[ ৬ ]
নেজানিছিল। ভাবুক চিত্তৰ তন্দ্ৰা ভাঙ্গি মাজে মাজে যি একোটী প্ৰশ্ন কৰি উঠা, তাতেহে মাথো বুজিব পাৰিছিলো তোমাৰ অন্তৰৰ গভীৰতা, দিগন্তু প্ৰসাৰিত তোমাৰ ভাবৰাশিৰ পৰিচয়।
শিশুকালতে পিতৃহীন পোনা মোৰ, তাতেই অলপ ক্ষীণ ৰুগীয়া ধৰণৰ, শান্ত স্বভাৱ, চিৰবাধ্য, চিৰ সত্যবাদী, জীৱনত কোনোদিনে মিছা এষাৰ নকলা, মুখ খনি দেখিলে হিয়া পমি যায়। জীৱনৰ এপতীয়া কালতে তোমাৰ অসীমজ্ঞান স্পৃহাৰ পৰিচয় ফুটি ওলাইছিল তোমাৰ নানা তথ্য সংগ্ৰহত। মনত আকাঙ্ক্ষ্যা আছিল পৰীক্ষাৰ পঢ়াৰ পৰা অৱসৰ লৈ জ্ঞান উপাৰ্জ্জন কৰা। গীতা সম্বন্ধে তোমাৰ অসীম আগ্ৰহ আছিল। নানা গ্ৰন্থ মাথোন গোটাই গৈছিলা৷ অৱসৰ কাল ডোখৰত পঢ়িবলৈ, কিন্তু সময় নেপালা, কিন্তু বাছা! বাসনাৰ বিনাশ নাই, এই জনমৰ তোমাৰ অপূৰ্ণ বাসনা আগৰ জন্মত সফল হব। কিছুদিনৰ পৰা ঈশ্বৰৰ তত্ব স্বৰূপ সম্বন্ধে তোমাৰ মন বৰ উৎসুক হৈ উঠিছিল। সদায় চিন্তা কৰা ব্ৰহ্ম আৰু চৈতন্য সম্বন্ধে বা গ্ৰন্থ আদি পাঠ কৰা প্ৰায়েই দেখিবলৈ পাইছিলো। সেই ভাৱ তৰঙ্গৰে বিকাশ হৈছিল। তোমাৰ জীৱনৰ শেষ সময়ৰ "মূৰ্ত্তিপূজা" গল্পত! তোমাৰ সৰু হিয়াখনিৰ ঠাই আছিল বহু ওখত। মৃত্যু শয্যাত প্ৰচণ্ড প্ৰলাপৰ শাম কাটিছিল, নাম স্ত্ৰোত্ৰ আদি পাঠ কৰাত। হঠাতে শেষৰাতি তুমি কৈ উঠিলা, সেয়ে তোমাৰ সুন্দৰ মুখৰ শেষবাণী। শুনা, শুনা, সকলোৱে শুনা মোৰ এই যে শেষ কথা। জ্ঞানোন্মেষৰ লগে লগে মোৰ মনত ঠাই পাইছিল, ঈশ্বৰ অসীম। অসীম পূজা সেৱাত মই তৃপ্তি নেপাইছিলো। ভগৱান সমুখত, যি অনন্ত শক্তিৰ প্ৰভাৱত এই বিশ্বৰ সৃষ্টি আৰু ধ্বংশত পৰিণত হৈছে, যি শক্তিৰ প্ৰভাৱত এই অনন্ত গ্ৰহ উপগ্ৰহ সৌৰ জগতৰ আবৰ্ত্তন বিবৰ্ত্তন, যি মহান শক্তিৰ প্ৰকাশ এই ৰহস্যময়ী প্ৰকৃতি যি অনন্ত শক্তিৰ মুহুৰ্ত্তৰো বিৰাম নাই, দৃশ্য অদৃশ্য এই জগতৰ যি নিগূঢ় চৈতন্যই কৰ্ম্ম কৰিব