তিনিটাক ঘৰৰ পৰা উলিয়াই দি কি ভুল কৰিলে। সেয়ে অৰণ্যই সিহঁতক পুনৰ বিচাৰি ওলাল। কেইদিনমান হাবিয়ে-বননিয়ে ঘূৰি যেনিবা কুকুৰটোক এটা আলিৰ দাঁতিত মূৰ মোটোকা মাৰি শুই থকা অৱস্থাত পালে। মালিকক দেখি কুকুৰটোৱে নেজ জোকাৰি আহি গা চেলেকিবলৈ ধৰিলে। অৰণ্যই তাক মৰম কৰি দি বাকী দুটা ক'ত আছে সুধিলে। সি তেওঁক বাট দেখুৱাই লৈ গ'ল। হাবিৰ মাজত এডাল গছৰ ওপৰত দুয়োকে দেখি মাত দিয়াত দুয়ো জাঁপ মাৰি নামি পৰিল। সিহঁতে অৰণ্যক গছৰ ছাঁত বহিবলৈ দিলে, কাউৰীয়ে পাখিৰে বিচি দিলে, কেৰ্কেটুৱাই কেইটামান ফল আনি দি তেওঁৰ আগমনৰ কাৰণ সুধিলে। অৰণ্যই দুখমনে সকলো কথা বৰ্ণালে আৰু নিজৰ ভুল স্বীকাৰ কৰিলে আৰু শিশুৰ ওচৰলৈ গৈ তাৰ স্বভাৱ-চৰিত্ৰৰ বাবে দিয়া আশীৰ্বাদ ঘূৰাই ল'বলৈ অনুৰোধ কৰিলে। তিনি বন্ধুৱে ক'লে— ‘মানুহ! আমিও তোমালোকৰ দৰেই ভগৱানে সৃজন কৰা প্ৰাণী। তোমালোকৰ বুদ্ধি বেছি, কিন্তু লোকৰ কথা শুনি সঁচা-মিছা, ভাল-বেয়া বিচাৰ নকৰাকৈ যি কাম কৰা, তাতেই তোমালোকৰ বুদ্ধি হেৰাই যায়। স্বাৰ্থত তোমালোক অন্ধ হৈ পৰা। তুমি এতিয়া দোষ বুজি পোৱাত আমি আনন্দ পাইছোঁ, কিন্তু এবাৰ যি আশীৰ্বাদ দিয়া যায়, তাক ঘূৰাই ল'ব নাপায়। তথাপি তুমি যদি তাৰপৰা ক্ষতি হয় বুলি ভাবা, তেন্তে তাক লাঘৱৰ উপায় দিব পাৰোঁ।' জন্তু তিনিটাৰ এই কথাত আশ্বস্ত হৈ অৰণ্যই সিহঁতৰ ফালে চাই থাকিল। সিহঁতে তেতিয়া আকৌ ক’লে— ‘চিন্তা নকৰিবা, শিশুক যদি ভালদৰে মৰম-আদৰ কৰি শিক্ষা লোৱাৰ ব্যৱস্থা কৰি দিয়া, তেন্তে লাহে লাহে তাৰ সেইবোৰ স্বভাৱ- চৰিত্ৰৰ শাম কাটি পোন্ধৰ-ষোল্ল বছৰ বয়সৰপৰা ভাল মানুহ হ'ব আৰু সকলোৰে আদৰ-সন্মান পাবৰ যোগ্য হ'ব।’ অৰণ্যই এই কথা শুনি সুখী হ'ল যদিও তিনিওটা জন্তুকে পুনৰ ঘৰলৈ উভতি যোৱাৰ বাবে অনুৰোধ কৰিলে। কিন্তু কাউৰী আৰু কেৰ্কেটুৱাই ঘৰলৈ যাবলৈ মান্তি নহ'ল। সিহঁতে অৰণ্যৰ ঘৰৰ ওচৰৰে গছ-গছনিত থাকি অৰণ্যহঁতৰ খা-খবৰ লৈ থাকিব বুলি আশ্বাস দিলে। কিন্তু কুকুৰটো হৈছে মানুহৰ মৰম আকলুৱা। সেয়ে সি অৰণ্যৰ ঘৰতে থাকিব বুলি মত দিলে। সেই দিন ধৰি আজিও কুকুৰ মানুহৰ ঘৰত থাকে, কেৰ্কেটুৱা আৰু কাউৰীয়ে ঘৰৰ ওচৰতে ঘূৰি ফুৰে। ভৰিত টাঙোনৰ কোব খাই খোঁৰা হোৱাৰ বাবে আজিও কাউৰীয়ে জঁপিয়াই জঁপিয়াই পথালি পথালিকৈ খোজ কাঢ়ে। আনহাতে তিনি বন্ধুই দিয়া আশীৰ্বাদ হেতু আজিও ল'ৰা-ছোৱালীবোৰে প্ৰায় পোন্ধৰ-ষোল্লমান বছৰলৈ 88
পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৪৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d1/%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%A8%E0%A6%BE_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%B6%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%B2%E0%A7%B0_%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A7%81.pdf/page46-1024px-%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%A8%E0%A6%BE_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%B6%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%B2%E0%A7%B0_%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A7%81.pdf.jpg)