[ পঞ্চম অঙ্ক ]
পঞ্চম অঙ্ক
প্ৰথম দৰ্শন

নগা পৰ্ব্বত। কহিমা চহৰৰ পৰ্ব্বতৰ নামনিৰ বাট। দূৰৈত ওপৰত কহিমাৰ কাচাৰি, হাস্পতাল দেখা গৈছিল আৰু পাট্‌কাই পৰ্ব্বতৰ ৰেখা জিলিকি আছিল। দূৰৈৰ পৰা বৰতোপৰ শব্দ আহিব লাগিছে। উৰাজাহাজৰ হো-হোৱানিয়ে মাজে মাজে পৰ্ব্বত-ভৈয়াম কঁপাই গৈছে। মাজে মাজে দূৰৰ পৰা মেচিন গানৰ লেঠাৰি নিচিগা শব্দ আহে। নগা কিছুমান লৰা-তিৰোতা লৈ আৰু হোৰা কিছুমান লৈ সেই বাটেদি বেগা-বেগিকৈ যায়। কেইটামান আমেৰিকান, পাইলটৰ পোছাক পিন্ধি বৰ বেগেৰে যায়। বৃটিশ সৈন্য, গুৰ্খা সৈন্য, লেবাৰ ক’ৰৰ মানুহ সেইফালে অহা-যোৱা কৰে। এনেতে এজন “অসম ৰেজিমেন্ট”ৰ অসমীয়া কেপ্তেইন আৰু আনফালৰ পৰা এজন চিভিলিয়ান পোছাকৰ অসমীয়া ডাক্তৰ হাজৰিকা আহি থমক খাই ৰয়হি।

কেপ্তেইন সেনাপতি। (চেলিউট দি) ডাক্তৰ হাজৰিকা দেখোন?

ডাক্তাৰ হাজৰিকা—কেপ্তেইন সেনাপতি দেখোন?

কেঃ সেঃ। আপুনি কেতিয়া আকৌ? [ ৭৬ ]
 

ডাঃ হাঃ। পৰহি সন্ধিয়া মই গোলাঘাটৰ নতুনকৈ ট্ৰেইনিং পোৱা নাৰ্ছ দহ জনীৰে পালোহি; কিন্তু ইয়াত যে অৱস্থা এনেকুৱা আমাৰ গমকে নাছিল।

কেঃ সেঃ৷ এৰা, কহিমা যে আৰু ৰাখিব পাৰিব তাৰ আশা মই দেখা নাই। কালি ৰাতিয়েই ইভাকুয়েছনৰ অৰ্ডাৰ দিছেই। আমি এক ৰকম জাপানীৰ ঘেৰাওতে পৰিছো ।

ডাক্তাৰ হাঃ৷ এতিয়া শেষত আহি আমি জাপানীৰ হাততহে পৰিবলগীয়া হল। আমাৰ ডাক্তৰ আৰু নাৰ্ছবোৰকতো শেষলৈকে ‘ইভাকুয়েত’ কৰিবলৈ নিদিয়েই ।

কেঃ সেনা৷ ডাক্তৰ নাৰ্ছো যদি যায়, তেন্তে তাহাঁতক চাব কোনে?

এনেতে চাইৰেন বাজিবলৈ ধৰিলে। নগা-নাগিনীবোৰৰ মাজত হুৱাদুৱা লাগিল। সেই ফালেদি সৈন্য লেবাৰ ক’ৰৰ মানুহ আমেৰিকান এম, পি বৃটিশ অফিচাৰৰ লৰাধপৰা আৰম্ভ হ'ল। লগে লগে ওপৰত উৰাজাহাজৰ ভীষণ শব্দ, বোমা বিস্ফোৰণৰ ভয়ঙ্কৰ শব্দ আৰু এন্টি-এয়াৰ ক্ৰেষ্টৰ কাণ তাল মৰা ফায়াৰিঙৰ শব্দ হৈ এটা ভয়ঙ্কৰ অৱস্থাৰ সৃষ্টি কৰিলে৷

আঁৰ-কাপোৰ
[ ৭৭ ]
দ্বিতীয় দৰ্শন

কহিমাৰ বাট। ঘোৰ অন্ধকাৰ। জাপানী আহি কহিমা সোমাইছে। ভীষণ হতাহতি যুদ্ধ চলিব লাগিছে। মেচিন-গানৰ অনবৰত ৰু-ৰুৱনি। মাজে মাজে বৰতোপৰ ভীষণ শব্দ। আন্ধাৰ বাটেদি মানুহ সৈন্য ইত্যাদিয়ে লৰাধপৰা কৰিছে। এনেতে এদল বৃটিছ সৈন্য আৰু জাপানী সৈন্যই বন্দুকেৰে হতাহতি যুদ্ধ কৰি সেই ফালেদি যায়। ভীষণ চিঞঁৰ বাখৰ। মৰা মৰে, যুদ্ধ কৰাই যুদ্ধ কৰে। এই দৰে ভীষণ যুদ্ধ চলি থাকে।
ৰাতি পুৱাই আহে। পোহৰ হৈ অহাৰ লগে লগে তাত বহুত মৰা সৈন্য পৰি থকা দেখা যায়। সিফালে যুদ্ধ চলিয়েই থাকে। মেচিন গান শব্দই ৰু-ৰুৱাবই লাগিছে।

এদল জাপানী সৈন্যই এদল বৃটিছ সৈন্য আৰু এজন বৃটিছ কমাণ্ডাৰক বন্দী কৰি লৈ যায়। তাৰ পিছত কেইটামান জাপানীয়ে বেয়নেট দেখুৱাই কেইজনীমান নাগিনী ছোৱালী সেইফালেদি লৈ যায়। তাৰ পিছত কেইটামান জাপানী সৈন্য সেই ফালেদি আহে, আৰু হঠাতে কৰবাৰ পৰা কেইটামান গুৰ্খা ওলাই সিহঁতৰ লগত পিস্তলেৰ যুদ্ধ কৰে। জাপানী দুটা মৰে। এনেতে কেইটামান জাপানী আহি বন্দুকেৰে গুলিয়াই গুৰ্খা কেইটাক পেলাই দিয়ে। কেইটামান জাপানী সেইফালে লৰি আগলৈ গুলি চলাই চলাই যায়৷ তাৰ পিছত এদল জাপানীয়ে এদল অসম “ৰেজিমেন্ট”ৰ মানুহ আৰু তাৰ লগতে ডাক্তৰ হাজৰিকা, কেঃ সেনাপতি আৰু কেপটেন শৰ্ম্মাক বন্দী কৰি লৈ যায়হি। তাৰ পিছত দুটা জাপানীয়ে মাজত সুমুৱাই লভিতাক সেই ফালেদি লৈ [ ৭৮ ]
 
