তুবোৰ তালৈ যাব, তোমাৰ বন্ধু হ'ব! বোলো দহ বছৰতো সেইবোৰ নহ'ব। হেন জানি গছ লগোৱা কথা সদ্যহতে এৰা। আগেয়ে কম জংঘল থকা সন্মুখৰ মাটিখিনি চাফ কৰি লওঁ। লাহে-ধীৰে আগবাঢ়ি গৈ থাকিলেই হ'ল।
হৰকান্তই মানি ল'লে৷ পিছদিনাখন সিহঁত দহজনমান মানুহে দা, কুঠাৰ, কোৰ আদি লৈ বৰবিলৰ মাটি মোকোলাবলৈ হৈ ধ্বনি কৰি ওলাল। দিনটো কাম কৰোঁতে খাবলৈ লগত চাউল, দালি, তৰকাৰী, চাহ, চেনি, থাল, চৰু, হেঁতা আদি লগত লৈ গ'ল। চাহ-ভাতৰ যোগান ধৰাৰ পাল পৰিল টংকেশ্বৰৰ ওপৰত। মাটিৰ সীমা [ ৫৯ ] নিৰ্ধাৰণ কৰা হ'ল। আৰম্ভ হ'ল এফালৰপৰা গছ-গছনি কাটি তহিলং কৰাৰ কাম। হাবি কাটি কাটি মানুহবোৰ এখন গভীৰ অৰণ্যৰ কাষ পালে। তাতেই আছিল বাঘিনীৰ বাসস্থান। তাই মানুহৰ হুলস্থুল পাই লগে লগে পোৱালিকেইটাক আঁতৰ কৰি নি দূৰৰ জোপোহাৰ মাজত লুকুৱাই থ'লে। তাৰ পাছত সন্তৰ্পণে বহাৰ ভংগীমাত আগ ঠেং দুখনেৰে চুঁচৰি জোপোহাৰ আঁৰে আঁৰে আগবাঢ়িল। প্ৰতিশোধৰ দাবানল তাইৰ চকুত জ্বলি উঠিল। মানুহবোৰ আগবাঢ়ি তাইৰ বাসস্থানৰ কাষ পাওঁতেই একেজাঁপে আহি ধৰিলে এজনক। বাঘিনীৰ মূৰ্তি দেখি বাকীবোৰে হাত দা-কুঠাৰ থিতাতে দলিয়াই ‘খালে ঔ, খালে ঔ কৈ মাৰিলে ওভতনি দৌৰ।
থৰহৰি কম্পমান হৈ গাঁও পাই প্ৰত্যেকে নিজকে চাবলৈ ধৰিলে নিজে জীৱিত আছে নে বাঘে খালে। অলপ পাছতে হৰকান্তই সৰ্ব শৰীৰত তেজৰ ডোঙা লৈ কোনোমতে চুঁচৰি-বাগৰি আহি সেইখিনি পালে। সি খবৰ দিলে যে বুদু বায়নক বাঘে খালে। তাক বচাবলৈ যাওঁতে বাঘে তাকো আক্ৰমণ কৰি এনে দশা কৰিলে। সি কোনোমতেহে প্ৰাণটো বচাই সেইখিনি পালে।
ইতিমধ্যে মেকুৰীটোৱেও জংঘলৰপৰা আহি ঘৰৰ এচুকত ৰৈ থাকি মানুহবোৰৰ গঢ়-গতি চাই আছিল। সি মনতে ভাবিলে ‘হৰকান্ত কাই! অলপ গাখীৰ খোৱা, ভজা মাছৰ কাঁইট কেইডালমানো চোবোৱা, গাত বল পালে জংঘলৰ মাটি দখল কৰিব পাৰিবা।' [ ৬০ ]ৰাইনা আৰু শিয়াল
