পৃষ্ঠা:অসীমৰ বীণ.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৺পবিত্ৰপ্ৰাণ চাংকাকতি⸺


জন্ম ১৯১৪⸺মৃত্যু ১৯৩৬


 এই পুথিখনিৰ কবিতা কেইটি শোকৰ স্মৃতিৰে জড়িত। নৌ ফুলুতেই মাটিত সৰিপৰা ফুলৰ দৰে কুমলায়া ডেকা অৱস্থাত কালৰ গ্ৰাসত পৰা ৺পবিত্ৰপ্ৰাণ চাংকাকতিৰ প্ৰথম উদ্যমৰ এই কেইটি কবিতা। পৰ-লোকগত লিখকৰ মাতৃ শ্ৰীযুক্তা নলিনীবালা দেবা ‘সন্ধিয়াৰ সুৰৰ’ কবি হিসাবে অসনৰ শিক্ষিত সমাজত জনাজাত। ৺ পবিত্ৰপ্ৰাণৰ অতি সৰু কালতেই পিতৃ বিয়োগ ঘটাত তেওঁৰ মাতামহ কৰ্ম্মবীৰ শ্ৰদ্ধেয় ৺নবীন চন্দ্ৰ বৰদলৈ দেৱৰ লগত থাকি তেখেতৰ যত্নতে ডাঙ্গৰ দীঘল হয়। এনে মাতৃ আৰু মাতামহৰ আৰু বৰদলৈ পৰিয়ালৰ সুপৰিবেষ্টনৰ গুণত ৺পবিত্ৰপ্ৰাণৰ অন্তৰত সৰুকালৰে পৰা সৰলতা নিৰ্ভিকতা, দেশ-প্ৰেম, চিন্তা-শীলতা, আদি গুণৰ চিন পোৱা হৈছিল। অনেক বিষয়ত তেওঁ সৰুকালৰে পৰাই বয়সীয়া যেন বহুত কথাত লাগে। তেওঁৰ কবিতা কেইটিৰ গধুৰ ভাবেও তাকেহে কয়। দেশপ্ৰেণ আৰু স্বাধীনতা তেওঁৰ বিশেষত্ব আছিল। সবৰে পৰা মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁ কেতিয়াও বিদেশী বস্তু ব্যৱহাৰ নকৰিছিল। বিখ্যাত কানিংহাম্‌ চাৰ্কুলাৰ অনুযায়ী কিছুমান আপত্তিজনক কথাত সন্মতি দিব লগা হোৱাত তেওঁ ৰাজকীয় বিদ্যালয়কে এৰি দিয়ে। আৰু যেতিয়া তেনে আত্মসম্মান হানি জনক সত্ব চৰকাৰে উঠাই লয়, তেতিয়াহে কটন কলেজত ভৰ্তি হয়। কলেজত তেওঁ য়ুনিয়ন ছোচাইটিৰ চেক্ৰেটৰী আছিল। ইয়াৰ বাহিৰেও কেইবাটীও ৰাইজৰ হিতকৰ অনুষ্ঠানৰ উদ্যোগী কৰ্মী