আহে; আৰু তাইৰ পিছত জাপানীয়ে আৰু কেইজনীমান নাৰ্ছ হাতত ধৰি লৈ আহে। এনেতে কেইটামান গুৰ্খা আহি জাপানীবোৰক পিস্তলেৰে আক্ৰমণ কৰে। কিন্তু ততালিকে গুৰ্খা কেইটাক জাপানীয়ে ঘেৰাও কৰি বন্দী কৰে। লভিতা আৰু নাৰ্ছবোৰক আজুৰি টানি জাপানী কেইটাই লৈ যায়।
————
তৃতীয় দৰ্শন

ৰাতি আন্ধাৰ, একো দেখা নাযায়। এডোখৰ কহিমাৰ পৰ্ব্বতৰ তলৰ হাবি। দুটা “অসম ৰেজিমেণ্ট”ৰ অসমীয়া সৈন্য, সিহঁতৰ দাড়ি গজি ভোবোকাৰ। পিন্ধা ইউনিফ’ৰ্ম ফাটিচিতি ফাঁহ ফাঁহ হৈ আছে। সিহঁতে জুইশলা মাৰি এডোখৰ চুৰটকে দুয়োটাই ভগাই হোপে। জুইশলাৰ পোহৰত সিহঁত দুটাক দেখা যায়। তাৰ পিছত মাথোন আন্ধাৰত সিহঁতে হোপা চিগাৰেটৰ জুই জ্বলি থাকে আৰু আন্ধাৰৰ পৰা সিহঁতে কথা পতা শুনা যায়।

১ম। হেৰা! পিছে আমাৰ কি কৰা? আৰু এইদৰে নগাৰ গাঁৱে গাঁৱে কিমানদিন লুকাই লুকাই ফুৰিবা? কেতিয়াবা নগাৰ হাততে মূৰটো যাব। [ ৭৯ ]
 
২য়৷ যাবই যাব। এতিয়াতো কহিমা, গোটেই নগা পৰ্ব্বত জাপানীৰ হাতত। নগাবোৰে আমাক দেখিলে ক’ত শুদাই এৰিব।

১ম। কি কৰো, জাপানীৰ হাতত ধৰা নিদিলে আৰু উপায় নাই। যি আছে কপালত। ইমান দিনে জাপানীয়ে চাগৈ ডিমাপুৰ দখল কৰিব পায়।

২য়। ডিমাপুৰ কহিমা লোৱাৰ দুদিনৰ পিছতেই শেষ হব পায়। আজি কহিমা লোৱা এঘাৰ দিনে অকল ডিমাপুৰহে লৈছেনে? যি কোবেৰে উৰাই নিছে, কিজানি তেজপুৰ গুৱাহাটীও উফৰিব পায়।

১ম। ইস্! ইস্ কিনো কথাটো হ’ল। এই হেন বৃটিছৰ ৰাজ্য, দেখিছা কেনেকৈ কাগজ পোৰাদি দংশি নিলে। বুইছানে মোৰ গাঁওখনলৈহে মনত পৰি বুকুখন চিৰিং-চিৰিংকৈ আছে। আমাৰ ঘৰখন বাৰু আছেনে চাগৈ। আমাৰ মানুহবোৰ বা কোন ধুবুৰী পালেগৈ।

২য়। এঃ মই হলে ভাবিবলৈ এৰি দিলো। ভাবিনো কি ডাল কৰিবা, যি আছে কপালত।

এনেতে ওচৰত কিবা এটা শব্দ হয় আৰু দুয়ো তাৰ পৰা ছাট কাৰে নাইকিয়া হয়। চিগাৰেটৰ জুই দুটুকুৰা নাইকিয়া হল। এনেতে হাতত আঁৰিয়ালৈ চিঞঁৰি-বাখৰি এদল নগা সেইফালেদি আহি কিবা বিচৰা যেনেকৈ গোলমাল কৰিবলৈ ধৰে।

—————
[ ৮০ ]
চতুৰ্থ দৰ্শন

উত্তৰ বৰ্ম্মাৰ মিটচিনা নামৰ এটা উৰাজাহাজৰ ঘাঁটি। জাপানী দখলত, তাত জাপানী নিছান উৰিব লাগিছে৷ দূৰৈত এয়াৰ-ড্ৰমৰ ঘৰবোৰ দেখা গৈছে আৰু ডাঙৰ ডাঙৰ বিমান মাটিত পৰি থকা দেখা গৈছে। কিছু দূৰণিত এটা পেগডাও জিলিকি আছে৷
সেই ঠাইতে “অসম ৰেজিমেন্ট”ৰ এদল সৈন্য বহি আছে। মাটিত, সিহঁতৰ মাজত ডাক্তৰ হাজৰিকাহঁতকো দেখা গৈছে। জাপানী বেয়নেট ধাৰী কেইটামান সৈন্যই সিহঁতক পহৰা দি আছে।
সিহঁত যদিও বন্দী অৱস্থাত আছে তথাপি সিহঁতে কথা-বতৰা পাতি আছে সিহঁতৰ ভিতৰতে। আৰু চিগাৰেট ইত্যাদি খাই আছে।
ইহঁতক কহিমাৰ পৰা বন্দী কৰি আনি এয়াৰ ড্ৰমত পহৰাত ৰাখি কাম কৰোৱাইছে আৰু এতিয়া জিৰণি লবলৈ দিছে।
সিহঁতৰ ওচৰেদি এয়াৰ ড্ৰমত কাম কৰা বৰ্ম্মা পোছাক পিন্ধা মানুহ এটা দুটা অহা-যোৱা কৰিছে। কেতিযাবা দুই এজনী বাৰ্ম্মিজ ছোৱালীও সেইফালেদি গৈছে।

ডাঃ হাজঃ৷ (চিগাৰেট হোপা মাৰি) মই ডাক্তৰ মানুহ। মোক্‌নো বাৰু ইহঁতে মাটি কটা কামত লগাব পায়নে?

কেঃ সেনাপতি৷ আপোনাক পিছে দুই এদিনতে হাস্পতাললৈ নিবই নিব। আপোনাৰ ৰেহৰূপ চাই লৈছে, তাক চাবলৈহে মাটি কটোৱাতে লগাইছে। [ ৮১ ]
 
ডাঃ হাজঃ৷ আমাৰ লগৰ নাৰ্ছ কেইজনীক কৰিলে কি বা?

