[ প্ৰথম পৃষ্ঠা ]


ঢৌ

 

ৰাজীৱ বৰা

 

শিল্প প্ৰকাশন

অৰুনোদয় পথ, শিৱসাগৰ।

[ প্ৰকাশন ]


DHOU
ঢৌ

A collection of Assamese Joems Camposed by Rajib Borah, Lecturer in Assamese, Nazira College, Nazira - 785685 and Published by Silpa Prakashan, Arunadai Path, Sirvasagar 785640. First Edition December, 2006. Price Rs : 40.00 only.

প্ৰকাশকঃ শিল্প প্ৰকাশন, অৰুনোদয় পথ, শিবসাগৰ- ৭৮৫৬৪০, ফোন: ৯৮৫৪১২৩৫০৫। বেটুপাত আৰু স্কেচ্ছঃ সম্পাংক গগৈ, হৰফঃ লেখক। © লেখক। মুদ্ৰক : শিল্প প্ৰকাশন, , শিবসাগৰ॥ মূল্যঃ৪০০০ টকা।

[ ভূমিকা ]
 

যাৰ বদান্যতাই
দুৰ্যোগৰ সমুদ্ৰৰ পৰা
পাৰলৈ তুলিলে মোক
সেয়া–
শ্ৰদ্ধাৰ মামা আৰু মামী
ড° ডম্বৰুধৰ নাথ
আৰু ড° জাহ্নৱী গগৈ নাথৰ হাতত
ঢৌ অৰ্পণ কৰিলোঁ।

 

[ কৃতজ্ঞতা ]


কৃতজ্ঞতা

‘অৱনী বৰঠাকুৰ, চৈয়দ মহম্মদ মহছীন
দিপালী ভট্টাচাৰ্য বৰুৱা, মৃদুল শৰ্মা, পৰানন কোঁৱৰ
যোগ গগৈ, , ৰঞ্জন ভট্টাচাৰ্য, পৰাগ নাম, সৌৰভ মহন্ত
বিশ্বজিৎ নাম, জয়জ্যোতি গগৈ, ৰমানন্দন বৰা
ফুলেশ্বৰী হাজৰিকা, মীনাক্ষী হাজৰিকা আৰু
বেটুপাত আৰু স্কেচ্ছৰ চিত্ৰকৰ শশাংক গগৈলৈ

[ সূচীপত্ৰ ]

সূচী

বাট – ৯
চৰাইদেউ – ১০
ফটা ওঁঠত নবজা বাঁহী – ১৩
বোকা – ১৪
অন্য দিন অন্য ভাবনা – ১৫
দিখৌ – ১৭
পাঁউৰি – ১৮
বিশ্বায়ন – ১৯
ঘাটজাল – ২১
কান্তাৰ – ২২
বাঁহী – ২৩
অস্তিত্বৰ আলাপ – ২৪
শৰাইঘাট – ২৬
কোলা – ২৭
গুৱলা-সাপ – ২৮
বয়স – ৩০
অ’মোৰ বুকুৰ সূৰ্য – ৩২
জুয়ে পোৰা মাউত গাঁৱৰ নিশা – ৩৩
অকুশল জীৱনৰ এচকল মালিতা – ৩৪
সাম্প্ৰতিক – ৩৬ [ সূচীপত্ৰ ] লাংচিং – ৩৭
আঘোণৰ কবিতা – ৩৮
নিমাত চৰাই – ৪০
এখন নাট – ৪১
ঘা – ৪২
গাঁৱৰ গজালি – ৪৩
জখম – ৪৫
সাধনী – ৪৭
অজান্তি – ৪৮
নগৰৰ দুহাতত – ৪৯
দেহা হালে-জালে ভোকে – ৫০
প্ৰেমহীনতা – ৫১
ঢাকনী – ৫২
দূৰৈৰ মানুহ – ৫৫
কেঁকুৰি – ৫৬
বিস্ফোৰণ – ৫৭
কবিতাৰ অসুখ – ৫৮
ভীতি – ৫৯
শৰৎ – ৬০
নাম – ৬১
কলম – ৬২

[  ]

বাট

দুখত বুৰি থকাটো পলায়নৰ সহজ উপায়
শোঁকগাথাৰ পৰাই উৰি আহে গান
হুৰ-হুৰ বতা চৰাই .……..

খৰাঙৰ ৰং চাই বোবা আকাশে
হঠাৎ ওঁঠলৈ নমায় সমুদ্ৰ গৰ্জন

পুৱাৰ পৰা ধোঁৱাই-ধোঁৱাই দুপৰ
জ্বলি উঠে জাবৰ দ’মৰ নিশকতীয়া জুই

লাহে লাহে পাকৈত হয়
শৈশৱতে ধনু সজা ল’ৰাটোৰ অপৈণত হাত

মাথো বাট এটা দিবা
পথাৰেই হওক বা শিলনিৰ

ল’ৰাবোৰৰ আছে শিল দলিয়াই
কাকিনি তামোল সৰোৱা অব্যৰ্থ দুহাত

সিহঁতে শালিব পাৰে পুখুৰীত দৰক লৈ
পোনা- পুঠি শেষ কৰা বিয়াগোম মাছ

মাথো বাট এটা দিবা
পথাৰ বা শিলনিৰ
অথবা
পাহাৰ বা নামনিৰ

আন্ধাৰত সাঁতুৰিলেও
পাৰৰ পোহৰত চকু ৰাখা

[ ১০ ]

চৰাইদেউ

সাতখন কুঠাৰে কাটিলেও নাকাটে গা
দেও লগা পাহাৰৰ ছাঁ

এংকৰি বেংকৰি ওলাই আহা লাহে কৰি
সেৱাত বঁটা সেৱাত কটা

কটা-কটি খেলত
ৰঙা পানী ৰঙা পাৰ
কোনে সুজিলে গুৰুৰ ধাৰ

একা-বেঁকা নৈত ঢৌৰ আঘাত
খহিলে পাৰ এবাৰ, দুবাৰ, তিনিবাৰ .........
আন্ধাৰ

নাও বা – হেই য়া
গড় বান্ধ – হেই য়া

আঁউসীত লুকায় পোহৰত ওলায়
কলচি নে জোন

ঠেং মেলা বেলি
মৈদামত হামখুৰি খালি

তৰালিত জিলিকে
জিলিকেনে ৰঙা মাটিৰ গৰা
খোজে পতি খহা

মাছবোকা হাতে কৰা গাঁতত বাঁহনিডৰা

[ ১১ ]

ছাউনী পতা ঢেঁকীয়াৰ শিপা
ইমান চেঁচা দুপৰতে সাঁজ লগা

জহিছে-খহিছে শিলেৰে বন্ধোৱা বাট
শিলে পোতে কমলা কুঁৱৰীৰ নাদ

ক’ৰবাত আছেনে
ৰহদৈ ভাদৈ আঘোণী বাই

কেনেকৈ ভগাবি দুখ
সাঁকো যেন হাতবোৰ নাই

[ ১৩ ]

ফটা ওঁঠত নবজা বাঁহী

ফুৱাই ফুৱাই
ফটা ওঁঠত নবজা বাঁহী

কোন গৰখীয়া তই

জঠৰ ওঁঠত কিল্‌বিলাইছে
এজাক পৰুৱাই

কলিজাত সপ্তস্বৰ
বতাহো জঠৰ
স্তব্ধ ধ্বনি-প্ৰতিধ্বনি

অৰণ্যত বিফল বংশীবাদক

গোঁজৰণি মাৰে বাঘে
অস্ত অৰণ্য নিশ্চুপ হৰিণ
শংকিত চকু

মেকুৰী খোজেৰে আহে মৃত্যু

[ ১৪ ]

বোকা

ধুনীয়া সাজত লাগিলে বিক্‌চিনা
পথৰুৱা গাত গহনা

ছটিয়ালে বদনাম
খেলিলে ফাকু

এই বাটে মটৰ নেযায়
সজালধৰা সেউজ় গোন্ধায়

আজিও থয়নে কোনোবাই
ফটাকঁথাত সোণ

থকাবোৰে থয় চন্দুকত
যাৰ আছে ফটা কঁথা তাৰ নাই সোণ

সূৰ্যৰ দৰে সঁচা –
বোকাতহে ফুলে পদুম

ইমান উত্তাপ নিদিবা
বুকুৰ বোকাবোৰ আহিব শুকাই
ক'ত ৰুম হেঁপাহৰ শইচ

[ ১৫ ]

অন্য দিন অন্য ভাবনা


খাবলৈ আছিল, লঘোণে থাকিলা
দিবলৈ আছিল, নিবিচাৰিলা
এতিয়া শুদা হাতে যাবা
কেনেকৈ পঠাওঁ ........


ভাদত কুঁলী আহাৰত শেৱালি
প্ৰেমো এতিয়া আহাৰ-পানীয়
অথবা কোকেইনৰ দৰে


বৰ দুখেৰে আছোঁ তেজিমলা
চাকৰি বাদেই
মৰমৰ বাবে লাগে এখৰাহী ধন


কবিতাই ৰমণ কৰা সগৰ্ভা বুকুত
কিমান সে ভাৰ বৈছোঁ আৰ্তনাদ
পৃথিবীৰ অসুখ
ম‍ই বেচোঁ তোৰ ওচৰত সমস্ত দুখ
কবিতা
আজিৰ ৰাতি আকৌ কন্দুৱাবি মোক


মৌনতা প্ৰেমৰ বিমূৰ্ত প্ৰকাশ
লুকুৱাই থৈ
সংগোপন নৈ বেগতিক বতাহ
দৃষ্টিৰ ফিৰিঙতি যেন অলেখ পৰুৱা
কুটি খায় চেতনাৰ স্বাধীনতা
নুফুটা শব্দ লৈ ঘূৰি ঘূৰি প্ৰেমৰ চৌপাশ
ক’ৰ বতাহ ক’লৈ আহে
নেদেখা হাতে বাউলি মাতে ........

