ডাঃ হাজঃ৷ আমাৰ লগৰ নাৰ্ছ কেইজনীক কৰিলে কি বা?
কেঃ সেনাপতি৷ কালি মই হাস্পতালৰ বাৰান্দাত লভিতা আৰু বাকী দুজনীকো দেখিছিলো। সিহঁতক তাত কিবা কাম কৰোৱাইছে
ডাঃ হাজঃ৷ পিছে আমাৰ গতি এয়েই হব নেকি? ক’ত কি হৈছে তাৰ দেখোন একো খবৰ পাবলৈ নোহোৱা হল, আজি এমাহে সংসাৰত ক’ত কি হ'ল তাৰ বিষয়ে—
এনেতে বাহিৰত মটৰৰ হৰ্ণ বাজে, সকলোৱে কথা-বতৰা এৰি চাই থাকে। এজন জাপানী অফিচাৰ আৰু আজাদ হিন্দ্ ফৌজৰ শিখ কামাণ্ডাৰ কথা পাতি পাতি তালৈ সোমাই আহি গহীন হৈ বন্দী দলটোৰ আগত ৰয়। জাপানী ৰখীয়া কেইজনে চেলিউট দিয়ে। ৰেজিমেণ্টটো থিয় হয়। শিখ কমাণ্ডাৰে হাতেৰে বহিবলৈ কয়। ৰেজিমেণ্টৰ মানুহবোৰ আকৌ আগৰ দৰে বহে। সিহঁত দুয়োজনে ভালকৈ ৰেজিমেণ্টৰ মানুহবোৰক চায়, তাৰ পিছত দুয়োৰে ভিতৰত কিবা কথা হয় আৰু শিখ কমাণ্ডাৰজন আগবাঢ়ি যায়।
শিখ কমাণ্ডাৰ। মেৰে হিন্দুস্থানী চিপাহী ভাইয়োঁ আজ ম্যেয় আপলোগোকে চাম্নে এক বাত্ পেশ্ কৰনা চাহতা হুঁ। আপ্লোগ্ আজ কয়দ হোকৰ আয়ে, ম্যায় ভি একৰোজ কয়েদ হোকৰ আয়া থা, লেকিন আজ হম নেতাজীকী কৃপাসে এক নয়ী ৰোছনীকা সন্ধান পাকৰ