কেঃ সেনাপতি৷ কালি মই হাস্পতালৰ বাৰান্দাত লভিতা আৰু বাকী দুজনীকো দেখিছিলো। সিহঁতক তাত কিবা কাম কৰোৱাইছে

ডাঃ হাজঃ৷ পিছে আমাৰ গতি এয়েই হব নেকি? ক’ত কি হৈছে তাৰ দেখোন একো খবৰ পাবলৈ নোহোৱা হল, আজি এমাহে সংসাৰত ক’ত কি হ'ল তাৰ বিষয়ে—

এনেতে বাহিৰত মটৰৰ হৰ্ণ বাজে, সকলোৱে কথা-বতৰা এৰি চাই থাকে। এজন জাপানী অফিচাৰ আৰু আজাদ হিন্দ্ ফৌজৰ শিখ কামাণ্ডাৰ কথা পাতি পাতি তালৈ সোমাই আহি গহীন হৈ বন্দী দলটোৰ আগত ৰয়। জাপানী ৰখীয়া কেইজনে চেলিউট দিয়ে। ৰেজিমেণ্টটো থিয় হয়। শিখ কমাণ্ডাৰে হাতেৰে বহিবলৈ কয়। ৰেজিমেণ্টৰ মানুহবোৰ আকৌ আগৰ দৰে বহে। সিহঁত দুয়োজনে ভালকৈ ৰেজিমেণ্টৰ মানুহবোৰক চায়, তাৰ পিছত দুয়োৰে ভিতৰত কিবা কথা হয় আৰু শিখ কমাণ্ডাৰজন আগবাঢ়ি যায়।

শিখ কমাণ্ডাৰ। মেৰে হিন্দুস্থানী চিপাহী ভাইয়োঁ আজ ম্যেয় আপলোগোকে চাম্‌নে এক বাত্ পেশ্ কৰনা চাহতা হুঁ। আপ্‌লোগ্ আজ কয়দ হোকৰ আয়ে, ম্যায় ভি একৰোজ কয়েদ হোকৰ আয়া থা, লেকিন আজ হম নেতাজীকী কৃপাসে এক নয়ী ৰোছনীকা সন্ধান পাকৰ [ ৮২ ]
 
হমাৰে হিন্দুস্থানকো আজাদ কৰণেকে লিয়ে এক নয়ে ৰাস্তামে যাতে হ্যাঁয়। ইস্ ৰাস্তেমে যানেকে লিয়ে ম্যায় আজ হমাৰে হিন্দুস্থানী চিপাহী ভায়োকা ভি আজাদ কৰণেকে লিয়ে হাজিৰ হুয়া হু, ভাইয়ো আপলোক মেৰী বাত সমঝ্‌তে হ্যাঁয়?

ডাঃ হাজঃ। (থিয় হৈ) কমাণ্ডাৰ চাহেব। হিন্দুস্থানী বাত্ হম আওৰ দু এক সম‌্জেতে হ্যেঁয়, লেকিন ইস ৰেজিমেন্টকে বাকী আদমিকো আপকা ভাষণ পুৰা সমঝ‌্নেমে কুচ মুছকিল হ্যাঁয়।

শিখ কমাণ্ডাৰ। অচ্ছা! অচ্ছা! ইছ্ ৰেজিমেন্ট কো’ন ভাষা কহতে হ্যায়?

ডাঃ হাজঃ জী য়হ ৰেজিমেন্ট আসাম ৰাইফ্‌লস কা হ্যায়। ৱেলোগ অসমীয়া ভাষা বলতে হ্যাঁয়। হিন্দুস্থানী বোলি থোড়ী সম্‌জেতে হ্যায়।

শিখ কমাণ্ডাৰ। অচ্ছা! অচ্ছা!

(অলপ পৰ ৰৈ জাপানী কমাণ্ডাৰৰ সৈতে আলোচনা কৰে আৰু জাপানী কমাণ্ডাৰ এজনে জাপানী সৈন্যক মাতি এখন ভিজিটিং কাৰ্ডত কিবা লিখি দিয়ে আৰু তাকো জাপানী ভাষাত কিবা কৈ দিয়ে। সি চেলিউট দি বেগেৰে ওলাই যায়। [ ৮৩ ]
 
শিখ কমাণ্ডাৰ৷ অচ্ছা অচ্ছা! আপ কোন হ্যাঁয়?

ডাক্তৰ হাজৰিকা। ম্যায় তাে ডাক্তাৰ হুঁ ৷

শিখ কমাণ্ডাৰ। অচ্ছা—অচ্ছা তো অভি আপলােগোঁকী বাত সমজ নেকেলিয়ে, আপলােগােকে-দেশকে লেফটেন্ট বৰুৱা চাহেব আয়েঙ্গে । মেৰী অৰ্জ য়হী হ্যায় কি আপলােগ বাত শুন কৰ হামলােগকে আজাদ-হিন্দ-ফৌজকে তথা নেতাজীকী মদদ কৰকে হমৰা সোনেকা হিন্দুস্থানকা আজাদ কৰনে কে লিয়ে তৈয়াৰ হোঁ যায়েঙ্গে ৷

এনেতে লেফটেনেণ্ট বৰুৱা কাষলতি তলত এখন মেৰিয়াই থােৱা নিছান লৈ আহি-শিখ কমাণ্ডাৰক চেলিউট দি ৰব ৷

শিখ কমাণ্ডাৰ ৷ অচ্ছা বৰুৱা চাহেব, দেখিয়ে ৱে লােগ আসাম কে ৰহনেৱালে হ্যায়্। হিন্দুস্থানী ভাষা ইন্‌লােগােকো সমজমেঁ নহী অতি উস্‌লিয়ে ম্যায় আপকো বুলায়াহুঁ ৷ আপ ইনলোগোঁকো আজাদ-হিন্দ-ফৌজকে সব কুছ সমজা দীজিয়ে ।

লেফটেনেণ্ট বৰুৱা ৷ (চেলিউট কৰি জী এই বুলি লেফঃ বৰুৱাই ৰেজিমেণ্টৰ ফালে ঘূৰি সকলােলৈকে চাবলৈ ধৰে ৷ তাৰ পিছত ডাক্তৰ হাজৰিকাক দেখি অলপ হঁহা যেন কৰি ।)

আ-আ-আপুনি ডাক্তৰ হাজৰিকা নহয়নে? [ ৮৪ ]
 

হাজঃ। (থিয় হৈ। হয় মই ডাক্তৰ হাজৰিকা৷ (তাৰ পিছত ভালকৈ চায়) এ আপুনি দেখোন আপুনি—?

