থাকিল। পাছত সি ব্ৰাহ্মণৰ ওচৰলৈ গৈ কৃষ্ণ আৰু বলোৰাম ক'ত থাকে তাকে
ক'বলৈ ব্ৰাহ্মণক খাটনি ধৰিলে। ব্ৰাহ্মণে ক'লে— ‘মই ক'ব নোৱাৰোঁ বোপা।
ভগৱান কৃষ্ণক কোনেও দেখা নাই। এইবিলাক কিতাপত লিখা বৰ্ণনাহে। মই
তাকেই ব্যাখ্যা কৰি কৈছোঁ। মই দেখা নাই।'
চোৰে ব্ৰাহ্মণৰ কথা বিশ্বাস নকৰিলে। সি ক'লে— ‘নহয়, আপুনি নিশ্চয়
দেখিছে আৰু জানে। নহ'লে এনেকৈ কেতিয়াও বৰ্ণাই ক'ব নোৱাৰে। আপুনি মোক
চোৰ বুলি জানে আৰু সেইকাৰণে মই সিহঁতক মাৰি অলংকাৰবোৰ আনিম বুলি
ভয়তে ক'বলৈ বিচৰা নাই। ভয় নাই। মই সিহঁতৰপৰা অলংকাৰবোৰ আনিব পাৰিলে
আপোনাকো আধাভাগ দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। মাথোন কওক সিহঁত ক’ত
আছে। আৰু যদি নকয়, আপোনাকে হত্যা কৰিম।
ব্ৰাহ্মণ বৰ বিপদত পৰিল। তেওঁ বুজি পালে যে এইজন ডকাইত। তাক কিবা
এটা কৈ খেদাব নোৱাৰিলে বিপদ হ'ব। তেওঁ এনে এটা বুদ্ধি কৰিলে যে চোৰে
আৰু দ্বিতীয়বাৰ তেওঁৰ ওচৰলৈ ঘূৰি আহিব নোৱাৰে আৰু ৰাস্তাতে মৰি থাকে।
সেই ভাবি ব্ৰাহ্মণে চোৰক ক’লে— ‘অৱশ্যে শ্ৰীকৃষ্ণক পাব পাৰি এটা উপায়ে।
কিন্তু সেইটো বৰ কষ্টকৰ কাম। তুমি যদি মোক গুৰু মানি মোৰ কথামতে কাম
কৰিব পাৰিম বুলি প্ৰতিশ্ৰুতি দিয়া, তেতিয়া ক'ব পাৰোঁ আৰু পাবাও। কিন্তু অলপ
হেৰফেৰ কৰিলেও নাপাবা। তেতিয়া কিন্তু মোক দোষী কৰিব নোৱাৰিবা।'
চোৰে ক'লে— ‘মই আপোনাক গুৰু বুলি মানিছোঁ। আপুনি যেনেকৈ যি
কৰিবলৈ কয়, তাকে কৰিম। মুঠতে মোক সেই ল'ৰা দুজনক লাগে।'
ব্ৰাহ্মণে ক'লে— ‘তেন্তে শুনা। তুমি এই মুহূৰ্তৰেপৰা তিনি দিন একেৰাহে
দৌৰিব লাগিব আৰু ক’তো ৰ'ব নোৱাৰিবা। তেনেকৈ দৌৰি গৈ তিনি দিনৰ মূৰত
যিখন পথাৰ পাবা, তাৰ মাজত এডাল কদম গছ আছে। সেই গছৰ ওপৰতে দুয়োটা
ল'ৰাকে বাঁহী বজাই থকা দেখা পাবা। তেতিয়া তুমি যি ইচ্ছা কৰিবা।”
বামুণৰ কথা শুনি চোৰ মান্তি হ'ল। কিন্তু লগতে কৈ গ'ল যে যদিহে তেওঁৰ
বাক্য আখৰে আখৰে পালন কৰিও শ্ৰীকৃষ্ণ-বলোৰামক নাপায়, তেন্তে ঘূৰি আহি
ব্ৰাহ্মণক ক্ষমা নকৰে।
ব্ৰাহ্মণে ভাবিছিল যে এনেকৈ তিনি দিন একো নাখাই-নবৈ দৌৰিব লাগিলে সি
আৰু বাচি নাথাকে বা ঘূৰি আহিবলৈও শক্তি নাথাকিব। তথাপি যদি ঘূৰি আহে,
তেন্তে তেওঁ তাক ক'ৰবাত ৰৈছিল বুলি দাবী কৰি ঘূৰাই পঠিয়াব পৰা হ'ব।
চোৰে দৌৰা আৰম্ভ কৰি দিলে। সি কিমান দৌৰিছে চিন্তা কৰা নাই। তাৰ মনত
মাত্ৰ ব্ৰাহ্মণৰ উপদেশ আৰু শ্ৰীকৃষ্ণ বলোৰামৰ ৰূপ-সৌন্দৰ্য আৰু অলংকাৰবোৰৰ
৩৬