ৰাণীয়ে উত্তৰ দিলে— 'নাই, ক'ৰবালৈ ওলাই গৈছে। কেতিয়া ঘূৰিব তাকে
কোৱা নাই।' ৰাণীৰ কথা শুনি মন্ত্ৰীয়ে ক'লে— 'একো কথা নাই বাৰু, পাছতো লগ
ধৰিব পাৰিম। মহাৰাজে মোক এটা মাত নোহোৱা পখী আনি দিয়াৰ কথা কৈছিল।
মই ৰাক্ষসৰ দেশৰপৰা বৰ কষ্ট কৰি এনে এটা পখী ধৰি আনি এই ঢোলটোৰ
ভিতৰতে ৰাখিছোঁ। মহাৰাণীয়ে এই ঢোলটো মহাৰাজক দিলে বৰ সন্তোষ পাম।’
এইবুলি ঢোলটো মহাৰাণীলৈ আগবঢ়াই পুনৰ ক'লে— ‘মহাৰাণী, আপোনালোকে
কিন্তু এই ঢোলটো কোনেও নুখুলিব। ই বৰ মায়াৱী আৰু মতলবী পখী। ই নানান
কথা কৈ আপোনালোকক ভুলাবলৈ চেষ্টা কৰিব। কিন্তু নুখুলিব।' এইবুলি মন্ত্ৰী গুচি
গ'ল।
ঢোলৰ ভিতৰত ৰজাই চিন্তা কৰিবলৈ ধৰিলে— 'সৰ্বনাশ। কেনেকৈ ইয়াৰপৰা
ওলোৱা যাব। নাপিতৰ বুদ্ধি শুনি তেওঁৰ এই দশা হ'ল। এতিয়া সকলোৱে গম
পাব।' এই ভাবি তেওঁ সেইদিনা মনে মনে থাকিল যদিও ভোকে-পিয়াহে, গৰমে,
গাৰ খজুৱতিয়ে তেওঁক জুৰুলা কৰাত পিছদিনাখন তেওঁ ছটফটাবলৈ ধৰিলে।
ৰজাৰ আৰু সহ্য নহ'ল। তেওঁ চিঞৰিবলৈ ধৰিলে— 'কোন আছ মোক উদ্ধাৰ
ক'ৰ ঔ, মই মৰিলোঁ।' ৰাণীয়ে শুনিছিল যদিও মন্ত্ৰীয়ে আগতে কোৱামতে নুখুলিলে।
খুলিলেই কিবা বিপদ হ'ব বুলি তেওঁৰ ভয় লাগিল। সেইদিনাখন তেনেকৈয়ে পাৰ
হ'ল।
পিছদিনাখন ৰজাই আকৌ ছটফটাই চিঞৰিলে— ‘কোন আছ, কাবৌ কৰিছোঁ,
চৰণত পৰিছোঁ— মোক ইয়াৰপৰা উলিয়াই দে। সইত খাই কৈছোঁ, মই ৰজাহে,
কোনো পখী নহয়।' দুদিনৰ পাছতো ৰজা ঘূৰি নহাত ৰাণীৰো অলপ সন্দেহ হ'ল।
তেওঁ ভাবিলে— ‘সঁচাই যদি মাত নোহোৱা পখীয়েই হয়, তেন্তেনো কথা ক'ব
কিয়?' এই ভাবি তেওঁ পাত্ৰ-মন্ত্ৰী কেইজনমানক মাতি আনি ঢোলটো খুলিলে।
সকলোৱে লালি, তুঁহ, তুলাৰে আবৃত হৈ আধামৰা অৱস্থাত থকা ৰজাক দেখি
হতভম্ব হ'ল। তেওঁলোকে হায় হায়, ছিঃ ছিঃ কৰি ৰজাক গা-পা ধুৱাই সতেজ কৰাৰ
পাছত ৰজাই লজ্জিত হৈ তলমূৰ কৰি সকলো কথা বৰ্ণালে। তেওঁ কুকৰ্মৰ বাবে
অনুতপ্ত হ'ল। বহুদিনলৈ তেওঁ মন্ত্ৰীৰ আগত ওলাব নোৱাৰিলে।
লাহে লাহে মন্ত্ৰীয়ে গম পালে যে এই সমস্ত কুচক্ৰান্তকাৰী আছিল নাপিতজন।
তাক এসেকা দিয়াৰ উদ্দেশ্যে মন্ত্ৰীয়ে এটা বুধি পাঙি এদিন ৰজাৰ ওচৰলৈ গ'ল।
সেইদিনা ৰজাই তেওঁক বৰ মধুৰ স্বৰে সসন্মানে আসনত বহুৱাই অহাৰ কাৰণ কি
সুধিলে। মন্ত্ৰীয়ে ক'লে— ‘মহাৰাজ! দায়দোষ নধৰিব। আপুনি আমাৰ অন্নদাতা,
আমি আপোনাৰ ভৃত্য। এনেস্থলত মহাৰাজৰ কোনোৱে যদি অহিত কৰিব যায়,
৩০