লেফঃ বৰুৱা। এৰা ময়েই। (সকলোৱে লেফঃ বৰুৱাৰ ফালে চায় আৰু বৰুৱা আগবাঢ়ি আহি ডাক্তৰ হাজৰিকাক সাৱট মাৰি ধৰে।)

ডাক্তৰ হাজঃ। আপুনি পিছে?

লেফঃ বৰুৱা। মই শিঙাপুৰত আছিলো। মই তাতেই ধৰা পৰো। তাৰ পিছত আমাৰ নেতাজী বসুৰ আজাদ্-হিন্দ্-ফৌজত সোমালো।

ডাক্তৰ বৰুৱা। আজাদ্ হিন্দ্ ফৌজত?

লেফঃ বৰুৱা। এৰা, এতিয়াতো এই সুবিধাতেই আমি ভাৰতৰ স্বাধীনতাৰ বাবে চেষ্টা কৰিব লাগিব। বৰ্ত্তমান আজাদ হিন্দ্ ফৌজত প্ৰায় কেবা লাখো সু-শিক্ষিত সৈন্য হৈছে। ভাৰতৰ সকলো প্ৰদেশৰে বঙালী, বিহাৰী, পাঞ্জাৱী, মাৰাঠী, শিখ, পাঠান, মাদ্ৰাজী আদি সকলোৱে আছে। আমাৰ অসমীয়াহে মাথোন প্ৰায় ১৮ জন মান। অন্ততঃ ১০০ মান হলেই। আপোনালোকৰ ৰেজিমেণ্টটোত কিমান?

ডাক্তৰ হাজঃ। ইয়াত আমাৰ প্ৰায় ২০০ ৰ ওপৰ৷ আমাৰ লগত ৪ জনী অসমীয়া   ধৰা পৰিছে। সিহঁতক হাস্পতালত ঠাই দিছে। [ ৮৫ ]
 
লেফঃ বৰুৱা৷ হয় নেকি? অসমীয়া নাৰ্ছ?

ডাক্তৰ হাঃ৷ তেন্তে তেওঁলোকক মতোৱাই ইয়ালৈ অনোৱা যাওক। সকলো কথা মই বুজাওঁ।

এই বুলি বৰুৱাই গৈ জাপানী ভাষাৰে জাপানী কমাণ্ডাৰক কিবা কয় আৰু জাপানী কমাণ্ডাৰে মূৰ দুপিয়াই এখন কাগজ লিখি এটা চন্তৰী মাতি পঠিয়াই দিয়ে। লেঃ বৰুৱাই ডাক্তৰ হাজৰিকাক হাত বাউল দি মাতে আৰু তেওঁ গলত অলপ দূৰলৈ নি অকলশৰীয়াকৈ, আনে নুশুনাকৈ কিবা কথা বৰ গহীনভাবে পাতিবলৈ ধৰে। জাপানী কমাণ্ডাৰ আৰু শিখ কমাণ্ডাৰে তেওঁলোকৰ ভিতৰত কথা পাতে আৰু দলটোৰ মানুহবোৰে নিজৰ ভিতৰত খুব কিবা আলোচনা কৰিবলৈ ধৰে। এনেতে জাপানী চন্তৰীয়ে লভিতা আৰু দুজনী নাৰ্ছক তালৈ লৈ আহে। সিহঁতৰ মুখ শেঁতা আৰু ক্ষীণোৱা; সিহঁতে নাৰ্ছৰ পোছাকতেই আছিল। সিহঁতক আনি জাপানী কমাণ্ডাৰৰ ওচৰত হাজিৰ কৰে। দলৰ সকলোৱে মাত-কথা বন্ধ কৰি সিহঁতলৈ চাই থাকে।
ডাঃ হাজৰিকা আৰু লেঃ বৰুৱা কথা পাতি থকা ঠাইৰ পৰা আহি লভিতাহঁতৰ আগত থিয় হয়। লেঃ বৰুৱাই জাপানী কমাণ্ডাৰক জাপানী ভাষাত কিবা সোধে আৰু উত্তৰ পায় কয়।

লেফঃ বৰুৱা। (ডাঃ হাজৰিকাক) ডাক্তৰ হাজৰিকা! আপুনি বাৰু বহকগৈ৷ [ ৮৬ ]
 

ডাঃ হাজঃ। মূৰ দুপিয়াই গৈ আগৰ ঠাইত বহেগৈ৷
লভিতাহঁতৰ ফালে ভালকৈ ভৰিৰ পৰা মূৰলৈকে নিৰীক্ষণ কৰি)

তোমালোক অসমীয়া ছোৱালী?

লভিতা। হয়।

লেঃ বৰুৱা। তোমালোকৰ ঘৰ ক'ত আছিল?

লভিতা। মোৰ গোলাঘাটত আৰু তেওঁলোকৰ এওঁ তেজপুৰৰ আৰু তেওঁ নগাঁৱৰ।

লেঃ বৰুৱা৷ তোমালোকে নাৰ্ছ কাম কিমান দিনৰ পৰা কৰিছা?

লভিতা। ধৰা পৰাৰ তিনি মাহ আগৰে পৰা।

লেঃ বৰুৱা। তোমালোকে কেনেকৈ যুদ্ধৰ কামত আহিবলৈ পালা?

লভিতা। বহুতো অসমীয়া ছোৱালী এই কামত ভৰ্ত্তি হৈছে ম-মই (অলপ ৰৈ) ময়ো।

লেঃ বৰুৱা। লভিতালৈ টানকৈ চাই যুদ্ধলৈ ভয় নাইনে তোমালোকৰ?

লভিতা। ভয় কৰিলেনো আমি যুদ্ধৰ পৰা সাৰিব পাৰিম জানো? আমাৰ গাঁৱৰ চোতালে-পথাৰে যুদ্ধ৷ অসমীয়া কত’ লৰা-ছোৱালীয়ে কংগ্ৰেছৰ ভলণ্টিয়াৰ হৈ লাঠী খাই, গুলি খাই মৰিছে। আমিনো তাৰু ভয় কৰিবলৈ’ কিটো আছে? [ ৮৭ ]
 
লেঃ বৰুৱা। লভিতাৰ কথাত আচৰিত আৰু আনন্দিত হৈ) নিশ্চয়

তেন্তে আমাৰ অসম দেশ আৰু অসমীয়া মানুহ আগৰ হৈ থকা নাই। মই আজি ১০/১২ বছৰ বিদেশতেই।

লভিতা। কংগ্ৰেছ আন্দোলন আৰু এই বাৰ বিয়াল্লিছৰ বিপ্লৱে আৰু লগে লগে যুদ্ধৰ তল-ওপৰে অসমীয়া মানুহক সলাই পেলালে।

লেঃ বৰুৱা। (কিছু পৰ নিৰ্ব্বাক হৈ থাকে) তোমাৰ নাম?