ৰাইনাহঁতৰ গাঁৱৰ কাষতে থকা বাৰীখনত ভেকোৰা আৰু চৰুলুৰী নামৰ এহাল শিয়াল-শিয়ালীৰ বাহা। লগৰ শিয়ালবোৰেই মতাটোৰ নাম দিছে ‘ভেকোৰা' আৰু তাৰ ঘৈণীয়েকৰ নাম দিয়ে ‘চৰুলুৰী’। দুয়ো সুযোগ বুজি গাঁৱৰ মানুহৰ ঘৰৰপৰা হাঁহ, কুকুৰা, ছাগলী আদি ধৰি আনি খায়। চৰুলুৰী আকৌ মানুহৰ পাগঘৰত সিন্ধি খান্দি সোমাই চৰুৰ ভাত-আঞ্জা খোৱাত বৰ পাকৈত। এদিন তাই এঘৰত সোমাওঁতে দেখিলে, ঘৰৰ ভিতৰত দুটা হাঁহৰ লগত এজনী সৰু ছোৱালীয়ে খেলি আছে। এই সৰু ছোৱালীজনীয়েই হৈছে আমাৰ ৰাইনা। হাঁহ দুটা দেখি চৰুলুৰীৰ জিভা লকলকাবলৈ ধৰিলে। কিন্তু ছোৱালীজনী ওচৰতে থকাত হাঁহ দুটা কি উপায়েৰে সৰকাব পাৰি, তাকে তাই চিন্তা কৰিবলৈ ধৰিলে। এনেতে তাই ছোৱালীজনীৰ মাকে কোৱা শুনিলে, ‘ৰাইনা! হ'লনে তোমাৰ এক-দুইখন মুখস্থ? আজি যদি দহলৈ মাতিব নোৱাৰা, তেন্তে কিন্তু তোমাৰ হাঁহ দুটা শিয়ালক দিম। তেতিয়া পাবা মজা।’
চৰুলুৰীয়ে কথাষাৰ শুনি ঘৰৰপৰা ওলাই গ'ল। ৰাইনাৰ মাকক দেখিয়েই তাইৰ বুকু কঁপিছিল। তাই গৈ গিৰীয়েক ভেকোৰাক হাঁহ দুটাৰ কথা আৰু ৰাইনাৰ মাকে কোৱা কথাখিনি ক'লে। ভেকোৰাই ক'লে— ‘বঢ়িয়া! তেন্তে সেই ছোৱালীৰপৰা হাঁহ সৰকোৱা সহজ হ'ব। আজি সন্ধিয়া মোৰ লগত ওলাবি। মই কি বুদ্ধি কৰোঁ চাবি। সেই পেন্দুকণা ছোৱালীজনী মোৰ আগত কি কূটা?' এইবুলি সি মিচিকিয়াই হাঁহি, মূৰটো বেঁকাকৈ দুপিয়াই উৎসাহ প্ৰকাশ কৰিলে।
সন্ধিয়া পৰত দুয়ো গিৰীয়েক-ঘৈণীয়েকে চুচুক-চামাককৈ গৈ ৰাইনা থকা কোঠাৰ ওচৰ পালে। ইফালে-সিফালে চাই কাকো নেদেখি ভেকোৰাই খিৰিকীৰ মুখত এটা শব্দ কৰি দিওঁতেই সি ৰাইনাৰ চকুত পৰিল। তাইৰ ভয় লাগিছিল যদিও সাহস গোটাই ক'লে— ‘অই! তই ক'ৰপৰা আহিছ? কি লাগে তোক?' আচলতে তাই ভেকোৰাক কুকুৰ বুলি ভাবিছিল, কাৰণ তাই আগতে শিয়াল দেখা নাছিল। ভেকোৰাই ক’লে, ‘মোৰ নাম ভেকোৰা। সৌজনী মোৰ ঘৈণী। আমি সৌ বাৰীৰ জংঘলতে থাকোঁ। মানুহে আমাক শিয়াল বুলি মাতে। তোৰ নাম ৰাইনা নহয় জানো?” [ ৬১ ] ৰাইনাই আচৰিত হৈ ক'লে— ‘অঁতো! তই কেনেকৈ জানিলি?' ভেকোৰাই দুষ্ট হাঁহি মাৰি ক'লে— 'মই তোৰ সকলো কথা জানো। তোৰ মাৰে বাৰীলৈ গ'লেই মোৰ লগত কথা পাতি তোৰ কথা কয়। তই বোলে এক-দুই নাজান? সেইকাৰণে মাৰে মোক তোৰ হাঁহ দুটা নিবলৈ মাতিছে।'
ৰাইনাৰ বৰ খং উঠিল। তাই ক'লে— 'কে'লেই দিম? সেয়া মোৰ হাঁহ। মই বৰ মৰম কৰোঁ। সিহঁতেও মোক মৰম কৰে আৰু সদায় মোক কণী দিয়ে। মই তোক নিবলৈ নিদিওঁ।'
ভেকোৰাই তেতিয়া ইতিকিং কৰাৰ সুৰত ক'লে— ‘সেইটোতো হয়েই। পিছে তই যে এক-দুইখন নাজান, সেইকাৰণেহে নিব লাগিব।’
ৰাইনাই গহীন সুৰত ক’লে— ‘মই জানো।’
‘তেন্তে কচোন আমি কেইটা শিয়াল আহিছোঁ?' ভেকোৰাই আনন্দেৰে ক'লে।
ৰাইনাই ইতিমধ্যে একৰপৰা পাঁচলৈ মুখস্থ কৰি থৈছিলেই। তাই তপৰাই ক'লে, ‘দুটা আকৌ!’ ভেকোৰা আচৰিত হ'ল। কিন্তু হাঁহ দুটাৰ লোভ সামৰিব নোৱাৰি আকৌ ক'লে, ‘ঠিকেই কৈছ বাৰু। মই কাইলৈ আকৌ আহিম বহুত শিয়াল লৈ। যদি ক'ব নোৱাৰ, তেন্তে তোৰ হাঁহ নিম যে নিমেই।' এইবুলি সি লাজতে কোৱাৰি চেলেকি গুচি গ'ল। সেইদিনা ৰাইনায়ো ভয়তে নেওতাখন দহলৈ মুখস্থ কৰিলে। মাকে তাইক নেওতাখন ভালদৰে মুখস্থ কৰালে। তাই ভেকোৰা অহা কথাটো ভয়তে মাকক নক'লে।
পিছদিনা ভেকোৰাই আৰু চাৰিটা শিয়াল লগত লৈ আহিল। সেইদিনাও সি লগৰকেইটাক লৈ ৰাইনাৰ খিৰিকীৰ মুখত থিয় হ'ল। সি ৰাইনাক মাতি ক'লে – ‘আজি যে তই মোক হাঁহ দিব লাগিব সেইটো খাটাং। তইতো ইমানমখা শিয়াল গণিব নোৱাৰ! দে, হাঁহ দে।'
ৰাইনাই একে উশাহে ক'লে, ‘এক, দুই, তিনি, চাৰি, পাঁচ পাঁচটা আহিছ। তই ভাবিছ নেকি মই নাজানো বুলি?'
