পৃষ্ঠা:লভিতা.pdf/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
 

বাবে আকৌ ৬ মাহ পিছত সেই দুটা বিষয়ত পৰীক্ষা দিয়ে কিন্তু সেইবাৰো অঙ্কত তেওঁ উত্তীৰ্ণ হব নোৱাৰিলে। বাকী আটাই কেউটা বিষয়ত উত্তীৰ্ণ হোৱা বাবে—আৰু গণিত পিছৰ বাৰলৈ উত্তীৰ্ণ হোৱাৰ সাপেক্ষে — বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক এম, এ পঢ়িবলৈ অনুমতি দিলে৷ প্ৰথম বছৰ অৰ্থনীতি, সংস্কৃত আৰু পাব্লিক্ ল এই তিনিওটা বিষয়ে তেওঁ ক্লাছ লয় আৰু এবছৰ পঢ়ি এই বিষয়ত ডিগ্ৰী পৰীক্ষাত বহিবলৈ ডিগ্ৰী পাছ পায়। পিছৰ বছৰ তেওঁ দৰ্শন আৰু অৰ্থনৈতিক বুৰঞ্জী বিষয়ৰ ক্লাছ্ লয়। বিশ্ববিদ্যালয়ত এম, এ পঢ়াৰ লগেলগেই তেওঁ সঙ্গীত-বিজ্ঞানৰ বিষয়েও বিশেষ অধ্যয়ন কৰিছিল। দ্বিতীয় বছৰ দৰ্শনত তেওঁ ডিগ্ৰী পাছ নোপোৱাত আৰু প্ৰৱেশিকাৰ গণিতো সম্পূৰ্ণ কৰিব নোৱাৰত—এডিনবৰা বিশ্ববিদ্যালয় এম, এ পঢ়া তিমানতে এৰি, কিছুদিন লণ্ডনত থাকি–ফিল্ম শিল্পৰ বিষয়ে অভিজ্ঞতা লবলৈ জাৰ্ম্মাণীলৈ আহে। জাৰ্মাণীত Univereum Filmen Aktien Geseshaft কোম্পানীক তেওঁ “শোণিতকুঁৱৰী” ইংৰাজী কৰি ফিল্ম তৈয়াৰী কৰিবলৈ খাটনি ধৰে। সেই কোম্পানীয়ে সেই সময়ত টকী ওলোৱাৰ বাবে ভাৰতলৈ নহাকৈ সেই ফিল্ম কৰিব নোৱাৰিব বুলি আৰু বহুত খৰচ হব বুলি অসম্মত হয় আৰু সেই কোম্পানীতে ফিল্ম ‘LIGHT of ASIA’ তোলাওতা বিখ্যাত প্ৰযোজক হিমাংশুকুমাৰ ৰায়ক লগ পায়। হিমাংশুকুমাৰৰ তত্ত্বাবধানতে বাৰ্লিনত প্ৰায় ৭ মাহ থাকি, ফিল্ম প্ৰযোজনা আৰু পৰিচালনাৰ সমুদায় কাম শিকে। তাৰ পিছত ১৯৩০ চনত তেওঁ ভাৰতলৈ উলটি অহাৰ বাটত য়ুৰোপৰ নানা-দেশ ফুৰি সেই দেশবোৰৰ সংস্কৃতি সভ্যতাৰ নিদৰ্শনবোৰৰ বিষয়ে কিছু অভিজ্ঞতা গোটাই তুৰস্কলৈ আহে। তুৰস্কৰ পৰা আৰব দেশৰ মাজেদি স্থলপথেদি মৰুভূমি পাৰ হৈ, মছৌল, বোগদাদ, বেবিলন, কাৰবালা ইত্যাদি ঠাই ভ্ৰমণ কৰি বছোৰাৰ পৰা কৰাচী হৈ ভাৰত পায়হি। আহিয়েই সেই সময়ত চলি থকা অসহযোগত নামে৷ অসমীয়া