[ ১৬ ]


সুখত আছোঁ বুলি কেনেকৈ কওঁ
কি যাতনাত লাও, গৰু, পাচিৰ সলনি
পিতৃয়ে বজাৰত বেচিবলৈ আনে
আত্মজ, নাবালক

দুখত আছোঁ বুলি ক’বও নোৱাৰোঁ
ৰাজ পথৰ কাষে কাষে
প্ৰতিদিনে বাঢ়ি আহে
নৱ নৱ প্ৰকাণ্ড প্ৰাসাদ


কন্যা-কাল
নেজানিলে বহুত ভাল
ৰাঙলী আকাশে ভুমুকিয়াই বান্ধে
দেও দিয়া ভৰিহাল


কেতিয়াবা সহযাত্ৰী হওঁ
উজনি বা ভটিয়নীত নাও
নাৱে ফালে নৈৰ চুলিত সেওঁতা
এখন তলিতে দেহবোৰ থওঁ
সমস্বৰে গাওঁ বিশ্বাসৰ নেওতা
‘পাৰ কৰা ৰঘুনাথ ....... ’


কল খোৱা বাদুলি কোনে কঁড়িয়াই
দিশহীন কাঁড়ে মাৰে শোৱনী কোঠাত খোঁচ
আন্ধাৰ বৰ বিভ্ৰান্তিকৰ
তই নিচিন মোক

১০
কোন আলহীলৈ গঁৰালৰ হাঁহিনী
হাতত এখৰাহী ধান
কিয় নেদেখ অনাহাৰে থকা আপোন সন্তান

[ ১৭ ]

দিখৌ

উৰ্বৰা-গাভৰুৰ গোন্ধ সানি নামি অহা এটা চঞ্চল সাপ
লাস্য-নৃত্যৰ দেহত কিয় বাৰু উঠে তাণ্ডব নাচ

দেও লগা পাহাৰৰ নাদ
পটীত ডালে গোঁঠা জালৰ তলে তলে
ভৈয়ামত পাট গাভৰু পাহাৰত এৰি অহা কন্যাকাল
ঘাটে ঘাটে কলাফুল চুই মেঠনি-খোচনিত এপলক শুই
ভাটিয়ালী নাৱৰীয়াৰ গীত হৈ নিচুকালি চাপৰিয়াল

সুৰংগৰেও আছিল হেনো এখন দীঘলীয়া হাত
বাউসিতে পানী তোলা ঘাট
ৰং মহলৰ আন্ধাৰ-পোহৰত চোৱে কোনে আইচুদেউৰ দেহ
ইতিহাসৰ সিপাৰৰ অভ্যন্তৰ

বৰশিলত গদাপানিক দুভৰিৰ চাপ
কাষত ডালিমীৰ দীঘল ছাঁ-কঁপি কঁপি পানীত হেৰোৱা
কাঁইট, চাবুক আৰু দুৰন্ত আকাংক্ষা উজাব নোৱাৰি
নদীয়েদি ভটিয়াই গ’ল

এবাৰ,দুবাৰ, বহুবাৰ গৃহস্থ,অতিথি আৰু তস্কৰৰ তুমৰলি দেহ
ধুবলৈ নৈৰ থাকে হাত, সুঁৱৰিবলৈ থাকে দীঘলীয়া গান
ফটিক-পানীত মুখ চাই পাহৰিব পাৰিনে পাৰহৈ যোৱা তেজৰ বান

নৈ সাগৰ নহয়-সাগৰৰ প্ৰাণ
বুকুত সামৰি লৈ দান আৰু গ্ৰহণৰ দুৰ্ভেদ্য সাঁথৰ

কিনো বিষাদত শীৰ্ণ হয় নৈ
শিতানে-পথানে তৈল নগৰী, কলুষ-কালিমাৰে বিবৰ্ণ উদৰ
কঢ়িয়াব লাগে বন্ধ্যা মনৰ এবুকু জাবৰ

[ ১৮ ]

পাঁউৰি

লুহীয়া ফালি পাঁউৰি পাতিলি
উজান উঠাৰ বাট

পিছে ‘দিলোঁ লাও গজিলে তুৰৈ ........’
পাঁউৰিত অজগৰ সাপ

ল’ৰাটোৰ ফিজ কুৰি টকা
মানুহজনীৰ ঢৌ-ছিটা ৰিহা

হেদালিত লাওৰ দুখিলাহে পাত
কালিলৈ দেওবৰীয়া হাট

সোঁৱে নাযাবি
ৰজাই পানী তোলা ঘাট
বাঁৱে নাযাবি
অশুচি দেহা-মন্দিৰৰ কৰাপাট
আগত পানী পিছত জুই

সপোন নেদেখিবি
দিনৰ পাহাৰ ৰাতিৰ জুই ........

পিছে শুই থকাটো অপৰাধ

নৈয়ে তিয়ালে
ৰ’দত শুকুৱাবি
পাঁউৰি সজা দুহাত

[ ১৯ ]

বিশ্বায়ন

অজলা চকুত কজলা ধোঁৱা
মনি কি নমনি
ৰূপৰ চাকি সোণৰ গছা

পৈণত কলঠোকা দেৱতাক দিয়া
কোঁচ পাতি লোৱা মলঙা প্ৰসাদ
পূজাৰীৰ হাতৰ প্লাষ্টিকৰ ফুল

বতাহজাক কোবাল হৈছে
সাৰে আছনে কান্ধ পাতি
মূধচ পৰা ঘৰ

কিনো দেও লগা বা’
বৰগছ সাৰে, মানিমুনি মৰে
টেঙেচিত খাৰে ধৰে
অচিন পানীৰ বৰষুণ

এই ৰাতি নুপজিবি
উপজিয়েই কুঁজা হ’বি, সোণ

পিতাই মৰোঁ মৰোঁ
মোৰো বাঢ়িছে ধাৰ এদোণ-দুদোণ
বছৰটো পথাৰতে
তথাপিতো এবেলা লঘোণ

ওপৰত মাছ ভজা মঙহ ভজা
উগাৰ মৰাৰ গোন্ধ
এই ৰাতি নুপজিবি
অন্য এক দিনৰ দেখিছোঁ সপোন

[ ২১ ]

ঘাটজাল

মাছ কেতেবেলি নাচ কেতেবেলি .......

টঙিৰ ওপৰত জীৱিকাৰ অচঞ্চল মুদ্ৰা
সোঁতত সাঁতোৰে চঞ্চল চকু
সৃষ্টিৰ প্ৰথম সন্তান এই বাটে
এই বাটে আহ

বাঁহ নাই সাহ নাই
ধান নাই মান নাই
নৈ আছে চকুলোৰ
দুখ তাত জীয়নীয়া মাছ

কপালত খুঁটিয়াই
গলধনেৰে নামি যায় বেলি
গধূলিৰ হেঁপাহ ভগাই
গুচি যায় জালৰ গৰাকী
এসেৰ চাউলেৰে চমুৱাব নোৱাৰি দীঘল পদূলি

পানীবোধ বিক্ৰী হয়
নৈখনৰ গৰাকী ওলায়

পোহাৰী-হিচাপ কৰা আঙুলিৰ পাবে পাবে
শতকৰা অংক দি
মাছবোৰ কোনে লৈ যায়!

[ ২২ ]

কান্তাৰ

জীৱ অনিবাৰ্য শৱ
যেনেকৈ সূৰ্যক নোৱাৰি দোঁৱাব
শাৰীৰিক অমৰত্বৰ দেউলীয়া সপোন বেচি
মানুহৰ হাড় সাৰ হ’ল
ওপৰত তৰপে তৰপে হাঁহাঁকাৰ
জানো ভালদৰে
প্ৰথম মৃত্যু – শৰীৰৰ নাশ
দ্বিতীয় মৃত্যু – স্মৃতি ৰখীয়াবোৰ যিদিনা ঢুকাব
তৃতীয় মৃত্যু – মহানাশৰ এটা দুঃস্বপ্ন
আৰু জানো মৃত্যুৰ অন্য এক ৰূপ
নিজে য’ত চলমান শৱ
সময়ৰ দামেৰে গঢ়া লক্ষ্য য’ত তুৰুপৰ তাচ
তাত নিষ্ফল আকাংক্ষাৰ স’তে বহু মৃত্যুৰ সম্পৰ্ক
চেতনাৰ বাটে বাটে মৃত্যু-জন্ম, আকৌ মৃত্যু আকৌ জন্ম ........
এনে বহু মৃত্যুৰ মণি গাঁঠি দিন-ৰাতি
টানি আছোঁ জীৱনৰ ৰথ
তামোলৰ ঢকুৱাৰ গাড়ী টনা শৈশৱৰ খেলটোৰ দৰে
তথাপিতো ........ তথাপিতো .........
মৃত্যুঞ্জয়-বাসনাৰ হ’ব পাৰে এনে এটা বাট—
যদি পাৰি নিৰ্বাসন দিব শৱ হোৱাৰ ভয়
যদি দিব পাৰি মৃত্যুকো সমান আসন
আহাৰ, নিদ্ৰা আৰু মৈথুনৰ দৰে
বাসনাত এৰাল লগাই চমুৱাব পাৰি যদি
লাগ বোলা পথাৰৰ ঘেৰ
এচলু পানীত যদি বন্দী হয় লোভৰ সমুদ্ৰ
পৰিতৃপ্ত জীবন-যৌৱন – আৰু লোভ নাই
মৃত্যু হ’ব পাৰে আচলৰ ধন
অনাসক্তিৰ বঁকিয়াৰে মৃত্যুভয় গৈ
লৈ আহে সহজ সান্নিধ্য — মৃত্যুক জয়

[ ২৩ ]

বাঁহী

অচিন অজান নিজান নিজৰ যেন
কাৰ বাঁহীত ব্যাকৰণহীন সুৰ
ওমলালি নিচুকালি
দেও পৰা এজাক বতাহ

দুখৰ শাকনিত ছাঁ
সুহুৰি মৰা ওঁঠত ঘা
বুকুত এমুঠন ডেমডেউকা
দেখুৱালি বাঁহতলৰ সুৰংগৰে
বেলি উঠাৰ বাট

জীৱন আকাশ-শূন্য এটা বন্ধ ঘৰ
অগণন ভাবেৰে উশাহ জঠৰ
বৰ কষ্টকৰ দুভৰিত দেহটোৰ ভৰ

সময়ৰ কঠিন কপাট
হলাহল ইফাল সিফাল
ফাল ফাল কলিজাত নিমখ নিমখ

তোমাৰ কণ্ঠ নে নিজৰ মাজতে শুনিলোঁ
এনুৱা বাঁহীৰ মাত

কপাট খহিল ঘৰটো ভাঙিল
সমুখত বিশাল পথাৰ

সুৰত মুকলি পকাধানৰ বাট
গৈ গৈ ভোগালীৰ চৰু-বাতি চুই
ফুমাৰি নুমাই কলিজা পোৰা জুই
শিতানত নিচুকনি-গীত

