[ বেটুপাত ]

অসীমৰ বীণ







স্বর্গীয় পবিত্রপ্ৰাণ চাংকাকতি বি, এছ-সি

[ প্ৰথম পৃষ্ঠা ]

অসীমৰ বীণ



স্বর্গীয় পবিত্রপ্ৰাণ চাংকাকতি বি, এছ-সি



প্রকাশক—শ্ৰীদেৱকান্ত বৰদলৈ

গুৱাহাটী

উজান বজাৰ
~~~~~~~~

বেচ–৵৹ দুঅনা

[ প্ৰকাশন ]
 

জয়ন্তী আর্ট প্ৰেছ— গুৱাহাটী

শ্রীউমাকান্ত ডেকাৰ দ্বাৰা ছপা হ'ল ।


[ সূচীপত্ৰ ]

সূচী

বিষয়- পৃষ্ঠা
১৷ বৰাগীৰ বীণ ... ...
২৷ কৰুণ ... ...
৩৷ অজান বাতৰি ... ...
৪৷ অজান স্মৃতি ... ...
৫৷ নতুন সুৰ ... ...
৬৷ ব্যৰ্থতাৰ সুৰ ... ...
৭৷ জীৱন স্মৃতি ... ...
৮৷ জীৱন শেষত ... ... ১১
৯৷ ভাইটি ... ... ১২
১০৷ জন্ম মৃত্যু ... ... ১৪
১১৷ মৰণ পথিক ... ... ১৬
১২৷ লুইতৰ পাৰত ... ... ১৮

[ ভূমিকা ] স্বর্গীয় পবিত্রপ্রাণ চাংকাকতি—

 স্বৰ্গীয় পবিত্ৰপ্ৰাণ চাংকাকতিৰ এই 'অসীমৰ বীণ’ নামে কিতাপখন এনেয়ে পৰি আছিল। শোক সন্তপ্তা মাকে পৰিথকা কবিতা কেইটি গোটাই পুথিৰ আকাৰে ছপা কৰিবলৈ প্ৰয়াস কৰিছে । কবিতা কেইটি পঢ়ি মোৰ বোধ হল ৺পবিত্ৰপ্ৰাণ সৰুৰে পৰা এজন নীৰৱ আৰু শেষত মাকৰ দৰে ওখ গভীৰ ভাৱৰ কবি হলহেতেন। কিন্তু কালে স্বর্গীয় পবিত্ৰক, যাক মৰমতে ‘মাখু’ বা ‘মাখন’ বুলি মাতিছিল অকালতে ২১ বছৰ বয়সত বি, এছসি পাছকৰি উঠাৰ পাচতেই মাকৰ বুকুৰ পৰা কাঢ়ি লৈ গল। মাকে মনৰ শোকত তেওঁৰ স্মৃতিস্বৰূপে এই কবিতা কেইটি কিতাপ আকাৰে ছপা কৰিছে। আশাকৰো ‘মাখু’ যেনেকৈ লোকপ্রিয় আছিল, সেইদৰেই যেন কবিত৷ কেইটিয়েও সকলোৰে আদৰ পায় ।

ইতি—

শ্ৰীৰজনীকান্ত বৰদলৈ

  উজানবজাৰ

   গৌহাটী

[ ভূমিকা ] ৺পবিত্ৰপ্ৰাণ চাংকাকতি⸺


জন্ম ১৯১৪⸺মৃত্যু ১৯৩৬


 এই পুথিখনিৰ কবিতা কেইটি শোকৰ স্মৃতিৰে জড়িত। নৌ ফুলুতেই মাটিত সৰিপৰা ফুলৰ দৰে কুমলায়া ডেকা অৱস্থাত কালৰ গ্ৰাসত পৰা ৺পবিত্ৰপ্ৰাণ চাংকাকতিৰ প্ৰথম উদ্যমৰ এই কেইটি কবিতা। পৰ-লোকগত লিখকৰ মাতৃ শ্ৰীযুক্তা নলিনীবালা দেবা ‘সন্ধিয়াৰ সুৰৰ’ কবি হিসাবে অসনৰ শিক্ষিত সমাজত জনাজাত। ৺ পবিত্ৰপ্ৰাণৰ অতি সৰু কালতেই পিতৃ বিয়োগ ঘটাত তেওঁৰ মাতামহ কৰ্ম্মবীৰ শ্ৰদ্ধেয় ৺নবীন চন্দ্ৰ বৰদলৈ দেৱৰ লগত থাকি তেখেতৰ যত্নতে ডাঙ্গৰ দীঘল হয়। এনে মাতৃ আৰু মাতামহৰ আৰু বৰদলৈ পৰিয়ালৰ সুপৰিবেষ্টনৰ গুণত ৺পবিত্ৰপ্ৰাণৰ অন্তৰত সৰুকালৰে পৰা সৰলতা নিৰ্ভিকতা, দেশ-প্ৰেম, চিন্তা-শীলতা, আদি গুণৰ চিন পোৱা হৈছিল। অনেক বিষয়ত তেওঁ সৰুকালৰে পৰাই বয়সীয়া যেন বহুত কথাত লাগে। তেওঁৰ কবিতা কেইটিৰ গধুৰ ভাবেও তাকেহে কয়। দেশপ্ৰেণ আৰু স্বাধীনতা তেওঁৰ বিশেষত্ব আছিল। সবৰে পৰা মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁ কেতিয়াও বিদেশী বস্তু ব্যৱহাৰ নকৰিছিল। বিখ্যাত কানিংহাম্‌ চাৰ্কুলাৰ অনুযায়ী কিছুমান আপত্তিজনক কথাত সন্মতি দিব লগা হোৱাত তেওঁ ৰাজকীয় বিদ্যালয়কে এৰি দিয়ে। আৰু যেতিয়া তেনে আত্মসম্মান হানি জনক সত্ব চৰকাৰে উঠাই লয়, তেতিয়াহে কটন কলেজত ভৰ্তি হয়। কলেজত তেওঁ য়ুনিয়ন ছোচাইটিৰ চেক্ৰেটৰী আছিল। ইয়াৰ বাহিৰেও কেইবাটীও ৰাইজৰ হিতকৰ অনুষ্ঠানৰ উদ্যোগী কৰ্মী [ ভূমিকা ] আছিল। খেল ধেমালিতো তেওঁৰ পাৰদৰ্শিতা কম নাছিল। পাঠ্য পুথিৰ উপৰিও নানা সদগ্ৰন্থ পাঠ কৰি প্ৰকৃত শিক্ষা লাভ কৰা; আৰু জ্ঞান আহৰণ কৰাৰো বৰ হেপাহ আছিল। এনে এজন ডেকাক হেৰুৱাই তেওঁৰ আত্মীয় স্বজনেই নহয় গোটেই অসমীয়া জাতিয়েই ক্ষতিগ্ৰস্ত হৈছে। বৰ্ত্তমান অসমৰ ছাত্ৰ সমাজত এনে আদৰ্শ লোৱা ডেকাৰ সাখ্যা অতি কম। এনে এটি জীৱনৰ ছাত্ৰৱস্থাতে সামৰনি পৰাত সকলোৱে শোক পাব লগা কথা। তেওঁৰ সোঁৱৰণী স্বৰূপে কেইটিমান সুকুমাৰ ফুলকলি এৰি থৈ গৈছে। শোকসন্তাপ্তা মাতৃয়ে পবিত্ৰ চকুলোৰে তাকে আজি আগ বঢ়াইছে। ভগৱন্তই তেখেতক শান্তি দিয়ক।

শ্ৰীযজ্ঞেশ্বৰ শৰ্ম্মা এম্, এ
অধ্যাপক, যোৰহাট কলেজ ২৭/১১/৩৮

[ উছৰ্গা ]

তৰ্পণ

প্ৰাণৰ মাখু!