লভিতা। লভিতা বৰুৱা।

লেঃ বৰুৱা। লভিতা ব-ৰু-ৱা?

(অলপ তলমূৰকৈ মনে মনে থাকি হঠাৎ দলৰ ফালে মুখ কৰি কবলৈ ধৰে।)

মোৰ অসমীয়া সৈনিক ভাইসকল! মই আপোনালোকক কেইটামান প্ৰশ্ন সুধিব খোজো?

এজন সৈন্য। (খিয় হৈ) হয় ডাঙৰীয়া সোধক, আমি—

লেঃ বৰুৱা৷ বাৰু বহক। মোক বহি বহি উত্তৰ দিলেই হব। থিয় হব নালাগে। মোৰ প্ৰশ্ন আৰু কথা মন দি শুনি গুণি গাঁথিহে উত্তৰ দিব।

এজন সৈন্য। ভাল ডাঙৰীয়া।

লেঃ বৰুৱা৷ আপোনালোক কাৰ সৈন্য?

এজন সৈন্য। আমি বৃটিছৰ সৈন্য। [ ৮৮ ] লেঃ বৰুৱা। বৃটিছব?

এজন সৈন্য। বৃটিছৰ পিছে ভাৰতীয় সৈন্য।

লেঃ বৰুৱা। আপোনালোকে কাৰ বিৰুদ্ধে যুজিবলৈ আহিছিল?

এজন সৈন্য। জাপানীৰ।

লেঃ বৰুৱা। কিয়?

এজন সৈন্য। জাপানীয়ে আমাৰ দেশ লবলৈ আহিছিল দেখি।

লেঃ বৰুৱা। তেন্তে যেয়ে আপোনালোকৰ দেশ লয় বা লবলৈ আহে, তাৰ সৈতে আপোনালোকে যুজ কৰিব?

এজন সৈন্য। হয় সেইটো আমাৰ কৰ্ত্তব্য।

লেঃ বৰুৱা। ভাল কথা! তেন্তে ইংৰাজবোৰো জাপানীৰ দৰেই বিদেশী। সিহঁতৰ লগত ইমানদিনে আপোনালোকে যুদ্ধ কৰা নাছিল কিয়?
(সকলোৰে নিমাতে থাকে তাৰ পিছত এজনে কয়।)

এজন সৈন্য। ডাঙৰীয়া! আমি বৃটিছৰ নিমখ খাইছো সিহঁতে আমাক দৰমহা দি সৈন্য কৰিছে।

লেঃ বৰুৱা। বৃটিছৰ নিমখ আপোনালোকে খাইছে? হাঃ- হাঃ- হাঃ আপোনালোকক যে দৰমহা দিয়ে ক'ৰপৰা দিয়ে কব পাৰানে?

এজন সৈন্য। চৰকাৰৰ পৰা-[ ৮৯ ]
 

লেঃ বৰুৱা৷ চৰকাৰে সেই টকা ক’ৰ পৰা পায় জানেনে?

এজন সৈন্য। চৰকাৰে ৰায়তৰ খাজনা তুলি—

লেঃ বৰুৱা। তেন্তে আপোনালোকে দৰমহা পায় খাজনাৰ টকাৰ পৰা? সেই টকা ৰায়তে ঘটে, হাড়ক মাটি কৰি তেজক পানী কৰি খেতি-বাতি কৰি। ইংৰাজে বিলাতৰ পৰা আপোনালোকৰ দৰমহাৰ টকা নানে। আমাৰ মানুহৰ পৰা খাজনা তুলি সেই টকাৰেই আপোনালোকক দৰমহা দিছে। সেই টকাৰেই আপোনালোকে খাইছে, লৰা-ছোৱালীক পুহিছে। তেন্তে ভাইসকল! আপোনালোকে ৰায়তৰ নিমখ খোৱা নাইনে? অসমীয়া ৰায়তৰ নিমখ খাইছে। ইংৰাজ বিদেশী গৱৰ্ণমেণ্টৰ নিমখ খোৱা নাই। হয় নে নহয় বাৰু কওকচোন এতিয়া ৷

লভিতা৷ আপুনি কোৱা কথাবোৰ আমাৰ তাত গান্ধীৰ ভলণ্টিয়াৰবোৰে কৈছে। আমাৰ গাঁৱৰ ৰায়তসকলে বুজিছে। কিন্তু আমাৰ যিসকলে সৈনিক হৈছে, তেওঁলোকেও আজিকালি এই কথাটো বুজা হৈছে, কিন্তু বুজিও তেওঁলোকে একো কৰিবলৈ উপায় পোৱা নাই।

লেঃ বৰুৱা। সেই কাৰণেই আমি আজাদ হিন্দ্ ফৌজে তাৰ উপায় উলিয়াইছোঁ। নেতাজীয়ে তাৰ উপায় আমাক দিছে। ইমান দিন আমাক ইংৰাজে এনেকৈ বান্ধি-ছাটি [ ৯০ ] থৈছিল যে, আমি যদিও অন্তৰে অন্তৰে কথা বুজিছিলো—আমাৰ ভাৰতীয় ৰাইজে ভাৰতীয় সৈনিকসকলে ভাৰতীয় উচ্চ নীচ সকলোৱেই বৃটিছৰ হাতৰ পৰা নিজৰ দেশক মুকলি কৰিবলৈ বুকত জীয়াজুই পুহি আছিল, তথাপিও আমি একে তাৰ উপায় পোৱা নাছিলো ।

 এদিন ১৮৫৭ চনত ভাৰতীয় সৈন্যসকলে আৰু ভাৰতীয় ৰাইজে বৃটিছৰ বিৰুদ্ধে মূৰ ডাঙি উঠিছিল। কিন্তু আমাৰ দুৰ্ভাগ্যবশতঃ সেই অভিযানৰ চেষ্টা সকলো ব্যৰ্থ হ’ল। ঝান্সীৰ ৰাণীকে আদি কৰি কত বীৰ বীৰাঙ্গনাই সেই জুইত নিজকে জাহ দি–আমাৰ কাৰণে স্বাধীনতাৰ শলিতা নিজৰ বুকৰ তেজেৰে জ্বলাই থৈ গল। আজি এই পৃথিবীজোৰা মহাসমৰৰ বাবে আমি ভাৰতীয়ই যি এক মহান সুযোগ পাইছো; এই সুবিধাতে আমি আকৌ প্ৰাণপণে স্বাধীনতাৰ কাৰণে যুঁজিব লাগিব।

