পৃষ্ঠা:লভিতা.pdf/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্যোতি প্ৰসাদৰ কথা

 ডিব্ৰুগড়ৰ মদাৰখাট মৌজাৰ তামোল-বাৰী চাহবাগিছাত ইং ১৯০৩ চনৰ ১৭ জুনত জ্যোতিপ্ৰসাদৰ জন্ম। প্ৰাতঃস্মৰণীয় হৰিবিলাস আগৰৱালাৰ তৃতীয় পুত্ৰ সঙ্গীতবিদ্ পৰমানন্দৰ এওঁ প্ৰথম সন্তান। জ্যোতিপ্ৰসাদৰ মাক কিৰণময়ী, শিৱসাগৰৰ বলিয়া-ঘাটৰ জগন্নাথ তিৰোকাকতিৰ ঘৰৰ জীয়ৰী। সৰুকালছোৱা সৰহভাগ তামোলবাৰীতেই যায়। ৭ বছৰ বয়সত “তেজপুৰ হাইস্কুল”ত নাম লগায়। “ডিব্ৰুগড় গৱৰ্ণমেন্ট হাইস্কুল” আৰু “জৰ্জস্কুল”তো দুবছৰ মান পঢ়ে। তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিকুলেশ্যনৰ বাছনিত উত্তীৰ্ণ হৈ ১৯২১ চনৰ অসহযোগত নামে। পিছত চিত্তৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়ৰ মেটিকুলেশ্যনৰ পৰীক্ষা দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত তেজপুৰৰ গাঁৱে ভূঁঞে এবছৰ কংগ্ৰেছৰ কাম কৰি অসহযোগ আন্দোলন মৰিলত ‘স্বদেশ ষ্টৰ’ নাম দি দোকান এখন চলায়। এবছৰ পিছত কলিকতাত নেছনেল কলেজত ভৰ্ত্তি হৈ আই-এ দ্বিতীয় বাৰ্ষিক শেষ কৰাত, সেই কলেজ উঠি যোৱাত ঘৰলৈ আহি গুৱাহাটী নিউপ্ৰেছৰ কাৰবাৰত সোমাইহি। সেই সময়ত বেজবৰুৱাৰ ‘বাঁহী’ তাৰ পৰাই ওলাইছিল।
 জ্যোতিপ্ৰসাদে স্কুলত পঢ়াৰ দিনতেই ১৩৷১৪ বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চ্চা আৰম্ভ কৰে। তেজপুৰ হাইস্কুলত পঢ়োতে হাতেলিখা ‘জোনাকী’ নামৰ কাকতৰ সম্পাদক আছিল। তেতিয়া তেওঁৰ ১৪ বছৰ বয়স। সেই সময়ত সেই বয়সতেই অসমীয়া বিখ্যাত নাটক ‘শোণিতকুঁৱৰী’ লিখি শেষ কৰে, যদিও তাক কেবাবছৰৰ পিছতহে প্ৰকাশ কৰিছে আৰু তেতিয়াই লিখা তেওঁৰ প্ৰথম গল্প ‘সতীৰ