জয়মতী/প্ৰথম অঙ্ক
মন্ত্ৰণা-চৰা।
(ৰজা আৰু বুঢ়াগোহাঞি ডাঙ্গৰীয়া)ডাঙ্গৰীয়া।— স্বৰ্গদেৱ!
নোৱাৰিলোঁ নিৰাপদ কৰিব আমাক;—
আজিও জীৱিত এক আপদ প্ৰধান।
—নিশঙ্ক নহল সিংহাসন।
ৰজা।— কিবা কোৱাঁ!
আছে আৰু, ডাঙৰীয়া, কালশত্ৰু মোৰ?—
তুমি মোৰ পৰম বান্ধৱ; কৰাঁ ভাবি,
যিবা ভাল বন্ধুজন মঙ্গল কাৰণ;
—বিঘিনি নাশক তুমি মোৰ।
বু: গো:।— কৰা নাই ক্ৰটী লেশ; নকৰোঁ কাচিত।
কতনা কোঁৱৰ বধ হল আশঙ্কাত,
অঙ্গক্ষত কত জন কৰালোঁ গুপুতে,
তৱ মঙ্গল কাৰণ
ৰজা।—জানো সমুদায়।
জানি তৱ হিতচিন্তা হিত অৰ্থে মোৰ,
কৃতজ্ঞ অন্তৰে নিতে লওঁ তৱ গুণ।
কিন্তু মন্ত্ৰি! কিহেতু চিন্তিত?—চিন্তাযুত
দেখিলে তোমাক, চিন্তা-ভয় বাঢ়ে মোৰ।
জানা তো পূৰ্ব্বৰ কথা,—জানি ভাগ্য হাঁয়,
পূৰ্ব্বৰজাসকলৰ,—অকাল বিনাশ,—
নেসাহিল প্ৰাণে মোৰ ৰাজ্য লাভলই।
নাছিল সমূলি সিংহাসন বাঞ্ছা মোৰ।
অবাবত প্ৰাণ দিয়া অতি অসহন;—
সহেঁ তেও, হয় যদি দেশৰ কল্যাণ।
তোমাৰ কথাত মাথোঁ পতিয়ন গই,
উঠিলোঁহি কাৰেঙত; —কুক্ষণত হঁয়,
লভিছিলোঁ আপদীয়া ৰাজপাট এই!—
পিচে, ঘূৰি চিন্তা কিয়? কিবা অমঙ্গল
দেখিছাঁ আগত তুমি? আপদ প্ৰধান
বোলোঁ কাক? কোন সিটো প্ৰাণবৈৰী মোৰ?
বু: গো:।— নহয় সামান্য নৰ। নোৱাৰে চাপিব
সাধাৰণে কাষ তাৰ।
ৰজা।—কিয় মন্ত্ৰীবৰ?
বু: গো:।—মহা বাহুবলী তেওঁ, লাঙ্গি-গদাপাণি।
গোবৰ ৰজাৰ সুত, ফৈদ তুঙ্গ্ খুঙ্গ্।
অঙ্গক্ষত কৰা তাৰ নহয় সম্ভৱ
গুপ্তচৰ হতুৱাই।
ৰজাক।— কি হব উপায়!
বু: গো:।— উপায় চিন্তিব লাগে।
স্বৰ্গদেৱ, নহবাঁ অধীৰ; আছোঁমানে
সহায় তোমাৰ,—ৰাখিম প্ৰতিজ্ঞা মোৰ।
চাওঁ বাৰু, কি পাৰোঁ কৰিব যুক্তি-বুদ্ধি।
—নহবাঁ বিমোৰ অতি।
ৰজা।—বাৰু, ডাঙ্গৰীয়া!
প্ৰাণৰক্ষা মোৰ মাথোঁ, ৰাখিবাঁ মানত।
বু: গো:।—অৱশ্যে ৰাখিম। তাৰেহে ব্যৱস্থা হেতু
যাওঁ এবে, কৰোগই সম্ভৱ যি হয়।
(ডাঙ্গৰীয়াৰ প্ৰস্থান)
ৰজা— (আপোনাআপুনি) গদাপাণি!