 আজি ভাৰতৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বত ভাৰতীয় জনতাই স্বাধীনতাৰ মহা সংগ্ৰাম চলাইছে। ১৯৭২ চনৰ বিপ্লৱৰ জুই এতিয়াও নুমুৱা নাই; কিন্তু আজি জনতাৰ এই স্বাধীনতাৰ অদম্য হেপাহ বৃটিছে সামৰিক বৰ্ব্বৰতা আৰু নিষ্ঠুৰতাৰে দমন কৰি আজিও ভাৰতবৰ্ষক ভৰিৰ তলত গচকি ধৰি আছে।

তেন্তে-তেন্তে ভাৰতীয় সৈনিক ভাইসকল! আজি আমি ভাগ্যৰ ফেৰত ভাৰতক অস্ত্ৰেৰে হলেও মুক্ত [ ৯১ ]
 
কৰিবলৈ যি সুবিধা পাইছাে, এই সুবিধা এৰি দিয়াটো আমাৰ মূৰ্খালি নহবনে? আমি সৈনিকবােৰো ভাৰতৰ সন্তান। ভাৰতক মুকলি কৰিবলৈ, ভাৰতী আইৰ ভৰিৰ শিকলি খুলি দিবলৈ আমাৰ শক্তিৰে আমাৰ বুদ্ধিৰে চেষ্টা কৰাটো আমাৰ কৰ্ত্তব্য নহয়নে? বৃটিছৰ ভৰিৰ তলত থাকি থাকি সিহঁতৰ তলত চাকৰি কৰি সিহঁতৰ বিষ মন্ত্ৰৰে অনুপ্রাণিত হৈ আজি আমি আমাৰ মাতৃভূমিক চিনি নােপােৱা হলাে নেকি ?

 সৌৱা ভাইসকল! সৌৱা দূৰৈত অসমৰ পৰ্ব্বতৰ চুড়া,—সৌৱা দূৰৈত অসমৰ আকাশ বতাহ, সৌৱা দূৰৈত লুইতৰ পাৰত আমাৰ অসমীয়া ৰাইজ, সৌৱা বৃটিছৰ নিপীড়িত দলিত ধর্ষিত অত্যাচাৰত জৰ্জ্জৰিত আমাৰ ভাৰতীয়–অসমীয়া—স্বাধীনতাৰ কাৰণে বিয়াকুল হৈ ৰৈ আছে৷ সেই নিপীড়িত জনতাৰ কান্দোন আপােনালােকে শুনা নাইনে ? সৌৱা কুশল কোঁৱৰ, কনকলতা, তিলেশ্বৰী, মুকুন্দ, মনবব, তিলক ডেকা, মদন, ৰাউতা, ৰতন কচাৰীৰ, পানিকাৰ আত্মাই আমাক মাতিছে।

সৈনিকসকল। আজি তেন্তে আপােনালােকে কি কৰিব? কি কৰিব?

কেইজনমান সৈন্য৷ আমি, আমি ভাৰতৰ স্বাধীনতাৰ কাৰণে প্রাণ দিম, প্রাণ দিম৷ [ ৯২ ]
 
লেঃ বৰুৱা। ধন্য আপোনালোক, আপোনালোকৰ অসমীয়া নাম সাৰ্থক বুজিলো৷ আপোনালোকৰ আত্মা এতিয়াও বৃটিছে জয় কৰিব পৰা নাই, সেই কাৰণেই আজি মাতৃভূমিৰ আহ্বানত সাৰ পাই উঠিছে।(হাতৰ নিছান মুকলি কৰি) এইখন আমাৰ তিৰঙ্গা নিছান। এই পতাকা ভাৰতৰ গাঁৱে গাঁৱে চহৰে চহৰে উৰিছে। এয়ে আমাৰ মুক্তি পতাকা। এয়ে আমাৰ বিজয়ী পতাকা। আহক সৈনিকসকল৷ আজি ভাৰতৰ মুক্তি মন্ত্ৰত দীক্ষা লোৱা, নতুন মানুহ আপোনালোক, আহক এই মিছনৰ তলত থিয় হৈ গাওক।

সকলো উত্তেজিত হৈ থিয় হয়। বৰুৱাই লগাই দিয়ে আৰু সকলোৱে গায়।

লেঃ বৰুৱা—  ঝাণ্ডা উচা ৰহে হমাৰা,
 বিজয়ী বিশ্ব-তিৰঙ্গা প্যাৰা—
 মদা শক্তি বৰ্ষাণেৱালা
 প্ৰেম সুধা সুৰ সনেৱালা
 বীৰোঁকা হৰ্ষাণেৱালা
 ঝাণ্ডা উচা ৰহে হমৰা—
 জয় হিন্দ্—জয় হিন্দ্

ইয়াৰ পিছত লেঃ বৰুৱাই গীত লগাই দিয়ে আৰু সকলোৱে গাৱ
লভিতাহঁতেও যোগ দিয়ে।

[ ৯৩ ]
 
—গীত—

 জয় হিন্দ্
 জয় জয়
 জয় হিন্দ্ জয় জয়

 নবভাৰতৰ নবীন অৰুণোদয়
 জয় হিন্দ্ জয় জয়

 যুগান্তৰৰ আন্ধাৰ জিনি
 আগ বাঢ়ি যা ন যোৱান!
 তোৰ হাতত উৰে বিজয়ী নিছান।

 ইন্ কিলাব জিন্দাবাদ্
 হিন্দ্ আজাদ হিন্দ্ আজাদ


আঁৰ-কাপোৰ
[ ৯৪ ]
 
সমাপতি

নগা পৰ্ব্বতৰ নামনি। অসম ৰণখলি। দূৰৈত পাটকাই পৰ্ব্বত ৰিণিকি ৰিণিকিকৈ দেখা গৈছে।

বন্দুক বৰতোপ আৰু মেছিন গানৰ ৰু-ৰুৱনি, মাজে মাজে একোটা বোমা পৰাৰ ভীষণ শব্দ।

মঞ্চৰ সোঁমাজত এটা ওখ টিলা-টিলাটোৰ আগফালে দৰ্শকৰ ফালে পিঠি দি এদল, গোৰা সৈন্যই টিলাটোৰ আঁৰ লৈ মেছিনগান, বন্দুক, ‘ট্ৰেঞ্চফৰমেছন’ত অ’ত ত’ত থাকি চলাই আছে। সিফালৰ পৰা গুলি আহি আৰু হেণ্ড গ্ৰেনেড আহি এই গোৰা সৈন্যবোৰৰ মাজত পৰিছে। তাৰে এটা দুটা সৈন্য মাজে মাজে গুলি লাগি বাগৰি পৰিছে আৰু লুকাই থকা ‘ৰেডক্ৰছ’ৰ মানুহ আহি লৈ গৈছে।

