এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দূৰৈৰ মানুহ

বাগৰ সলালে তেওঁ অভ্যাসত গাত থয় হাত
চকুলোত ওঁঠ তিয়াই সুহুৰিত আঙুলি বুলাই
সেৱন কৰে দুখৰ নৈ সুখৰ বতাহ
খোজত খোজ, বাউসীত বাউসী
এহাল পত্নীৰ পৰিক্ৰমা - অৰণ্য আৰু পঁজা
এটা পথ, এখন দুৱাৰৰ এটা ঘৰ

বাহিৰত অগণন বাট
বাটৰ মাজত বহুত বাট- নেদেখা সুৰংগ
কথাৰ ভিতৰত বহুত কথা- নুশুনা দূৰত্ব
মুখৰ ভিতৰত বহুত মুখ
ধুনতী বজাৰৰ থেও ধৰা খোজ
আকাশৰ সিপাৰে আকাশ
উশাহে উশাহে চোৱে বুকুৱে বুকু
এটা পৰ্বত এখন সমুদ্ৰ
সম্বন্ধৰ পৃথিবী আধাৰ
জীৱন মাথো একাকীত্বৰ হাঁহাঁকাৰ

জীৱনৰ আস্থানত অনাহূত জীৱনৰে সহৱস্থান
অভ্যাসবশতঃ জীৱনক জোৰা দিয়া অসমৰ্থ গান

যাতনাৰ ৰক্তাভ কলিজা পোছাকেৰে লুকুৱাই
অসমৰ্থ প্ৰসবৰ গা-ভাৰী মন

দেহ আৰু ছাঁৰ সম্বন্ধ আওৰাই
পাৰস্পৰিক আত্মগাহনৰ দিব পৰা উপমা এটাই
ঠেঁহ পতা ল’ৰাটোৰ হাতত
দামী পেকিঙৰ নৰম মিঠাই

৫৫