ভীষণ ই নাম! শুনি মোৰ কঁপে হিয়া।
কান্দিছে অন্তৰে হাঁয়, কি জানো কি জানি!
পৰিছে মনত আজি তাহানিতে দেখা,
বীৰবাহু গদাপাণি ধেমালি-যুঁজত;—
প্ৰকাণ্ড পুৰুষ আৰু “ভীম গদাধাৰী,
অকলে শকত সিটো শত জনলই!
অঙ্গক্ষতে নিৰাপদ নকৰিব মোক;
নবধিলে গদাপাণি নুগুচে অপায়।
আৰু এক ঈৰ্ষানলে দহিছে অন্তৰ;—
জয়মতী পত্নীলাভ তাৰ! হিয়া উদঙ্গাই
সঁপিছিলোঁ যাক ভালপোৱা। যাৰ হস্তে
আজি সৰ্ব্বস্ব সঁপিব পাৰোঁ;—পাৰোঁ দিব
অকাতৰে সিংহাসন এৰি! কিন্তু হাঁয়,
নুপূৰিল প্ৰেম-আশা, নাই প্ৰতিদান;
ঘিণ কৰি নিলগালে মোক! নিলগালে
যাচি দিয়া প্ৰেম মোৰ! অযাচিতে পালে
কিন্তু, সেই ভালপোৱা, গদাপাণি বীৰে।
সেই গদাপাণি! প্ৰেমত বিঘিনি মোৰ!—
যাৰ নামে ঈৰ্ষানল জ্বলি উঠে ঘনে!—
লম তাৰ প্ৰতিশোধ; লম এইবাৰ;
লই তাৰ প্ৰাণ আজি, বিৰহ-অনল
জ্বলাম, প্ৰতিজ্ঞা মোৰ, জয়াৰ বুকত!
(প্ৰস্থান)
জয়মতীৰ শোৱাকোঠা।
(জয়মতী আৰু গদাপাণি)
জয়া।—প্ৰাণেশ্বৰ!
পৰিছে মনত আজি, তাহানিৰ কথা—
তাহানি নিলগে দেখাঁ, নিলগতে হঁহা
পূৰ্ব্বৰাগে ওপচাই হিয়া।
গদা।—সঁচা প্ৰাণেশ্বৰি!
পৰিছে মনত মোৰো পোনে দেখা পোৱা
তোমাৰ লাৱণ্য প্ৰভা।
জয়া।—নোৱাৰোঁ ফুটাব
সিদিনাৰ ভাব আজি। কিনো ভাৱে হাঁয়,
নাচিছিল হিয়া মোৰ, কিবা উলাহত!—
উগুল-থুগুল প্ৰাণ কিবা ৰহস্যত!
নুবুজোঁ এতিয়া নিজে কিবা মোহনীত
পৰিলোঁ প্ৰেমত তৱ।
গদা।—ধ্ৰুৱ অনুভৱ তৱ।—
কৰিছিল মোকো তেনে; দুৰ্ব্বলৰ দৰে,
ভাবত কঁপিলো মই তোমাকে ডৰাই!
দেহাভাৰ সহিবৰ নাছিল শকতি।
নাৰী হই নচুৱালাঁ ঠেকত পেলাই;—
ৰণচণ্ডী তুমি!
জয়া।—আৰু নাথ! সিদিনাৰেপৰা চাওঁ মই
ধেমালি যুঁজত—থাকোঁ চাই নেদেখাত;—
হিয়া মোৰ ওপচে আনন্দে, দেখি নিতে
বিক্ৰম তোমাৰ।
গদা।—দেখা দিয়া হলে তুমি,
নেদেখা বিক্ৰম মোৰ; দেখিলাহেঁতেন
দুৰ্ব্বল কঁপনি মাথোঁ, জয়ঘামে ঘমা।
জয়া।—বিয়াত যিদিনা নাথ, দিলে লগ্নগাঁথি,
—নহয় বেকত এবে সিক্ষণৰ ভাব।
গদা।— তেতিয়া আবেগ যেন বিৰিঙ্গি উঠিল,
কপালত বিন্দু বিন্দু প্ৰেমৰস সাৰ।
দেখা যেন লাগে মোৰ, তোমাৰো তেতিয়া,
আবেগৰ চকু-লো আহোঁতে নিজৰি,
ওৰণীৰ আগটিত লাগি।
জয়া।—প্ৰাণেশ্বৰ!