 হৃদয় স্মশানৰ আধাপোৰা হাড় কিডাল বুটলি আনিছো, তোমাৰ স্মৃতিৰ তৰ্পণ দিওঁ বুলি। ইও সেই জন্মজন্মান্তৰৰ কৰমৰ লেখা, বিধাতাৰ বিধান। কত জন্ম জন্মান্তৰৰ সঞ্চিত কৰমৰ লিপি এই ললাট লিখনত লিখা আছে তাক কোনে জানে? জানে মাথো সেই অদৃশ্য কৰ্ম্মীয়ে যাৰ বিধানত এই বিশ্বত প্ৰতিমুহুৰ্তে অলেখ অঘটন ঘটিব লাগিছে, প্ৰতি নিমেষত কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি প্ৰলয়ৰ লীলা চলিব লাগিছে। যাৰ ত্ৰিগুণময়ী প্ৰকৃতিৰ তাণ্ডব লীলাৰ অনন্ত প্ৰৱাহে, এই বিশ্বৰ প্ৰতি অনু পৰমানু স্পন্দনময়ী কৰি তুলিছে, মুহুৰ্ত্তে মুহুৰ্ত্তে অলেখ ৰূপ দিব লাগিছে। এই বিশ্ব মহাসাগৰৰ বুৰবুৰণিৰ এমুঠি জীৱ আমি, সৃষ্টিৰ আদি পাতনিৰে পৰা বিবিধ অভিনেতা ৰূপে নানা ৰূপে ভাও দিব লাগিছো। পানীৰ বুৰবুৰণি যেনেকৈ কোনোটো ডাঙ্গৰ, কোনটো সৰু; কোনোটে৷ অলপ বেলি থাকে, কোনোটো বা খন্তেকতে উঠি মাৰ যায় এই জীৱ প্ৰবাহৰে৷ কোনোটো অলপ দিন স্থায়ী, কোনোটি বা দুদিন বিকশিত হৈয়ে মাৰ যায়। পানীৰ বুৰবুৰণি পানীতে মাৰ যায় আকৌ নতুনকৈ ফুটি উঠে।

 তুমি মই, এইদৰেই অনন্তকাল ঘুৰি কোটি কোটি জনমৰ অভিনয় কৰি আহিলোঁ! কত শতবাৰ তুমি ভিন ভাবে, মই ভিন ভাবে কাৰো পিতা, কাৰো মাতা, কাৰো পুত্ৰ-কন্যা, কাৰো স্বামী, কাৰো স্ত্ৰিৰূপে অভিনয় কৰি আহিছোঁ। কতোবা স্থাবৰ জঙ্গম কীট পতঙ্গ জলচৰ স্থলচৰ ৰূপে জনমৰ ভাও দি দি আহি, আজি এই জনমত মাতা পুত্ৰৰূপে চিনাকী হলোহি। তুমি আহি পুত্ৰৰূপে আজি একুৰি এবছৰ মোৰ [ উছৰ্গা ] বুকুত আশ্ৰয় ললাহি। ময়ো মাতৃ প্ৰাণৰ আকুল ক্ষুধাৰে সাৱটি ললো তোমাক বুকৰ মাজত। ই সহজ সম্বন্ধ নহয় মাতা পুত্ৰ। মোৰ হৃদয়ৰ প্ৰতিটুপি তেজেৰে, মোৰ প্ৰাণৰ আকুল আকাঙ্ক্ষাৰ প্ৰতিটি অনুৰে, মোৰ মন বুদ্ধিৰ প্ৰত্যেক তৰঙ্গৰ স্পন্দনেৰে গঢ়িতোলা তোমাৰ কমনীয় তনু। এইয়েই মোৰ এই জনমৰ তোমাৰ ওপৰত অধিকাৰ আছিল, প্ৰাণৰ আকুল প্ৰেমৰ অধিকাৰ। কিন্তু হে পুত্ৰৰূপী মুক্ত আত্মা! তুমি আজি সেই দেহৰ মৰম হেলাৰঙ্গে এৰি থৈ গুচি গলা। প্ৰকৃতিৰ দান প্ৰকৃতিক ওলোটাই দি, ধৰণীৰ ধাৰ সুজি তুমি বিদেহী আত্মা সুখৰ জগতত বাহা কৰিছাগৈ। কিন্তু বাছা এই অভাগীয়েতো দেহৰ বান্ধোনৰ হাত সৰা নাই। এতিয়াও ৰক্তমাংসৰ বোজা বৈ, হৃদপিণ্ড আজুৰিচিঙ্গা যন্ত্ৰনাত ৰাঙ্গলি হিয়াৰে, তোমাৰ অসহনি বিচ্ছেদৰ নিদাৰুণ সন্তাপেৰে সন্তাপিত জীৱনৰ ভাৰ বব লাগিছো। প্ৰতি নিমিষে প্ৰতি পলে দিন গণি গণি তৃষিত চকুৰে চাই আছোঁ সেই শেষ পথলৈ। ৺ পুতলী গৈছে আজি বহুত দিন আগতে তাৰ কৰ্ম্মৰ আহ্বানত, তাতে তুমিও মিলিলাগৈ। নজনা দেশত দুয়ো ভায়েৰে লগেৰে থাকিবা।

 আজি তোমাৰ, মোৰ জীৱনৰ লগত চিনাকীৰ যি যিনি স্মৃতিৰ সম্বল থৈ গলা তাকে আজি তোমাৰ পঢ়া কিতাপৰ লিখাবহীৰ পৰা বুটলি বুটলি গোটকৰা এই কবিতা কেইটি সৰাফুলৰ মালাৰ দৰে গাঁঠি তোমাৰ অনুগত বন্ধু সকলৰ হাতত দিওঁ বুলি আগ বাঢ়িলোঁ। কৈশোৰৰ জীৱন পাৰ হৈ যৌবনৰ দুৱাৰ দলিত ভৰি দিছিলা মাথোন, কিন্তু তোমাৰ পৰম পবিত্ৰ যৌবন কলুষিতাই স্পৰ্শ কৰা নাছিল। মুখত জিলিকি আছিল নিস্পাপ শিশুৰ নিৰ্ম্মল ভাৱ, স্বৰ্গৰ পাৰিজাত ফুলৰ দৰে (তোমাৰ প্ৰকৃতি) সুন্দৰ মুখত নিৰ্ম্মল হাঁহি। শিশুৰ দৰে তোমাৰ প্ৰকৃতি শিশুৰ দৰে তোমাৰ আচৰণে ঘৰখনত এটী সদায় আনন্দৰ প্ৰৱাহ খেলি আছিল। কিন্তু লুকাই থকা অন্তৰৰ গভীৰতা তাক কোনেও [ উছৰ্গা ] নেজানিছিল। ভাবুক চিত্তৰ তন্দ্ৰা ভাঙ্গি মাজে মাজে যি একোটী প্ৰশ্ন কৰি উঠা, তাতেহে মাথো বুজিব পাৰিছিলো তোমাৰ অন্তৰৰ গভীৰতা, দিগন্তু প্ৰসাৰিত তোমাৰ ভাবৰাশিৰ পৰিচয়।