[ ২৪ ]

অস্তিত্বৰ আলাপ

What we call the beginning is often the end
And to make an end is to make a beginning
The end is where we start from

T. S. Eliot

: গৈ থকাটোৱেই জগত
: ক'লৈ?
: মৃত্যুলৈ। শিল্প মাটি হয়, হাড় হয় সাৰ
পৃথিবীও ঢুকাব এদিন। অবিনাশী স্তম্ভৰ ফুটাৰে
আকৌ বাজে বা নাবাজে জীৱনব বাঁহী!
: পৃথিবীৰ বয়স কিমান?
: আঘাত আৰু নিগনি-চঞ্চল জীৱনৰ পদাঘাতত উদাসীন
পৃথিবীৰ বয়স বহুজনে অনুমান কৰে
চাৰিহাজাৰ ছশ নিযুত বছৰ আৰু কিজানিবা
পাৰ হ’ব বহু নিযুতৰ অংকৰে আন্ধাৰ পোহৰৰ
বয়স তোমাৰ?
: আজি চুলে ৰূপালী জয়ন্তী
বুকুত কাঁটল-ফুটা প্ৰেম
: অৰ্থহীন, অসমৰ্থ আঙুলিৰে লেখা বালিৰ কবিতা
কিমান গণনা—
জীৱনব প্ৰথম স্পন্দন
মানুহৰ শব্দৰ ভাষাৰ বুদ্ধত্ব আৰু হাঁহাঁকাৰৰ.......
সুৰা আৰু সুহুৰিৰে ওফন্দি উঠিছা
আজি তোমাৰ জন্মদিন
পৃথিবীও ঢুকাব এদিন
: আৰু কিমান দিন?
: হয়তো পৃথিবীয়ে জানে নিজৰ আয়ুস
অথবা কালিলৈকে হ’ব পৰা এখন যুদ্ধই
গণি আছে পৃথিবীৰ দিন

[ ২৫ ]

: তথাপিতো তুমি আছা মই আছোঁ
কবিতাৰ ৰাগি আছে বাকী আছে
ধাতুক সোণ কৰাৰ হাজাৰ সপোন
: আয়ুস তোমাৰ?
: অনাহাৰীৰ দেশত জনম
খুব বেছি পইষষ্ঠি অথবা তাতোকৈয়ো কম
: নিযুতেৰে ঘেৰা অনন্ত প্ৰৱাহক
তোমাৰ আয়ুসেৰে ভাগ কৰিব লোৱা
জীৱনৰ দাস.......
: অদ্ভুত অংক
ক’ত সেই নিৰ্বিকাৰ স্তম্ভ
স্তব্ধ ঘড়ীৰ কাঁটা
শৈশৱত চলোৱা টায়াৰটোৰ দৰে মগজুত ঘূৰ্ণি
তথাপি কাণত বাজে প্ৰায়
সাত শ কোটি হৃৎপিণ্ডৰ নিশব্দ কোৰাচ
তাৰে এটি নৈশব্দত মোৰ কলিজাৰ স্বৰ
: মেলাচোন হাতৰ তলুৱা
তাতে বৃত্ত এটি আঁকা
সাত শ কোটি বিন্দু আঁকি
নিজৰ বিন্দুটি আবিষ্কাৰ কৰা
: অদ্ভূত জ্যামিতি
অদ্ভুত অংক
সীমাহীন শূন্যতা
আন্ধাৰ সুৰংগ
সমুখত
এক কৃষ্ণ গহ্বৰ.........

[ ২৬ ]

শৰাইঘাট

ঘাট জিনিলেই সুগম নহয় বাট, আৰু কথা থাকে
সিঁচিলেই সজাল নধৰে আহু, বিন্ধনাৰে ফণিয়াব লাগে

মাটিৰ শৰাইঘাট জাতিৰ শৰাইঘাট
তাৰ পৰা একা-বেঁকা দীঘলীয়া বাট
বাটৰ মাজত বহু বাট
বাটে বাটে শৰাইঘাট
পৰুৱাই পাই হেৰুৱায় বাট-ঘাট

প্ৰাণত গানত সাজত লাজত
নাচত লাসত প্ৰেমত ভেমত
কোনে আহি মাৰি লৈছে ৰাজ

দেহ আছে আনৰিয়া দেহ
সাহ আছে বাঁহ আছে
ধান আছে মান আছে
নৈ আছে নাও আছে

তথাপিতো তথাপিতো ........
আত্মকেন্দ্ৰিকতাৰ কুঠৰীত লেটা কুন্দাওঁ
উজোৱাৰ আলস্য, ভটিয়নীত মেলি দিওঁ নাও

হাত আজি আলসূৱা হাত
কাম আছে ঘাম নাই,
স্বপ্ন মাথো অনায়াস গ্ৰহণৰ অনন্ত বাসনা
সেনা আছে, যেন চৰণীয়া গৰুৰ চৌপাশে বগলিৰ জাক

বাটে বাটে শৰাইঘাট ..........

[ ২৭ ]

কোলা

বুজাৰ আগেয়ে খচকি পেলালোঁ
মহতী কোলা

এতিয়া ক’ত থওঁ শিৰ

নিৰন্ন ঘুমটি এটা ভাৰ বৈ
ঠিয়ৈ ঠিয়ৈ উখহিছে আঁঠু

ক'ত শোওঁ

শব্দত চেতনা সীয়া কাঁইট
স্তব্ধতাতো ইমান গৰ্জন

বিচাবি ফুৰিছোঁ কোলা
আৰু এটি নিচুকনি গীত

‘সোণৰ পালেঙতে অ’ মনে তৰা ..........’

[ ২৮ ]

গুৱলা-সাপ

দামুৰি বান্ধি গাখীৰ সাঁচিলোঁ
এমা-ডিমাৰ খৰিকা যেন হাত
আঁউসীৰ ৰাতি দুভৰি ছাটি
শুহি খায় গ’ল গুৱলা-সাপ

চোহোঙা ওহাৰ চুহি চুহি
লঘোনীয়া দেহা বেঁত-মেলা

পাৰিনে ধৰিব মাটিৰ চাকিয়ে গোহালি ৰখি
গুৱলা-সাপ দুমুখীয়া

খায় থকা, চাই থকা
অমৃত আৰু বিষৰ লহলহ জিভা

পিটনি বাঢ়িছে, বাঢ়িছে সাপৰ চোং
চকুৱে চকুৱে সাপৰ ঠেং
শৰীৰে শৰীৰে গুৱলা-সাপৰ জ্বৰ

গাতে বনকৰা চোলা
জোকাৰিছে হাত অভয় মুদ্ৰা
সেন অমৃত-স্পৰ্শী ফণা
আন হাতত বিষবন্যা

সাৰে আছনে, শুই পৰিছ
কি পাম বুলি মাটিকে বেচিছ

ঘামৰ ভাতমুঠি ভাল
নেবেচিবি গাইজনী গৰুহাল
বেচিবলৈ নিদিবি আইজনীৰ কন্যাকাল

[ ২৯ ]

দুখৰ পথাৰ চকুলোৰে এনেয়ে সাৰুৱা

কোনো ঠিক নাই
দুখনকৈ মুখ
চুমাত আগুৱাই আনিছা কোন মুখৰ ওঁঠ

হাতো নেমেলিবি .........
ক’ৰ মুদৈ ক’ৰ নাৱৰীয়া
চিনিব নোৱাৰি হাত - বিষধৰ ফণা

হাত নেমেলিবি এই
আজিৰ ৰাতি গোহালি ৰখীয়া মই

[ ৩০ ]

বয়স

হুৰাই দিলি কিয়
কাছুটি নিপিন্ধা ছোৱালীজনীৰ কণ্ঠ
বৰতমণি - মাত

শালিকি দেও দিয়া ভৰিহালক দেখুৱালি
জুখি-লেখি খোজ দিয়া বাট

ক’ত হেৰাল স্তনত থোৱা গাখীৰ-দাঁত
ছিঙি নিলি কত চুম্বন আৰু উমাল স্পৰ্শ
মেলি দিলি পাপ মাথো অপৰাধ

বুকুত গজালি কিয় ভৰুণ পথাৰ
বালিমাহীৰ পাখিত নামি অহা আঘোণৰ দৰে

হেৰুৱালোঁ পকমৌ ছিঙা হাত
ঘিলা খেলা ভৰি
গৰখীয়া সন্ধ্যাৰ উকি
বুঢ়া-ডাঙৰীয়াৰ ভয়
টাং-গুটিৰ বাবে ধূলিত দবৰা-দৰবি

কিয় শিকালি
ফলি ভঙা ভয়ত কঁপি থকা ল’ৰাটোক
দায়িত্বৰ অগণন পাঠ

ৰুদ্ধ কৰিলি কিয়
নিজৰ পৰা নিজলৈ পলায়নৰ বাট

[ ৩২ ]

অ’মোৰ
বুকুৰ সূৰ্য

নাকটো ঘুৰাই ল’লে
সকলো বাটেই পোন
নাকটো ধুনীয়া হ’লে
পখিলাৰো নহয় অভাব

মেঘ-অব্‌তাৰ চুলিত তোমাৰ ঢৌ খেলা নৈ
কাষত উজনি-ভাটি মোৰ নাৱৰীয়া হেঁপাহ

অ’ মোৰ বুকুৰ সূৰ্য
ব্যাকৰণ নমনা গতি
অসময়ত উদয় অসময়ত অস্ত
নুশুনা সুৰেৰে কোনে বান্ধিছে
নেদেখা পথেৰে কোনে টানিছে
খেলি-মেলি
নিলিখা কবিতাৰ সকলো অৰ্থ ...........

