এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অকুশল জীৱনৰ
এচকল মালিতা

(কবি নীলমণি ফুকন দেৱৰ হাতত শ্ৰদ্ধাৰে)

বাই, ৰচক-পচককৈ ধান দাই
কাৰোবাৰ ভঁৰাল ভৰাই ক’লৈ আহি
চহৰৰ জপনাত চিকুটি ছিঙিলি নখ

তোৰ এখুদমান আশাৰ পথাৰত
জাকে জাকে টুনী, সনাহী- বনাহী
বিগ্ৰহক লাগে বলি

বলিতো নেলাগে পূজাতো নেলাগে
মুজুৰা দেহাৰে কিমান ফুৰিলি অলি-গলি
খোৰাকীৰ পদ্য আওৰাই খচকিলি বাটৰ কতযে ধূলি
গোৰোহাৰ সীৰলুত তেজৰ শুকান নৈ

আঙুলিত তোৰ কেই ঘৰৰ বন
খোজবোৰ খৰকৈ দিবি
পদূলিয়ে পদূলিয়ে বৈ থাকে এজাউৰি গালি

তোৰ চকুত ৰমলিয়াই আহে
চেৰাশালিত এৰি অহা আঁচলৰ ধন
কোনোৱে নেদেখে

ক’ত এৰি আহ ছালকে পোছাক কৰি
ৰ’দে ৰ’দে ফুৰা ফুকলীয়া ল’ৰা
কোনোৱে নোসোধে
আছে নেকি তোৰ অন্য কিবা নাম
কোনোৱে নাজানে

৩৪