ভেকোৰাই এইবাৰো লাজ পালে। সি ঘৈণীয়েক চৰুলুৰীৰ মুখলৈ চালে। চৰুলুৰীয়ে নিৰাশ মনেৰে বাকী তিনিটাক ক'লে— ‘ব’ল উভতি। আজিও নহ'ল আৰু। এই ছোৱালীৰপৰা হাঁহ সৰকাব নোৱাৰি।' ভেকোৰাই তৎক্ষণাৎ ভেঁকাহি মাৰি ক'লে— ‘কেলেই নোৱাৰিম অ’? আমাৰ ভুল আমি আৰু বেছিকৈ আনিব লাগিছিল। কাইলৈ নিমেই।' এইবুলি সি ৰাইনাৰ ফালে চাই ক'লে— ‘ঐ ৰাইনা বোলা ছোৱালীজনী, তই আজিও জিকিলি। কিন্তু কাইলৈ জিকিব নোৱাৰ। কাইলৈ মই বনত থকা সকলোবোৰ শিয়াল লৈ আহিম। তই যে ইমানমখা গণিব নোৱাৰ [ ৬২ ] সেইটো খাটাং। গতিকে কাইলৈ যদি ক'ব নোৱাৰ, তেন্তে তোৰ হাঁহতো নিমেই, তোকো লৈ যাম। কাইলৈ সাজু হৈ থাকিবি।’
ৰাইনাৰ বৰ ভয় লাগিল। ‘সঁচাকৈয়ে এই শিয়ালবোৰে মোকো নিব নেকি?' তাই ভাবিলে। পিছে তাই সাহস কৰি ক'লে— ‘যা যা, তোৰ নিচিনা শিয়াল যিমান আন আনিবি, মই ভয় নকৰোঁ।'
পিছদিনা পুৱা ৰাইনাৰ মাকে ক'লে— 'তুমি বৰ ভাল ছোৱালী। কালি যে দহলৈ মুখস্থ কৰিছা, মই বৰ ভাল পাইছোঁ। আজি বিছলৈ কৰিব লাগিব কিন্তু।' ৰাইনাই ক'লে— ‘নহ'লে শিয়ালক দিবা নেকি?' মাকে তাইৰ মুখলৈ চাই গালখনত এটা চিকুট মাৰিলে আৰু মিচিকিয়াই হাঁহি ক'লে— 'অঁ, দিমতো আকৌ! তোমাৰ হাঁহ দুটাও দিম। পঢ়িলে নিদিওঁ।' ৰাইনাই ক'লে— 'মোক নিদিবা, হাঁহ দুটাও নিদিবা। মই সৱ পঢ়িম। মই শিয়ালক মাৰি পেলাম। মই সিহঁতক আহিবলৈ নিদিওঁ।'
মাকে ক’লে, ‘ঠিক আছে বাৰু! এতিয়া আহাঁ, মই পঢ়াই দিওঁ। তুমি ভালদৰে বহা।'
ৰাইনাই ভাবিলে— ‘সঁচাকৈয়ে বাৰু মাকৰ লগত শিয়ালৰ কথা হৈছে নেকি? মাও যে আৰু! কিয়নো শিয়ালক মাতিব লাগে?' এই ভাবি তাই মাকৰ ওচৰত বহিল। মাকে তাইক নেওতাখন কুৰিলৈ পঢ়ালে। তাই সলসলীয়াকৈ মুখস্থ কৰি ল’লে। লগতে ভাবিলে এই শিয়ালক দিম আজি এপালি। ইহঁতক এই জংঘলৰপৰাই খেদিম।' ৰাইনাৰ খুৰাকৰ দুটা কুকুৰ আছিল— এটাৰ নাম ছুনু আৰু আনটোৰ নাম মুনু। তাই খুৰাকৰ ঘৰলৈ গৈ শিয়ালবোৰৰ কথা ছুনু-মুনুক ভাঙি-পাতি ক’লে। ছুনু- মুনুৱে শুনি বৰ ৰং পালে। সিহঁতে ক'লে— 'ৰাইনা, তই ভয় নকৰিবি। আজি আমি সিহঁতকে খাম। তই মাথোন সময়ত আমাক ইংগিত দিলেই আমি গৈ সিহঁতক ধৰিম। আমি গাঁৱৰ অন্য কুকুৰবোৰকো খবৰ দি সাজু কৰি ৰাখিম।’
ৰাইনাৰ বৰ স্ফূৰ্তি লাগিল। তাই ভাবিলে— 'এইবাৰ শিয়ালে পাব মজাপালি! এনেকৈ ভাবোঁতে তাইৰ মুখেৰে গীত এটাই ওলাই গ'ল—
একে একে দুই আৰু দুয়ে দুয়ে চাৰি,
বাৰীৰপৰা আহিব শিয়াল হাঁহ খাবলৈ ধৰি।
তিনিয়ে দুয়ে পাঁচ আৰু চাৰিয়ে দুয়ে ছয়,
যিমান আহে আহক শিয়াল নকৰোঁ মই ভয়।
পাঁচে দুয়ে সাত আৰু ছয়ে দুয়ে আঠ,
শিকাম ভেকোৰাক ভালকৈ আজি হাঁহ খোৱাৰ পাঠ।
সাতে দুয়ে ন আৰু আঠে দুয়ে দহ,
ল’ব বাহবা বাহ! বাহবা বাহ!