[ ৩৩ ]

জুয়ে পোৰা
মাউত গাঁৱৰ নিশা

আন্ধাৰ হাতৰ সূৰ্য
জ্বলি উঠা গাঁও
তাৰ পাছে
সূৰ্য গ্ৰহণ অনন্ত

গোহালি পোৰাৰ গোন্ধ
তেলত ঠৰঙা এজাক হাঁহ

বৰছাৰ খোঁচ লৈ কঁপি থকা বুকু
ৰাতিৰ গহ্বৰ

জুইৰ সুৰংগত আছেনে সুদিন

সাজ পোৰা উদং শৰীৰ
ভাত পোৰা পেট
তেলে পোৰা পথাৰত
দুখৰ বীজ

কুটুম ঐ
কেল’ই শালিলি শেল

(৬ আগষ্ট ২০০৫ত বোমা বিধ্বস্ত
মাউত গাঁৱৰ দুখ সুঁৱৰি।)

[ ৩৪ ]

অকুশল জীৱনৰ
এচকল মালিতা

(কবি নীলমণি ফুকন দেৱৰ হাতত শ্ৰদ্ধাৰে)

বাই, ৰচক-পচককৈ ধান দাই
কাৰোবাৰ ভঁৰাল ভৰাই ক’লৈ আহি
চহৰৰ জপনাত চিকুটি ছিঙিলি নখ

তোৰ এখুদমান আশাৰ পথাৰত
জাকে জাকে টুনী, সনাহী- বনাহী
বিগ্ৰহক লাগে বলি

বলিতো নেলাগে পূজাতো নেলাগে
মুজুৰা দেহাৰে কিমান ফুৰিলি অলি-গলি
খোৰাকীৰ পদ্য আওৰাই খচকিলি বাটৰ কতযে ধূলি
গোৰোহাৰ সীৰলুত তেজৰ শুকান নৈ

আঙুলিত তোৰ কেই ঘৰৰ বন
খোজবোৰ খৰকৈ দিবি
পদূলিয়ে পদূলিয়ে বৈ থাকে এজাউৰি গালি

তোৰ চকুত ৰমলিয়াই আহে
চেৰাশালিত এৰি অহা আঁচলৰ ধন
কোনোৱে নেদেখে

ক’ত এৰি আহ ছালকে পোছাক কৰি
ৰ’দে ৰ’দে ফুৰা ফুকলীয়া ল’ৰা
কোনোৱে নোসোধে
আছে নেকি তোৰ অন্য কিবা নাম
কোনোৱে নাজানে

[ ৩৫ ]

দেখাই দেখে তোৰ নাঙঠ যৌৱন
বুকত তোৰ উদং হৈ আহে
পলিথিনৰ জুপুৰীৰ ভিতৰখন

মহঙা কেৰাচিন আন্ধাৰৰ চঁছালিত
উজাগৰ ৰাতি দেখনে সপোন –

ল’ৰাটোৰ হাতত ফলি-পুথি
টিন পাতৰ এখন চাল
তাতে জুনুকা পিন্ধা শিশুৰ দৰে এজাক বৰষুণ
নিৰ্বিঘ্ন ঘুমটিৰ এটি দীঘলীয়া ৰাতি .........

উৰুখা চালেৰে টিনৰ টেমাত
মেঘে গলায় তোৰ সাঁচতীয়া লোণ

ৰ’দলৈ সিও এটা বাট
আকাশত আন্ধাৰৰ সিপাৰে জুমি চাব পাৰি
জীৱনৰ জোন

[ ৩৬ ]

সাম্প্ৰতিক

বেলি উঠা দেশৰ মানুহ
আঁজুৰি নানিবা সূৰ্যাস্তৰ ৰং

আকাশ চকলা-চকল, পাহাৰ ফালি থোৱা আপেল
নৈ-নিজৰাত তেজ ধোৱা মাংস বুৰা দুখ

খনেখনে সৌৰমণ্ডল
আকৰ্ষণ-বিকৰ্ষণ- মহাকৰ্ষণ আৰু সংঘৰ্ষ
গ্ৰহৰ পৰা গ্ৰহলৈ সংক্ৰমণৰ জুই
পুৰি মৰে, নুমায় নিঃসংগ নক্ষত্ৰ

সকলোৰে নিজা নিজা বাট, সেয়ে বাটকেঁৰা লাগে

ইমান ভেদ! পানী আৰু ৰঙৰ, দলং অকে খুটাৰ
কণ্ঠ আৰু গানৰ, দেহ আৰু প্ৰাণৰ জানো ভেদ থাকে?

আইৰ গৰ্ভৰ ভাষা নুশুনে দেউতাই বাট দেখুওৱা শিশু

জীৱনৰ সন্ধানত মৃত্যুলৈ হাত
কি নাম থওঁ যাতনাৰ পাছত যাতনাৰ
আদিম অথবা খিলঞ্জীয়া
কুটুম বুলিলে লাজ পাওঁ,
পীৰাত বহি কুঠাৰ মৰা মজিয়া

ঘৰবোৰ ছাই, মানুহ কেতিয়াবা পঠা কেতিয়াবা কচাই
এনে হোৱাৰ কথা নাছিল, কিহৰ পৰা কি হ’ল

মনবোৰ আউল লগা তাঁত
বঢ়াই দিয়া চোন শিপিনী দুহাত

[ ৩৭ ]

লাংচিং

হাতীত উঠি পানীৰাম ঘৰলৈ যায় ..........

অৰণ্য ভঙা পাহাৰ খহোৱা দেহ বহতীয়া
এমুধি শিকাৰু শব্দ হাতীৰো মাউতৰো

অংকুশ দুডাল – দৃশ্যমান আৰু এডাল অদৃশ্য

বৰষুণ-গৰ্জন- বতাহ
জোক-চেৰেপা-মহ-ডাঁহ
উঠা-বহা বোজা বোৱা, প্ৰাণে মৰা খেল

পৰজা ঐ জৰৌৰোৱা
লাংচিঙৰ বাঁকোহে দোঁৱাই ধৰা

শোভন অলংকাৰ পিন্ধি শোভাযাত্ৰা
শিলগুটি লেখা খোজ

ভাৰ ব-ভাৰ ব ৰজা উঠা হাওদা
মন্ত্ৰী উঠা হাওদা, সেনা নিয়া হাওদা

এবেলা পাহাৰ যেন ঘাঁহ এপ্ৰহৰ ঘুমটি
লাংচিঙে নিয়ন্ত্ৰণ কৰে ৰক্ত প্ৰৱাহ

কিমান কৰুণ শোভাযাত্ৰাৰ হাতীৰ দুচকু
ভাৰাতীয়া সমদলত শাৰী পাতি তুমি আৰু মই
সেয়াচোন আমাৰেই চকু

[ ৩৮ ]

আঘোণৰ কবিতা

ৰুণ্‌-জুন লখিমী
গুণ-গুণ ওঁঠ
পেটৰ গামোচা কান্ধলৈ উঠিছে
পথাৰত ৰবাব টেঙাৰ গোন্ধ

চাদৰখন কাষত থৈ
বুকুৰ বুটাম খুলি শুই আছে নৈ
যেন জামু খোৱা ল’ৰাটোৰ জিভা

পুৱাই পুৱাই
আঁঠুৱনীয়াত চাইকেল ঠেলি কুঁৱলী ফুঁৱাই
গুৱাল পাৰহৈ যায়

পাহৰোঁ ঘৰ ভঙা বান
সৰণৰ চালত ঘৰজেউতিৰ অন্য এক গান
গাইজনীৰ পোৱালিটোৰ নতুন এটা নাম
হেঁদালিত ভৰি উঠে এচলু দুচলুকৈ
একলহ আঘোণ

বালিমাহী
ফানেৰে টুকুৰিয়াই গলি চোতালৰ ধূলি
হোঁহকাই-পিচলাই থকা বিয়াৰ খবৰ
আঘোণতে মেলি দিলি ..........

[ ৪০ ]

নিমাত চৰাই

কিয় তই নিমাত চৰাই

বহু দিন গান গোৱা নাই
শুনা নাই ‘আমাৰে মইনা শুব .........’

প্ৰাণত ধৰেফৰায় টোপনি নহা ৰজাৰ হামি
হিম-শীতল স্তব্ধতা অভগন ৰাতি

ক’ত মোৰ ওঁঠ ক’ত কণ্ঠ
ক’ব পৰা নাই গাব পৰা নাই
এডিঙি ভয়
নিশাটোৰে চেপি আছে পুৱতী চৰাইৰ কণ্ঠ

ওঁঠ এখন দে, গান গোৱা ওঁঠ
গাব পৰা ওঁঠ
শিলবোৰক শুনাওঁ
পাহাৰবোধক নচুৱাওঁ
টোপনি আনিব পৰা টোপনি ভাঙিব পৰা গান

মাত চোন এবাৰ চৰাই
বৃন্দ-গানৰ প্ৰথমটো শব্দ
আৰম্ভ কৰোঁ এটাৰ পাছত এটাকৈ
বুকুৰ শব্দ সমদল
আত্মাৰ সংগোপন স্বৰ

পেপুৱা লগা কণ্ঠলৈ নমাওঁ অনন্য স্বৰ
আয়ুস উকলিছে ভীত-ত্ৰস্ত আজিৰ প্ৰহৰ
কণ্ঠ লাগে উদাত্ত
জীৱন মৰুত সংগীত সৰোবৰ

[ ৪১ ]

এখন নাট

অচিন মাটি অচিন ধাতুৰ
খোল আৰু তাল
অচিন গাঁৱৰ বাায়ন

বাঢ়ি আহিল আখৰা চোৱা ভিৰ
ভাও লোৱাৰ ভিৰ
আখৰাৰ ৰাতিবোৰত
ঘৰে ঘৰে নুমাল আখল
ভোজ খোৱাৰ ভিৰ

জলত দিয়া থলত দিয়া
প্ৰথম কলঠোকা গুৰুত দিয়া
পৰিচালকে যতনালে কচাইশাল
ছোঁ-ঘৰত নিতৌ ভোজ
লাহে লাহে উদং হাঁহ, ছাগলীৰ গঁৰাল

অভিনয়ৰ ৰাতি সূত্ৰধাৰৰ হাতত জৰী
আমাৰ ডিঙিত খোৰোচা
যুদ্ধৰ বাজনাত হাতে হাতে খোলা তৰোৱাল

মই কাটিলো পিতাইৰ কঁকাল
নাতিয়ে কাটিলে হাত
ইজনে আনজনৰ বুকুত অস্ত্ৰাঘাত

ৰংগশাল বলিশাল হ’ল
তেজত ধুলে সূত্ৰধাৰে হাত
হামিয়াই ক’লে
এই খনহে আচল নাট

[ ৪২ ]