 শিশুকালতে পিতৃহীন পোনা মোৰ, তাতেই অলপ ক্ষীণ ৰুগীয়া ধৰণৰ, শান্ত স্বভাৱ, চিৰবাধ্য, চিৰ সত্যবাদী, জীৱনত কোনোদিনে মিছা এষাৰ নকলা, মুখ খনি দেখিলে হিয়া পমি যায়। জীৱনৰ এপতীয়া কালতে তোমাৰ অসীমজ্ঞান স্পৃহাৰ পৰিচয় ফুটি ওলাইছিল তোমাৰ নানা তথ্য সংগ্ৰহত। মনত আকাঙ্ক্ষ্যা আছিল পৰীক্ষাৰ পঢ়াৰ পৰা অৱসৰ লৈ জ্ঞান উপাৰ্জ্জন কৰা। গীতা সম্বন্ধে তোমাৰ অসীম আগ্ৰহ আছিল। নানা গ্ৰন্থ মাথোন গোটাই গৈছিলা৷ অৱসৰ কাল ডোখৰত পঢ়িবলৈ, কিন্তু সময় নেপালা, কিন্তু বাছা! বাসনাৰ বিনাশ নাই, এই জনমৰ তোমাৰ অপূৰ্ণ বাসনা আগৰ জন্মত সফল হব। কিছুদিনৰ পৰা ঈশ্বৰৰ তত্ব স্বৰূপ সম্বন্ধে তোমাৰ মন বৰ উৎসুক হৈ উঠিছিল। সদায় চিন্তা কৰা ব্ৰহ্ম আৰু চৈতন্য সম্বন্ধে বা গ্ৰন্থ আদি পাঠ কৰা প্ৰায়েই দেখিবলৈ পাইছিলো। সেই ভাৱ তৰঙ্গৰে বিকাশ হৈছিল। তোমাৰ জীৱনৰ শেষ সময়ৰ "মূৰ্ত্তিপূজা" গল্পত! তোমাৰ সৰু হিয়াখনিৰ ঠাই আছিল বহু ওখত। মৃত্যু শয্যাত প্ৰচণ্ড প্ৰলাপৰ শাম কাটিছিল, নাম স্ত্ৰোত্ৰ আদি পাঠ কৰাত। হঠাতে শেষৰাতি তুমি কৈ উঠিলা, সেয়ে তোমাৰ সুন্দৰ মুখৰ শেষবাণী। শুনা, শুনা, সকলোৱে শুনা মোৰ এই যে শেষ কথা। জ্ঞানোন্মেষৰ লগে লগে মোৰ মনত ঠাই পাইছিল, ঈশ্বৰ অসীম। অসীম পূজা সেৱাত মই তৃপ্তি নেপাইছিলো। ভগৱান সমুখত, যি অনন্ত শক্তিৰ প্ৰভাৱত এই বিশ্বৰ সৃষ্টি আৰু ধ্বংশত পৰিণত হৈছে, যি শক্তিৰ প্ৰভাৱত এই অনন্ত গ্ৰহ উপগ্ৰহ সৌৰ জগতৰ আবৰ্ত্তন বিবৰ্ত্তন, যি মহান শক্তিৰ প্ৰকাশ এই ৰহস্যময়ী প্ৰকৃতি যি অনন্ত শক্তিৰ মুহুৰ্ত্তৰো বিৰাম নাই, দৃশ্য অদৃশ্য এই জগতৰ যি নিগূঢ় চৈতন্যই কৰ্ম্ম কৰিব [ উছৰ্গা ] লাগিছে, সেয়ে মোৰ ভগবান। এয়ে যে তোমাৰ শেষবাণী, ইয়াৰ পিচত আৰু মই তোমাৰ লাহৰী মুখৰ মাত নেপালো।

 আজি তোমাৰ আৰু মোৰ মাজত জীৱনৰ সুদীৰ্ঘ ব্যৱধান। তুমি সিপাৰত তোমাৰ অশৰীৰি ভাবময় শৰীৰেৰে ভাবসাগৰত ভাঁহি ফুৰিছা। আৰু মই এই জীৰ্ণ জাড় দেহৰ বোজা বৈ তোমালৈ শেষ কৰ্ত্তব্য সমাপন কৰিছো। ই মোৰ বিধিলিপি চিৰ কৰণাময় প্ৰেমৰ দান। তোমাৰ প্ৰতি মোৰ মাতৃৰ কৰ্ত্তব্যৰ সমাপ্তি নহল। জীৱনৰ বহু ত্ৰুতি বহু ভুল ৰৈ গল। সুধৰাবৰ সময় নহল। প্ৰানৰ বাছা মোৰ শোকাতুৰা অভাগী মাৰক পাৰিলে ক্ষমা কৰিবা।

—অভাগী মাৰ—
শ্ৰীনলিনীবালা দেৱী

[  ] পোনা মোৰ!

কোন অমৰাৰ শাপভ্ৰষ্ট দেৱদূত
 আহিছিলি বাট হেৰুৱাই
সৰগৰ স্নিগ্ধকান্তি পাৰিজাত ৰেণু
 আহিছিল গাত আমোলাই।
ক’ৰনে৷ অশান্ত আহি লৰালৰিকৈ
 হলি মোৰ ঘৰত আলহী
অযাচিতে কিয় মোৰ শুকান হিয়াত
 স্নেহৰ অমিয়া সিঁচিলিহি।
থাকি থাকি সিপুৰীৰ শুনিছিলি নেকি
 মৰণৰ ক্ষীণ প্ৰতিধ্বনি?