সিদিনা যে পাতিছিলাঁ ৰোহ!
গদা।— প্ৰাণেশ্বৰি! ৰোহ নোহে,—
আবেগেৰে হিয়া মোৰ উপচি আছিল,
ভেটা লাগি প্ৰণয়-সোঁতত।
লেচাই।—আইতা! আইতা!
খোৰা-ৰজা কথা তুমি নকলাঁ দেখোন?
পাহৰিলাঁ কম বোলা?
জয়া।—শুনাম সোণাই, আলি ভীমৰ কাহিনী।
লাই।—দেউতা! দেউতা!
থাকিল নহয় বাকী, হনুমন্ত কথা?—
নপৰিল আধ্যা তাৰ।
গদা।—আছেনে মনত বাৰু, শুনিলাঁ যিখিনি?
জয়া।—হবাঁনে তুমিও পোনা, হনুমন্ত বীৰ?
লাই।—দেউতা-সমান হলে জিনিম ৰজাক।
গদা।—ৰাজদ্ৰোহ মহাপাপ, নকবাঁ সিকথা।
জয়া।—আপোন জীৱন-লক্ষ্য সুমৰিলে নাথ,
'ৰাজদ্ৰোহ মহাপাপ’ নোবোলাঁ জানোচা?
গদা।—ৰাজ্যহিত ৰাজদ্ৰোহ কদাপি নহয়।
পতন-উন্মুখী এই আহোম ৰাজ্যৰ
উদ্ধাৰ সাধন, জীৱন ব্ৰতৰ মোৰ
একমাত্ৰ ধ্ৰুৱতৰা; মন্ত্ৰী-ক্ষমতাই
বাহুৰপে কৰে গ্ৰাস ৰাজশক্তি হাঁয়;
পুনৰ্মুক্ত কৰা মোৰ পালিত বাসনা। (নীৰৱ)
প্ৰিয়া, বাৰু আহোঁচো এতিয়া। (উদ্যত)
জয়া।— প্ৰাণনাথ!
বেলি ভাটী দিলে আহি; ঘূৰিবা ত্বৰিতে। (গদাপাণিৰ প্ৰস্থান)
লেচাই।—আইতা!
কওঁ-বোলা কোৱাঁ তেন্তে এতিয়া।
জয়া।—(লাই-লেচাই দুইকো দুহাতে ধৰি উঠি)
বীৰৰ সন্তানে মোৰ বীৰৰ কাহিনী
অৱশ্যে শুনিব লাগে। আহাঁ পোনাহঁত,
ফুলনিত কওঁগই ফুৰি ফুৰি ফুৰি। (প্ৰস্থান)
(ৰজা, মন্ত্ৰীসকল আৰু সভাসদবৰ্গ।)
ন্যায়সোধা ফুকন।—কি বুলি বিহিবাঁ দণ্ড, নিৰ্দোষী জনক?
গদাপাণি অপৰাধী নেদেখোঁ একোতে।
বু: গো:।—ৰাজাজ্ঞা পালন হেতু, দোষৰ বিচাৰ
নালাগে হে হেৰা!
ফুকন।—কিবা কোৱাঁ ডাঙ্গৰীয়া।
শাসন-বিধান এৰি, ৰাজাজ্ঞা কি বোলাঁ?
