কথাইহে স্থান পাইছে। অলংকাৰবোৰৰ কথা যিমানেই ভাবে সিমানেই তাৰ গতি
বাঢ়ে আৰু উৎসাহ বাঢ়ে। নিজৰ ভোক-পিয়াহ, দেহৰ ভাগৰ আদিৰ বিষয়ে ভাবিবলৈ
সি সময়েই পোৱা নাছিল।
এনেদৰে তিনি দিন দৌৰাৰ পাছত সঁচাকৈয়ে সি এখন পথাৰ পালে আৰু
ওচৰতে এজোপা আম গছ দেখিলে। চোৰে আম গছজোপাকে কদম গছ ভাবি
আৰু বেগাই দৌৰিবলৈ ধৰিলে। তাৰ পাছত সি বাঁহীৰ মাত শুনা যেন পালে। সি
তালৈ কাণ দি আৰু কদম গছৰ ডাললৈ একান্ত মনে চকু পেলাই লাহে লাহে
তালৈকে আগবাঢ়িল। গছজোপাৰ কাষত থিয় হৈ ওপৰলৈ চাই দুটি সুন্দৰ ল'ৰা
দেখি তাৰ চকু স্থিৰ হ'ল। ব্ৰাহ্মণে দিয়া বৰ্ণনাৰ অলপো সি বেলেগ নেদেখিলে।
পৃথিৱীত সি আগতে ইমান সুন্দৰ ল'ৰা কেতিয়াও দেখা নাছিল। ল'ৰা দুটালৈ তাৰ
মৰম উপজিল। এনেকৈ চাই থাকোঁতে চোৰটোৱে ল'ৰা দুজনক হত্যা কৰি অলংকাৰ
নিয়াৰ কথা একেবাৰে পাহৰি গ'ল।
চোৰটোৱে তেনেদৰে চাই থকা দেখি ল'ৰা দুজন গছৰপৰা নামি আহিল।
তেওঁলোকেই শ্ৰীকৃষ্ণ আৰু বলোৰাম। চোৰে কিবা কোৱাৰ আগতেই শ্ৰীকৃষ্ণই
হাঁহি মাৰি ক’লে— ‘বুজিছোঁ, আমাক মাৰি আমাৰ অলংকাৰবোৰ নিবলৈ আহিছা।
মাৰিব নালাগে। আমি নিজে তোমাক খুলি দিছোঁ। এয়া লৈ যোৱা।' এইবুলি গাৰ
সকলো অলংকাৰ দুয়োজনে খুলিবলৈ ধৰিলে। কিন্তু চোৰে সেইবোৰলৈ লক্ষ্য
নকৰি শ্ৰীকৃষ্ণ আৰু বলোৰামৰ মুখলৈ ভেবা লাগি চাই থাকিল। তেতিয়া কৃষ্ণই
ক'লে— “কি চাইছা, এয়া লৈ যোৱা। নহ'লে গুৰুৱে তোমাক বেয়া পাব। তুমি
দেখোন তেওঁক আমাৰ পৰা নিয়া অলংকাৰৰ ভাগ দিবা বুলি প্ৰতিশ্ৰুতি দি আহিছা।’
চোৰ আৰু বিস্ময় হ'ল। এওঁলোকে বাৰু কেনেকৈ জানিলে সি প্ৰতিশ্ৰুতি দি
অহাৰ কথা। এওঁৱেই ভগৱান— অন্তৰ্যামী। সি নিজৰ কুঅভিপ্ৰায়ৰ বাবে নিজকে
ধিক্কাৰ দিলে। তাৰ দুচকুৱেদি লোতক ব’বলৈ ধৰিলে। তাৰ পাছত সি আঠুকাঢ়ি,
হাতযোৰ কৰি দুয়োকে প্ৰণাম কৰিলে আৰু ক'লে— ‘হে ভগৱান, মোক ক্ষমা
কৰা। মই মহাপাপী। মই তোমালোকক দেখা নাছিলোঁ, জনা নাছিলোঁ। সেয়েহে
তেনে পাপ কথা চিন্তা কৰিছিলোঁ। তুমিয়েই ভগৱান, সৰৱজান। সেইকাৰণে মই
নোকোৱাকৈয়ে তুমি সকলো গম পালা। আনহাতে মই বৰ ভাগ্যৱানো, কিয়নো
মইহে কেৱল তোমাক দেখিবলৈ সক্ষম হ'লোঁ। মোক ক্ষমা কৰা প্ৰভু!'
এইবুলি কৈ চোৰে কৃষ্ণ-বলোৰামৰ ভৰিত দীঘল দি পৰি হুকহুকাই কান্দিবলৈ
ধৰিলে। তাৰ মনৰ অৱস্থা বুজি পাই শ্ৰীকৃষ্ণ আৰু বলোৰামে মিচিকিয়াই হাঁহিলে
আৰু ক’লে— ‘তুমি আমাক কিয় দেখিলা জানানে? তুমি যে ব্ৰাহ্মণক গুৰু মানি
৩৭