পৃষ্ঠা:অসীমৰ বীণ.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৭ ]

লাগিছে, সেয়ে মোৰ ভগবান। এয়ে যে তোমাৰ শেষবাণী, ইয়াৰ পিচত আৰু মই তোমাৰ লাহৰী মুখৰ মাত নেপালো।

 আজি তোমাৰ আৰু মোৰ মাজত জীৱনৰ সুদীৰ্ঘ ব্যৱধান। তুমি সিপাৰত তোমাৰ অশৰীৰি ভাবময় শৰীৰেৰে ভাবসাগৰত ভাঁহি ফুৰিছা। আৰু মই এই জীৰ্ণ জাড় দেহৰ বোজা বৈ তোমালৈ শেষ কৰ্ত্তব্য সমাপন কৰিছো। ই মোৰ বিধিলিপি চিৰ কৰণাময় প্ৰেমৰ দান। তোমাৰ প্ৰতি মোৰ মাতৃৰ কৰ্ত্তব্যৰ সমাপ্তি নহল। জীৱনৰ বহু ত্ৰুতি বহু ভুল ৰৈ গল। সুধৰাবৰ সময় নহল। প্ৰানৰ বাছা মোৰ শোকাতুৰা অভাগী মাৰক পাৰিলে ক্ষমা কৰিবা।

—অভাগী মাৰ—
শ্ৰীনলিনীবালা দেৱী