পৃষ্ঠা:অসীমৰ বীণ.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৯ ]

থিতাতে ভাঙ্গিল মোৰ সুখৰ সপোন
 মাৰ গল পুৱঁতিৰ তৰা।
খন্তেকলৈ পোহৰাই আন্ধাৰ কুটিৰ
 কৰি গলি এন্ধাৰেৰে ভৰা।
চিৰ অন্ধকাৰ মোৰ জীৱন পথৰ
 নুপুৱায় আঁউসীৰ ৰাতি
শুৱনি মুখৰ আৰু মধুৰ হাঁহিৰে
 নজলায় পূৰ্ণিমাৰ ৰাতি।
সপোনতে কৈ গলি অ' মোৰ বৌতি
 মই আছো তোৰেই কাষত
আনবোৰ যেনেদৰে ময়ো তেনেকৈ
 আছো দেখো তোৰেই লগত।
আছবাছা পাওঁ তোক হিয়াৰ মাজত
 স্মৃতিৰূপে আছ ই বুকত
(তোৰ) লাহৰী মুখৰ মাত নুশুনিম আৰু
 নেদেখিম চকুৰ আগত।
মায়াতীত হিয়া তোৰ হয়তো নোপোৰে
 এৰি যোৱা বিৰহ তাপত
মোৰ মৰু ধৰণীৰ তৃষাতুৰ হিয়া
 দেই যোৱা চিৰ সন্তাপত।
তোৰ ই বিদায় পথ চিৰদিনলৈ
 ৰঙ্গা মোৰ বুকুৰ তেজেৰে
ৰব চিৰকাল তিতি মোৰ নয়নৰ
 দুধাৰি বিচ্ছেদ লোতকেৰে।