উঠিছে গীতত ফুটি অসীম পাৰৰ
 বিয়াকুল কৰুণ বিননি।
ভাঙ্গিল সপোণ যেন তন্দ্ৰাৰ জিৰণি
 স্মৃতি ছবি পৰিল মনত
এৰি অহা প্ৰিয় পুৰী প্ৰাণৰ আপোন
 পৰিছিল নন্দন বনত।
নেভাৱিলি পিচলৈ উলটি নেচালি
 দলিয়াই চেনেহ বান্ধোন
( মোৰ ) নিজা ঘৰলৈ যাওঁ সমিধান থৈ
 গুচি গলি বিচাৰি আপোন।
য’ৰে কাম ত’তেৰল এধা কৰাকৈ
 পাৰি দিলি অজান পথত
জীৱন কলিটি ফুটি পাহি মেলোতেই
 সৰি গল ধৰাৰ বুকত।

[  ]

থিতাতে ভাঙ্গিল মোৰ সুখৰ সপোন
 মাৰ গল পুৱঁতিৰ তৰা।
খন্তেকলৈ পোহৰাই আন্ধাৰ কুটিৰ
 কৰি গলি এন্ধাৰেৰে ভৰা।
চিৰ অন্ধকাৰ মোৰ জীৱন পথৰ
 নুপুৱায় আঁউসীৰ ৰাতি
শুৱনি মুখৰ আৰু মধুৰ হাঁহিৰে
 নজলায় পূৰ্ণিমাৰ ৰাতি।
সপোনতে কৈ গলি অ' মোৰ বৌতি
 মই আছো তোৰেই কাষত
আনবোৰ যেনেদৰে ময়ো তেনেকৈ
 আছো দেখো তোৰেই লগত।
আছবাছা পাওঁ তোক হিয়াৰ মাজত
 স্মৃতিৰূপে আছ ই বুকত
(তোৰ) লাহৰী মুখৰ মাত নুশুনিম আৰু
 নেদেখিম চকুৰ আগত।
মায়াতীত হিয়া তোৰ হয়তো নোপোৰে
 এৰি যোৱা বিৰহ তাপত
মোৰ মৰু ধৰণীৰ তৃষাতুৰ হিয়া
 দেই যোৱা চিৰ সন্তাপত।
তোৰ ই বিদায় পথ চিৰদিনলৈ
 ৰঙ্গা মোৰ বুকুৰ তেজেৰে
ৰব চিৰকাল তিতি মোৰ নয়নৰ
 দুধাৰি বিচ্ছেদ লোতকেৰে।

[  ]

কেতিয়াবা সুঁৱৰিলে অতীত সপোন
 এৰি যোৱা জিৰণিৰ ঠাই
মনত পেলাবি পোনা! আছে আশাকৈ
 এধা পোৰা এখনি হিয়াই।

অভাগী মাৰ

[  ]

বৰাগীৰ বীণ

 কৰেনো বাৰগী তই ঐ
  বীণ খনি কিয়নো বজালি,
(মোৰ) হিয়াত গুপুতে লিখা
আশাৰ সোনালী ৰেখা
 অকালতে কিয় মুচি দিলি।

তোৰ বিষাদৰ সুৰে
 ভাঙ্গিলেহি আশাৰ প্ৰতিমা,
  কৰি মোক আকুল বলিয়া
  আবেগত প্ৰাণ মতলীয়া
   সানিলেহি হৃদয়ত বিষাদ কালিমা।

   আশা গল তৃপ্তি গল
    হল শেষ চিৰদিনলৈ;
   নতুন অতিথি ৰূপে
    বিষাদক কৰিলো বৰণ,
   তোৰে আঙ্গি ভগা বীণ লৈ
    বৰি ললো জীৱন মৰণ।

   গালো গীত তোৰেই
      সুৰত,

[  ]

সুৰে আহি তুলি
 প্ৰতিধ্বনি
কই গল কাণে কাণে
 নীৰৱ সুৰত
মৰণৰ শেষ গীতি
 বিদায় জাননী।

—কলিকতা—
৬।৭।৩২

কৰুণ (কটনিয়ানত প্ৰকাশিত)

অতুলন অপৰূপ
 জীৱন মাধুৰী তোৰ
 ফুটি উঠি অমাত সুৰত
নিতাল জগতে তাৰে
 সুৰ তুলি লৈ
 গাব গান সুদূৰ কুলত।
সেই হেতু হিয়া তোৰ
 দুগুণে ভাগক
 ভাগি যাক সৰু হিয়া খনি,
মৰতৰ ভগা বীণ
 পুনৰ বাজিলে
 জোৰা খাব তোৰো হিয়া খনি।

[  ]

কল্পনাৰ আদি আৰু
 শেষ সঙ্গমত
সৃষ্টি আৰু প্ৰলয়ৰ
 মিলন ক্ষেত্ৰত
যুগ আৰু যুগান্তৰ
 মাজ সীমাতেই
জন্ম তোৰ মৃত্যু তোৰ
 অনাদি ক্ষণত।

—কলিকতা—
৪।৯।৩২


অজান বাতৰি(আৱাহনত প্ৰকাশিত)

অনাদি কালৰে পৰা
 কত জন্ম জন্মান্তৰে
গীত আৰু কান্দোনৰ
 একেটি কৰুণ সুৰে
 জগতৰ চকুলো পেলাই,
অজানিতে কৈ যায়
 কাণে কাণে জগতবাসীক
জীৱনৰ প্ৰভাতি সুৰত
 গোৱা গীত

[  ]

শেষ হোৱা সন্ধিয়াৰ
 হিয়া ভৰা
  বিদায় সঙ্গীত
বাজিব যি দিনা
 হই এক

গুপুত বীণত,
 বাজিব যি দিন
দুই গীত এক সুৰে,
সি দিনাই
 হব আগমনী
মুকুতিৰ অভিনয় খনি
 চিৰ দিনলৈ।

তাৰে সেই
 অজান বাতৰি
কত যুগ যুগান্তৰ পৰা
ধীৰে ধীৰে জগতৰ
 মানৱ প্ৰাণত
ধ্বনিতৰ প্ৰতিধ্বনি হৈ
 ৰই ৰই সুদুৰৰ পৰা
বাজি অছে একেটি সুৰত।

গুৱাহাটি—
১৯২৫ সন।

[  ]

অজান স্মৃতি

হল আজি বহুযুগ,
 ইয়াতেই বাজিছিল
 বিৰহীৰ বীণ
উঠিছিল সুমধুৰ গীত।
 ইয়াতেই হৈছিল
  আতমাৰ
  সমাধি মিলন।
হল আজি যুগৰ অতীত।
 হল আজি বহুযুগ
  আহি পালো
  যুগৰ শেষত,
নাচিছিল হিয়া মোৰ
 অজানিত
  স্মৃতি স্পন্দনত।
স্পন্দনত কঁপিগল হিয়া,
 বাজি গল
  অজান সুৰত
মাৰ যোৱা সেই গীত ফাকি,
 যি গীতত আতমাই
  সমাধি মিলন
কৰিছিল লাভ সেই
 বহুযুগ অতীত কালত।

কলিকতা ইং১৯৩২ চন।

[  ]

নতুন সুৰ

বহুযুগ অতীতৰ
পাহৰণি গীত ফাকি গাই
কল্পনাৰ সুমধুৰ
স্মৃতি ছবি ফুটে মাৰ যায়।
নিতে নিতে অন্তৰৰ
গুপুত বীণত
তুলি যায় প্ৰতিধ্বনি
অতীত সুৰত।
সুদূৰৰ গীতৰ ধ্বনিত
কত শত কৰুণ উচ্ছ্বাস
জগতৰ কৰুণ হিয়াত
চকুলো পেলাই থৈ
বিননিৰ বোৱালে প্ৰৱাহ।
সি সোঁতত উটি গ’ল
কত শত তৰণৰ প্ৰাণ
কঙ্কণ সুৰত মিলি
তৰুণৰ পুৱঁতিৰ গান।
বই গল এটি সোঁত
জগতত নৱজীৱনৰ
সি সোঁতত উটিযায়
