সোণৰ গিলাচ
(উড়ীয়া সাধু)
এহাল বুঢ়া-বুঢ়ী আছিল। সিহঁতৰ কোনো ল'ৰা-ছোৱালী নাছিল। দুয়োজনে ইফালে-
সিফালে কাম-বন কৰি ভাত মোকলাই কোনোমতে চলি আছিল। বুঢ়াক লৈ পিছে
বুঢ়ীৰ এটাই সমস্যা আছিল যে প্ৰতিদিনে ৰাতিপুৱা বুঢ়াই ৰাতি শোৱা বিছনাখনৰ
কাপোৰবোৰ বুঢ়ীয়ে ধুই ৰ'দত দিব লাগে; কাৰণ প্ৰতিনিশাই বুঢ়াই টোপনিতে বিছনাত
পেচাব কৰে।
বিৰক্ত হৈ বুঢ়ীয়ে এদিন বুঢ়াক সুধিলে— 'বুঢ়া, তই যে প্ৰতিদিনে এনেদৰে ৰাতি
বিছনাত পেচাব কৰ, তাৰ কাৰণ কি? তোৰ কিবা বেমাৰ আছে নেকি?'
বুঢ়াই ক'লে— ‘নাই অ’, একো বেমাৰ-চেমাৰ নাই। আচলতে প্ৰতিনিশাই মোৰ
ওচৰলৈ এটা ভূত আহে আৰু সি সোণৰ গিলাচ এটা মোৰ আগত ধৰি মোক পেচাব
কৰিবলৈ কয়। সেইটো কৰোঁতে কেনেকৈনো বিছনাত পৰে মইচোন ক'বই নোৱাৰোঁ।'
বুঢ়াৰ কথা শুনি বুঢ়ীয়ে খং কৰক চাৰি মনে মনে আনন্দিত হৈ ভাবিলে — সোণৰ
গিলাচ আনে? এই সোণৰ গিলাচটো যদি হাত কৰিব পৰা যায়, তেন্তে আমাৰতো
একোৱে অভাৱ নাথাকিব!' এই ভাবি তাই কিছুসময় তলকা মাৰি থাকি বুঢ়াক ক'লে—
‘বুঢ়া, কথাটো বেয়া নহয়। আজি ৰাতি যেতিয়া ভূতটোৱে গিলাচটো তোৰ আগত ধৰে,
তেতিয়া তই থাপ মাৰি গিলাচটো হাত কৰি ল’বি। সি খুজিলেও নিদিবি।' বুঢ়াই বুঢ়ীৰ
প্ৰস্তাৱ শলাগি তাকেই কৰিব বুলি ক'লে।
সেইদিনা বুঢ়ীয়ে বুঢ়াৰ ভালদৰে টোপনি আহিবলৈ আৰু ভূতৰ লগত যুদ্ধ কৰিবৰ
জোখাৰে বল বন্ধোৱাৰ আশাত সোনকালেই নানান প্ৰকাৰৰ আঞ্জা, মিঠাই, পিঠা আদি
বুঢ়াক খাবলৈ দিলে। বুঢ়াই নাখাওঁ বুলিলে বুঢ়ীয়ে কয়— ‘খোৱা, খোৱা মোৰ দেউ।
নাখালে ভালদৰে টোপনি নাহিব। তদুপৰি ভূতে টনা-আঁজোৰা কৰিলেতো তুমিও তাৰ
লগত ফেৰ মাৰিব লাগিব। ভালদৰে নাখালে শক্তি ক'ত পাবা। খোৱা।' এনেদৰে
জোৰ-জবৰদস্তিৰে খুৱাই-বুৱাই বুঢ়াক শুৱাই থ'লে। বুঢ়ীও শুলে। কিন্তু ভূত আৰু
বুঢ়াৰ যুঁজখন চাবলৈ কৰি থকা চিন্তাৰ বাবে টোপনি নাহিল।
বুঢ়াৰ টোপনি যোৱাত ৰাতি সপোনত পুনৰ ভূতটো আহিল। সি গিলাচটো
৩২