পৃষ্ঠা:লভিতা.pdf/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা

পূঁজিৰ টকা ৪২ ত হতাহত হোৱাসকলৰ মাজত বিলোৱা কামত থাকি পিছত কিছুদিন বন্ধ হৈ থকা ‘অসমীয়া’ কাকত উলিৱাত সহায় কৰিবলৈ যায় আৰু ‘অসমীয়া’ কাকতৰ সম্পাদকৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে। ‘অসমীয়া’ৰ সম্পাদক হৈ গুৱাহাটিত থাকোতেই তেওঁ অসম বিশ্ববিদ্যালয় স্থাপনৰ বাবে শেষ আন্দোলনৰ সূত্ৰপাত কৰে। ‘বেচৰকাৰিকৈ হলেও অসম বিশ্ববিদ্যালয় পাতিবই লাগিব’ বুলি তেওঁ যি সম্পাদকীয ‘অসমীয়াত’ লিখে—সেই সম্পাদকীয়য়েই ‘বিশ্ববিদ্যালয়ৰ’ আন্দোলন আকৌ তুলি আনে। ইয়াৰ পিছতেই বাঁহী, আসাম ট্ৰিবিউন আদিৰে এই সূত্ৰকে ধৰি বিশ্ববিদ্যালয় আন্দোলন উতলাই তোলে।

 সাত মাহ অসমীয়াৰ সম্পাদক হিচাপে কাম কৰি আৰু সেই সময়ত অসমীয়াৰ ‘অকমানি চ’ৰাৰ যোগেদি অসমীয়া শিশু-সাহিত্যলৈ যথেষ্ট দান আগবঢ়ায়। স্বাস্থ্য আৰু বেয়াহৈ অহাত—ৰাজহুৱা জীৱনৰ পৰা কিছুকাল আঁতৰি থাকি স্বাস্থ্যৰ উন্নতি কৰিবলৈ বুলি, শ্ৰীযুত দেৱকান্ত বৰুৱাক অসমীয়া সম্পাদনাৰ ভাৰ গতাই দি, ডিব্ৰুগডৰ তেওঁলোকৰ চাহবাগিছা তামোলবাৰীলৈ গৈ সপৰিয়ালে থাকিবলৈ লয়। ইয়াতো তেওঁৰ স্বাস্থ্য ভাললৈ নাহি কিছু বেয়ালৈহে যায়। এই ভগ্নস্বাস্থ্যলৈও তেওঁ সাহিত্য চৰ্চ্চা এৰিব নোৱাৰি কাপ ধৰিয়েই আছে। কবিতা প্ৰৱন্ধপাতিৰ উপৰিও তেওঁ ‘লভিতা’ ‘ৰূপ কোঁৱৰ’ নাটক সম্পূৰ্ণ কৰে আৰু ‘কনকলতা’ নাটক লিখিবলৈ লৈছে।

 ইয়াৰ উপিৰও নবভাৰতীয় স্থাপত্যৰ এটা নতুন ৰূপ বিচাৰি তেওঁ বিশেষকৈ নতুন যুগৰ আজিৰ অসমীয়া স্থাপত্যনো কেনে হব এই বিষয়ে মনোনিবেশ কৰিছে। তেওঁৰ নতুন অসমীয়া স্থাপত্যৰ পৰিকল্পনাৰ নিদৰ্শন (design) কেতবোৰ ৰাইজৰ আগত দাঙি ধৰিছে; যাতে

১১৪