বাহবা বাহ।'
এনেকৈ গাই গাই হৰিণাৰ দৰে ঠেং দাঙি জঁপিয়াই জঁপিয়াই আহি তাই ঘৰ পালে। সেইদিনা ভেকোৰা আকৌ আহিল। সি চুপেচাপে লগত এসোপা শিয়াল লৈ আহি চাই ল’লে ৰাইনাৰ মাক কাষত আছে নে নাই। মাকক নেদেখি সি ভাবিলে — এয়ে সোণালী সুযোগ! সি বাকীকেইটা শিয়ালক ইংগিত দি কাষলৈ মাতিলে। ভেকোৰাই চেপা চেপা মাতেৰে ৰাইনাকো মাতিলে। সি নিশ্চিত যে এইবাৰ ৰাইনা হাৰিব। তাই ইমানবিলাক শিয়াল গণিব যে নোৱাৰে, সেয়া খাটাং। হাঁহ দুটা আমাৰ হ’বই। ৰাইনাও চুচুক-চামাককৈ খিৰিকীমুখলৈ আহি শিয়ালকেইটা মনে মনে গণি পেলালে— এক, দুই, তিনি, চাৰি, পাঁচ, ছয়, সাত, আঠ, ন, দহ। তাৰ পাছত তাই একো নজনাৰ ভাও ধৰি, কন্দনামুৱাকৈ ক’লে— ‘অ’ ভেকোৰা, তই সঁচাকৈয়ে আহিলি? আজি আমাক নিবি নেকি? নালাগে দে অ’— মোৰ বৰ ভয় লাগিছে।'
ভেকোৰাই ক’লে— ‘মোৰ এক কথা। তোক দুদিনো ৰেহাই দিলোঁ, আৰু নোৱাৰোঁ। তই যদি আজি আমি কিমানটা শিয়াল আহিছোঁ ক’ব নোৱাৰ, তেন্তে তোকো নিম, হাঁহ দুটাও নিম। সেইটো খাটাং। শিয়ালৰ মহা ৰং। সি ভাবিছে, আজি তাৰ জয় হ’বই। ৰাইনাই ক'লে— ‘তেন্তে মোৰ হ’লে এটা দাবী আছে। তই মানিব লাগিব।'
ভেকোৰা: ’ক, কি দাবী আছে। মুঠতে তই হাৰিলে মোৰ লগত যাব লাগিব।’
ৰাইনা:'ঠিক আছে; মই যদি হাৰোঁ মই যাম। হাঁহ দুটাও নিবি বাৰু। কিন্তু তই যদি হাৰ, তেন্তে তহঁত আটায়ে এই বাৰী এৰি যাব লাগিব।'
ভেকোৰা:'উৱা! বাৰী এৰি যাম ক’লৈ? আমি ইয়াতেইতো আছো বহুদিনৰপৰা! তই জিকিলে আমি মাথোন তহঁতক এৰি যাম, হাৰিলে তহঁতক নি বনত ভগাই খাম। কথা সিমানেই।'
ৰাইনা:'মইতো অকণমানি ছোৱালী, হাঁহো মুঠেই দুটা। তহঁত দহটা শিয়ালৰ পেট ভৰিবনে? তহঁত দুটাৰ লগত বাকী আটাইবোৰকেনো কে’লেই আনিলি?'