ঘা

পোছাকত নুলুকায় ঘা
গোঁৱাৰ মাখিৰ ভুনভুন বা
গোন্ধহীন ভাবে পাৰেনে থাকিব
খৰিকাত দিয়া কলিজা এটা

সংগোপন কৰাৰ অনেক কৌশলেৰে গা ঢাকি ঘা ঢাকি
জগতৰ বিপণীত নিজকে সজাওঁ নিঘূণী সৈনিক

সামীপ্য-সাহচৰ্যত তুমি দেখা মুখ
ধুনতী বজাৰৰ ৰঙেৰে বৰ্ণিল
ওঁঠত পানী নসৰকা—বাক আখৈ ফুটা
সাধুবোৰ নতুন সাজেৰে সাজোঁ

ফুলকোঁৱৰ মণিকোঁৱৰ তেজিমলা ...........
পিন্ধি থাকোঁ ধৃতৰাষ্টৰ চোলা

বুকুত ঘা দগমগীয়া
তেজ-পুঁজ তল সোঁতৰ নৈ

বন্ধাই থওঁ
দুৰ্বল মথাউৰিৰ উঁহৰ দৰে
চকুলৈ নিজৰি ওলোৱা বাট

কিমান শৰাঘাত ভাৰ ব’ব লাগে
শব্দ অথবা মৌনতাৰ শূন্যতা অথবা পূৰ্ণতাৰ

পাহৰিবলৈ ঘাৰ যাতনা
অন্য এক দগমগীয়া ঘা
চুঁটখৰ লগোৱা বলধৰ দৰে .........

[ ৪৩ ]

গাঁৱৰ গজালি

অন্য বহুত থকাৰ মাজত
বহুতৰে পঢ়িবলৈ নাথাকে টেবুল

চঁছালিত মদৰুৱা খবৰ কাকত পাৰি
এঙেৰুৱা সভা চাকিৰে গধূলি
পাঠেকনী আইতাৰ সুৰতে আওৰালোঁ ধাৰাপাত

লঘোণ অথবা লোণ - তেল সিদ্ধ ভাত
তথাপি ওঁঠত ওলায় কেতেকীক সিয়াঁৰি দিয়া মাত

পিতাইৰ সৈতে ভগাই পিন্ধো হলৌ চোলা আঙুলি ঢকা
কল্‌ডিল আৰু চিয়াঁহীৰ আউল নলগা চেকা
সাপ্তাহিক বজাৰৰ বাৰত পাঠশালা খতি

এটা সপোন চোঁচোৰাই পিতাইৰ সৈতে পথাৰ
মৈ-লাড়ু খাওঁ মঘাই ফুটে ভৰি
খোৰাই খোৰাই পাঠশালা
চকুৰ পতাত ওলমি থাকে হেড-পণ্ডিতৰ বেত

মহাশয়ে বাব দিয়ে চাফাই মন্ত্ৰী
কামিজত লানি পতা শেঙুনৰ ধাৰ

আমতল পনিয়ল শেলুক চেঁচোৰ বকুল বগৰী
জীৱনৰ লেচেৰি গৰু-পলীয়া দিনৰ ভাগৰ
চুৰটৰ জুয়ে পোৰা কুমলীয়া ওঁঠ
অগা-ডেৱা ভৰি
গোঁফৰ বাসনাত নাঙলৰ মাটি
তল সোঁত-ওপৰ সোঁত জীৱন দুধাৰ

[ ৪৪ ]

নাজানিলোঁ জাৰৰ দিনত উদং দেহেৰে
পিতায়ে যোগাব পাৰে কেনেকৈ ইমান উত্তাপ
কিয় আইৰ হাঁহিলে কাজিলা সনা দাঁত
খৰিকা-দেহাত কেনেকৈ সহে পাঁচথৰীয়া ডাঙৰীৰ ভৰ
তেওঁলোকৰ চকুত নেদেখিলোঁ কোনো দিন
শৈশৱক বান্ধি-ছাটি সাজু কৰি তোলা ধন ঘটা যন্ত্ৰৰ সপোন

জানিছিলোঁ মাথো ৰ’দে-বৰষুণে চকুৰ ভাষাঃ
বহুত কিবা নাই, কুশলে থাক, বোপাই
আৰু তেওঁলোকে পথত পাতি থৈছিল নিচুকনি হাত

কাতিৰ ৰাতি কলমলনিত খৰমৰাই থাকোঁতে
ভোক-জাৰ ভোক-জ্বৰত কঁপনি ধৰোঁতে
বাঁহৰ মুঢ়াৰে সেকি হাত আৰু পেট
তেওঁলোকে কৈছিল –
দেহ কঁপিলেই শেষ
গছ বগাওঁতে তললৈ নাচাবি
পিছে ফলত হাত দি নিজে খাবি তললৈকো দিবি .............

আজি গাঁও এৰি পকী অৰণ্যত
নাগৰিক উত্তাপৰ নোদোকা শৰীৰ

হাতে দৈ মুখে দৈ
তেওঁ বোলে দৈ দৈ

লক্ষাধিক দুখৰ মুখৰ সৈতে প্ৰতিদিন মুখা-মুখি হৈ
কৰা নাই একো,
কবিতা লিখিছোঁ
কবি হোৱাৰ অভিজাত বাসনা কৰিছোঁ ............

[ ৪৫ ]

জখম

চাৰি আলিত ধোঁৱাই থকা এটা পুৱা
টায়াৰ-তামোল-কাকত পোৰাৰ উম
বিড়ি গোন্ধাই কফুৱা মাতে ভতুৱা খেদায়
ৰ’দলৈ বাট চাই আৰম্ভ হয় বহু দিনৰ মাজৰ এদিন

শ্ৰমহীন মধুমেহৰ ভৰিবোৰ পাৰ হৈ যায়
দেউতাক ধন্যবাদ দি ময়ো পাৰ হওঁ
কেতিয়াবা চাকৰিটো সোলোকাই চাওঁ—
খোৰাকীৰ উৎকণ্ঠাৰে বৈ থকা মুখবোৰৰ মাজত
দেখা পাওঁ নিজৰেই মুখ, ভয় খাওঁ অনাহাৰৰ চুবুৰীৰ পৰা
দেউতাই যাত্ৰা কৰা খোজবোৰ ভাবি

কিমান দেখিছোঁ ছিটিকাত পৰা চৰাইৰ চাৱনি
ফানতিহীন ভৰিত কঁৰাল মৰা জীৱনৰ দুখ
উৰুখা চালৰ সুৰংগৰ দৰে মৰহা মুখ
মৰম আৰু যাতনাই কঠিন কৰা আঙুলিৰে
শিলত কবিতা লেখা সিহঁত জীবন-পৰ্যটক

শেঙুননকা পোনাটো নিচুকাই পিয়াহ আঁজুৰি বাই
খৰাং বুক, ধূলিয়ৰি ওঁঠ, যাতনাৰ কোলা
জাপ খোলা দোকানলৈ আঙুলি টোঁৱাই
লাহে লাহে সৰু হৈ আহে এটা বিফল ৰাউচি

সিহঁতৰ চকু থাকে তোমাৰ চকুত – কিবা এটা কামৰ সন্ধান
নিৰ্মীয়মান স্বাচ্ছন্দ্যৰ সৌধ, চৌহদৰ দ-বাম
মলিয়ন মজিয়া এখন, এবোজা কাপোৰ ..............

লাহে লাহে ভাঁহি আহি খবৰটো ধম্‌কী হয়
বন্ধ..............বন্ধ..............বন্ধ..............

[ ৪৬ ]

মানুহবোৰক খবৰে হুৰায়
যেন ডলাঘটাত উৰি যোৱা বাও ধাননিৰ কাম চৰাই,
শূন্য চাৰি আলিত ভতুৱাৰ ৰাউচি
আসন্ন লঘোণৰ নিষ্ফল বিননি

বন্ধৰ অলস-আমেজত বহুতে যেতিয়া চকু জপায়
উদং হাতবোৰে অনাই-বনাই আপোন পাহৰাৰ বাট বিচাৰি যায়
পাৰি জানো পাহৰিব ভোক-জ্বৰৰ ল’ৰাটো
ছোৱালীজনীৰ ফটা ফ্ৰকটো
লঠঙা ডালত কদোবাহৰ দৰে মানুহজনীৰ পেটটো
চাউলৰ শূন্য টিনটো ..............

বেলি বুৰে, পূৰ হয় বন্ধৰ আমেজ-ঘুমটি
হেল’জেন পোহৰৰ পদ্যৰে জাকি মাৰি উঠে নগৰৰ হাট

বাকীৰ বাঢ়ি অহা অংকটোৰ পৰা পলাই পলাই
অনিবাৰ্য বাকীলৈ আগ বাঢ়ে হাত
ৰ’দে ফলা নাও যেন ওঁঠত সৰকি নাহে মাত
হাতত সৰি পৰে গালিৰ বৰষুণ এজাক

চৌম্বিক আকৰ্ষণে নিজৰ পৰা পলায়নৰ বাটটো
চমু কৰি আনে
লঘোণৰ ওকালিৰে গোন্ধায় পদূলি
কিমান তৃপ্তি, দুটুকুৰা মলঙা পাউৰুটী!

ৰাতিবোৰ দীঘল হৈ আহে
দোকানৰ বাকীৰ বহীত উঠা অংকটোৰ দৰে
ক্ষোভৰ উশাহৰোৰ ঘন হৈ আহে ..............
আন্ধাৰবোৰ চাই উজাগৰ আত্মাই নিশব্দে চিঞৰে –

বন্ধবোৰ বন্ধ হওক ..............