শত গীত নতুন সুৰৰ।

গৌহাটী ইং ২৭

[ ১০ ]

ব্যৰ্থতাৰ সুৰ (বন্ধু বিয়োগত)

কত দূৰ দূৰণিৰ
 নজনা দেশত
ফুলি থকা শেৱালিৰ
 বগা পাহিটিত,
মলয়াৰ ঢৌৱে আহি
 কৈ গল হৃদয় কঁপাই
কাণে কাণে অদূৰৰ
 মৰণৰ বাতৰি জনাই।

সৰি গল ফুলি থকা
 শেৱালিৰ বগা পাহিকিটি
লাহে লাহে আতঁৰিল
 সুকোমল দেহাৰ মাধুৰী,
মাৰ গল চিৰদিনলৈ
 শেৱালিৰ শুৱনী ছবিটি—
 অবিচ্ছেদ আশাৰ হাঁহিটি।

সৰি থকা শেৱালিৰ
 আলসুৱা কোমল হিয়াত
পৰি গল নিয়ৰৰ
 চকুলো মলয়াৰ বা’ত।

[ ১১ ]

অপূৰ্ণ হিয়াৰ আজি
 তৰ্পণ তৃপিতি
সনা ৰল বেদনাৰ
 চকুলো এটুপি।

ব্যৰ্থতাৰে ভৰা এই
 অপূৰ্ণ হিয়াৰ
 বেদনাৰ চকুলো দুধাৰি
নিঠুৰ মলয়া আহি
 নিলে উটুৱাই
 ব্যৰ্থতাৰ জনাই বাতৰি।

বই আহি শেৱালিৰ
 চকুলো এটুপি
 কৰ পৰা অসীমৰ বা'ত
অলক্ষিতে পৰিলেহি
 মোৰ এই কোমল হিয়াত।

কল্পনাৰ সুদূৰ পুৰীত
 মোৰ এই জীৱন বীণত
অজানিতে ব্যৰ্থতাৰ গীতি
 বাজি গল উদাস সুৰত।

[ ১২ ]

জীৱন স্মৃতি

পচিমৰ হুমুনিয়া
 পছোৱা ছাতিৰ সতে
 পৰি গল চকুলোৰ ধাৰ,
জীৱনৰ ফুলনি খনিক
কৰুণ চকুৰ লোৰে
 কৰিলেহি মাথো ছাৰখাৰ।

শেষ হল ফুলনিৰ
অপূৰণ জীৱন মাধুৰী
 ৰল মাথোঁ চকুলোৰ চিন
শেষ হল হুমুনিয়া
লগে লগে বাজি গল
 জীৱনৰ সকৰুণ বীণ।

দূৰণিৰ পৰা আহি
 ভাগৰুৱা অচিন পথিকে
 দিলে ভৰি ফুলনি খনিত,
ৰই গল চিন এটি
 ভাগৰুৱা পথিকৰ
 ফুলনিৰ কোমল মাটিত।

[ ১৩ ]

লাহে লাহে আঁতৰিল
ধুমুহাৰ প্ৰলয়ৰ ৰূপ
ৰণ মাথোঁ চিন পথিকৰ
অলক্ষিতে এই গল
ভাগৰুৱা পথিকৰ
অজানিত চিন জীৱনৰ

জীৱনৰ সকৰুণ তান
যি দিনাই বাজিলেহি
অতীতৰ কৰুণ বীণত
ছিগি গল একেডালি তাঁৰ
মোৰ এই কোমল হিয়াৰ
চকুলোৰ প্ৰৱল সোঁতত।
সেই সোঁত আহে বই
জীৱনৰ ফুলনি খনিত
পৰে আহি অচিন পথত।

উটুৱাই অসীম পথত
জীৱনৰ অজান স্মৃতিৰ
এটি ৰূপ সুদূৰ বিশ্বত।

গুৱাহাটী
১১৷৮।৩৩

[ ১৪ ]

জীৱন শেষত

লক্ষ্যহীন আতমাৰ
 সুদূৰৰ অসীম পুৰীত
সাজিথোঁৱা সযতনে
 মন্দিৰৰ পূজাৰ বেদীত
যি দিনাই অৰপিলো
 মোৰ এই সৰু হিয়াখনি
সি দিনাই মচি নিলো
 জগতৰ অতীত কাহিনী।

জগতত চিন থলো
 আজি মোৰ ভগা বীণা খনি
জনমে জনমে মোৰ
বাজিছিল যি বানত
 অতীতৰ কৰুণ ৰাগিনী॥

যাৰ সুৰে সোঁৱৰাই
অভাগাৰ হৃদয়ত
 অতীতৰ পুৰণি সপোন
অসীমৰ স্মৃতিৰেখা
অজানিতে দাপোনত
 উদঙ্গাই মন্দিৰৰ
 দেৱতাৰ ছাঁয়াৰ ঢাকোন॥

[ ১৫ ]

ভাইটি (ভাতৃ বিয়োগত)

ভাইটি!
একেলগে আমি দুয়ো
 আছিলো উমলি
 ফুল পাত ধূলি বালি লৈ,
কিনো বেজাৰত তই
 গুছি গলি গৈ
 অকলৈ মোক এৰি থৈ।

আকৌ ভাইটি তই
 নাহিবিনে ঘূৰি
 নুশুনিম তোৰ মিঠা মাত,
নেদেখিম নেকি তোৰ
 শুৱনী মুখনি
 দেখিলেই হিয়া পৰা শাত?

থাকি যদি বেয়া পাৱ
 কিয় আহিছিলি
 সুন্দৰ স্বৰগ বাস এৰি
সৰগতো মোৰ দৰে
 চেনেহত পমা
 লগৰীয়া পালিনে বিচাৰি?

[ ১৬ ]

দুদিনৰ বাবে আহি
 কিয় দুখ দিলি
 মোৰ এই কোমল প্ৰাণত,
নেপাম যেতিয়া মই
 প্ৰাণৰ ভাইটি
 আৰু তোক এই জীৱনত!



 ৭ম মান শ্ৰেণী
১৩ বছৰ বয়সত লিখা
 ডিব্ৰুগড়

[ ১৭ ]

“জন্ম মৃত্যু”

যাবনো কলৈ আজি
 দুখীয়াৰ নিচলা পৰাণ?
মৃত্যুৰ পিচতে লীন
 হব নেকি শূন্যৰ কোলাত?
হব নেকি তাতে শেষ
 দুখীয়াৰ দুখীয়া জীৱন
কিয়নো যায়গৈ বাৰু
 সীমা ভেদি শূন্য পুৰীলৈ
নাই যদি তাত কোনো
 কোনো এটি মৰণ পথিক
 তেনেহলে যাবনো কলৈ
 মিলি যাব অনাদি বিশ্বত
 চিন তাৰ চিৰ দিনলৈ
 নেথাকিব একো শেষ
 তেনেহলে যাবনো কলৈ?
মৰতিয়া এই জীৱনৰ
 পৰাণ অস্তিত্বখিনি তাৰ
  মিলি যাব অসীম প্ৰান্তত
   শূন্যময় অনন্ত পথত।

[ ১৮ ]

সৌৰ মাৰ্গৰ পৰা
 ঘূৰি আহি জনমিব
 পুনু এটি নিচলা জীবন
  বহু যুগ যুগান্ত শেষত।
হব তেনে শেষ অতীতত
  সকলো জীৱৰ এটি ৰূপ
জ্ঞান বুদ্ধি সকলোৰে
  ফুটি উঠা একেটি স্বৰূপ।

[ ১৯ ]

“মৰণ পথিক”

 সন্ধিয়াৰ বীণ খনি
 নৌ বাজোতেই
 হিয়াৰ কৰুণ গীত
 নৌ গাওঁতেই
 হৃদয়ৰ আশা মুখ
 অতৃপ্ত বাসনা লৈ
 যায় এটি মৰণ পথিক
 বহু দূৰ দূৰান্তৰ মৃত্যু পুৰীলৈ।
 আছে নেকি অনস্তৰ
 সীমাৰ শেষত
 কোনো এটি মৃত্যুবাস
 সুদূৰ কূলত
 সীমা তাৰ, স্থিতি তাৰ
 আছে নেকি কোনোবা দেশত?
নাই যদি মৰণ আবাস,
 যায় নো কলৈ অত মৰণ পথিক?
