[ জ্যোতিপ্ৰসাদৰ কথা ]
জ্যোতি প্ৰসাদৰ কথা
ডিব্ৰুগড়ৰ মদাৰখাট মৌজাৰ তামোল-বাৰী চাহবাগিছাত ইং ১৯০৩ চনৰ ১৭ জুনত জ্যোতিপ্ৰসাদৰ জন্ম। প্ৰাতঃস্মৰণীয় হৰিবিলাস আগৰৱালাৰ তৃতীয় পুত্ৰ সঙ্গীতবিদ্ পৰমানন্দৰ এওঁ প্ৰথম সন্তান। জ্যোতিপ্ৰসাদৰ মাক কিৰণময়ী, শিৱসাগৰৰ বলিয়া-ঘাটৰ জগন্নাথ তিৰোকাকতিৰ ঘৰৰ জীয়ৰী। সৰুকালছোৱা সৰহভাগ তামোলবাৰীতেই যায়। ৭ বছৰ বয়সত “তেজপুৰ হাইস্কুল”ত নাম লগায়। “ডিব্ৰুগড় গৱৰ্ণমেন্ট হাইস্কুল” আৰু “জৰ্জস্কুল”তো দুবছৰ মান পঢ়ে। তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিকুলেশ্যনৰ বাছনিত উত্তীৰ্ণ হৈ ১৯২১ চনৰ অসহযোগত নামে। পিছত চিত্তৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়ৰ মেটিকুলেশ্যনৰ পৰীক্ষা দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত তেজপুৰৰ গাঁৱে ভূঁঞে এবছৰ কংগ্ৰেছৰ কাম কৰি অসহযোগ আন্দোলন মৰিলত ‘স্বদেশ ষ্টৰ’ নাম দি দোকান এখন চলায়। এবছৰ পিছত কলিকতাত নেছনেল কলেজত ভৰ্ত্তি হৈ আই-এ দ্বিতীয় বাৰ্ষিক শেষ কৰাত, সেই কলেজ উঠি যোৱাত ঘৰলৈ আহি গুৱাহাটী নিউপ্ৰেছৰ কাৰবাৰত সোমাইহি। সেই সময়ত বেজবৰুৱাৰ ‘বাঁহী’ তাৰ পৰাই ওলাইছিল।
জ্যোতিপ্ৰসাদে স্কুলত পঢ়াৰ দিনতেই ১৩৷১৪ বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চ্চা আৰম্ভ কৰে। তেজপুৰ হাইস্কুলত পঢ়োতে হাতেলিখা ‘জোনাকী’ নামৰ কাকতৰ সম্পাদক আছিল। তেতিয়া তেওঁৰ ১৪ বছৰ বয়স। সেই সময়ত সেই বয়সতেই অসমীয়া বিখ্যাত নাটক ‘শোণিতকুঁৱৰী’ লিখি শেষ কৰে, যদিও তাক কেবাবছৰৰ পিছতহে প্ৰকাশ কৰিছে আৰু তেতিয়াই লিখা তেওঁৰ প্ৰথম গল্প ‘সতীৰ
[ ১০২ ]
সোঁৱৰণী বাঁহীত প্ৰকাশ হৈছিল। সেই বয়সত লিখা গল্প কবিতা যিবোৰ জোনাকী কাকতত ওলাইছিল, সেইবোৰেই কেবাবছৰৰ পিছত বাঁহীত ধাৰাবাহিকৰূপে প্ৰকাশিত হৈছিল। ‘সোণতৰা’ ‘বগীতৰা’ ‘যুঁজাৰু’ ‘মুকুতা-সাউদ’—এইবোৰ গল্প—তেওঁ ১৪ ৰ পৰা ২১ বছৰ বয়সত লিখা।
সৰু কালৰেই পৰা তেওঁ সঙ্গীত বিদ্যাতো বিশেষ মনযোগ দিয়ে আৰু কম বসতেই ব্যুৎপত্তি লাভ কৰে। কলেজত পঢ়া বয়সত তেওঁ তেজপুৰৰ বানষ্টেজৰ এজন সুনিপুণ অভিনেতা হৈ পৰে। তেওঁ কেবাটাও সোণৰ আৰু ৰূপৰ পদক অভিনয়ত কৃতিত্ব দেখুৱাই পায়। ১৯২১ অৰ অসহযোগৰ পিছত তেজপুৰত থকা কালতেই তেওঁ “শোণিত-কুঁৱৰী” নাটৰ গীতবোৰত অসমীয়া সুৰ সংযোজন কৰি– অসমীয়া সঙ্গীত ৰাজ্যলৈ এক নবযুগ আনে। শোণিতকুঁৱৰীৰ গীতৰ সুৰবোৰে অসমীয়া বনগীত,
বিহুগীত, আইনাম, বিয়ানাম ইত্যাদিক নতুন ৰূপেৰে আনি অসমীয়া সঙ্গীত জগতত এক অভিনৱ স্পন্দন তোলে। তেতিয়াৰ পৰাই অসমীয়া সুৰৰ গানে অসমীয়া সঙ্গীত-জগতত নিজৰ আসনত বহি দিনক দিনে নিজৰ প্ৰভাৱ বিয়পাই আহিবলৈ ধৰিলে। শোণিতকুঁৱৰী নাট প্ৰকাশ হলত—সেই নাট এখন প্ৰথম শ্ৰেণীৰ নাট বুলি খ্যাতি লাভ কৰিলে আৰু সেই বছৰেই সেই নাটক কাশীবিশ্ববিদ্যালয়ৰ বি এ মহলাত অসমীয়া পাঠ্যৰূপে নিৰ্ব্বাচিত হ’ল আৰু বৰ্ত্তমানে ই গুৱাহাটী বিদ্যালয়ৰ এম-এ মহলাৰ পাঠ্য হৈছে। শ্ৰীযুত বাণীকান্ত কাকতীদেৱে এই নাটকৰ এক সমালোচনা লিখে। ইয়াৰ পিছত তেওঁ ২১৷২২ বছৰ বয়সত ‘কাৰেঙৰ লিগিৰী’ নাট লিখিবলৈ লয় অৱশ্যে এইখন তেওঁ বিলাতৰ পৰা ঘূৰি আহিহে প্ৰকাশ কৰে ৷
নিউপ্ৰেছত কেবছৰমান থকাৰ পিছত তেওঁ য়ুৰোপলৈ উচ্চ শিক্ষাৰ বাবে যাবলৈ ওলায় আৰু ১৯২৬ চনৰ ছেপ্টেম্বৰ মাহত বিলাতলৈ ৰাওনা হয়। তেওঁ বিলাতলৈ গৈ ৬ মাহৰ পিছত এ'ডনবৰা বিশ্ববিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা দিয়ে। গণিত আৰু সংস্কৃতত তেওঁ অকৃতকায্য হোৱাৰ
[ ১০৩ ]
বাবে আকৌ ৬ মাহ পিছত সেই দুটা বিষয়ত পৰীক্ষা দিয়ে কিন্তু সেইবাৰো অঙ্কত তেওঁ উত্তীৰ্ণ হব নোৱাৰিলে। বাকী আটাই কেউটা বিষয়ত উত্তীৰ্ণ হোৱা বাবে—আৰু গণিত পিছৰ বাৰলৈ উত্তীৰ্ণ হোৱাৰ সাপেক্ষে — বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক এম, এ পঢ়িবলৈ অনুমতি দিলে৷ প্ৰথম বছৰ অৰ্থনীতি, সংস্কৃত আৰু পাব্লিক্ ল এই তিনিওটা বিষয়ে তেওঁ ক্লাছ লয় আৰু এবছৰ পঢ়ি এই বিষয়ত ডিগ্ৰী পৰীক্ষাত বহিবলৈ ডিগ্ৰী পাছ পায়। পিছৰ বছৰ তেওঁ দৰ্শন আৰু অৰ্থনৈতিক বুৰঞ্জী বিষয়ৰ ক্লাছ্ লয়। বিশ্ববিদ্যালয়ত এম, এ পঢ়াৰ লগেলগেই তেওঁ সঙ্গীত-বিজ্ঞানৰ বিষয়েও বিশেষ অধ্যয়ন কৰিছিল। দ্বিতীয় বছৰ দৰ্শনত তেওঁ ডিগ্ৰী পাছ নোপোৱাত আৰু প্ৰৱেশিকাৰ গণিতো সম্পূৰ্ণ কৰিব নোৱাৰত—এডিনবৰা বিশ্ববিদ্যালয় এম, এ পঢ়া তিমানতে এৰি, কিছুদিন লণ্ডনত থাকি–ফিল্ম শিল্পৰ বিষয়ে অভিজ্ঞতা লবলৈ জাৰ্ম্মাণীলৈ আহে। জাৰ্মাণীত Univereum Filmen Aktien Geseshaft কোম্পানীক তেওঁ “শোণিতকুঁৱৰী” ইংৰাজী কৰি ফিল্ম তৈয়াৰী কৰিবলৈ খাটনি ধৰে। সেই কোম্পানীয়ে সেই সময়ত টকী ওলোৱাৰ বাবে ভাৰতলৈ নহাকৈ সেই ফিল্ম কৰিব নোৱাৰিব বুলি আৰু বহুত খৰচ হব বুলি অসম্মত হয় আৰু সেই কোম্পানীতে ফিল্ম ‘LIGHT of ASIA’ তোলাওতা বিখ্যাত প্ৰযোজক হিমাংশুকুমাৰ ৰায়ক লগ পায়। হিমাংশুকুমাৰৰ তত্ত্বাবধানতে বাৰ্লিনত প্ৰায় ৭ মাহ থাকি, ফিল্ম প্ৰযোজনা আৰু পৰিচালনাৰ সমুদায় কাম শিকে। তাৰ পিছত ১৯৩০ চনত তেওঁ ভাৰতলৈ উলটি অহাৰ বাটত য়ুৰোপৰ নানা-দেশ ফুৰি সেই দেশবোৰৰ সংস্কৃতি সভ্যতাৰ নিদৰ্শনবোৰৰ বিষয়ে কিছু অভিজ্ঞতা গোটাই তুৰস্কলৈ আহে। তুৰস্কৰ পৰা আৰব দেশৰ মাজেদি স্থলপথেদি মৰুভূমি পাৰ হৈ, মছৌল, বোগদাদ, বেবিলন, কাৰবালা ইত্যাদি ঠাই ভ্ৰমণ কৰি বছোৰাৰ পৰা কৰাচী হৈ ভাৰত পায়হি। আহিয়েই সেই সময়ত চলি থকা অসহযোগত নামে৷ অসমীয়া
[ ১০৪ ]
কেবাটাও বিখ্যাত জাতীয়-সঙ্গীত তেওঁ এই অসহযোগ আন্দোলন সময়ে সময়ে লিখা। তাৰ ভিতৰত ‘বিশ্ববিজয়ী নৱ যোৱান’ ‘অ আমাৰ গাঁও’ ৷ কিন্তু ‘লুইতৰ পাৰৰ আমি ডেকালৰা’ আৰু ‘সাজু হবৰে হ’ল’ এই দুটা গান তেওঁ বিলাতৰ পৰাই লিখি পঠাইছিল। বিলাত থাকোতেই তেওঁ ‘কাৰেঙৰ লিগিৰী’ সম্পূৰ্ণ কৰে। এই ‘কাৰেঙৰ লিগিৰী’ৰ গীতবোৰৰ সুৰত তেওঁ পশ্চিমীয়া সঙ্গীতৰ সুৰৰ সৈতে অসমীয়া সুৰৰ এটা সমন্বয়ৰ চেষ্টা কৰে। বিলাতৰপৰা ঘূৰি আহি পায়েই তেওঁ তেতিয়া ১৯৩৪ চনৰ আইন অমান্য আন্দোলনত লাগে। কিন্তু তেওঁ তিনিমাহ মান লাগোতেই গান্ধী আৰুইন চুক্তি হয়। তাৰ পিছতে তেওঁ গাঁৱে-ভূঁঞে তেজপুৰৰ কংগ্ৰেছসেৱকৰ অধিনায়ক হৈ কাম কৰে আৰু ১৯৩২ চনৰ আইন অমান্য আন্দোলনত ১৫ মাহ সশ্ৰম কাৰাদণ্ড আৰু ৫০০ টকা ভোগ কৰে। ছিলছৰ জেলত থাকোতে জ্যোতিপ্ৰসাদৰ মাজে মাজে জ্বৰ হবলৈ ধৰে। তেতিয়া মাত্ৰ ৪৷৫ মাহহে উকলিছিল, পিছত তাৰ জেল চুপাৰিটেণ্ডেণ্টে তেওঁৰ যক্ষ্মা বেমাৰ বুলি কয়। দেশত তেওঁক মুক্তি দিয়াবলৈ প্ৰবল আন্দোলন হয়। জেলত তেওঁক বাহিৰৰ চিকিৎসাৰ বাবে লিখি দি ওলাবলৈ কয়। তেওঁক শ্বিলঙলৈ আনে। চাৰ মাইকেল কীন সেই সময়ৰ গবৰ্ণৰে লেত তেওঁক গৈ দুবাৰো বুজাই চিকিৎসাৰ কাৰণে লিখি ওলাই যাবলৈ অনুৰোধ কৰে কিন্তু জ্যোতিপ্ৰসাদক এচলিও লৰচৰ কৰিব নোৱাৰিলে। কেমাহমান পিছত পৰীক্ষা কৰি চাই থাকি, তাৰ ডাক্তৰে যক্ষ্মা নহয় বুলি কলেগৈ। ১৫ মাহ পূৰা মিয়াদ ভোগ কৰিহে তেওঁ ওলাই আহে, মিয়াদ পূৰা হোৱাত খালাছ হৈ ওলাই আহি তেওঁলোকৰ কলংপুৰৰ ভোলাগুৰি চাহবাগিছাৰ ভাৰ লৈ সোমায়। এই সময়তেই তেওঁ অসমৰ ফিল্ম-শিল্পৰ কথা ভাবিবলৈ ধৰে ৷
১৯৩৫ চনৰ প্ৰথম ভাগতে তেওঁ তেওঁলোকৰ পৰিয়ালৰ তেজপুৰৰ
[ ১০৫ ]
কলংপুৰৰ চাহবাগিছা ভোলাগুৰিত ‘চিত্ৰবন’ নাম দি অসমীয়া ফিল্ম শিল্প প্ৰতিষ্ঠান ‘চিত্ৰলেখা মুভিটন’ আৰম্ভ কৰে। এই চিত্ৰবনতে তেওঁ এটা সম্পূৰ্ণ ষ্টুডীয় বহুৱায়। এই ষ্টুডীয়ৰ সকলো যন্ত্ৰপাতি ভেৰোণীয়াকৈ অনা হৈছিল-সেই কাৰণেই ‘জয়মতী’য়ে আৰ্থিক সফলতা লাভ কৰিব নোৱৰাৰ বাবে-সেই ষ্টুডীয় স্থায়ী কৰিবলৈ জোতিপ্ৰসাদৰ অক্ষম হ'ল।
নানা আলৈ-আহুকাল, নানা বিপদ-আপদ (তেখেতৰ মাতৃদেৱী কিৰণময়ী আৰু পিতৃদেৱেক পৰমানন্দ এই জয়মতী তোলা সমযৰ ভিতৰতেই স্বৰ্গী হয) নানা অসুবিধাৰ মাজতো অবিচলত হৈ থাকি
জয়মতী সম্পূৰ্ণ কৰে। ১৯৩৫ চনৰ ১০ মাৰ্চ্চ তাৰিখে এই প্ৰথম অসমীয়া কথাছবি কলিকতাৰ ধৰমতলাৰ ৰাওনাক মহলত, সাহিত্যৰথী বেজবৰুৱাই মুকলি কৰে।
‘জয়মতী’ ফিল্ম কৰোতে নানা শাৰীৰিক আৰু মানসিক কষ্টৰ মাজেদি যাওঁতে জ্যোতিপ্ৰসাদৰ স্বাস্থ্য ভাগি আহিবলৈ ধৰিলে।
১৯৩৬ চনত তেওঁ ডিব্ৰুগড়ৰ ভূঞা পৰিালৰ স্বৰ্গীয় খগেশ্বৰ ভূঞাৰ নুমলীয়া জীয়ৰী দেৱযাণীৰ সৈতে পৰিণয় সূত্ৰত আৱদ্ধ হয়।
এই সময়তেই কংগ্ৰেছে আইন সভালৈ যাবলৈ প্ৰোগ্ৰাম লয়। ছয়-দুৱাৰ সমষ্টিৰ পৰা জ্যোতিপ্ৰসাদক ব্যৱস্থাপৰিষদৰ কংগ্ৰেছী সভ্য মনোনীত কৰে। কিন্তু পিছত তেওঁ আইন-সভালৈ গলে বিপ্লবী মনোবৃত্তিৰ ব্যাঘাত হব বুলি ভাৱি -শেহ মূহুৰ্ত্তত নিজৰ নাম তুলি লোৱাত কংগ্ৰেছে শ্ৰীযুত অমিয়কুমাৰ দাসক মনোনীত কৰে। কিছুদিনৰ কাৰণে তেওঁ তেজপুৰ লোকেলবৰ্ডৰো কগ্ৰেছী মেম্বৰ হৈ আছিলে।
ইয়াৰ পিছত জ্যোতিপ্ৰসাদে আৰু শ্ৰীবিষ্ণুপ্ৰসাদ ৰাভাই লগলাগি প্ৰথম অসমীয়া ৰেকৰ্ড্ নাট-বেজবৰুৱাৰ ‘জয়মতী’ আৰু জ্যোতিপ্ৰসাদৰ
[ ১০৬ ]
‘শোণিতকুঁৱৰী’ গ্ৰামোফোনৰ পালা ৰেকৰ্ড দিয়ে৷ পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱে অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত এই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ অসমীয়া সাহিত্যৰ সম্পদ বুলি উল্লেখ কৰে৷
এই সময়তেই তেওঁ অসমীয়া বাদ্য বাজনা আৰু পশ্চিমীয়া সাঙ্গীতিক যন্ত্ৰাদি সমাবেশ কৰি অসমীয়া অৰ্কেষ্ট্ৰা গঢ়িবলৈ যত্নপৰ হয় আৰু তেজপুৰ বাণ থিয়েটাৰব সঙ্গীত-সমাজৰ যোগেদি ইয়াক গঢ়ি তোলে। অসমীয়া ঢোল, খোল, ভোৰ তাল, পেঁপা টকা, কৰতাল ইত্যাদিৰে সৈতে অৰ্গেন, পিয়ানো, বেহেলা, চেতাৰ, এছৰাজ ইত্যাদি যাবতীয় পশ্চিমীয়া আৰু ভাৰতীয় যন্ত্ৰপাতি সমাবেশেৰে এই ‘অৰ্কেষ্ট্ৰা' গঠন কৰি—অসমীয়া সঙ্গীতত ‘অৰ্কেষ্ট্ৰা’ৰ এক নতুন বাট দেখুৱায়৷
