পৃষ্ঠা:লভিতা.pdf/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
 

নেতাৰ ওপৰত পুলিছৰ হাত পৰিল। জ্যোতিপ্ৰসাদে বিজুলী বেগেৰে তেজপুৰৰ এমুৰৰ পৰা আনমুৰলৈ গৈ শান্তিসেনা বাহিনীক আৰু ৰাইজক অগ্নিময়ী বক্তৃতাৰ কাৰণে সষ্টম কৰোৱালে৷ তেজপুৰৰ কাছাৰীঘৰৰ আগৰ চাৰ্চ্চফিল্ডত ‘এই ইংৰাজৰ কাছাৰী ঘৰত আমি শই শই মৰি হলেও আমাৰ তিৰঙ্গা নিছান উৰুৱাবই লাগিব’ বুলি দিয়া জুই ফিৰিঙটি সিঁচা বক্তৃতা আজিও শুনা মানুহে পাহৰিব পৰা নাই।

 তাৰ পিছত অসম প্ৰাদেশিক কংগ্ৰেছৰ নেতাসকলো নোহোৱা হোৱাত, আৰু স্বৰ্গীয় হেম বৰুৱা নৰিয়া-পাটীত পৰি থাকি অসহায় হোৱাত, অমিয়কুমাৰৰ পৰামৰ্শমতে জ্যোতিপ্ৰসাদ প্ৰাদেশিক সংগঠনৰ গুৰি-ধৰোতা হেম বৰুৱাক সহায় কৰিবলৈ গুৱাহাটীলৈ যায়। তেওঁ ঘৰ এৰি ওলোৱাৰ সময়ত জ্যোতিপ্ৰসাদৰ প্ৰথম পুত্ৰ চিন্ময় ওপজা মাথোন ১৭ দিন। তেওঁৰ ভাৰ্য্যা দেৱযানীও বৰ টান নৰিয়াত শয্যাগত। জাপানী আক্ৰমণ আহি অসমৰ পূৱ সীমাত ভূমিকম্প কৰিছে। চহৰৰ মানুহ গাঁৱলৈ ভাগি গৈছে। জাপানী বোমাৰ আতঙ্কত অসমৰ চহৰীয়াৰ মুখত পানী নাই। কোন কেতিয়া কলৈ যাব লাগিব তাৰ ঠিকনা নোহোৱা হৈ পৰিছে। এনে সময়তেই কেচুৱা পুতেক আৰু বেমাৰী পাটিত পৰিবাৰক এৰি—এক অনিশ্চয়তাৰ মাজত আৰু অৰ্নিদিষ্ট কাললৈ ঘৰৰ পৰা ওলাই যাবলগীয়াত পৰিল জ্যোতিপ্ৰসাদ। এফালে ভাৰতৰ শেষ স্বাধীনতা যুদ্ধৰ আহ্বান। বিপ্লৱৰ নিমন্ত্ৰণ। আৰু আনফালে অভাৱনীয় দুৰ্য্যোগৰ মাজত-বিপদৰ মাজত-নিজৰ কেচুৱা পুতেক, নাবালিকা ছোৱালী তিনিজনী আৰু নৰিয়া পাটিৰ ঘৈণীয়েকৰ প্ৰতি কৰ্ত্তব্য। এনে সমস্যাত তেওঁ নিজৰ ভৱিষ্যত ল'ৰা-ছোৱালীৰ ভৱিষ্যত সকলো ভাৰতৰ স্বাধীনতাৰ যজ্ঞত আহুতিকৈ দি বিপ্লৱৰ জ্বলন্ত শিখাত জাপ মাৰি পৰি অসম জুৰি জ্বলা বিপ্লৱৰ জুই আৰু ধোঁৱাৰ আঁৰে আঁৰে লৰিবলৈ ধৰিলে।