বৰবৰুৱা।— ৰজাৰ মঙ্গল হেতু, নহয় অবিধি;
নাভাবোঁ অকৰ্ম্ম একো।
বৰপাত্ৰগোহাঞি।—মোৰো সেয়ে মত।
ৰজাৰ মঙ্গলে জানাঁ, ৰাজ্যৰ মঙ্গল।
বু: গো:।—নামাতিবাঁ হেৰা আৰু; তোমাকে মাতিছোঁ।
নুতুলিবাঁ আপত্তি বিশেষ। ভাবি-চিন্তি
দিছোঁ মত, গদাপাণি অঙ্গক্ষত হেতু।
ফুকন।— নধৰিবাঁ মোক।
নোৱাৰিছোঁ দিব মত। নিৰ্দ্দোষী জনৰ
অবাবত অঙ্গক্ষত নহয় যুগুত;—
তাতে গদাপাণি হেন পুৰুষ প্ৰধান,
লভিছে জনম যি ঘোৰ সমস্যাত
ৰাজ্যৰ মঙ্গল হেতু।
ৰজা।— অবাবত?
কিয় কোৱাঁ অযুগুত কথা?
যি কাৰ্য্যে মঙ্গল মোৰ, ৰাজ্যত চৌপাশে
শান্তি স্থাপনা হয় বাহিৰে ভিতৰে;
কি বুলি অবিধি বোলাঁ, ৰাজনীতি মতে,
তেনে শুভ কাৰ্য্য তুমি?
ফুকন।— নুবুজিলোঁ মই,
নকৰিলে অঙ্গক্ষত গদাপাণি বীৰ।
কিবা অমঙ্গল আছে ভিতৰি ৰজাৰ,
কিয় বা অশান্তি বাঢ়ে ৰাজ্যত বাহিৰে।
ৰজা।— নকবাঁ বিস্তৰ।
অঙ্গক্ষত উজু কথা। বধৰ উপায়
আলচাঁ সভাত আজি। মহাশত্ৰু মোৰ
ই ৰাজ্যত গদাপাণি। নবধিলে তাক,
নুগুচে অশান্তি মোৰ।
বু: গো:।— ভাবি চোৱাঁ পুনৰপি,
স্বৰূপ কইছে স্বৰ্গদেৱে। গমি চোৱাঁ
অতীতৰ শোক-লগা কথা! অকালত
হেৰুৱালোঁ, কত জনা যোগ্য স্বৰ্গদেৱ!
ৰাজযোগ্য কোৱঁৰৰ পক্ষাপক্ষ হই,
আমিও হইছোঁ সেই পাপকৰ্ম্মভাগী।
সলোৱাঁ এতেকে, হেৰা, বিপৰীত ভাব
আহাঁ বাটলই।
ফুকন।— নহব ই কাৰ্য মোৰ;
নোৱাৰোঁ ঘুৰিব মই তেনে বাটলই।
অহ, গদাপাণি হেন বৰ অন্ত হেতু,
—বৰগোহাঞি ডাঙ্গৰীয়াৰ অবিহনে,—
ই হেন মন্ত্ৰণা-জাল! সাধাঁ তোমাসৱে
উদ্দেশ্য যি হয়! নোৱাৰোঁ থাকিব চাই
ইহেন ব্যৱস্থা।
(ন্যায়সোধা-গোহাঞি-ফুকনৰ প্ৰস্থান।)
ৰজা।— ই কি আচৰণ!
বুঢ়াগোহাঞি।— ভাল হল, স্বৰ্গদেৱ!
এৰিছে আপদে ভাল। যুগুত মীমাংসা
মিলিব এতিয়া ভালে।
বৰবৰুৱা।— মিলিছে সুযোগ।
আলচোঁ এতিয়া ধৰাঁ গদাৰ মৰণ।
বৰপাত্ৰ।— সঁচাকে' লাগিছে চল এতিয়াহে হয়।
ৰজা।— সেয়ে স্থিৰ।
কৰাঁ ভাল যিবা হব পাৰে।
গদাপাণি নাম যেন নালাগে শুনিব।
শুনোঁ যেন কালি তাৰ মৰণ-বাতৰি।
“শুভস্য শীঘ্ৰম্” মন্ত্ৰি, কৰিবাঁ স্মৰণ;
নানিবাঁ অশুভ মাতি নকৰাঁ পলম।
বু: গো:।— নকৰোঁ পলম।
চিন্তা নাই স্বৰ্গদেৱ।
গুপ্তভাৱে কৰিম যুগুতি যিবা হয়
সভাসদে মিলি। ফলিব সুফল জানাঁ
সাদিনৰ পাচে।
ৰজা।—মানিছোঁ আশ্বাস।
উঠো তেন্তে আজিলই; যোৱাঁ ঘৰাঘৰি।
সাদিনত কাৰ্য্য সিদ্ধি হয় যেন ভালে,
ৰাখিব মনত সৱে।
(প্ৰস্থান)
জয়া।—কিয় সখি,
আছাঁ মন মাৰি?