ভেকোৰাৰ মূৰ গৰম হৈ গ’ল। এইজনী কম ছোৱালী নহয় দেই! তাই নগণাকৈয়ে তপৰাই আমাৰ শিয়ালৰ সংখ্যা কৈ পেলালে। সি বৰ লাজ পালে। সি ক’লে— 'ৰাইনা, তইনো নগণাকৈয়ে কেনেকৈ শুদ্ধকৈ ক’লি?' ৰাইনাই ক’লে, ‘মই মন্ত্ৰ জানো। তহঁত বাৰী-জংঘলত যিমান শিয়াল থাকিলেও মই ক’ব পাৰোঁ। তই মোৰ লগত জিকিব নোৱাৰ। [ ৬৪ ] ভেকোৰাই তলমূৰ কৰিলে। সি ভাবিলে, এনে বুধিয়ক ছোৱালীৰ লগত বাজী মৰা ভাল নহয়। এই ভাবি সি কোৱাৰি চেলেকি যাবলৈ ওলাল। ৰাইনাই ভাবিলে, ই বৰ দুষ্ট শিয়াল। ইয়াক এসেকা দিবই লাগিব। ই কেতিয়া মনে মনে আহি হাঁহকেইটা ধৰি নিয়েহি, বিশ্বাস নাই। এই ভাবি তাই শিয়ালটোক ক'লে, ‘যাবি ৰহচোন! আজিৰপৰাতো তোক দেখা নাপাওঁ। আহিছ যেতিয়া আমি আটায়ে মিলি অলপ নাচ-গানকে কৰোঁ দে! মই গাম আৰু তহঁতে মাথোঁ হয় হয় বুলি লগতে গাবি।'
শিয়ালবোৰ মান্তি হ'ল। ৰাইনাই গাবলৈ ধৰিলে —
একে পঢ়ে বিছলৈ একে আহে দহটা হৈ
—হয় হয়, দহটা হৈ, দহটা হৈ।
দহক লাগে দুটা হাঁহ, ছুনু-মুনুই বোলে আহ আহ,
— হয় হয়, আহ আহ, আহ আহ।
ছুনু ঔচ মুনু ঔচ হাঁহ নালাগে মোকে খা।
—হয় হয়, মোকে খা, মোকে খা।
আকৌ ক— আহ আহ মোকেই খা, মোকেই খা।
—আহ আহ মোকেই খা, মোকেই খা।
এনেকৈ কোৱা মাত্ৰকে লুকাই থকা কুকুৰজাকে ভুকভুককৈ খেদি ওলাই আহিল। ভেকোৰাই একো বুজিবকে পৰা নাছিল। হঠাতে কুকুৰৰ এনে আক্ৰমণ দেখি বাকী শিয়ালকেইটায়ো দিক্বিদিক হেৰুৱাই যেনি-তেনি পলাবলৈ ধৰিলে। ছুনু-মুনুৱে খেদি খেদি গৈ প্ৰথম ভেকোৰা আৰু চৰুলুৰীক ধৰিলে আৰু কামুৰি কামুৰি দুয়োৰে ছাল-বাকলি এৰুৱাই পেলালে। আনফালে বাকীকেইটাকো গাঁৱৰপৰা অহা কুকুৰবোৰে খেদি নি নি একেবাৰে গাঁৱৰ বাহিৰ কৰি দিলে। কোনোমতে জীউটো লৈ ভেকোৰা-চৰুলুৰীয়ে লেকেচিয়াই লেকেচিয়াই সেই বাৰী আৰু গাঁও এৰি পলাল। শিয়াল-কুকুৰৰ গণ্ডগোল শুনি মাক দৌৰি আহি ৰাইনাৰ কাষ পালেহি। ৰাইনাক সাবটি ধৰি তেওঁ সুধিলে, ‘মাজনী মোৰ! বাহিৰত শিয়াল আহিছিল, কুকুৰেও ভুকিছিল। তুমি ভয় খালা নেকি? একো ভয় নাই দেই! মই আছোঁ নহয়!' ৰাইনাই ক’লে— ‘অঁ মা, দহটা শিয়াল আহিছিল হাঁহ নিবলৈ। কুকুৰে খেদিলে। এতিয়া তুমি মাতিলেও শিয়াল আহিব নোৱাৰে। মই পিছে নেওতাখন বিছলৈ মুখস্থ কৰিয়েই পেলালোঁ।'
(নৱেম্বৰ, ২০১৪, দ্বিতীয় প্ৰকাশ, ‘সঁফুৰা’ শিশু আলোচনীত প্ৰকাশিত) [ বেটুপাত ]
মার্ক টুৱেইন |