[ ৪৭ ]

সাধনী

সোণগিৰিত মৰা টিপাই শিপালে
সোৱনশিৰি দিচাঙৰ পাৰ
ৰূপে কি কৰে, কুবেৰকো মেৰাই ধৰে
জৰায়ুত বীৰ, জোলোঙাত ঢাল- তৰোৱাল, সোণৰ মেকুৰী
গিৰি জিনি হাবি ভাঙি ভাঙি
বহলাই পাতিলে বেলি উঠা চোতাল
দেও লাগিলে মনিষে মানিলে
পোহৰৰো নহ'ল আকাল
একাল দুকাল কেইবা কাল
ৰঙা ফোঁট তেজ লগা দা
কেঁচাইখাঁতী গোসাঁনী মোৰ বুলি লোৱা
ৰণত নমৰে পয়মাল
বগা ভাতত কাউৰীৰ নহয় আকাল
সখি পতা দিনত সিন্ধুক্ষেত্ৰত শৱ-দিয়া
‘কেৰকেটুবা মা-লি পকা তামোল খা-লি ..............’
সাধনীৰে বিয়া
ধান নুখুজিবি চাউল নুখুজিবি
কইনা ৰজাঘৰীয়া দৰা কেৰকেটুৱা মৰা
নিতাইৰ পৰা অনীতিৰ বাটেৰে
চকুলো সৰি সৰি পাহাৰত পুখুৰী হ'ল
সাধনী তল গ’ল
বাৰিষা বিনায় পৰ্বতৰ ঢেঁকীয়া
শেলুৱৈ শিলত খাঁজ কটা সাধনীৰ ৰিহা
দেওঘৰৰ পদূলিত শিল
তলত লাওখোলা
গচকি খচকি সৰ্গদেউৰ অহা-যোৱা
দেও গ’ল সৰগো গ’ল
কাৰ কাৰ চাউলকঠা
মুকলি হল?

[ ৪৮ ]

অজান্তি

সহযাত্ৰীৰ সাজ
গায়ে-মূৰে লেপি লোৱা এমোকোৰা বিশ্বাস

নাওখন বুৰিলে বঢ়াবানে হাত
তলিখন ফুটিলে ৰোধিবানে বাট
আন্ধাৰ নামিলে গঁতিয়াই দিবানে
ওপঙি থাকিলে কাঢ়ি নিবা কাঠ

তোমাৰ অচিন বুকুত মণিব নোৱাৰি
অতল সমুদ্ৰৰ মাছ
হঠাৎ গৰ্জন, ফিচাই মাৰে চিটিকনি

আছেনে কোনোবা গুপুত ফুলনি স্বপ্নৰ ফুল ৰুই
অথবা মৰা আকাশ কত শ্মশানৰ জুই
নজনাকৈয়ে কাষত বহিছোঁ অভ্যাসত কুশল সুধিছোঁ
মহানগৰীৰ বাছ

নজনাখিনি সঁচা
জনাখিনি বৃহৎ বিজ্ঞাপন
চলনাৰ চিত্ৰহাৰ

ঢাপৰ ঘৰত বাহ সাজিছ অচিন চৰাই
পোৱালি তুলি উৰি যাৱ
চিনাকিয়েই নাই

[ ৪৯ ]

নগৰৰ দুহাতত

নগৰৰ এখন হাতত
স্বাগতম অথবা আদৰণি
আন এখনত ধন্যবাদ

আতিথ্যৰ কণ্ঠেৰে নগৰে নকয়
ইয়াতেই থাক

আত্মজৰো গড়গঞা মিতিৰৰ ভাও ..............
আতৌ-পুতৌ সপোন সামৰি
ঘূৰি যাওঁ আকৌ আহোঁ-আকৌ ..............

[ ৫০ ]

দেহা হালে-জালে ভোকে

কি আছিলোঁ, কেনেকৈ আছোঁ নুসুধিবা
গাঁওখন নাই-মানুহবোৰ আছে কামিহাড় ৰ’দাই
ঋতুৱে ঋতুৱে নৈৰ জিভাই কলিজা চেলেকি যায়

দিনে দিনে বাঢ়ি আছে মাটি -পানীৰ আউল
পথাৰে নিদিয়া হ’ল চাউল
দেহা হালে-জালে ভোকে

আলিত চৰু, বালিত চৰু, কাণ ভঙা উদং চৰু
নদী আৰু নদীয়ালৰ সম্পৰ্ক লাহে লাহে
এচাৰি হেৰুৱাই বিননি জোৰা মইনা-আৰু এটা বৰ গৰু

ইয়াতে আছিল সেউজে- সবাহে ৰজন্‌জনাই গাঁও
থিয়ে পুতি ভলুকা থাউনি নাপাওঁ
টুলুং ভুটুং নাও ব’ঠা ভাঙে দুহাতেৰে বাওঁ

কোনোবাই মাতে ইয়ালৈ আহ, নৈয়ে ঠেলে গুচি যা
আপোন মৃতদেহ কান্ধত লৈ ক’লৈ যাওঁ মৰিশালি এৰি

পিতাইৰ পৰা মোৰ হাতলৈ মোনাটো ঢৌ-ছিটা ফটা
'জোনবাই এ’ বেজি এটি দিবা ...........
পাৰি জানো চিলাব ভোকৰ ওঁঠ

ভাত আহি গুচি যায় পাৰে পাৰে ভাতক ভাতে পায়
দেহা হালে-জালে ভোকে
তথাপি উজায় ফলি লোৱা ল’ৰাটোৰ স্বপ্ন
নাও বুৰে, ব’ঠা হেৰায়, সাকোৱা-আফলা-ডকা-চাকনৈয়াত
সাঁতুৰি নদীয়াল পাৰলৈ উজায়

[ ৫১ ]

প্ৰেমহীনতা

দিয়া-লোৱাৰ হাটত
জাতিবাঁহৰ আখিৰ দৰে প্ৰেম
চকুৰে মাতি ভৰিৰে আগচি ধৰে বাট
সোণমইনা,
তই কেঁচুৱা হৈয়েই থাক

ইয়াত শৰীৰ ফুলে
দেহে মলেমলায়
ৰাতি ফুলা ফুলৰ বাগিছাত সাপ
মন-ফুল ক’ত?

শৰীৰবোৰ তিতে দোকোল-টকা বান
বুকুবোৰ ইমান খৰাং

খৰাঙৰ ভাঙিবলৈ ভেম
পানীৰ বাবে খান্দিবি কিমান
শিলনিত নাদ

পশ্চিম আকাশৰ পৰা আহি আছে শেন
চোঁ মাৰি ফালে মন নিলীমাৰ সৰু-বৰ চিলা

জুম বন্ধা ভৰি গিৰিপ্-গাৰাপ্
জোতাৰ তলত হালধীয়া পাত

প্ৰেম যৌৱনৰ উজ্জ্বলতম হেঁপাহ
জীৱনৰ চৰম আপোন
অচিন তলুৱাত
নিজক নেহেৰুৱাবি সোণ

[ ৫২ ]

ঢাকনী

বহু পোছাকেৰে ঢাকিব নোৱাৰি হৃদয়ৰ ৰং
কামিজত নুলুকায় দেও লগা হাত

সাঁফৰৰ তলত সংগোপন চেতনাৰ অন্ধকাৰ পথ
অনুচ্চাৰিত শব্দৰ বন্ধ বাকচ
কিমান নিৰ্মাণ, কৌশল কিমান
মৌনতাৰ অহংকাৰ সঁচাৰ শিৰচ্ছেদ, মিছাৰ সোচ্চাৰ
ঢাকনীৰ তলত অচিন জীৱন বুকুত কৱচ

উজাৰি উলংগ বসন্ত চালি ধৰা ময়ুৰৰ দৰে
সেউজ মেখেলাত বুটা-বছা ফুল
নৈয়ে উভয়ে শুকান উপকূল বুকুৰ শিল
সাগৰে নুলুকুৱায় পাৰক যোগান ধৰে
বুকুৰ মাজৰ যতমানে ভুল

দুৰ্বলতা অক্ষমতা বাসনা অভিসন্ধি
ষড়যন্ত্ৰ লুকুৱাই ঢাকি ৰাখোঁ বুকু
‘মই’টোৰ গাত বিচিত্ৰ প্ৰলেপ ছাঁ-পোহৰৰ খেল

ক’ত লুকুৱাই থৈছা শাওণ মাহৰ নৈ
চাপৰিত এজাক খৰাং মানুহ
ফটা ওঁঠ ঢৌ উঠা হাত

তোমাৰ আছে চৌপাশে গড়, বন্ধ ঘৰ
সু-স্বাদু ব্যঞ্জনৰ গোন্ধত আমাৰ ঘ্ৰাণ জঠৰ
সোণৰ শিকলি ৰূপৰ পাণধোৱা
সৰ্গদেউ, ইমান গোপন তোমাৰ অভ্যন্তৰ!
শৰীৰত অভয় মুদ্ৰাৰে বোৱা অদৃশ্য চাদৰ
এক অভেদ্য ঢাকনী

[ ৫৩ ]

নাঙঠ আকাশ
ছাদহীন তপত মানুহ হাড়ে-ছালে লগা
হাড়ে হাড়ে ঘৰ্ষণ, চকুত বিদ্যুত
তথাপিতো ইমান আন্ধাৰ ..........
কোন মেঘত আছে সৌদামিনী
আন্ধাৰৰ কাল-ক্ষণ গণি

চকুৰ পতাৰে নোৱাৰি ঢাকিব
চিক্‌মিক্‌ সপোন অথবা বিষাদ-লোতক
মুঠি মাৰি নোৱাৰি ঢাকিব ধূম্ৰায়িত ছিগাৰেট
ছাই হোৱা কলিজাৰ কয়লা বিষাদ
পৃষ্ঠা ভৰা বিজ্ঞাপনে নোৱাৰে ঢাকিব
দীনতাৰ নাঙঠ সাঁথৰ

বুজিছোঁ ইমান
চহাই-মৈয়াই সৈমান কৰাটো টান
দ-বাম অথবা পৰ্বত-ভৈয়াম
মঙহেই নুবুজে মঙহৰ দান

এতিয়াও পাহৰা নাই শৈশৱৰ খেল
চকুত কাপোৰ বান্ধি টেকেলি ভঙা হাত

শেষ হ’ব আহাৰৰ ষাঁঠ
হাতত কটাৰী আছেনে
অৰণ্যত কঁঠাল পকা দুপৰ
গছোৱাইক মাত

[ ৫৫ ]

দূৰৈৰ মানুহ

বাগৰ সলালে তেওঁ অভ্যাসত গাত থয় হাত
চকুলোত ওঁঠ তিয়াই সুহুৰিত আঙুলি বুলাই
সেৱন কৰে দুখৰ নৈ সুখৰ বতাহ
খোজত খোজ, বাউসীত বাউসী
এহাল পত্নীৰ পৰিক্ৰমা - অৰণ্য আৰু পঁজা
এটা পথ, এখন দুৱাৰৰ এটা ঘৰ

