পৃষ্ঠা:লভিতা.pdf/১২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
 

তেওঁলোকে তৎক্ষণাৎ আত্মসমৰ্পণ কৰা উচিত। জ্যোতিপ্ৰসাদ আৰু আন আন আত্মগোপনকৈ থকা কংগ্ৰেছ কৰ্ম্মীসকল বৰ দোধোৰ-মোধোৰত পৰিল। এই অৱস্থাতে তেওঁ প্ৰায় আৰু তিনি মাহ থকাৰ পিছত–তেওঁৰ ওপৰত আত্মসমৰ্পণ কৰিবলৈ পৰিয়ালৰো হেচা পৰিবলৈ ধৰিলে। তিনি মাহৰ আগতেই তেওঁক absconder (ফেৰাৰ) বুলি গৱৰ্ণমেন্টে ঘোষণা কৰে। তেওঁলোকৰ পৰিয়াল এটা একান্নবৰ্ত্তী (Joint family) পৰিয়াল। জ্যোতিপ্ৰসাদৰ সম্পত্তি মাটি-ভেটি, সকলো ভাই-ককাইৰ সম্পত্তিৰ সৈতে যোত্ৰ হৈ আছিল। সেই কাৰণে জ্যোতিপ্ৰসাদৰ সম্পত্তি আটক কৰিবলৈ গৈ গৱৰ্ণমেন্টে জ্যোতিপ্ৰসাদৰ গোটেই পৰিয়ালৰ উমৈহতীয়া সম্পত্তি আটক কৰে। কেবালাখ টকাৰো পৈতৃক সম্পত্তি জ্যোতিপ্ৰসাদৰ ভায়েক-ককায়েকে এইদৰে এজনৰ ৰাজনৈতিক কাৰ্য্যৰ পৰা আথানি হবলৈ দিবলৈ ঘোৰ আপত্তি তুলিলে। এনে সমস্যা হোৱাত জ্যোতিপ্ৰসাদ আকৌ এক বিমোৰত পৰিল। অন্নদা চৌধুৰী, সুচেতা কৃপালিণী আদিয়ে তেওঁক পৰামৰ্শ দিলে যে জ্যোতিপ্ৰসাদে তেওঁৰ ত্যাগলৈ তেওঁৰ ভায়েক-ককায়েকক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে টানি আনিবলৈ কোনো অধিকাৰ নাই। সত্যাগ্ৰহৰ নীতিৰ ফালৰ পৰা ইয়াক সমৰ্থন কৰিব নোৱাৰি। আন ফালে অৰুণা আচফ আলিয়ে কিন্তু আত্ম-সমৰ্পণ কৰাৰ বিৰোধী হৈ তেওঁক কলে যে তেওঁ আত্মসমৰ্পণ কৰিলে গৱৰ্ণমেণ্টৰ জয় হব। এই দোমোজাত শেহত জয়প্ৰকাশ আৰু অৰুণা আচফ আলিৰ কাৰ্য্যপন্থা সমৰ্থন কৰিব নোৱাৰি, জ্যোতিপ্ৰসাদে আত্মসমৰ্পণ কৰি জেলত সোমাই থকা স্থিৰ কৰি—১৯৪৩ আগষ্ট মাহত তেজপুৰত গৈ আত্মসমৰ্পণ কৰে। তেওঁৰ ওপৰত মকৰ্দ্দমা হল— কিন্তু যি কাৰণত তেওঁৰ ওপৰত চাৰ্জ অনা হৈছিল তাক ভালকৈ পুলিছে থিৰ কৰিব নোৱাৰাত তেওঁক আদালতে খালাছ দিয়ে।

 খালাছ পোৱাৰ পিছত তেওঁ অলপ দিন কলিকতাৰ পৰা অহা সাহায্য