পথশ্ৰান্ত পথিকৰ
 হিয়াৰ জুৰণি লবলৈ
নাই যদি কোনো এটি বাস,
 অসীমৰ শূন্য কোলাত
নাই যদি জিৰণি আবাস,

[ ২০ ]

সেই দূৰ সুদূৰ শূন্যত
 কতযুগ যুগান্ত কালৰ
 ভাঁহি ফুৰা অসীম শূন্যত,
কত আতমাৰ কত
 হিয়াভগা ব্যাকুল কান্দোন
 নিচলাৰ আতুৰ বিলাপ
 নাই জানো নুঠে ফুটি তাত।

আছে যদি নজনা দেশত
 আবেগৰ চকুলোৰ ধাৰ
তাৰে আহি এটুপি পৰিব
 মৰতৰ নিঠুৰ হিয়াত।

মন তাৰ উথলি উঠিব
 উথলিব ধৰণীৰ বাত
সেই তাৰে ওভটনি লৈ
 সুৰ হব বিশ্বৰ বীণাত।

হিয়া তাৰ দুগুণে নাচিব
মন তাৰ দুগুণে উৰিব
চকুলোৰে মৰত জাগিব
 মৰমৰ সীমাৰ মাজত।

[ ২১ ]

লুইত পাৰত

লাহে লাহে লুইতৰ
 নিজান পাৰত
 ফুৰি আছো অকলে বিনাই
লক্ষ্যহীন জীৱনৰ
 গীত ফাকি গাই
 জীৱনৰ ভগাবীণ বাই।

তুলি ললো লুইতৰ
 তপত বালিত
 পৰি থকা গছ পাত এটি
অজানিত কোনোবা দেশৰ
 লুইতৰ নিজান পাৰৰ
 আহিছিল পছোৱাত উটি।

কোনে জানে উলাহতে
 মতলীয়া হৈ
 উটি আহি কালৰ সোঁতত
কিজানিবা বহু দূৰ
 দূৰণিৰ পৰা
 জিৰালেহি সন্ধিয়া পৰত।

[ ২২ ]

কোনে জানে কি জানিবা
 লগৰী লগত
 ফুৰিছিল হেলাৰঙ্গে
 জগতৰ নিৰল পাৰত।
নিৰাশাৰ হুমুনিয়া এটি
 উটি আহি
 পছোৱা সোঁতত
 জীৱনৰ সুৱদী পৰত
কৰিলে পথিক তাক
 জীৱনৰ একেটি বাটেৰে
 মৰণৰ এন্ধাৰ পথত।

অচিন জীৱন তাৰ
 লীন হল অসীম পুৰীত
 চিন থৈ শুকান বালিত
এটুপি চকুলো থৈ
 অপূৰণ জীৱন গীতিৰ
 শেষ সুৰ মৰণ স্মৃতিত।

[ ২৩ ]

—পৰলোকত—
৺পবিত্ৰপ্ৰাণ চাংকাকতি বি, এস্‌, সি,
চমু-জীৱনী।

জন্ম—ইং ১৯১৪ সনৰ ডিচেম্বৰ মাহৰ পহিলা তাৰিখ বুধবাৰ গধুলি পৰত।

 শিৱসাগৰৰ ৺ কৃষ্ণ প্ৰাণ চাংকাকতিৰ মধ্যম পুত্ৰ (পিতা ) ৺ জীৱেশ্বৰ চাংকাকতি ভুতপূৰ্ধ্ব শিৱসাগৰ — বেজবৰুৱা হাইস্কুলৰ হেড্‌মাষ্টৰ।

 (মাতা) ৺ স্বৰ্গীয় কৰ্ম্মবীৰ নবীন চন্দ্ৰ ডাঙৰীয়াৰ প্ৰথমা কন্যা শ্ৰীযুতা নলিনীবালা দেবী।

 শিশু সন্তান পাচোঁটি এৰি থৈ পিতাক ৺ জীৱেশ্বৰ চাংকাকতি, তেত্ৰিশ বছৰ বয়সত কলেৰা বেমাৰত অকস্মাতে অকালতে জীৱন লীলা সামৰে।

 পিতৃহীন শিশু সন্তান কেইটিৰে সৈতে শ্ৰীযুতা নলিনীদেৱীক ৺বৰদলৈ ডাঙৰীয়াই নিজা ঘৰ গুৱাহাটীলৈ লৈ আহি, অতি যতনেৰে শিশু কিটিক প্ৰতিপালন কৰে। শ্ৰীযুতা নলিনী দেবীৰ তিনটি পুত্ৰ, আৰু দুটি কন্যা সন্তান। নিছেই সৰু লৰা ৺ ৰামমূৰ্ত্তি (পুতলি) ১৯২১ সনত মাৰ্চ্ছ মাহত আকস্মিক ভাবে গাত জুই লাগি পাঁচ বছৰ বয়সতে

মৃত্যু হয়। মৃত্যু সময়ত ককাদেউতাক বৰদলৈ ডাঙৰীয়া প্ৰথম কাৰাবাসত। সেই দুৰ্ব্বাৰ শোকত জলা কলা হৈ থকা পৰিয়ালৰ ওপৰত বহু বিপদৰ ধুমুহা বৈ গৈছে ১৯৩৬ সনৰ পৰা। ১৯৩৬ সনৰ ফেব্ৰুৱাৰী মাহত ৺ কৰ্ম্মবীৰ বৰদলৈ ডাঙৰীয়াৰ স্বৰ্গপ্ৰয়াণৰ ছমাহিলী দিনা ৺ পবিত্ৰ প্ৰাণে ইহলীলা সামৰে।

[ ২৪ ]  শ্ৰীযুতা নলিনীদেবীৰ মধ্যম পুত্ৰ পৱিত্ৰপ্ৰাণ সৰুৰে পৰা বৰ নিৰ্জ্জু শান্ত সত্যবাদী আৰু বুজন প্ৰকৃতিৰ লৰা আছিল। সৰু কাল ডোথৰ অলপ ক্ষীণ ৰুগিয়া ধৰণৰ, আৰু সন্তুষ্ট চিত্তৰ আছিল। মাকৰ আৰু গুৰুজন সকলৰ বৰ বাধ্য অনুগত; আৰু বৰ কোমল প্ৰাণৰ ৺পবিত্ৰ সকলোৰে মৰমৰ পাত্ৰ আছিল। মাকৰ আৰু ককাকৰ যত্নত সৰুৰে পৰা সজ শিক্ষা পাই, সভ্য ন্যায়নিষ্ঠা নিৰ্ভিকতা সৰলত। দয়া আদিৰে, ৺পবিত্ৰৰ পবিত্ৰ কোমল মনটি গঢ়ি উঠিছিল নিখুত সুন্দৰ হৈ। ১৯২০ সনৰ জাতীয় আন্দোলনত বিলাতি বৰ্জ্জনৰ বস্ত্ৰ যজ্ঞত যি বিলাতি বৰ্জ্জন কৰিছিল, তেতিয়াৰে পৰা স্বদেশী প্ৰিয় ৺পবিত্ৰৰ গাত কোনেও জীৱনৰ শেষ দিনলৈকে খদ্দৰৰ বাহিৰে অইন কাপোৰ দেখা নেপালে। স্বাধীন চেতা ৺পবিত্ৰৰ মনত কোনো দিনে পৰাধিন ভাৱে ঠাই নেপালে। সৰু কাল ডোখৰ আন আন লৰা ছোৱালীৰ দৰে হাই কাজিয়া মাৰ পিট কৰা পবিত্ৰৰ স্বভাৱ নাছিল। বৰং আনৰ হাই কাজিয়া লাগিলেও মধ্যস্থ হৈ ভাঙ্গিহে দিছিল।