বাহিৰত অগণন বাট
বাটৰ মাজত বহুত বাট- নেদেখা সুৰংগ
কথাৰ ভিতৰত বহুত কথা- নুশুনা দূৰত্ব
মুখৰ ভিতৰত বহুত মুখ
ধুনতী বজাৰৰ থেও ধৰা খোজ
আকাশৰ সিপাৰে আকাশ
উশাহে উশাহে চোৱে বুকুৱে বুকু
এটা পৰ্বত এখন সমুদ্ৰ
সম্বন্ধৰ পৃথিবী আধাৰ
জীৱন মাথো একাকীত্বৰ হাঁহাঁকাৰ

জীৱনৰ আস্থানত অনাহূত জীৱনৰে সহৱস্থান
অভ্যাসবশতঃ জীৱনক জোৰা দিয়া অসমৰ্থ গান

যাতনাৰ ৰক্তাভ কলিজা পোছাকেৰে লুকুৱাই
অসমৰ্থ প্ৰসবৰ গা-ভাৰী মন

দেহ আৰু ছাঁৰ সম্বন্ধ আওৰাই
পাৰস্পৰিক আত্মগাহনৰ দিব পৰা উপমা এটাই
ঠেঁহ পতা ল’ৰাটোৰ হাতত
দামী পেকিঙৰ নৰম মিঠাই

[ ৫৬ ]

কেঁকুৰি

মাজত এটা কেঁকুৰি
ৰাজপথত আমাৰ বন্ধু আছিলা
হাতেৰে সাৱতি লোৱা সকলো যাতনা
মুখত প্ৰেমৰ নৈ
দুখৰ গাৰুত মূৰ থৈ নেজাল তৰা লেখা দিন

মাজত এটা কেঁকুৰি, পুৰণি পথ ইতিহাস
পাৰ হৈ জয়াৰ হাবি
সলায় ল’ব পাৰি সকলো পোছাক
প্ৰতিশ্ৰুতিৰ শব্দ, মধুৰতম আলাপ
পাহৰিব পাৰি প্ৰিয় মানুহৰ ঠিকনা
গৰখীয়া দিন, স্কুলৰ সতীৰ্থ

মাজত এটা কেঁকুৰি
নমনি-নিচিনি প্ৰিয়তমা-মুখ সেন্দুৰৰ সূৰ্য
হোমৰ জুই মাথো জাৰণ বিক্ৰিয়া
নীলাভ পোহৰত কিমান বিবাহ
পল তাৰ পাঁচ-দহ-পোন্ধৰ মিনিট
উজাগৰ ৰাতিৰ মতলীয়া গোন্ধ

মাজত এটা কেঁকুৰি
হ’ব পাৰি বন্ধু ঠিকনাবিহীন
কাঢ়ি ল’ব পাৰি পৰিকল্পনা
মাটি যেন হৃদয়-মনৰ যৌক্তিকতা
ঘামে সজা সপোন নগৰী
হাতত দূৰন্ত ৰথৰ বাঘজৰী
চকাত পিষ্ট মঙহ-তেজ
খৰ গতিত চলে হেঁপাহৰ গাড়ী
পাৰ হ’লে এটা কেঁকুৰি

[ ৫৭ ]

বিস্ফোৰণ

জ্বলি উঠি নুমাল হঠাৎ
বুকুত খুন্দিয়াই এজাক চিঞৰে হবি নিলে মাত
তেজত বুৰিল এথোপা আঙুৰ
কাৰ বিয়াৰ গহনা-গাঁঠৰি
কোলাত কেঁচুৱাটো নাই
ৰাজ পথত মঙহে ধৰ্‌ফৰায়

কুকুহাই ঢাকিছে আকাশ জোন-তৰা-বেলি একোৱেই নাই

অ’ মোৰ গৰখীয়া লগ, পোহৰ ক’ত
ছাই-লেটি-পেটি চকু-কাণ কটা
কাৰ পলৰ চাবত পৰিছোঁ বন্ধকী-পুখুৰীৰ মাছ

নাম ৰখাত চাপৰি বজাইছোঁ
নাম নোহোৱাত অলপ বিনাইছোঁ
ভিক্ষা দিছে আঁজলি পাতিছোঁ
দেহেৰে বন্ধাইছে আলি
শুই পৰি আছোঁ
কামিহাড় ভাঙিছে, নাই চিঞৰা
নিলামত ডাকিছে, চকু মুদি আছোঁ
ভৰি কাটি নিছে বাগৰি ফুৰিছোঁ
সহনশীলতাৰ জোৰ?

আৰম্ভণিৰ শেষ থকাৰ দূৰে শেষৰ পৰা
অন্য এক আৰম্ভণি

সংগীত হৈ বাজি উঠা নাই
ভয়াৰ্ত প্ৰাণতো তাৰেই গুণ্‌গুণনি

[ ৫৮ ]

কবিতাৰ অসুখ

কবিতাৰ অসুখ
কোঠাত ভৰিছে প্ৰেমৰ টনিক
নোদোকা শৰীৰত কফুৱা বুকু
বুকুত পে্‌ছমেকাৰ
ধূসৰ দৃষ্টিত সপোন-ঢুল্‌ঢুলীয়া প্ৰেমিক-চকু
কুকুৰীকণাৰ সন্ধ্যা, ওলট-পালট ৰং
প্ৰাণত গান্ধী-পুতলাৰ চং
হিয়াজালীত প্ৰেমজ দুগ্ম-বিষাদ-ক্ষোভ

বগলি এ সবাহলৈ নগলি কিয় ...........
সবাহত প্ৰেমৰ পালনাম
জুয়ে পোৰা ঘৰ এৰি কেনেকৈ যাম

হাতে ৰং শিঙাত আত্মমগ্ন ৰাগ
খং শিঙা চুবলৈ নাই হাত
সুখৰ গাৱঁত শুই কেতিয়াবা দুখৰ বেসুৰা গান
খহিছে ভেঁটি উটুৱাই নিছে নাম এক দূৰন্ত বান

ময়ো নাজানো পিতায়ে জানিছিল আৰু জানে
বোজা বোৱা ফুকলীয়া ল’ৰাই
কিমান উৰুখিলে মজিয়াত হয় দুখৰ বান
কিমান লঘোণত পথাৰত ধান হয়
কিমান বঞ্চনাত প্ৰতিবাদ হয়
কিমান মৃত্যুত আঘাত হয় প্ৰতিঘাত হয়

কবিতাৰ অসুখ
বুকুত সহৃদয় মাটিৰ দুখ
প্ৰেমৰ টনিক খুৱাই কিমান পাহৰাবা
পৃথিৱীৰ ঠেকেচা খোৱা মুখ

[ ৫৯ ]

ভীতি

মাজে– মধ্যে পপীয়া তৰাৰে জ্বলে
প্ৰশান্ত আকাশ
ৰাউচি এটাৰো সকলোতে বাস

ক’তো দমন নহ’ল
নাশ অথবা সৰ্বনাশ

সময়ৰ অদেখা দেহত সময়ৰ চাবুকৰ কোব
জীবন-মৃত্যুৰ কমি আহে দূৰত্ব
কেনি পলাওঁ, পথে পথে উজুটিয়াওঁ ডিঙি কটা শৱ

ক্ষীণকায় সুঁতি এটা আছে
তোমাৰ পৰা মোলৈ মোৰ পৰা তোমালৈ
নাও বাই মাকো এটাৰ দৰে উজাওঁ-ভটিয়াওঁ
ব’ঠাত লাগি আহে তেজ

মৰুময় মানুহৰ কঠিন তৰ্জনী
কোন শোৱে, কোন বহে, কোনে দুহাত জুইত পোৰে
চাকি নুমাই খঙাল নিশাহ
আয়ুধক বুজাব নোৱাৰি সমুখত প্ৰাণময় নিৰ্দোষ মঙহ

ঘৰবোৰ নাই প্ৰেমবোৰো ছাই
বিশ্বাসৰ ঘৰ, শুকান কলিজা ধোৱা মনৰ নিয়ৰ
আহিছে শুকাই

বাট এৰি জীৱনৰ আছে জানো বাট
সেয়ে আমি মুখামুখি হ’লোঁ, তোমাৰ চকুতে মোৰ
চকু দুটা চালোঁ— ভীতিৰে শীতল
হাতত থ’লোঁ হাত — সীমাহীন ক্ষোভেৰে তপত .........

[ ৬০ ]

শৰৎ

কিমান শুকালে নৈ বন্ধু হয়
বালিভাতৰ নিমন্ত্ৰণ
গজলীয়াই উঠে ঝাঁও
পাখিৰে সৰণ ঠেলি
শেষ ৰাতিৰ কোৰাচ শৰালিৰ জাক
মুখত নিয়ৰ লৈ বিৰহী তপস্বিনী
শৰতৰ এমুটি জোনাক

ফৰিং উৰা সন্ধ্যা
কুঁৱলিত ঢৌ খেলা চুলিত তোমাৰ
বাট হেৰুৱাই মোৰ মৌন হেঁপাহ

প্ৰেম বুলিলে নৈ আৰু নাৱৰীয়া
মাটি আৰু গছ
আকাশত অঘৰী ডাৱৰৰ অংগৰাগ

বুকুত মোৰ শৰতৰ ঘাঁহ
তাতে তোমাৰ লিহিৰি আঙুলি
নখত নিয়ন্ত্ৰৰ টোপ টোপ

শৰতত কোনে দিলে জুই
বুকুত কদো এবাহ
শৈশৱ ত্ৰস্ত
যৌৱন বিধ্বস্ত

নিয়ৰত
নিচুকনি গীত

[ ৬১ ]

নাম

সকলোৱে থকাৰ দৰে মোৰো আছে
এটা নাম আৰু কিছু আভিধানিক অৰ্থ
মাৰিবলৈ নিন্দা-প্ৰশংসা আৰু কথাৰ ফৰ্মূটি
দিবলৈ কিছু অভিজ্ঞানৰ যন্ত্ৰণা
ৰ’দ-বতাই গ্ৰহণৰ বৈধতা

