নিবৰ বাবেহে এই ফন্দী পাতিছে। তেওঁ বৰ চিন্তিত হৈ ঘৈণীয়েকক সকলো বৰ্ণাই
ক'লে আৰু কি উপায় কৰা যায় তাকে ভাবি-চিন্তি বহি পৰিল।
গিৰীয়েকৰ অৱস্থা বুজি ঘৈণীয়েকে ক'লে— 'সেইটোনো কিবা চিন্তা কৰিব
লগা কথানে? বাৰু, মই যি কওঁ, আপুনি সেইমতে কাম কৰক, ৰজাই সেও
মানিবলৈ বাধ্য হ'ব।' ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীৰ মুখলৈ পানী আহিল আৰু কি
কৰিব লাগে সুধিলে।
ঘৈণীয়েকে ক’লে— 'আপুনি ৰজাক জনাই দিয়ক যে মাত নোহোৱা চৰাই
আনিবলৈ আপুনি ৰাক্ষসৰ দেশলৈ গৈছে। তাৰ পাছত সৌ ঢোলটোতে আধামান
লালি ভৰাই তাৰ ওপৰত তুঁহ, তুলা ভৰাই চিনিব নোৱৰাকৈ থৈ আপুনি লুকাই
থাকক। ৰজাই তেতিয়া নিশ্চিত হ'ব যে আপুনি ৰাক্ষসৰ দেশৰপৰা উভতি আহিব
নোৱাৰে আৰু সেইবাবে তেওঁ মোক নিবলৈ আহিব। ৰজা অহা দেখিলে আপুনি
বাহিৰৰপৰা চিঞৰি ক’ব— ‘পখী লৈ মন্ত্ৰী ঘূৰি আহিলোঁ। তাৰ পাছত যি কৰিব
লাগে মই কৰিম। আপুনি নিশ্চিন্ত থাকক।
মন্ত্ৰীয়েও ঘৈণীয়েকৰ বুদ্ধিমতে কাম কৰিলে। মানুহৰ হতুৱাই ৰজাক জনাই
দিলে যে তেওঁ ৰাক্ষসৰ দেশলৈ গৈছে। তেওঁ কিন্তু ঘৰতে লুকাই থাকিল।
দুদিনমান যোৱাৰ পাছত ৰজাই ভাবিলে যে মন্ত্ৰী আৰু ৰাক্ষসৰ দেশৰ পৰা
উভতি অহাৰ আশা নাই। এই ভাবি তেওঁ নাপিতৰ বুদ্ধিমতে মন্ত্ৰীৰ ঘৈণীয়েকক
আনিবলৈ গ'ল। মন্ত্ৰীৰ ঘৈণীয়েকে আথে-বেথে ৰজাক সন্মান জনাই ঘৰৰ ভিতৰত
বহুৱালে। ৰজায়ো কথা-বতৰা পাতি তেওঁক ৰাজৰাণী সজাৰ প্ৰস্তাৱ দিলে। এনেতে
বাহিৰৰপৰা মন্ত্ৰীয়ে চিঞৰি চিঞৰি ক’লে—— ‘মন্ত্ৰী মাত নোহোৱা চৰাই লৈ উভতি
আহিলোঁ। মহাৰাজক খবৰ দিয়া। মই আবেলি লৈ যাম।’
মাত শুনি মন্ত্ৰীৰ ঘৈণীয়েকে ৰজাক বৰ আদৰেৰে ক’লে—‘মহাৰাজ! সৰ্বনাশ হ'ল। তেওঁ ঘূৰি আহিল। আপুনি এই ঢোলটোতে লুকাওঁক। নহ'লে এতিয়া দুয়োজনেই
লাজত পৰিম। তেওঁ সকলো প্ৰচাৰ কৰি দিব।'
ৰজায়ো একো ভাবিবলৈ সময় নাপালে। তেওঁ মন্ত্ৰীৰ ঘৈণীয়েকৰ পৰামৰ্শ মতে
ততাতৈয়াকৈ গৈ ঢোলটোত সোমাল। মন্ত্ৰীৰ ঘৈণীয়েকেও লৰালৰিকৈ ঢোলটোৰ
মুখখন বন্ধ কৰি দি ৰজাক ক'লে— ‘মহাৰাজ, আপুনি একেবাৰে মনে মনে থাকিব।'
এনেতে মন্ত্ৰী সোমাই আহিলত ঘৈণীয়েকে মিচিকিয়াই হাঁহি ৰজাক বন্দী কৰাৰ
কথাটো জনালে। মন্ত্ৰীয়ে ঘৈণীয়েকৰ বুদ্ধিক প্ৰশংসা কৰিলে। তেওঁ ঢোলটো
ভালদৰে বান্ধি ৰাজপ্ৰাসাদলৈ লৈ গ'ল আৰু ৰাণীক সুধিলে— ‘মহাৰাণী— মহাৰাজ
নাই নেকি?”
২৯