 স্বাৰ্থপৰতা, নিচতাক ৺পবিত্ৰই বৰ ঘৃণা কৰিছিল। সৰুৰে পৰা মিছা কথা কব নেজানিছিল। পশু পক্ষী জীৱ জন্তু দুখীয়া আতুৰৰ দুখ দেখিলে ৺পবিত্ৰৰ কোমল মনটি কান্দি উঠিছিল। ধুনপেচ লাহ বিলাহ সমূলি নাছিল। নিৰ্ম্মল মুখৰ সদা প্ৰসন্ন হাঁহিটি ৺পবিত্ৰৰ শুৱনী ওঁঠৰ লগৰীয়া আছিল। স্বভাৱতে প্ৰিয়দৰ্শন মুখ খন দেখিলে কোনেও ভাল নেপাই নোৱাৰিছিল। পঢ়াশুনাত ৺পবিত্ৰপ্ৰাণ সৰুৰে পৰাই মনযোগী ছাত্ৰ আছিল। কোনো এটি কামত পিচ হোঁহকা বা ভয় কৰা স্বভাৱ ৺ পবিত্ৰৰ নাছিল। স্কুলৰ পঞ্চমমান শ্ৰেণীত পঢ়োতে, এডোখৰ খেল মাটিৰ দৰকাৰ হোৱাত লগৰীয়াবোৰৰ হৈ কমিশনাৰৰ ওৰত নিজে গৈ ভঙ্গা ভঙ্গা ইংৰাজী কথাৰে আবেদন কৰে গৈ। হঠাতে এদিন মাষ্টাৰ [ ২৫ ] পবিত্ৰপ্ৰাণৰ নামে কমিশনাৰৰ চিঠি অহা দেখি ঘৰৰ সকলোৱে আচৰিত হয়। শেষত চিঠি খোলাত দেখা গল যে, খেল মাটিত খেলিবলৈ অনুমতি দি কমিশনাৰে ৺পৱিত্ৰপ্ৰাণলৈ চিঠি দিছে। এনেকুৱা সৰু সুৰা বহু ঘটনাই সৰুৰেপৰা ৺পবিত্ৰৰ সৎসাহ আৰু নিৰ্ভিকতাৰ পৰিচয় দিছিল। প্ৰবেশিকা পৰিক্ষালৈকে গুৱাহাটীৰ কলেজিয়েট স্কুলত পঢ়ি আহিছিল। কিন্তু ১৯৩০ চনৰ সত্যাগ্ৰহ আন্দোলনত মহাত্মাৰ কাৰাবাসৰ দিনা, স্কুল বৰ্জ্জন কৰাৰ অপৰাধত কানিংহাম চাকুলাৰ জাৰি হয়। কানিংহাম চাৰ্কুলাৰত আনডাৰ্‌টেকিং চহী নকৰিলে নিদিলে স্কুলত পঢ়িব নোৱাৰা হোৱাত। আনডাৰটেকিং নিদি স্কুল এৰি একাডেমী স্কুলত ভৰ্ত্তি হয়। আৰু কলিকতা ‘বাচনি’ পৰীক্ষা, আৰু মেট্ৰিক পৰীক্ষা দিয়েগৈ। মেট্ৰিক পৰীক্ষা প্ৰথম বিভাগত পাচ কৰি, কটন কলেজত ভৰ্ত্তি হবলৈ আহোঁতে, আকৌ সেই একে সমস্যাই দেখা দিয়ে। ভূতপূৰ্ব্ব “টমচন” আছিল সেই সময়ত কলেজৰ প্ৰিন্সিপাল। প্ৰিন্সিপালে আনডাৰ টেকিং দিবলৈ কোৱাত স্বাধীন মনৰ সোতৰ বছৰীয়া তেজস্বী ৺পবিত্ৰপ্ৰাণে স্পষ্ট উত্তৰ দিলে, যে “দেশ সেৱা প্ৰত্যেক দেশবাসীৰ কৰ্ত্তব্য, দেশ সেৱা নকৰো বুলি প্ৰতিজ্ঞা কৰা মই মনুষ্যত্বৰ অপমান বুলি ভাবো”। এই কথা শুনি বীৰ জাতি টমচন সাহাবে বৰ ভাল পালে, আৰু হাঁহি মাৰি কলে তেনে তুমি ভষ্যিতলৈ কিবা অপৰাধ কৰিলে কি কৰিম? পবিত্ৰই নিৰ্ভিক ভাবে উত্তৰ দিলে; ‘দেশৰ সেৱাৰ হকে কাম কৰিলে যদি আপোনালোকৰ আইন মতে অপৰাধ হয়, তেনেহলে তেনে অপৰাধ কৰিলে সেই অপৰাধৰ শাস্তি মই নিজে উপযাচি আহি মুৰ পাতিলমহি।

 তথাপি “আনডাৰটেকিং” নিদিলে কলেজত ভৰ্ত্তি হবলৈ দিয়া নহয় বুলি কোৱাত ৺পবিত্ৰৰ কটন কলেজত নাম লগোৱা নহল। আৰু [ ২৬ ] ঘৰলৈ আহি ৺ককাদেউতাকক এই কথা কোৱাত তেখেতে বৰ আনন্দ আৰু গৌৰব অনুভৱ কৰিছিল। ৺ককাদেউতাকে ৺পবিত্ৰৰ স্বাধীন মনত আঘাত লাগে বুলি, কলিকতাৰ সেণ্টজেভিয়াৰ কলেজত পঢ়িবলৈ পঠিয়ালে। তাত দুবছৰ পঢ়ি, কানিংহাম চাৰ্কুলাৰ আইন আসামৰ পৰা উঠি যোৱাত পুনৰ গুৱাহাটী কটন কলেজৰপৰা ৺পবিত্ৰই আই, এস্, চি আৰু বি, এস্, সিও পাচ কৰে।

 তৃতীয় বাৰ্ষিক শ্ৰেণীত থাকোতে ৺পবিত্ৰপ্ৰাণ কলেজৰ ইউনিয়ন চেক্ৰেটাৰী নিৰ্ব্বাচিত হয়। চেক্ৰেটাৰী হিসাবেও ভূতপূৰ্ধ্ব চেক্ৰেটাৰী সকলৰ দৰে কৰ্ত্তা সকলৰ আদেশ মতে কাম কৰা ৺পবিত্ৰপ্ৰাণ নাছিল। তেওঁ সমুহ ছাত্ৰৰ হিতাথে নিৰ্ভিক আৰু ন্যায় ভাবে সকলো কাম কৰিছিল। সেই বছৰতে যেতিয়া কোনো এজন প্ৰফেচাৰে অসমীয়া ছাত্ৰসকলক গালি পাৰি অপমান কৰা বুলি ছাত্ৰ সমাজত বিক্ষোভ আৰু চাঞ্চল্যৰ সৃষ্টি হৈছিল, তেতিয়া ছাত্ৰৰ প্ৰতিনিধি হিসাবে ৺পৱিত্ৰপ্ৰাণে সেই বিষয়ে প্ৰতিকাৰ কৰিবলৈ, ডাইৰেক্টৰ মহোদয় আদি উপৰিয়াল সকললৈ তাৰৰ বাতৰিৰে জনাইছিল। সেই কামৰ পৰা বিৰত কৰিবলৈ কোনো