পদ্মা।—এৰা সখি,
আছোঁ হে এনেই।
জয়া।—নুগুচে লগৰ এটা;
চিন্তা-লগৰীয়া দেহি, চিন্তাময়ী সখী।
পদ্মা।—দুশ্চিন্তা লগৰী আজি।
অমঙ্গল ফল তাৰ গাতে ফলিয়ায়;—
কবলই সত যোৱা নাই।
জয়া।—অমঙ্গল!
কিবা অমঙ্গল সখি, ভাবিছাঁ মনত?
কোৱা ভাঙ্গি ততালিকে, গুচোৱাঁ মনৰ
উগুল-খুগুল ভাব।
পদ্মা।—স্থিৰ হোৱাঁ সখি।
বিপদ বাতৰি শুনাঁ, ধৈৰ্য্য ধৰি আগে।
শুনিলোঁ বিষম কথা দেউতাৰ মুখে;—
আপদে মেৰায় দেখোঁ তৱ পতিধন!
ৰাজাজ্ঞা হইছে বাজ, লাঙ্গি-কোৱঁৰক
নিবহি আটক কৰি অক্ষত হেতু।
জয়া।— বিষম বাতৰি দিলাঁ।
কোৱঁৰৰ অমঙ্গল, অশুভ আশঙ্কা,
বাজিছে বুকুত যেন বজ্ৰসম শেল!
কিন্তু সখি, বীৰবাহু পতিধন মোৰ;
অকলই নিপাতিব শত শত্ৰুজন।
কোৱাচোঁ তথাপি, অঙ্গক্ষত কৰি স্বামী,
কাৰ কিবা হব উপকাৰ?
পদ্মা।— জানোঁ সখি,
বিক্ৰম গদাৰ। ঘূৰিছিল গুপ্তচৰ;
নোৱাৰিলে কোঁৱৰৰ ছয়াঁকো পৰ্শিব।
কিন্তু, এবে আন বল,—প্ৰকাশ্যে আহিব
ৰাজ-সেনাদল; সহজে কৰিব বন্দী,
বিনাশিব প্ৰাণ নতু।—গদা-বিনাশনে
হেনো ৰজাৰ মঙ্গল।
জয়া।— কি হব উপায় সখি।
কোৱঁৰৰ প্ৰাণে মাথোঁ আছোঁ প্ৰাণ ধৰি,
সেই প্ৰাণ অবিহনে জীও কেনে কৰি?—
নেকাটি আগেয়ে লতা, কাটে কিয় গছ?
নেভাঙ্গি দেহাক আগে বধে প্ৰাণপখী,
কাৰ এনে মতি!
পদ্মা।— নহবাঁ উতলা।
বিপদত ধৈৰ্য্য ধৰা বীৰপত্নী-চিন্।
শুনা মোৰ যুগুত মন্ত্ৰণা;—ছদ্মবেশে
কোঁৱৰক বাজ কৰাঁ ৰাজ্যহন্তে ৰাতি।
থাকোক অজ্ঞাত ভাৱে, ঘূৰি কিছুকাল।
ঘূৰিব পুনৰ ভাগ্য, ঘটনা-চক্ৰত।
‘দিনে ক্ষণ, ক্ষণে কৰে অজৰ অমৰ'
—কালৰ কুটীলা গতি!