সিফালৰ পৰা বন্দুকৰ শব্দ ওচৰ চাপি আহে হেণ্ড গ্ৰেনেডৰ কোব চৰি অহাত এই ফালৰ গোৰা সৈন্যবোৰে লাহে লাহে পাছ হুহুকিবলৈ ধৰে।

এনেতে সিফালৰ আজাদ হিন্দ্ ফৌজৰ এদল সৈন্যই উন্মুক্ত চঙীনেৰে হঠাৎ টিলাটোৰ ওপৰেদি ঢৌ বাগৰাদি বাগৰি আহি গোৰা সৈন্যবোৰৰ ওপৰত পৰে। গোৰা সৈন্য ছেদেলি ভেদেলি হৈ যায়, আৰু আজাদ হিন্দ্ সৈন্যৰ আগত তিষ্ঠিব নোৱাৰি হুহকি মঞ্চৰ পৰা ওলাই যায়, আৰু আজাদ হিন্দ্ সৈন্যও সিহঁতক পাছে পাছে খেদি গৈ মঞ্চৰ পৰা ওলাই যায়।

[ ৯৫ ]
 

এনেতে টিলাটোৰ সিফালে আৰু এদল সৈন্যৰে সৈতে লেঃ বৰুৱা হাতত তিৰঙ্গা নিছান লৈ ওলাই আহে আৰু তিৰঙ্গা নিছান টিলাটোৰ ওপৰত থয়। দুটা সৈনিকে চঙীনেৰে মাটি খান্দি খান্দি নিছানখন ভালকৈ পোতে।

লেঃ বৰুৱা। (নিছানৰ তলৰ পৰা অলপ মাটি হাতত লৈ।)

 এইয়া—এইয়া অসমৰ মাটি, ভাৰতৰ মাটি, ভাৰতৰ মাটিত আজি আমাৰ নিছান পোতা হল। ভাইসকল! আগবাঢ়ি যোৱা। এই নিছানক আৰু আগবঢ়াই নিব লাগিব। অসমৰ বুকলৈ, লুইতৰ পাৰলৈ, ভাৰতৰ কেন্দ্ৰলৈ, দিল্লীলৈ, লালকিল্লালৈ আগবাঢ়া। জয় হিন্দ্ জয় হিন্দ্।

সকলো সৈন্যই জয় হিন্দ্, বুলি গোড়া সৈন্যবোৰ হুহকি যোৱা ফালে প্ৰচণ্ড বেগেৰে আগবাঢ়ি যায়। এনেতে লেঃ বৰুৱাৰ বাও হাতৰ আঙুলিত গুলি লাগেহি আৰু তেজ ওলাবলৈ ধৰে। টিলাটোৰ আঁৰত লুকাই থকা লভিতা আৰু বাকী দুজনী নাৰ্ছ হঠাতে ওলাই আহি বৰুৱাৰ ফালে আগবাঢ়ে।

লেঃ বৰুৱা। নাহিবা লভিতা! নাহিবা। আঁৰত থাকা। আঁৰত থাকা। মোৰ একো হোৱা নাই, আঙুলিত মাথোন সামান্য আঘাত-একো নহয়। তোমালোক আঁৰত থাকা লভিতা ৷

 তোমালোক এই নিছানৰ তলতেই থাকিবা। মই আগবাঢ়ি যাওঁ। মোৰ সৈন্য আগবাঢ়ি গল৷ বৃটিছৰ [ ৯৬ ]
 
সম্পূৰ্ণ পৰাজয় কৰিব লাগিব। কালিলৈ আমি অসমৰ সেউজীয়া ধাননিত তিৰঙ্গা নিছান উৰুৱাব লাগিব। সাৱধানেৰে থাকিব লভিতা।

এই বুলি বৰুৱাই ৰাইফল আগলৈ টোৱাই কোবেৰে সৈন্যবোৰ যোৱাৰ ফালে যায়গৈ। এনেতে আগত দূৰৰ পৰা জয় হিন্দ্ জয় হিন্দ্ বুলি বিৰাট ধ্বনি আহে। লভিতাহঁতে নিছানৰ তলত টিলাৰ আঁৰত লুকায়। দূৰৈৰ পৰা মেচিন গানৰ শব্দ আহি থাকে৷

এনেতে চাৰিজন ৰেডক্ৰছৰ সৈন্যই আহত হোৱা লেফটেনেন্ট বৰুৱাক ষ্ট্ৰেছাৰত তুলি লৈ আহে। লভিতা আৰু আন কেজনী নাৰ্ছে ততাতৈয়াকৈ লৰি গৈ ষ্ট্ৰেচাৰৰ ওচৰত উধাতু খাই থিয় হয় গৈ।

লেফ্‌টেনেন্ট বৰুৱা।(ষ্ট্ৰেছাৰত উঠি বহি চিয়ঁৰি চিয়ঁৰি)অসমীয়া সৈন্যসকল! আগবাঢ়ি যোৱা আগবাঢ়ি যোৱা।-লভিতা! লভিতা! উস্-উস্-আজি ৰণ জয় কৰিব লাগিব-অসমৰ বুকলৈ আগবাঢ়ি যাব লাগিব-অসমীয়া সৈন্য-আগৱাঢ়ি যোৱা—আগ-

এই বুলি লেফ্‌টেনেন্ট বৰুৱা ষ্ট্ৰেছাৰত ঢলি পৰি যায় আৰু লভিতাই নাৰ্ছবোৰে ঘেৰি ষ্ট্ৰেছাৰখন টিলাটোৰ পাছে দি হাবিৰ ভিতৰলৈ লৈ যায়। ভীষণ মেচিনগানৰ ৰু-ৰুৱনি আহিবলৈ ধৰে। এনেতে হতাহতি চঙীনৰ যুঁজ কৰি আজাদহিন্দৰ সৈন্য এদল পাছ হুহকি

[ ৯৭ ]
 
আহি মঞ্চত সোমায়-আৰু বৃটিছ গোৰা সৈন্য আহি সিহঁতৰ ওপৰত পৰে-আৰু ভীষণ যুদ্ধ হয়—এনেতে বিজুলী সঞ্চাৰে হাতত চঙীন লগোৱা বন্দুক লৈ ৰণ-ৰঙ্গিনী মূৰ্ত্তিৰে লভিতা আহি টিলাটোৰ ওপৰত থিয় হয়।