১৯৩৭ চনত তেজপুৰৰ ‘জোনাকী চিনেমা হল’ জ্যোতিপ্ৰসাদ নিৰ্ম্মাণ কৰোৱায় ৷
১৯৩৯ চনত ভগ্নস্বাস্থ্য লৈয়ো- আন অসমীয়া কোনেও অসমীয়া ফিল্ম উলিয়াবলৈ আগ নবঢ়াত মৰি-মজিও অসমীয়া ফিল্ম শিল্প গঢ় দিবলৈ- ‘ইন্দ্ৰমালতী’ কথা ছবি উলিয়ায়। এই কথা ছবিখন ইমান কম খৰছতে আৰু অদ্ভুত ভাবে কম সময়ত (মাত্ৰ ২ দিন ষ্টুডীৰ শ্বুটিং লৈ) উলিয়ালে যে কলিকতীয়া ডাঙৰ ডাঙৰ প্ৰযোজকসকলেও বিস্ময় মানিলে৷
ইয়াৰ পিছত স্বাস্থ্যভগ্ন হৈ তেওঁ কিছুদিন গুৱাহাটীত থকাৰ পিছত ১৯৪০ চনত তেজপুৰলৈ আহি তেজপুৰ সঙ্গীত-বিদ্যালয় প্ৰতিষ্ঠা কৰে।
তাৰ পিছত মহাসমৰৰ ঢৌ আহি অসম তল-ওপৰ কৰিলত তেওঁ তেজপুৰৰ শান্তি-সেনা-বাহিনী গঠনত লাগে। তেওঁ তেজপুৰৰ কংগ্ৰেছ সেৱক বাহিনীৰ অধিনায়ক ১৯৩২ চনৰ পৰাই আছিল। ভগ্নস্বাস্থ্যৰেও আকৌ গাঁৱে-ভূঁঞে ফুৰিবলৈ ধৰিলে। ১ আগষ্টৰ পিছত বিয়াল্লিছৰ বিপ্লৱ আহিল। অসমৰ নেতাসকল গ্ৰেপ্তাৰ হৈ গল। তেজপুৰৰো
[ ১০৭ ]
নেতাৰ ওপৰত পুলিছৰ হাত পৰিল। জ্যোতিপ্ৰসাদে বিজুলী বেগেৰে তেজপুৰৰ এমুৰৰ পৰা আনমুৰলৈ গৈ শান্তিসেনা বাহিনীক আৰু ৰাইজক অগ্নিময়ী বক্তৃতাৰ কাৰণে সষ্টম কৰোৱালে৷ তেজপুৰৰ কাছাৰীঘৰৰ আগৰ চাৰ্চ্চফিল্ডত ‘এই ইংৰাজৰ কাছাৰী ঘৰত আমি শই শই মৰি হলেও আমাৰ তিৰঙ্গা নিছান উৰুৱাবই লাগিব’ বুলি দিয়া জুই ফিৰিঙটি সিঁচা বক্তৃতা আজিও শুনা মানুহে পাহৰিব পৰা নাই।
তাৰ পিছত অসম প্ৰাদেশিক কংগ্ৰেছৰ নেতাসকলো নোহোৱা হোৱাত, আৰু স্বৰ্গীয় হেম বৰুৱা নৰিয়া-পাটীত পৰি থাকি অসহায় হোৱাত, অমিয়কুমাৰৰ পৰামৰ্শমতে জ্যোতিপ্ৰসাদ প্ৰাদেশিক সংগঠনৰ গুৰি-ধৰোতা হেম বৰুৱাক সহায় কৰিবলৈ গুৱাহাটীলৈ যায়। তেওঁ ঘৰ এৰি ওলোৱাৰ সময়ত জ্যোতিপ্ৰসাদৰ প্ৰথম পুত্ৰ চিন্ময় ওপজা মাথোন ১৭ দিন। তেওঁৰ ভাৰ্য্যা দেৱযানীও বৰ টান নৰিয়াত শয্যাগত। জাপানী আক্ৰমণ আহি অসমৰ পূৱ সীমাত ভূমিকম্প কৰিছে। চহৰৰ মানুহ গাঁৱলৈ ভাগি গৈছে। জাপানী বোমাৰ আতঙ্কত অসমৰ চহৰীয়াৰ মুখত পানী নাই। কোন কেতিয়া কলৈ যাব লাগিব তাৰ ঠিকনা নোহোৱা হৈ পৰিছে। এনে সময়তেই কেচুৱা পুতেক আৰু বেমাৰী পাটিত পৰিবাৰক এৰি—এক অনিশ্চয়তাৰ মাজত আৰু অৰ্নিদিষ্ট কাললৈ ঘৰৰ পৰা ওলাই যাবলগীয়াত পৰিল জ্যোতিপ্ৰসাদ। এফালে ভাৰতৰ শেষ স্বাধীনতা যুদ্ধৰ আহ্বান। বিপ্লৱৰ নিমন্ত্ৰণ। আৰু আনফালে অভাৱনীয় দুৰ্য্যোগৰ মাজত-বিপদৰ মাজত-নিজৰ কেচুৱা পুতেক, নাবালিকা ছোৱালী তিনিজনী আৰু নৰিয়া পাটিৰ ঘৈণীয়েকৰ প্ৰতি কৰ্ত্তব্য। এনে সমস্যাত তেওঁ নিজৰ ভৱিষ্যত ল'ৰা-ছোৱালীৰ ভৱিষ্যত সকলো ভাৰতৰ স্বাধীনতাৰ যজ্ঞত আহুতিকৈ দি বিপ্লৱৰ জ্বলন্ত শিখাত জাপ মাৰি পৰি অসম জুৰি জ্বলা বিপ্লৱৰ জুই আৰু ধোঁৱাৰ আঁৰে আঁৰে লৰিবলৈ ধৰিলে।
[ ১০৮ ]
নৰিয়া পাটিত পৰি থকা হেম বৰুৱাই জ্যোতিপ্ৰসাদক সোঁহাতৰূপে পাই বিছনাৰ পৰা উঠি বহিল। জ্যোতিপ্ৰসাদক সদৌ অসম শান্তি সেনাবাহিনী প্ৰধান অধিনায়ক পাতি ললে। আগৰ প্ৰধান অধিনায়ক ৰাজেন্দ্ৰ বৰুৱা আগতেই গ্ৰেপ্তাৰ হৈ যায়। হেম বৰুৱাৰ ইঙ্গিতমতে জ্যোতিপ্ৰসাদে অসমৰ এমূৰৰ পৰা আন মূৰলৈ গৈ আন্দোলনৰ কাম কৰিবলৈ ধৰিলে। ধুবুড়ী, গোৱালপাৰা, কামৰূপ, নগাও, শিৱসাগৰ, ডিব্ৰুগড়, তেজপুৰৰ শান্তিসেনা আৰু মৃত্যুবাহিনীৰ কেন্দ্ৰবোৰত জ্যোতিপ্ৰসাদে