তৰ্পণ
প্ৰাণৰ মাখু!
হৃদয় স্মশানৰ আধাপোৰা হাড় কিডাল বুটলি আনিছো, তোমাৰ স্মৃতিৰ তৰ্পণ দিওঁ বুলি। ইও সেই জন্মজন্মান্তৰৰ কৰমৰ লেখা, বিধাতাৰ বিধান। কত জন্ম জন্মান্তৰৰ সঞ্চিত কৰমৰ লিপি এই ললাট লিখনত লিখা আছে তাক কোনে জানে? জানে মাথো সেই অদৃশ্য কৰ্ম্মীয়ে যাৰ বিধানত এই বিশ্বত প্ৰতিমুহুৰ্তে অলেখ অঘটন ঘটিব লাগিছে, প্ৰতি নিমেষত কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি প্ৰলয়ৰ লীলা চলিব লাগিছে। যাৰ ত্ৰিগুণময়ী প্ৰকৃতিৰ তাণ্ডব লীলাৰ অনন্ত প্ৰৱাহে, এই বিশ্বৰ প্ৰতি অনু পৰমানু স্পন্দনময়ী কৰি তুলিছে, মুহুৰ্ত্তে মুহুৰ্ত্তে অলেখ ৰূপ দিব লাগিছে। এই বিশ্ব মহাসাগৰৰ বুৰবুৰণিৰ এমুঠি জীৱ আমি, সৃষ্টিৰ আদি পাতনিৰে পৰা বিবিধ অভিনেতা ৰূপে নানা ৰূপে ভাও দিব লাগিছো। পানীৰ বুৰবুৰণি যেনেকৈ কোনোটো ডাঙ্গৰ, কোনটো সৰু; কোনোটে৷ অলপ বেলি থাকে, কোনোটো বা খন্তেকতে উঠি মাৰ যায় এই জীৱ প্ৰবাহৰে৷ কোনোটো অলপ দিন স্থায়ী, কোনোটি বা দুদিন বিকশিত হৈয়ে মাৰ যায়। পানীৰ বুৰবুৰণি পানীতে মাৰ যায় আকৌ নতুনকৈ ফুটি উঠে।
তুমি মই, এইদৰেই অনন্তকাল ঘুৰি কোটি কোটি জনমৰ অভিনয় কৰি আহিলোঁ! কত শতবাৰ তুমি ভিন ভাবে, মই ভিন ভাবে কাৰো পিতা, কাৰো মাতা, কাৰো পুত্ৰ-কন্যা, কাৰো স্বামী, কাৰো স্ত্ৰিৰূপে অভিনয় কৰি আহিছোঁ। কতোবা স্থাবৰ জঙ্গম কীট পতঙ্গ জলচৰ স্থলচৰ ৰূপে জনমৰ ভাও দি দি আহি, আজি এই জনমত মাতা পুত্ৰৰূপে চিনাকী হলোহি। তুমি আহি পুত্ৰৰূপে আজি একুৰি এবছৰ মোৰ