সন্ধ্যাতৰা
ৰাতিৰ আকাশত ফুলা, নাই দেখা
কোনেবা থ’লে তগৰ বকুল
খোজে পতি পথিকলৈ থৈ যায় হুল

নাম মানুহৰ সৈতে মিলে নে
মানুহ নামৰ সৈতে
অবান্তৰ জিজ্ঞাসা ৰাশিফলৰ নিৰৰ্থক খেল

নাম দিওঁ
উদ্ভাৱন-আবিষ্কাৰৰ প্ৰথম নাম
প্ৰতিটো দ্বীপৰ অস্তিত্বৰ নাম
সুখ-দুখ, ঘৃণা, যাতনাৰ নাম

নাম যেতিয়া অহংকাৰৰ আধাৰ
বিশেষণ অলংকাৰৰ চিক্‌মিকনি
জীৱন যেন সৰিয়হৰ ডুলিত ভূত

দৈনিক লৰা-ঢপৰা,অৰ্থৰ সন্ধান
অব্যৰ্থ পৰাজয়
গৈ গৈ ঠিকনা হেৰুৱায় নৈ

[ ৬২ ]

কলম

ওঁঠত আঙুলি থৈ তেওঁলোকে চাইছিল এদিন
সূৰ্যাস্তৰ ৰং আৰু মৃত্যু শীতল আন্ধাৰৰ ৰহস্যময় আঘাত
লাহে লাহে গজিছিল অবাক আত্মাত বোধৰ বীজ
আঙুলিত আছিলোঁ, শিল ডাঙিছিলোঁ, মাটি খান্দিছিলোঁ
মাটিৰ ভাঁজে ভাঁজে আভঁজা হাত

বিপনীতো মই স্বাধীনে থাকোঁ
আঙুলিৰ চেপাত ধাৰণ কৰোঁ উৎসাহ, অত্যুৎসাহ, বিষাদ
অঘৰী চিন্তা, সংলাপ-বিলাপ, আত্মাৰ আলোক- আন্ধাৰ
ভাবৰ সহিত তোমাৰ বন্ধুত্ব, ভাৰ বওঁ আবিষ্কাৰ
প্ৰেয়সীতকৈ প্ৰিয় হোৱাৰ মোৰো আছে অহংকাৰ
উকা কাগজৰ যাতনাত আত্মজাহী কবিৰ
ময়ে সাক্ষী শেষ হাঁহাঁকাৰ

নৈয়ে জানে, মোক ধাৰাল কৰা কিমানক স্বাধীনতা দিলোঁ
কত জনক জীয়াই থকাৰ অৰ্থ, অধিকাৰ
কত ভাঙিলোঁ নৰক গহ্বৰ, খুলিলোঁ স্বৰ্গৰ দুৱাৰ
অন্ধকাৰ সুৰংগত সুমুৱালোঁ ৰ’দ

মই নহওঁ মাথো জেপত আমদানিকৃত অলংকাৰ-বৈভৱ
মই কওঁ সকলোৱে কথা – অপ্ৰাপ্তি আৰু পূৰ্ণতাৰ
ঘৃণা অথবা বঞ্চনাৰ, ৰ’দ-খৰাঙৰ আৰু জৰৌৰৱা বাৰিষাৰ

মই তোমাৰ আত্মাৰ কণ্ঠ, ঘৃণাৰ চিৎকাৰ
সুখৰ সুহুৰি আৰু যন্ত্ৰণাৰ তেজাল মাত

মই চিনো ভোক, অভুক্ত পঁয়া লগা শিশুৰ মুখ
চিনি পাওঁ প্ৰাচুৰ্যৰ প্ৰাসাদত গৰ্বিত জোতাৰ শব্দ
কৌশলী হাতৰ মুঠিত কেঁকাই উঠা বঞ্চিতৰ তৰল বিষাদ

[ ৬৩ ]

মই জানো আৰামী অট্টালিকা ভাঙিবলৈ লাগে কেনে হাত

চিনি পাওঁ স্বাধীন হাতৰ আঙুলি কিমান পূৰঠ কিমান তপত
বুকুত লৈ ফুৰোঁ শিকলি চিঙাৰ অংগীকাৰ
স্বাধীনতা যাৰ আজন্ম সহচৰ

মই সেঁতু বিচ্ছিন্ন হৃদয়ৰ, প্ৰাচীন আৰু অবাৰ্চীনৰ
অসীম আৰু সীমাবদ্ধতাৰ, আন্ধাৰৰ পৰা পোহৰ-যাত্ৰাৰ
ভূগোলৰ সীমা ভাঙি উৰুৱাওঁ হেঁপাহ
মই ৰ’দ আনি দিয়া হাতৰ প্ৰোজ্জ্বল হাথিয়াৰ

শিতানত ক্ষোভৰ গাৰু লৈ শুই থাকোঁ নিবনুৱা যুৱকৰ সৈতে
স্বপ্নীল-প্ৰেমিকৰ হাত, বাৰুদ খামুচি ধৰা প্ৰচণ্ড মাংসল
বুকুত মোৰ হতাশাৰ উত্তৰ-দক্ষিণ
যেনেদৰে জানো মন্দিৰৰ দিন-ৰাতিৰ গীতা-পাঠ
তেনেদৰে জানো বেশ্যালয়ৰ কৰুণ-মৌন-বিষাদ

কবি আজন্ম প্ৰেমিক আৰু মই আলসুৱা প্ৰেমিকা
শিয়ৰি উঠিছোঁ ফাগুনৰ শীতল বতাহ
দাঁতৰ ফাঁকত বৈ কিমান জুমিছোঁ
ৰক্তাভ কলিজাৰ উৎসুক অনুৰাগ
হৰফ বিবৰ্ণ কৰা মমৰ টোপাল
ৰোদসী চকুৰ মেঘমল্লাৰ

কিমান যৌৱনৰ মই উতলা উশাহ
কিমান বোধৰ মই গলিত বতাহ
কিমান জ্ঞানৰ মই বিগলিত সত্য
কিমান সাধনাৰ সৃষ্টি অনিত্য

মই কেতিয়াবা ভাৰ ব’ব লাগে নিষিদ্ধ চেতনাৰ উলাহ
বাসনাৰ সংগোপন নৈ

[ ৬৪ ]

চাব লাগে সাজ খোলা লাজ
উলংগ ৰজনীৰ তৃপ্তি-অতৃপ্তি আৰু গোপন অভিসাৰ

যেতিয়া মোৰ ডিঙিত আন্ধাৰৰ হাত
চিয়াঁহীৰ সলনি বতিয়াওঁ তেজ
গোপন নৈৰ প্ৰচণ্ড বান হৈ কঢ়িয়াওঁ কৌশল,ইস্তাহাৰ
সাক্ষী হওঁ টকাৰ বান্দিল, ভুৱা বিল, পানীয় ..........
নিৰ্দোষীৰ ফাঁচিশাল, দুফাল ঘৰ, আইন জঠৰ
নিষিদ্ধ আহৰণৰ আদেশ, অগণন হত্যাৰ নিৰ্দেশ
ৰাজনীতিৰ মেজত অভিসন্ধি
কিমান লিখিছোঁ সৰ্বস্ব কাঢ়ি অনাৰ গুপুত ইলিজি

মই চিনি পাওঁ সেই আঙুলি
বুকুৰ তেজত বুৰাই লোৱা হাত
সংগোপন জ্বালামুখী, ভূ-কম্পনৰ তৰংগ লৈ
ঘূৰি আহিছে যি সৰ্বহাৰাৰ হাট

মোক ধাৰাল কৰা
স্বাধীনতা দিম
ক’বলৈ দিয়া-চিঞৰিম বঞ্চনাৰ গান
ঘূৰাই আনিম পেলনীয়া মানুহৰ দাম

মৃত্যু পৰোৱানা আৰু বিস্ফোৰণৰ নিৰ্দেশৰ সলনি
মোক লিখিবলৈ দিয়া কেতেকী ফুলৰ নাম

}}

[ বেটুপাতৰ শেষ পৃষ্ঠা ]

“ .....................
কবিতাৰ মূল বিষয় আমাৰ সমাজ জীৱনৰ বিভিন্ন সমস্যা। মানবীয় সংবেদনশীলতাৰে সমস্যা সমূহক কবিয়ে নিৰীক্ষণ কৰিছে। সামাজিক সমস্যাৰ লগতে কবিয়ে ব্যক্তিৰ মনৰ গহনতো অন্বেষণ কৰিছে। আত্মানুসন্ধান একাধিক কবিতাৰ বিষয়। তেওঁৰ কিছুসংখ্যক কবিতাত পৰিবেশ-পৰিস্থিতি বিবৰণমূলক যদিও চিন্তা-অনুভূতিৰ নিষ্ঠাই কবিতা সমূহক মনোগ্ৰাহী কৰিছে। শব্দৰ সাংগীতিক লয় আৰু অৰ্থব্যঞ্জনাৰ প্ৰতি কবি সচেতন।”

ড° আনন্দ বৰমুদৈ,গৰীয়সী, জুন,২০০৬।


“প্ৰাত্যহিক জীৱনৰ আশা-আকাংক্ষা, নৈসৰ্গিক বাতাবৰণৰ সাহচৰ্য প্ৰকাশে কবিতাবোৰক বেছ পাঠ্য উপযোগী কৰি তুলিছে। .......... গ্ৰাম্য জীৱনৰ আকূতিৰে কবিতাবোৰক কবিয়ে দীপ্তমান কৰিবলৈ যত্ন কৰাটো মন কৰিবলগীয়া। এই দিশত কবি সাৰ্থক হৈছে।”

অৰুণ মহন্ত, নন্দিনী, এপ্ৰিল, ২০০৬।


“ ....................
সূক্ষ্ম অন্তৰ্দৃষ্টি, নাটকীয় কথন, চিত্ৰকল্পৰ মৌলিকতা আৰু বুদ্ধিদীপ্ত নান্দনিকতাৰে ৰচনা কৰিছে তেওঁ কবিতা সমূহ।
................. কবি ৰাজীৱ বৰাই আধুনিক জীৱনৰ জটিল অভিজ্ঞতা প্ৰকাশৰ যোগেদি সামাজিক মূল্যবোধৰ দাৰুণ ৰূপটো দাঙি ধৰিছে।”

কুলধৰ ডেকা, দৈনিক অগ্ৰদূত, ২৭ জুন
২০০৫।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।