উৎসাহ উদ্দীপনা দি ফুৰিবলৈ ধৰিলে। তেওঁক ধৰিবলৈ, পুলিছ চি আই ডিয়ে তেওঁৰ পাছ ললে। প্ৰায় পাঁচ মাহ–গাঁৱে ভূঁঞে, হাবিয়ে জঙ্গলে, কেতিয়াবা কোনোবা গাঁৱত-কেতিয়াবা নেপালী খুটিত, কেতিয়াবা ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিত, এইদৰে পৰ্ব্বতে-পাষণ্ডে ঘূৰি বিপ্লৱক আগবঢ়াই ১৯৪২ চনৰ জানুৱাৰী মাহত কলিকতালৈ যায়। কলিকতাত অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু অসমত আন্দোলন চলাবলৈ টকাৰ যোগাৰ কৰিবলৈ। সেই সময়ত উজনি অসমত শঙ্কৰ বৰুৱা, নগাৱত মহেন্দ্ৰ হাজৰিকা আৰু লক্ষ্মী প্ৰসাদ গোস্বামী, তেজপুৰৰ গহনচন্দ্ৰ গোস্বামীয়ে বিপ্লৱৰ কামত নিয়োজিত হৈ আছিল৷ কামৰূপত অমলপ্ৰভা আৰু গোৱালপাৰাত দলবীৰ লোহাৰ আৰু আন কৰ্ম্মীসকল। এই মুখিয়াল কৰ্ম্মীসকলৰ উপৰিও হেজাৰ হেজাৰ শান্তিসেনাৰ ডেকা-ডেকেৰী আৰু শ শ মৃত্যুবাহিনীৰ ডেকা ডেকেৰীয়ে বিপ্লৱত জীৱন আহুতি দিবলৈ সষ্টম হৈ আছিল। কিন্তু ভাৰতৰ আন প্ৰদেশবোৰত বৃটিছৰ অত্যাচাৰৰ হেঁচাত বিপ্লৱৰ জুই নেদেখা হৈ আহিছিল৷ অল ইণ্ডিয়া নেতৃত্বৰ পৰা একো নতুন কাৰ্য্যসুচী নহাৰ বাবেই অসমীয়া বিপ্লৱী দল হাবিয়ে-বননিয়ে অনাই বনাই ফুৰিবলগীয়াত পৰিল আৰু লাহে লাহে হিংসামূলক কাৰ্য্যলৈ ঢাল খালে।
জ্যোতিপ্ৰসাদ যদিও আঁৰে আঁৰে ফুৰিছিল, তথাপিও আৱশ্যক মতে
[ ১০৯ ]
একেবাৰে সমুখ সমৰৰ মাজতো গা দেখাদি নুফুৰাকৈ থকা নাছিল। বিয়াল্লিছৰ অক্টোবৰ মাহত গান্ধীসপ্তাহৰ কাৰ্য্যসূচী লৈ তেওঁ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈছিল। তেওঁৰ সৈতে মটৰত আছিল অমলপ্ৰভা আৰু এগৰাকী গুৱাহাটীৰ বৃদ্ধা মহিলা। যোৰহাটৰ পৰা শিৱসাগৰলৈ যোৱাৰ বাটত তেওঁ হঠাতে গৈ টিয়ক থানাৰ আগত এক বিৰাট মুনিহ তিৰোতাৰ সমদলৰ ওপৰত বেয়নেট্ আৰু লাঠী চাৰ্জ্জ কৰি থকা অৱস্থাত পালেগৈ। সেইদিনা টিয়ক কেন্দ্ৰৰ প্ৰায় দুই তিনি হেজাৰ জনতা আহিছিল, টিয়ক থানাত পতাকা উৰুৱাবলৈ। থানাৰ আগ পোৱাত প্ৰায় দুকুৰিমান আমৰ্ড পুলিছে সেই জনতাৰ ওপৰত বেয়নেট্ আৰু লাঠী চলাই ছত্ৰভঙ্গ কৰিবলৈ চেষ্টা কৰি থাকোতেই, কোবেৰে জ্যোতিপ্ৰসাদৰ মটৰ গৈ সেই পুলিছ আৰু জনতাৰ হুহিমুহিৰ মাজত সোমাই যায়হি। ভয় খাই ড্ৰাইভাৰে মটৰ ব্ৰেক কৰি ৰখাই দিয়ে আগত গোটেই বাট জুৰি পুলিছৰ লাঠী চাৰ্জ্জ আৰু বেয়নেট্ চাৰ্জ্জৰ তাণ্ডৱ লীলা। বলিয়া হৈ পুলিছ ফৌজে এফালৰ পৰা মুনিহ তিৰোতক নিৰ্ব্বিকাৰে খুচি মাৰি টঙনিয়াই যাব লাগিছে। মটৰ ৰখোৱা দেখি ওচৰত বন্দুক লৈ থকা হাবিলদাৰ আৰু কেটামান চিপাহী ওচৰ চাপি আহিল। তেতিয়া জ্যোতিপ্ৰসাদে ড্ৰাইভাৰক লাঠী চাৰ্জ্জৰ মাজলৈ মটৰ সুমাই নিবলৈ কলে। ড্ৰাইভাৰ ভয়ত পেপুৱা৷ জ্যোতিপ্ৰসাদে উগ্ৰমূৰ্ত্তি ধৰি হুকুম দি কিলাকুটিৰে ড্ৰাইভাৰক খুন্দিয়াই কলে—একো পৰোৱা নাই—চলা মটৰ। ড্ৰাইভাৰে থৰক বৰক কৰি মটৰ চলালে। ‘জোৰেৰে চলা’ বুলি জ্যোতিপ্ৰসাদৰ ধম্কিত সি—ভীষণ ভাৱে হৰ্ণ দি মটৰ—একেবাৰে চাৰ্জ্জৰ মাজত সুমাই দিলে। পুলিছবোৰেও এনেকৈ সিহঁতৰ মাজেদি অভাৱনীয়ভাবে মটৰ সোমাই অহাত আচৰিত হৈ ৰওঁতেই জ্যোতিপ্ৰসাদৰ মটৰ পুলিছৰ বেহু ভেদ কৰি ছেদেলিভেদেলি হৈ যোৱা জনতা পাৰ হৈ গুচি গল। পুলিছ চাৰ্জ্জৰ পৰা প্ৰায় পোৱা মাইল দূৰত গৈ মটৰ ৰখাই ভাগি যোৱা জনতাক মাতি গোটাই, ‘ভয়
[ ১১০ ]
নাখাবলৈ—মৰি হলেও দেশৰ স্বাধীনতাৰ কাৰণে যুজিবলৈ অগ্নি বৰষা বক্তৃতা দিবলৈ ধৰিলে। মাৰ খাই কাণে-মূৰে তেজ ওলোৱা, গাত কাপোৰ-কানিৰ থান-থিত নোহোৱা—ভীষণভাবে উত্তেজিত জনতাই কলে ‘নাই’ ‘নাই ভয়খোৱা’৷ আমি এই থানালৈ আকৌ আহিম—কি ভয় কৰিম? গুলি দিলেও দিয়ক—আমি আকৌ আহিম।”
জ্যোতিপ্ৰসাদে এইদৰে বাটে বাটে জনতাৰ জুমবোৰক উৎসাহ উদ্দীপনা দি, শিৱসাগৰলৈ গল। টিয়কৰ এই জনতা সেইদিনা লাঠী চাৰ্জ্জ আৰু বেয়নেট চাৰ্জ খোৱাৰ পিছতো আকৌ ৪ দিনৰ পিছত সমদল কৰি থানাৰ আগলৈ আহে। সেই দিনা আৰু পুলিছে লাঠী চাৰ্জ কৰা নাছিল। জ্যোতিপ্ৰসাদ কলিকতালৈ যোৱাৰ আগতে নগাঁৱৰ লক্ষ্মীপ্ৰসাদক প্ৰধান অধিনায়কৰ কাৰ্য্যভাৰ দি যায়। আৰু পিছত লক্ষ্মীপ্ৰসাদেই “অসম শান্তিসেনা বাহিনী”ৰ যোগেদি হেম বৰুৱাৰ নিৰ্দ্দেশমতে আন্দোলনৰ কাম চলাই থাকে।
জ্যোতিপ্ৰসাদ কলিকতালৈ গৈ যাদৱপ্ৰসাদ চলিহাৰ ঘৰত আশ্ৰয় লয়—আৰু বঙ্গদেশৰ আন্দোলনৰ গুৰি-ধৰোতা অৱদা চৌধুৰীৰে সৈতে আৰু ডাঃ ৰামমনোহৰ লোহিয়াৰ সৈতে লগ লাগেগৈ। সেই সময়ত অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ বাহৰত থকা মেম্বৰৰ ভিতৰত অন্নদা চৌধুৰী, ৰামমনোহৰ লোহিয়া, সুচেতা কৃপালনী, অৰুণা আছফ আলি, অচ্যুত পটবৰ্দ্ধন, আৰু পিছত জয়প্ৰকাশ (জেলৰ পৰা ওলাই আহে) এই কেজনেই আন্দোলনৰ কাৰ্য্যসূচী দি আছিল। অসমত বিপ্লৱৰ কাম চলি থকাত—আৰু অসমত তেতিয়াও, শই শই কৰ্ম্মীয়ে বিপ্লৱৰ কামত নিয়োজিত হৈ থকাত—আৰু আনফালে ভাৰতৰ আন আন প্ৰদেশবোৰে বৃটিছ দমন নীতিত বেয়াকৈ সেও লোৱাত—অসমে অকলে বিপ্লৱ চলাই গলে গৱৰ্ণমেণ্টৰ অত্যাচাৰ অসমতে কেন্দ্ৰীভূত কৰিবলৈ সুবিধা পাব বুলি—জ্যোতিপ্ৰসাদে অল ইণ্ডিয়া মেম্বাৰ-সকলক এখন নতুন আন্দোলনৰ কাৰ্য্য
[ ১১১ ]
সূচী কৰি—গোটেই ভাৰতেই আকৌ এক আন্দোলনৰ নৱ পৰ্য্যায় আৰম্ভ কৰিব লাগে বুলি টানকৈ ধৰে। আৰু সেই সূত্ৰেই তেওঁ এখন নতুন কাৰ্য্যসূচী তেওঁলোকৰ আগত ডাঙি ধৰে। অন্নদা চৌধুৰী, সুচেতা কৃপালনী ওলায় কিন্তু আন কেজনে এই কাৰ্য্যসূচী সম্ভৱপৰ নহব বুলি আপত্তি কৰে। পিছত এই কাৰ্য্যসূচী অন্নদা চৌধুৰীয়ে বিভিন্ন প্ৰদেশৰ অনুমোদনৰ কাৰণে পঠাই দিয়ে—আৰু বিহাৰ, বঙ্গ, উৰিষ্যা, মাদ্ৰাজ, মহাৰাষ্ট্ৰৰ পৰা এই কাৰ্য্যসূচীৰ অনুমোদন পায়। এই কাৰ্য্যসূচী সম্পূৰ্ণকৈ কাৰ্য্যত পৰিণত কৰিবলৈ সম্ভৱ নোহোৱাত তাৰ শেষৰ দফা ‘গান্ধীযাত্ৰা’ কাৰ্য্যত পৰিণত হয়। পুনাত গোটেই ভাৰতৰে প্ৰায় সাতশ মান কংগ্ৰেছ কৰ্ম্মী গোট খাই, গান্ধীৰ মুক্তিৰ কাৰণে সত্যাগ্ৰহ কৰিবলৈ আগা-খাঁৰ প্ৰাসাদৰ ফালে গৈ দলে দলে গ্ৰেপ্তাৰ হবলৈ ধৰে। এই ‘গান্ধীযাত্ৰা’ প্ৰগ্ৰেম জ্যোতিপ্ৰসাদৰ যোগেদি অসমৰেই পৰা যোৱা বুলিব লাগিব।
জয়প্ৰকাশ ওলাই অহাৰ পিছত, অন্নদা চৌধুৰী, সুচেতা কৃপালিনী আৰু জ্যোতিপ্ৰসাদৰ বাকী কেজনৰ সৈতে আন্দোলনৰ কাৰ্য্যসূচীলৈ ঘোৰ মতদ্বৈধতা হবলৈ ধৰে। জ্যোতিপ্ৰসাদ অসমত থাকোতে হিংসামূলক কাৰ্য্যৰ বিৰোধী আছিল—আৰু কলিকতাতো গৈ—আন্দোলনৰ কাৰ্য্যসূচীৰ পৰা যাতে এই হিংসামূলক কাৰ্য্যৰ নিৰ্দ্দেশ দিয়া নহয় তাৰ বাবে ঘোৰ আপত্তি কৰিবলৈ ধৰে। অন্নদা চৌধুৰী আৰু সুচেতা কৃপালনীৰ বাহিৰে আন কেজন কিন্তু Sabotage অৰ পক্ষপাতী আছিল—আৰু ইয়াৰ বাবেই
