এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিমাত চৰাই

কিয় তই নিমাত চৰাই

বহু দিন গান গোৱা নাই
শুনা নাই ‘আমাৰে মইনা শুব .........’

প্ৰাণত ধৰেফৰায় টোপনি নহা ৰজাৰ হামি
হিম-শীতল স্তব্ধতা অভগন ৰাতি

ক’ত মোৰ ওঁঠ ক’ত কণ্ঠ
ক’ব পৰা নাই গাব পৰা নাই
এডিঙি ভয়
নিশাটোৰে চেপি আছে পুৱতী চৰাইৰ কণ্ঠ

ওঁঠ এখন দে, গান গোৱা ওঁঠ
গাব পৰা ওঁঠ
শিলবোৰক শুনাওঁ
পাহাৰবোধক নচুৱাওঁ
টোপনি আনিব পৰা টোপনি ভাঙিব পৰা গান

মাত চোন এবাৰ চৰাই
বৃন্দ-গানৰ প্ৰথমটো শব্দ
আৰম্ভ কৰোঁ এটাৰ পাছত এটাকৈ
বুকুৰ শব্দ সমদল
আত্মাৰ সংগোপন স্বৰ

পেপুৱা লগা কণ্ঠলৈ নমাওঁ অনন্য স্বৰ
আয়ুস উকলিছে ভীত-ত্ৰস্ত আজিৰ প্ৰহৰ
কণ্ঠ লাগে উদাত্ত
জীৱন মৰুত সংগীত সৰোবৰ

৪০