এনে কথাত আমি ভৃত্যই কেনেকৈ সহ্য কৰিব পাৰোঁ?'
ৰজাই ভৰি দুখন তললৈ নমাই প্ৰশ্ন কৰিলে— “কি ক'ব বিচাৰিছা ভাঙি-পাতি
কোৱা।'
মন্ত্ৰীয়ে মুৰটো খজুৱাই ধীৰে ধীৰে ক'লে— ‘মহাৰাজ। কাটকেই বা মাৰকেই,
সত্য কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ। আজি মই চুলি কাটি থকা সময়ত
নাপিতজনে ক'লে সি বোলে কালি আপোনাৰ চুলি কটা সময়ত মহাৰাণীক দেখিলে।
সি ক'লে বোলে এনে সুন্দৰী, লক্ষীযুক্তা তিৰোতা বোলে আপোনাৰ যোগ্য নহয়।
সি ছলে-বলে-কৌশলে মহাৰাণীক মোৰ পত্নী কৰি লোৱাৰ পৰামৰ্শ দিলে। তাৰ
বাবে সি মোক সহায়ো কৰিব বুলি ক'লে। ছিঃ ছিঃ মহাৰাজ। এনে কথা আমাৰ
মতে শুনাও পাপ। সিনো বাৰু লোকৰ তিৰোতাৰ ওপৰত নজৰ কৰিব পায়নে? মই
তাৰ এনে কুভাবনাৰ কথা মহাৰাজক নজনালে মোৰ পাপ হ'ব বুলিহে আহিলোঁ।
মহাৰাজ! দায়-দোষ নধৰি ক্ষমা কৰিব।'
মন্ত্ৰীৰ মুখত এনে কথা শুনি ৰজা জঁপিয়াই উঠিল। তেওঁ ভাবিলে, ই একো
আচৰিত নহয়। এই নাপিতেই মন্ত্ৰীৰ ঘৈণীয়েকৰ ওপৰত নজৰ কৰি মোক এনেখন
লটি-ঘটি কৰিলে।' এই ভাবি তেওঁ ক'লে— কি? ই এনে কল্পনা কৰে? মই ইয়াৰ
যথোচিত বিচাৰ কৰিম। এইবুলি কৈ মন্ত্ৰীক বিদায় দিলে আৰু নাপিতক মাতি
পঠিয়ালে। নাপিত আহিলত ৰজাই ক'লে— ‘তই মোৰ বৰ উপকাৰ কৰিলি।
এতিয়া তই মোৰ পত্নীক লৈ মন্ত্ৰীৰ উপকাৰ কৰিবলৈ ওলাইছ। ইয়াৰ বাবে তই
যথোচিত পুৰস্কাৰ পাবি।' এইবুলি চাওদাঙৰ ফালে চাই হুকুম দিলে— ইয়াক লৈ
গৈ এতিয়াই শিৰচ্ছেদ কৰ আৰু মূৰটো মোক আনি দেখুওৱা।' নাপিতে হুৰাওৰাৱে
কান্দিবলৈ ধৰিলে যদিও চাওদাঙে তাক টানি লৈ গ'ল আৰু ৰজাৰ হুকুম পালন
কৰিলে।
৩১