পিছত তেওঁলোকৰ মাজত বিভেদ সৃষ্টি হয়গৈ।
কলিকতাত গৈ জ্যোতিপ্ৰসাদে অসমৰ আন্দোলন চলাবলৈ টকাৰ বাবে যাদৱ চলিহাৰ সৈতে দুৰ্ঘোৰ চেষ্টা কৰে। আৰু ইয়াৰ ফলতেই তেওঁলোকে হেম বৰুৱালৈ মাহে তিনি হেজাৰকৈ টকা পঠাবলৈ সমৰ্থ হয়। এই টকা কেবামাহলৈকো অসমে পাই থকাত অসমৰ আন্দোলন চলি থকাত সুবিধা হয়। অসমত হোৱা নানা অত্যাচাৰৰ বিষয়ে ৰিপৰ্ট আদি ভাৰতৰ
[ ১১২ ]
আন আন প্ৰদেশলৈ পঠাই, অসমৰ আন্দোলন আৰু অসমত হোৱা নানা অত্যাচাৰৰ বিষয়ে ভাৰতৰ সকলোকে জ্ঞাত কৰোৱায়। কনকলতা, ভোগেশ্বৰী, কুশল কোৱঁৰ-আৰু ঢেকীয়াজুলিৰ কাহিনী ভাৰতত জনাজাত হৈ পৰে।
অলপ দিনৰ পিছত—লক্ষ্মী প্ৰসাদ জ্যোতিপ্ৰসাদৰ সৈতে কলিকতাত লগ লাগেহি।
কলিকতাত থকা পিছৰ সময় ডোখৰ জ্যোতিপ্ৰসাদে তেওঁৰ জেঠেৰী ভোলাভূঞাৰ টলিগঞ্জৰ ঘৰত আশ্ৰয় লয়। ইয়াতেই জ্যোতিপ্ৰসাদৰ সাহিত্য সাধনাৰ এক নতুন উদ্যম আৰম্ভ হয়। এই টলিগঞ্জত থাকোতেই তেওঁ ‘ন যোৱান হিন্দ’, ‘অসমীয়া ছোৱালীৰ উক্তি’, ‘অসমীয়া লৰাৰ উক্তি’ ইত্যাদি নতুন ধৰণৰ বিপ্লৱী কবিতাবোৰ লিখিবলৈ ধৰে। এই কবিতাবোৰ লিখি থকাৰ সময়তেই তেওঁ অকমান লৰা-ছোৱালীৰ উপযোগী ৰামায়ণখন লিখিবলৈ ধৰে। শৰীৰৰ অসুস্থতাৰ বাবে সেইখন সম্পূৰ্ণ কৰিব পৰা নাই।
এই দৰে কলিকতাত কিছুদিন থাকোতে মহাত্মাৰ আগা খাঁৰ প্ৰাসাদত অনশন আৰম্ভ হয়৷ মহাত্মাৰ অনশনৰ পিছত জ্যোতিপ্ৰসাদ আৰু আন আন আত্মগোপনকৈ ফুৰা কংগ্ৰেছ কৰ্ম্মীসকল বৰ দোধোৰ মোধোৰত পৰে। শ্ৰীৰাজাগোপালাচাৰীয়ে অনশনৰ সময়ত মহাত্মাক দেখা কৰোতে মহাত্মাই তেওঁক জানিবলৈ দিয়ে যে মহাত্মাই কংগ্ৰেছ কৰ্ম্মীৰ পৰা দুটা কথা বিচাৰে। এটা হৈছে (Non violence) অহিংসা আৰু আনটো হৈছে(Non Secrecy)। গোপনভাবে কোনো কাৰ্য্যকে নকৰা।
আনকি মহাত্মাই গোপনভাবে কংগ্ৰেছ বুলেটিন উলিৱাৰো বিৰোধী। মহাত্মাই জানিবলৈ দিয়ে যে যিবোৰ কংগ্ৰেছ কৰ্ম্মীয়ে আত্মগোপনকৈ ফুৰিছে তেওঁলোকে মহাত্মাৰ আৰু কংগ্ৰেছৰ আদৰ্শ খৰ্ব্ব কৰিছে—
[ ১১৩ ]
তেওঁলোকে তৎক্ষণাৎ আত্মসমৰ্পণ কৰা উচিত। জ্যোতিপ্ৰসাদ আৰু আন আন আত্মগোপনকৈ থকা কংগ্ৰেছ কৰ্ম্মীসকল বৰ দোধোৰ-মোধোৰত পৰিল। এই অৱস্থাতে তেওঁ প্ৰায় আৰু তিনি মাহ থকাৰ পিছত–তেওঁৰ ওপৰত আত্মসমৰ্পণ কৰিবলৈ পৰিয়ালৰো হেচা পৰিবলৈ ধৰিলে। তিনি মাহৰ আগতেই তেওঁক absconder (ফেৰাৰ) বুলি গৱৰ্ণমেন্টে ঘোষণা কৰে। তেওঁলোকৰ পৰিয়াল এটা একান্নবৰ্ত্তী (Joint family) পৰিয়াল। জ্যোতিপ্ৰসাদৰ সম্পত্তি মাটি-ভেটি, সকলো ভাই-ককাইৰ সম্পত্তিৰ সৈতে যোত্ৰ হৈ আছিল। সেই কাৰণে জ্যোতিপ্ৰসাদৰ সম্পত্তি আটক কৰিবলৈ গৈ গৱৰ্ণমেন্টে জ্যোতিপ্ৰসাদৰ গোটেই পৰিয়ালৰ উমৈহতীয়া সম্পত্তি আটক কৰে। কেবালাখ টকাৰো পৈতৃক সম্পত্তি জ্যোতিপ্ৰসাদৰ ভায়েক-ককায়েকে এইদৰে এজনৰ ৰাজনৈতিক কাৰ্য্যৰ পৰা আথানি হবলৈ দিবলৈ ঘোৰ আপত্তি তুলিলে। এনে সমস্যা হোৱাত জ্যোতিপ্ৰসাদ আকৌ এক বিমোৰত পৰিল। অন্নদা চৌধুৰী, সুচেতা কৃপালিণী আদিয়ে তেওঁক পৰামৰ্শ দিলে যে জ্যোতিপ্ৰসাদে তেওঁৰ ত্যাগলৈ তেওঁৰ ভায়েক-ককায়েকক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে টানি আনিবলৈ কোনো অধিকাৰ নাই। সত্যাগ্ৰহৰ নীতিৰ ফালৰ পৰা ইয়াক সমৰ্থন কৰিব নোৱাৰি। আন