জয়া।— সাৰুৱা তোমাৰ যুক্তি; পালিম যতনে।
কিন্তু সখি! সংসাৰত নাই আৰু মায়া।
স্বামীৰ বিহনে মোৰ নৰব জীৱন;
বাঞ্ছা নাই তাত। উছৰ্গা কৰিছোঁ প্ৰাণ,
পতিৰ মঙ্গল হেতু, দিম পূৰ্ণাহুতি।
অনাথ সন্তান দুটি গতালোঁ তোমাক,
মাতৃৱত স্নেহিবাঁ দুটিক।
পদ্মা।— থোৱাঁ সখি!
নোবোৱাবাঁ মো ৰা হাঁয় শোকৰ নিজৰা।
পাহৰিছাঁ হিতাহিত উত্ৰাৱল হই,
কৰিছাঁ উতলা মোকো। জানাঁ সখি, নোহে
ইটো শোকৰ সময়। চিন্তোঁ এবে আহাঁ,
ধীৰ ভাৱে কোঁৱৰৰ উদ্ধাৰ উপায়;—
ঈশ্বৰ সহায় আছে।—মঙ্গল-আৰতি
ধৰোঁ সখাৰ কুশলে।
জয়া।— ধৰাঁ সখি।
সুপ্ৰসন্ন হয় যেন বিধি।—
গীত।
(বেহাগ)
প্ৰভো! দিয়াঁ দৰিশন।
মেলিছোঁ যতনে আমি, হৃদয়-দাপোন॥
অৱলা পৰাণ জুৰি, কৰিছোঁ কাকুতি হৰি,
এফেৰি কৰুণা প্ৰভো! কৰাঁ বিতৰণ॥
অনাথিনী নাৰী আমি, জানি নাথ অন্তৰ্য্যামী,
দিয়া নাথে কৃপা কৰি অভয়চৰণ॥
নৰ-শত্ৰু হাত সাৰি, হব স্বামী বনচাৰী,
ৰাখিবাঁ অপায় নাশি বিপদতাৰণ।
গদা।— মিলিছে সুযােগ অহ,
মিলিব যুঁজাৰু এবে মনৰ জোখায় !
পাৰ হল অতকাল ধেমালি যুঁজত,
নিমিলিল ছেগ ক’তো সঁচা যুঁজলই ;—
মিছা হল বাহুবল, মিছা গদানাম !
মিলিছে সুযােগ এবে, অতকাল পিচে,
সমুখ সংগ্রাম হেতু ৰাজসেনা সতে;⸺
নিপাতি যতেক বীৰ, সেনা সেনাপতি,
ৰাজ্য উদ্ধাৰিম।
( নীৰৱ )
মিলিছে সুছেগ অহ,
পতিত আহােম ৰাজ্য পুনু উখানৰ ।
পিতৃৰাজ্য ৰসাতলে যায়-যায় আজি!
স্বার্থপৰ কুলাঙ্গাৰ পাত্ৰ-মন্ত্রী সৱে
ক্রমাগত নিছে তললই। অৰাজক
ৰাজ্য আজি হল স্বৰূপত ! নামে মাথোঁ
ৰাখি ৰজা অপাত্ৰ জনক, যতমানে
দুৰাচাৰে পাঙ্গি লই দুৰ-অভিসন্ধি,
লুটিছে পীড়িছে কৰি দেশ ছাৰখাৰ।
কতজন বংশধৰ হল বিনাশন
অকালত অবাবত সামান্য স্বাৰ্থত; —
দহে মোৰ দেহ-মন পৰিলে মনত!
