এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘা

পোছাকত নুলুকায় ঘা
গোঁৱাৰ মাখিৰ ভুনভুন বা
গোন্ধহীন ভাবে পাৰেনে থাকিব
খৰিকাত দিয়া কলিজা এটা

সংগোপন কৰাৰ অনেক কৌশলেৰে গা ঢাকি ঘা ঢাকি
জগতৰ বিপণীত নিজকে সজাওঁ নিঘূণী সৈনিক

সামীপ্য-সাহচৰ্যত তুমি দেখা মুখ
ধুনতী বজাৰৰ ৰঙেৰে বৰ্ণিল
ওঁঠত পানী নসৰকা—বাক আখৈ ফুটা
সাধুবোৰ নতুন সাজেৰে সাজোঁ

ফুলকোঁৱৰ মণিকোঁৱৰ তেজিমলা ...........
পিন্ধি থাকোঁ ধৃতৰাষ্টৰ চোলা

বুকুত ঘা দগমগীয়া
তেজ-পুঁজ তল সোঁতৰ নৈ

বন্ধাই থওঁ
দুৰ্বল মথাউৰিৰ উঁহৰ দৰে
চকুলৈ নিজৰি ওলোৱা বাট

কিমান শৰাঘাত ভাৰ ব’ব লাগে
শব্দ অথবা মৌনতাৰ শূন্যতা অথবা পূৰ্ণতাৰ

পাহৰিবলৈ ঘাৰ যাতনা
অন্য এক দগমগীয়া ঘা
চুঁটখৰ লগোৱা বলধৰ দৰে .........

৪২