ফালে অৰুণা আচফ আলিয়ে কিন্তু আত্ম-সমৰ্পণ কৰাৰ বিৰোধী হৈ তেওঁক কলে যে তেওঁ আত্মসমৰ্পণ কৰিলে গৱৰ্ণমেণ্টৰ জয় হব। এই দোমোজাত শেহত জয়প্ৰকাশ আৰু অৰুণা আচফ আলিৰ কাৰ্য্যপন্থা সমৰ্থন কৰিব নোৱাৰি, জ্যোতিপ্ৰসাদে আত্মসমৰ্পণ কৰি জেলত সোমাই থকা স্থিৰ কৰি—১৯৪৩ আগষ্ট মাহত তেজপুৰত গৈ আত্মসমৰ্পণ কৰে। তেওঁৰ ওপৰত মকৰ্দ্দমা হল— কিন্তু যি কাৰণত তেওঁৰ ওপৰত চাৰ্জ অনা হৈছিল তাক ভালকৈ পুলিছে থিৰ কৰিব নোৱাৰাত তেওঁক আদালতে খালাছ দিয়ে।
খালাছ পোৱাৰ পিছত তেওঁ অলপ দিন কলিকতাৰ পৰা অহা সাহায্য [ ১১৪ ] পূঁজিৰ টকা ৪২ ত হতাহত হোৱাসকলৰ মাজত বিলোৱা কামত থাকি পিছত কিছুদিন বন্ধ হৈ থকা ‘অসমীয়া’ কাকত উলিৱাত সহায় কৰিবলৈ যায় আৰু ‘অসমীয়া’ কাকতৰ সম্পাদকৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে। ‘অসমীয়া’ৰ সম্পাদক হৈ গুৱাহাটিত থাকোতেই তেওঁ অসম বিশ্ববিদ্যালয় স্থাপনৰ বাবে শেষ আন্দোলনৰ সূত্ৰপাত কৰে। ‘বেচৰকাৰিকৈ হলেও অসম বিশ্ববিদ্যালয় পাতিবই লাগিব’ বুলি তেওঁ যি সম্পাদকীয ‘অসমীয়াত’ লিখে—সেই সম্পাদকীয়য়েই ‘বিশ্ববিদ্যালয়ৰ’ আন্দোলন আকৌ তুলি আনে। ইয়াৰ পিছতেই বাঁহী, আসাম ট্ৰিবিউন আদিৰে এই সূত্ৰকে ধৰি বিশ্ববিদ্যালয় আন্দোলন উতলাই তোলে।
সাত মাহ অসমীয়াৰ সম্পাদক হিচাপে কাম কৰি আৰু সেই সময়ত অসমীয়াৰ ‘অকমানি চ’ৰাৰ যোগেদি অসমীয়া শিশু-সাহিত্যলৈ যথেষ্ট দান আগবঢ়ায়। স্বাস্থ্য আৰু বেয়াহৈ অহাত—ৰাজহুৱা জীৱনৰ পৰা কিছুকাল আঁতৰি থাকি স্বাস্থ্যৰ উন্নতি কৰিবলৈ বুলি, শ্ৰীযুত দেৱকান্ত বৰুৱাক অসমীয়া সম্পাদনাৰ ভাৰ গতাই দি, ডিব্ৰুগডৰ তেওঁলোকৰ চাহবাগিছা তামোলবাৰীলৈ গৈ সপৰিয়ালে থাকিবলৈ লয়। ইয়াতো তেওঁৰ স্বাস্থ্য ভাললৈ নাহি কিছু বেয়ালৈহে যায়। এই ভগ্নস্বাস্থ্যলৈও তেওঁ সাহিত্য চৰ্চ্চা এৰিব নোৱাৰি কাপ ধৰিয়েই আছে। কবিতা প্ৰৱন্ধপাতিৰ উপৰিও তেওঁ ‘লভিতা’ ‘ৰূপ কোঁৱৰ’ নাটক সম্পূৰ্ণ কৰে আৰু ‘কনকলতা’ নাটক লিখিবলৈ লৈছে।
ইয়াৰ উপিৰও নবভাৰতীয় স্থাপত্যৰ এটা নতুন ৰূপ বিচাৰি তেওঁ বিশেষকৈ নতুন যুগৰ আজিৰ অসমীয়া স্থাপত্যনো কেনে হব এই বিষয়ে মনোনিবেশ কৰিছে। তেওঁৰ নতুন অসমীয়া স্থাপত্যৰ পৰিকল্পনাৰ নিদৰ্শন (design) কেতবোৰ ৰাইজৰ আগত দাঙি ধৰিছে; যাতে [ ১১৫ ] নতুন সংস্কৃতি সভ্যতা ৰচনা কৰিবলৈ ওলোৱা ভাৰতবৰ্ষই, অসমে মৌলিক প্ৰতিভাৰ যোগেদি নতুন স্থাপত্য গঢ়িবলৈ অনুপ্ৰেৰণা পায়। তেওঁৰ অভিপ্ৰায়, যেন আজিৰ যুগত সজা অসম বিশ্ববিদ্যালয়ৰ স্থাপত্যত আজিৰ অসমীয়াৰ সাংস্কৃতিক মনটো প্ৰতিফলিত হব আৰু অসমীযা ইঞ্জিনিয়াৰৰ নিৰ্ম্মাণ-কুশলতাৰ সি এটা নিদৰ্শন হয। অসম বিশ্ববিদ্যালযৰ ঘৰত যেন আজিৰ অসমীয়াৰেই হাতৰ আখৰ জিলিকি উঠে।
জ্যোতিপ্ৰসাদৰ বেছিভাগ লিখাই অপ্ৰকাশিত হৈ আছে। প্ৰকাশিত লিখাবোৰ কাকতে-পত্ৰই সিচৰিত হৈ আছে। সময়ত সকলো প্ৰকাশ হলে ৰাইজে জোতিপ্ৰসাদৰ গুণাগুণ ভালকৈ উপলদ্ধি কৰিব পাৰিব।
জ্যোতিপ্ৰসাদৰ এই অসমাপ্ত জীৱনৰ নাটকীয় কাহিনী, জ্যোতিপ্ৰসাদে বাস্তৱৰ আলম লৈ কল্পনাৰ সহায়ৰে লিখা লভিতাতকৈ ৰাইজৰ কাৰণে ‘বাস্তৱজীৱন' নাটক হিচাবে ভালকৈযে ৰাপলগা হব বুলিয়েই ইয়াত সংযোজিত কৰি দিয়া হল।
শ্ৰীবনমালী কাকতি—: বি,এছ-ছি)
ডিব্ৰুগড়