জীৱনৰ ব্ৰত মোৰ আছে অন্তৰত,
ইসৱ উদ্ধাৰ কৰা বিনাশি অপায়।
নিৰ্জ্জীৱ অতনা দিন জীৱন্ত বাসনা
অন্তৰৰ অন্তস্থল আছিল বিয়াপি,
ছায়ে ঢাকা অগ্নিশিখা প্ৰায় । আছোঁ ময়ো
মৰাপ্ৰায়, মনোবেগ মনেতে সামৰি,
জীৱনৰ মহাব্ৰত হানি হয় বুলি।
সুমৰিছোঁ সৰ্ব্বক্ষণ হিত উপদেশ
ন্যায়সোধা ফুকনৰ; জন্ম মোৰ,
শিক্ষা, দীক্ষা, লক্ষ্য আৰু ৰণ-আখৰাৰ
স্বাধীন উদ্দেশ্য মাথোঁ জাতিৰ উদ্ধাৰ।
মিলিছে এতিয়া তাৰে সোণালি সুযোগ;—
কাৰ্য্যৰ ক্ষেত্ৰত, মিলিব দুদিন বাজে,
সম্মুখ সংগ্ৰাম।
(জয়মতীৰ প্ৰৱেশ )
জয়া।— দুখত আনন্দ।
সদানন্দ সদাশয় প্ৰাণেশ্বৰ মোৰ।
গ্ৰাসেহি বিপদে; তথাপি নহল হাঁয়,
চেতনা তোমাৰ । —নাই এৱে অন্যোপায়।
গদা।— নডৰাওঁ প্ৰিয়া হেৰা, নধৰিবাঁ মোক।
নপলাওঁ কদাচিতো কাপুৰুষ হই।
বীৰৰ শোভন কাৰ্য্য নহয় পলোৱা;
নোশোভে সি অযাচিতে গদাপাণিলই।
আহক যতেক আহে ৰাজ-সেনাদল;
জিনিম অকলে মই শতেক যুঁজাৰু।
আগে যুদ্ধ, পাছে মৃত্যু,—বীৰৰ কৰ্ত্তব্য
অৱশ্যে পালিম নই।
জয়া।— সঁচা প্ৰাণেশ্বৰ।
জানো মই বিক্ৰম তোমাৰ। জানোঁ আৰু
বীৰৰ কৰ্ত্তব্য যিবা। অৱলা যদিবা,
নডৰোঁ মৃত্যুক ময়ো,—নাথাকে উপায়,
নাথাকে ভৰসা যেৱে। কিন্তু, প্ৰাণনাথ,
ভাগ্যৰ চকৰি সদা লাগিছে ঘূৰিব;
নুঘূৰিব তৱ ভাগ্য কোনে কব পাৰে?
দুদিন অজ্ঞাতবাস কৰাঁ তুমি গই,
মিলিব সুযোগ পুনু; উদিব নিশ্চয়
সুখৰ সূৰুয পূবে।
গদা।— নামানে বুজনি, প্ৰিয়া,
নুবুজে পৰাণে আজি। আতিকে ঘিণাওঁ
মই ভয়াতু জনক;—নিন্দো ততোধিক,
পুৰুষালি নাই যাৰ। জানে সকলোৱে
মনোভাব মোৰ। আপোন পালত এৱে
কৰোঁ কিনো মতে, পুৰুষে নকৰা কাম?
আৰু এটি কথা;—তোমাক অনাথ কৰি,
এৰি লাই, সোণাই লেচাই, যাম মই
প্ৰাণ লই অকলে পলাই! —অসম্ভৱ—
প্ৰিয়া, মোক, নধৰিবাঁ টানি। তৰোপৰি,
ৰাহুৰ গ্ৰাসত এৰি পিতৃৰাজ্য মোৰ,
নকৰি প্ৰাণক পণ পলাম অকলে!—
ইও এক অসম্ভৱ কথা।
জয়া।— জানাঁ নাথ।
তাতে হে ধৰিছোঁ টানি। নকৰিবাঁ মোক
চিৰ-অনাথিনী; অকালত পিতৃহীন
নকৰাঁ সন্তান। পতনমুখীয়া ৰাজ্য
নকৰাঁ উচ্ছেদ। ঘুৰিলে ভাগ্য চাক,
ঘুৰিব সুদিন; উদ্দেশ্য সফল হব,
থাকিলে কুশলে তুমি।
গদা।— বান্ধনি কথাৰ।
নাবান্ধিবাঁ, প্ৰিয়া, মোক যুক্তিৰে মেৰাই।
জয়া।— নহয় কথাৰ বান্ধ;
হিয়াৰ আবেগ আৰু পত্নী-অনুৰোধ;—
নুবুজিলাঁ প্ৰাণেশ্বৰ!