লভিতা। এখোজো নাহিবা। এখোজো নাহিবা। এখোজো পাছলৈ নাহিবা। আজিৰ যুদ্ধ জিকিবই লাগিব। অসমলৈ আগবাঢ়ি যাবই লাগিব। যুদ্ধ কৰা, যুদ্ধ কৰা-প্ৰাণপণে-শত্ৰুক ধ্বংস কৰা। আগবাঢ়া। জয় হিন্দ্—জয় হিন্দ-জয় হিন্দ্

আজাদ হিন্দৰ অসমীয়া সৈন্যবোৰে ভীষণভাবে যুদ্ধ কৰি—আকৌ বৃটিছ সৈন্যক খেদি মঞ্চৰ বাহিৰলৈ উলিয়াই লৈ যায় গৈ৷ লভিতাই আগবাঢ়ি সমুখলৈ আহি চিয়ঁৰি চিয়ঁৰি কয়।]

লভিতা। গাত এটোপা তেজ থাকে মানে—উশাহ থাকে মানে—যুজ কৰা—আজি গোটেই অসমীয়াৰ, গোটেই হিন্দুস্থানৰ সন্মান তোমালোকৰ হাতত—আগবাঢ়া,

এনেতে দূৰৈত জয় হিন্দ্ জয় হিন্দ্ শব্দ হয়। আৰু মেছিন গানৰ ৰু-ৰুৱনি বাঢ়ি যায় ৷

লভিতাই আঁৰৰ পৰা তাতে হৈ উৎকণ্ঠিত হৈ উত্তেজিত হৈ দূৰলৈ চাই থাকে। টিলাৰ ঘৰৰ পৰা মুখ উলিয়াই আন দুজন নাৰ্ছে কয়। [ ৯৮ ]
 
এজনী নাৰ্ছ। লভিতা বাইদেউ! লভিতা বাইদেউ! মুকলিত নাথাকিবা। গুলি আহিয়েই আছে, আঁৰত থাকা।

দূৰৈত জয় হিন্দ্ জয় হিন্দ্ বুলি বিৰাট ধ্বনি হয়।

লভিতাই তাতে থিয় হৈ দূৰলৈ চাই আছে আৰু এনেতে দূৰৈত ভীষণ মেছিন গানৰ শব্দ হয়। মেছিন গানৰ এটা গুলি আহি লভিতাৰ বুকত লাগে। লভিতা পাক-ঘূৰণি খাই এবাৰ সিফালে এবাৰ ইফালে, এবাৰ আহি নিছানৰ তলত ধাঁচ কৰে পৰি যায়।

দূৰত আকৌ ভীষণ শব্দৰে জয় হিন্দ্ জয় হিন্দ্ বুলি ধ্বনি হয়।

টিলাৰ সিফালে থকা নাছ দুজনী উধাতু খাই আহি লভিতাক গবা মাৰি ধৰে৷

লভিতা। মোক—মো—ক—নিছানৰ তললৈ নি—য়া। মোক,—নিছানৰ তলত—।

নাৰ্ছ দুজনীয়ে লভিতাক ধৰি নিছানৰ তললৈ লৈ যায়। লভিতাই তলত বহি নিছানৰ খুটাটোক সাৱট মাৰি ধৰি মূৰটো তাতে থয়। নাৰ্ছ এজনীয়ে লৰালৰিকৈ কিবা দৰব আৰু বেণ্ডেজ আনি, লভিতাৰ বুকত হাত দিয়ে।

লভিতা। মোক মোক—একো নকৰিবা—দৰব নিদিবা—মোৰ বুকুত গুলি লাগিছে। মই—আৰু বেছি পৰ নাথাকো। ভনীহঁত! যাবৰ সময়ত মোৰ অসম আইৰ মাটিৰে কপালত, এটা ফোঁট দিয়া—মোৰ দেশৰ মাটিৰে—ফোঁট[ ৯৯ ]
 
নাৰ্ছ দুজনীয়ে হুক্ হুক্ কৈ কান্দিবলৈ ধৰে। এজনীয়ে নিছানৰ তলৰ মাটি লৈ লভিতাৰ কপালত এটা ডাঙৰকৈ ফোঁট দিয়ে। লভিতাৰ বেদনাক্লিষ্ট মুখত এটা আনন্দৰ হাঁহি বিৰিঙি উঠে।

লাভিতা। ভনীটীহঁত! নাকান্দিবা। ভনীটীহঁত! নাকান্দিবা। মোৰ মাত নাইকিয়া হৈ আহিছে। মোৰ চকুৰ পোহৰ কমি আহিছে। ভনীটীহঁত! মই যাবৰ সময়ত অসমৰ সুৱদি সুৰীয়া নাম এটা গাই শুনোৱা-অসমৰ সুৱদি মাত-অসমৰ সুৰীয়া মাত—ভনীটিহঁত-নাম-নাম-এটি অসমৰ সুৱদি নাম—অসমী আইৰ সেউজীয়া পথাৰৰ শোভা দেখি মৰিবলৈ নাপালো—আইৰ সুৱদি নামকে শুনি যাওঁ ভনীটীহঁত—

নাৰ্ছ দুজনীয়ে চকুপানী মচি মচি মাজে মাজে উচপি উচপি গায়।


 –নাম -
লুইতৰ আকাশত তৰাৰ তৰাৱলী
 পাৰত দীপাৱলী তেজেৰে মোৰ-
আই নাকান্দিবি,
 থাপনাত তেজেৰে বন্তি দিলেহি
 লৰা-ছোৱালীয়ে তোৰ।

[ ১০০ ]
 

লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা
 আই অ’ নুমুৱা নাই,
নতুন তেজেৰে শলিতা জ্বলিছে
 উজলিছে ভমকাই।
চকুলো বোৱাই জুই নুনুমাবি
 গুচকে আন্ধাৰে ঘোৰ–
লুইতৰ আকাশত তৰাৰ তৰাৱলী
 পাৰত দীপাৱলী তেজৰে মোৰ।

নাৰ্ছহঁতে নাম গাই থকাৰ মাজতেই লাহে লাহে লভিতাৰ চকু জাপ খাই আহে, আৰু নিছানৰ ফালে এবাৰ ওপৰলৈ চকু বলেৰে মেলি চায় তাৰ পিছতে লভিতাৰ চকু মুদ খাই যায় আৰু মেল নাখায়। লভিতা নিছানকে সাৱট মাৰি থৰ লাগি থাকে, মূৰটো ঢলি যায়।

নাৰ্ছ দুজনীয়ে হুক হুকাই কান্দি লভিতাৰ গাত সাৱট মাৰি ধৰি উচুপি উচুপি কান্দিবলৈ ধৰে। দূৰৈত জয় হিন্দ্ জয় হিন্দ্ ধ্বনি হবলৈ ধৰে।

আঁৰ-কাপোৰ

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )