সম্পূৰ্ণ পৰাজয় কৰিব লাগিব। কালিলৈ আমি অসমৰ সেউজীয়া ধাননিত তিৰঙ্গা নিছান উৰুৱাব লাগিব। সাৱধানেৰে থাকিব লভিতা।
এই বুলি বৰুৱাই ৰাইফল আগলৈ টোৱাই কোবেৰে সৈন্যবোৰ যোৱাৰ ফালে যায়গৈ। এনেতে আগত দূৰৰ পৰা জয় হিন্দ্ জয় হিন্দ্ বুলি বিৰাট ধ্বনি আহে। লভিতাহঁতে নিছানৰ তলত টিলাৰ আঁৰত লুকায়। দূৰৈৰ পৰা মেচিন গানৰ শব্দ আহি থাকে৷
এনেতে চাৰিজন ৰেডক্ৰছৰ সৈন্যই আহত হোৱা লেফটেনেন্ট বৰুৱাক ষ্ট্ৰেছাৰত তুলি লৈ আহে। লভিতা আৰু আন কেজনী নাৰ্ছে ততাতৈয়াকৈ লৰি গৈ ষ্ট্ৰেচাৰৰ ওচৰত উধাতু খাই থিয় হয় গৈ।
লেফ্টেনেন্ট বৰুৱা।(ষ্ট্ৰেছাৰত উঠি বহি চিয়ঁৰি চিয়ঁৰি)অসমীয়া সৈন্যসকল! আগবাঢ়ি যোৱা আগবাঢ়ি যোৱা।-লভিতা! লভিতা! উস্-উস্-আজি ৰণ জয় কৰিব লাগিব-অসমৰ বুকলৈ আগবাঢ়ি যাব লাগিব-অসমীয়া সৈন্য-আগৱাঢ়ি যোৱা—আগ-
এই বুলি লেফ্টেনেন্ট বৰুৱা ষ্ট্ৰেছাৰত ঢলি পৰি যায় আৰু লভিতাই নাৰ্ছবোৰে ঘেৰি ষ্ট্ৰেছাৰখন টিলাটোৰ পাছে দি হাবিৰ ভিতৰলৈ লৈ যায়। ভীষণ মেচিনগানৰ ৰু-ৰুৱনি আহিবলৈ ধৰে। এনেতে হতাহতি চঙীনৰ যুঁজ কৰি আজাদহিন্দৰ সৈন্য এদল পাছ হুহকি