পৃষ্ঠা:লভিতা.pdf/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[পঞ্চম অঙ্ক—৩য় দৰ্শন
 
 

আহে; আৰু তাইৰ পিছত জাপানীয়ে আৰু কেইজনীমান নাৰ্ছ হাতত ধৰি লৈ আহে। এনেতে কেইটামান গুৰ্খা আহি জাপানীবোৰক পিস্তলেৰে আক্ৰমণ কৰে। কিন্তু ততালিকে গুৰ্খা কেইটাক জাপানীয়ে ঘেৰাও কৰি বন্দী কৰে। লভিতা আৰু নাৰ্ছবোৰক আজুৰি টানি জাপানী কেইটাই লৈ যায়।

————
তৃতীয় দৰ্শন

ৰাতি আন্ধাৰ, একো দেখা নাযায়। এডোখৰ কহিমাৰ পৰ্ব্বতৰ তলৰ হাবি। দুটা “অসম ৰেজিমেণ্ট”ৰ অসমীয়া সৈন্য, সিহঁতৰ দাড়ি গজি ভোবোকাৰ। পিন্ধা ইউনিফ’ৰ্ম ফাটিচিতি ফাঁহ ফাঁহ হৈ আছে। সিহঁতে জুইশলা মাৰি এডোখৰ চুৰটকে দুয়োটাই ভগাই হোপে। জুইশলাৰ পোহৰত সিহঁত দুটাক দেখা যায়। তাৰ পিছত মাথোন আন্ধাৰত সিহঁতে হোপা চিগাৰেটৰ জুই জ্বলি থাকে আৰু আন্ধাৰৰ পৰা সিহঁতে কথা পতা শুনা যায়।

১ম। হেৰা! পিছে আমাৰ কি কৰা? আৰু এইদৰে নগাৰ গাঁৱে গাঁৱে কিমানদিন লুকাই লুকাই ফুৰিবা? কেতিয়াবা নগাৰ হাততে মূৰটো যাব।

৭৮