গদা।— বুজোঁ প্ৰাণেশ্বৰি।
বুজিছোঁ কতনা আগে ব্যাখ্যান তোমাৰ।
কৰা নাই অৱহেলা তৱ অনুৰোধ;
নকৰোঁ কাচিত, এৰাঁ যদি আজিলই।
জয়া।—নিচিন্তাঁ মঙ্গল তেন্তে আমি তিনটিৰ?
দিবাঁ যদি ধৰা নাথ, ঠেলি অনুৰোধ,
বাকী তিনি প্ৰাণ তৱ, ৰাখাঁ ক’ত আজি?
—ডুবিব দুখত দিনে। আৰু, চোৱাঁ নাথ,
দিয়াঁ যদি প্ৰাণ তৱ, অযথা যুঁজত,
—অকলে সমুখ হই অলেখৰ সতে—
জীৱনৰ লক্ষ্য তৱ ৰাজ্য উদ্ধাৰৰ
হেৰুৱাবাঁ তুমি।
গদা।—কি আছে উত্তৰ।
জীৱনৰ লক্ষ্য মোৰ স্বদেশ উদ্ধাৰ
নোৱাৰোঁ ভুলিব, আছেমানে দেহে প্ৰাণ।
যি লক্ষ্য ধ্ৰুৱতৰা এই জীৱনৰ,—
পতন-উন্মুখী ৰাজ্য ইন্দ্ৰ-বঙহৰ
উদ্ধাৰ সাধন,—কৰি তাক শঙ্কাযুত,—
ডাৱৰমুখীয়া —নহব যুগুত সঁচা
অযথা যুঁজত ধৰা মৰসাহ কৰি।
পূৰ্ণ হোক ইচ্ছা তৱ; কৰিম অকাৰ্য,
পলৰীয়া হই অজি! কিন্তু, গদাপাণি
নাথাকে নিশ্চিন্তে শুই কৰ্ত্তব্য পাহৰি।
যাম মই ৰণ-বল গোটাবৰ গুণে।
জিনিম পাষণ্ড ৰজা, দিম সমুচিত,
পাপৰ শোধন আহি; বঢ়ালে বিপদ,
গুপ্তসিংহ জগোৱাই নিজে। থাকাঁ প্ৰিয়া,
পোন দুটি বুকত শুৱাই। চিন্তা নাই
মোৰ হন্তে, হব দেখা দুদিনৰ পাচে।
কিন্তু, প্ৰিয়া, ছদ্মবেশ?—
জয়া।— ৰাখিছোঁ যুগুত।
প্ৰাণনাথ! আহাঁ এৱে, ধৰাঁহি সি বেশ।
গদা।— আগ হোৱা, প্ৰিয়া, তুমি; গইছোঁ পাচত।
( জয়মতীৰ প্ৰস্থান)
গদা।—( আপোনা-আপুনি ) ছদ্মবেশ পৰিধান।
নোশোভে সি মন মোৰ, শোভে যদি দেহা।
সম্মুখ সংগ্ৰাম প্ৰাণে বিচাৰে আগত,
বহুযুদ্ধ হেতু। অন্যায় শাসনে কিয়
পাব ভেটা-ভঙ্গা?—দহৰ অধিক বল
ধৰিছোঁ দেহাত; মুহুৰ্ত্তে উপাৰি কিয়
নকৰোঁ নতুন দুৰ্জ্জন-কঠীয়া যত?
কিন্তু, অন্ত কৰা অকলই শত্ৰু অগণন
নহব সম্ভৱ; নহব সাধন মোৰ
জীৱন-উদ্দেশ্য। এতেকতে, যোৱা ভাল
নগা দেশলই, সৈন্যবল গোটাবৰ
গুপুত উদ্দেশে।
( প্ৰস্থান )