কোনে৷ অধ্যাপক আৰু ছাত্ৰ আদিয়েও বহুত যত্ন কৰিছিল, আৰু ভয় দেখুৱাইছিল। ৺ পবিত্ৰপ্ৰা ে নিজৰ ব্যক্তিগত স্বাৰ্থলৈ অলপো কান নকৰি, নিভিক মনেৰে ছাত্ৰ সকলৰ হিতাৰ্থে সেই কাম কৰিছিল। তাৰ পিচ বছৰ বহুত বাধা বিঘিণি বিপদৰ মাজতো কটন কলেজৰ পৰাই বি, এছ, ছি পাচ কৰে। সেই বছৰতে নগাওঁৰ বান পানীত সাহায্য কৰিবলৈ শ্বিলংঅৰ পৰা অসুস্থতাৰ কাৰণে হাৱা বদলাবলৈ যোৱাৰ পৰা, লৰি আহি বানপানী সাহায্যৰ কাৰণে গুৱাহাটীত আহি অপ্ৰাণ চেষ্টা কৰিছিল। ছাত্ৰ সমুহক গোটাই লৈ সাহায্য কমিটি খুলি, ঘৰে ঘৰে চাউল ডাইল কাপোৰ কানি ভিক্ষা কৰি ফুৰিছিল, [ ২৭ ] গাড়ী এখন লৈ ছাত্ৰ সকলৰে সৈতে টানি টানি সাহায্য গোটাই ফুৰিছিল। চতুৰ্থ বাৰ্ষিকৰ বাচনি পৰিক্ষাৰ সময়ত কৰ্ম্মবীৰ বৰদলৈ ডাঙৰীয়াৰ শকট নৰিয়া ঘৰত হাঁহাকাৰ, সেই বিপদতো ৺ ককাকৰ সেৱা শুশ্ৰূষা কৰাত পবিত্ৰপ্ৰাণে ত্ৰুটি কৰা নাছিল। ইপিনে বাচনি পৰীক্ষাৰ পঢ়াৰ হেঁচা ইপিনে ঘৰত সাংঘাতিক বিপদ দেৱোপম ককাক মৃত্যু শয্যাত, সেই ৰোগেই ককাকৰ শেষ ৰোগ। সেই বিপদৰ মাজতো পৰীক্ষাদি বাচনিত উঠিল। আৰু ৺ ককাকৰ মৃত্যু শ্ৰাদ্ধাদি শোক সন্তাপৰ মাজতেই তেওঁ ফাইনেল পৰীক্ষাও দিব লগা হল। আৰু সেই পৰীক্ষা দি তেওঁ কৃতকাৰ্য্য হল।

 খেল ধেমালিত অতি উৎসাহী আৰু আগ ৰণুৱা আছিল। টেনিস খেলাত কলেজৰ পৰ ১৯৩৬ সনত এটি ৰূপৰ পদক লাভ কৰে। হকি, ফুটবল, বেডমিনিটন, ভলি, টেনিস সকলোতে পাৰদৰ্শী আছিল। ৰাইজৰ সকলো হিতকৰ অনুষ্ঠানত তেওঁৰ যোগ আছিল তেওঁ একতা সভাৰ সম্পাদক আছিল। অসীম জ্ঞান স্পৃহা আছিল ৺পবিত্ৰপ্ৰাণৰ বিশেষত্ব। সৰুৰে পৰাই নানা পুথি অধ্যয়ন। নানা দেশৰ চিত্ৰ, মুদ্ৰা টিকিট আদি গোটোৱা তেওঁৰ স্বভাৱ আছিল। খবৰৰ কাগজৰ ভাল ভাল প্ৰবন্ধ আদি কাটি কাটি গোটাইছিল। নানা গ্ৰন্থকাৰ আবিষ্কাৰক নেতা আৰু নানা চিত্ৰ সংগ্ৰহ কৰি তেওঁ এখনি এলবাম কৰি থৈছিল। এই কম বয়সতে তেওঁ পৃথিৱীৰ নানা সংবাদ ৰাখিছিল। ৺ ককাকৰ দৰেই দেশৰ আঁতি গুৰি অভাৱ অভিযোগ সকলোৰে খবৰ ৰাখিছিল। নিজৰ কোঠাতে এটি সৰু লাইব্ৰেৰী পাতি লৈছিল। আৰু কিতাপ সংগ্ৰহ কৰিছিল। কলেজৰ পৰা অৱসৰ লৈ তেওঁ গীতা সম্বন্ধে শিক্ষা কৰিবলৈ বৰ উৎসুক দেখা গৈছিল। সৰুৰে পৰা সত্যাশ্ৰয়ী পবিত্ৰপ্ৰাণে সদায় ঈশ্বৰ তত্ব সম্বন্ধে চিন্তা কৰিছিল। মৃত্যুৰ কেই [ ২৮ ] দিন আগতে এটি “মূৰ্ত্তিপূজা” নামৰ ধৰ্ম্ম সম্বন্ধীয় গল্প লেখিছিল। আৰু সেই গল্পৰ সাৰ কথা খিনি মৃত্যুৰ তিনদিন আগতে ঠিৰ হৈ সকলোকে কৈছিল। মোটতে কৰ্ম্মবীৰ ৺ ককাকৰ আদৰ্শ লৈ জীৱন গঠন কৰিবলৈ সদায় তেওঁৰ ইচ্ছা আছিল। জনপ্ৰিয় ৺ ককাদেউতাকৰ দৰে, কুমলীয়া ৺ পবিত্ৰপ্ৰাণকো সকলোৱেই মৰম চকুৰে চাইছিল।

 তেওঁৰ বন্ধু বান্ধৱ বিলাকৰ তেওঁ বৰ প্ৰিয়, আৰু বিশ্বাস ভাজন আছিল। স্বভাৱতে তেওঁ দীঘল ঋজু শৰীৰ আৰু অতি সুন্দৰ শিশুৰ দৰে মুখখনিয়ে আৰু স্বৰ্গীয় হাঁহিটিয়ে সকলোৰে মন পমাইছিল। সেই শুভ্ৰ সুন্দৰ মুখ খনিত মলিনতাৰ চিন নাছিল। আছিল মাথোন এটি সুকোমল নিৰ্ম্মল স্বৰ্গীয় ভাব। সৰুতে ৺ ককাদেউতাকে সদায় “দেৱশিশু” বুলি মাতিছিল। ৺ ককাদেউতাকে স্বাধীন চিতিয়া নিৰ্ম্মল অন্তৰৰ পবিত্ৰপ্ৰাণক বৰ স্নেহ কৰিছিল, আৰু ভৱিষ্যতলৈ এটি আশা ৰাখিছিল। পবিত্ৰপ্ৰাণেও ভৱিষ্যতলৈ দেশ সেৱাত ব্ৰতী হবলৈ মনে মনে সঙ্কল্প কৰি থৈছিল। আৰু সেই উদ্দ্যেশ্যেৰেই ল কলেজত নাম লগাইছিল। যি দিনাই তেওঁ ল কলেজত নাম লগাই, সেই দিনাই নিশা জ্বৰ উঠিল, আৰু সেই জ্বৰেই কাল ৰূপে মাৰ মূৰ্ত্তি ধৰি ন দিনতে সন্নিপাঁত হৈ একৈশ বছৰ ন মাহত পুণ্য আত্মা ৺ পবিত্ৰপ্ৰাণক সামৰি ললে।

সন্তপ্ত বন্ধু “দেৱ”
১৭।১২।৩৮