বীণ-বৰাগী

(Bin-Baragiৰ পৰা পুনঃনিৰ্দেশিত)
[ বকলা ]














[  ]


 ॥১॥

শুনিবা প্ৰাণৰ বীণখনি মোৰ,
 আহিছোঁ ভাগৰে-দুখে
বেজাৰৰ কথা কৈও অন্ত নাই,
 মাতও নুফুটে মুখে।
দুখ-ভাগৰৰ অন্ত তোমাতেই,
 সন্তাপ আঁতৰাই নিয়া—
তোমাতে আশ্ৰয়, তোমাতে নিৰ্ভয়
 তোমাতে নিচুক হিয়া।
লক্ষ হৃদয়ৰ লক্ষ দুখকণা
 বান্ধিছা একোটি সুৰে,
তোমাৰ প্ৰাণেৰে মহাপ্ৰয়াণত
 দুখো সুখ হৈ পৰে।
সুখৰ দুখৰ মিলনৰ ৰেখ
 মাৰ গ’ল কোন পিনে?
দুখৰ লগতে সুখ ধৰা পৰে,
 সুখ-দুখ কোনে চিনে
বায়ুৰ সৈতে যি খেল তোমাৰ
 পৰশে হৃদয় তলি,
চৈধ্য ভূবনৰ মিলনৰ ঢৌ
 বায়ুৰে ফুৰিছে খেলি।

[  ]

উঠি হৃদয়ত লীণ হয় ক্ষণে
 দৰিদ্ৰৰ মনোৰথ,
উধায় কল্পনা, অসীম জগৎ
 ধৰিছে আকাশী-পথ।
বিচাৰিছে প্ৰাণে যি ধন-সম্পদ
 উতলা যিহৰ লাগি
এয়ে সেই যাৰ আশাতে হৃদয়
 আছে নিশি-দিন জাগি।
মুকলি মনৰ মানৱী মূৰ্তি
 অকলঙ্ক মধুৰিমা,
দিব্য দৃষ্টি এয়ে সচেত সপোন,
 —নাই সপোনৰো সীমা।।

কিনোনো কৈ যাম, কিনোনো শুনিবা,
 দুখৰে উপৰি দুখ।
কুকুৰে কামোৰে, ছৱালে দলিয়ায়,
 কতো নিমিলে সুখ,
দুখীয়াৰ কথা কোনেনো শুনিব?
 শুনিও নুশুনে কেৱেঁ,
পদূলিৰ পৰা খেদি পঠিয়ায়,
 বলিয়া বুলিহে হাঁহে।
কাকেই বা ক’ম, কোনে পতিয়াব?
 শুনিবা প্ৰাণৰ বীণ?
তোমাতে আশ্ৰয় মাগিছো হে দেৱি,

[  ]

 বৰাগী দুখীয়া দীন।
মনে মনে কম মনৰ কথাটি,
 মনৰ তলিত গথাঁ,
তোমাৰ হিয়ালৈ ববহে নিজৰি
 সন্তাপী হিয়াৰ কথা।
প্ৰাণৰ প্ৰাণত দুখীৰ দুৰ্দশা
 বাজিছে আপোন ৰাৱে,
জগৎ জুৰিব, তোমাৰ হিয়াত
 পৰি প্ৰতিধ্বনি ভাৱে।
দুগুণ শুৱলা দুগুণ সুন্দৰ
 ফুটিব মুখৰ মাত,
দুগুণ সাহেৰে-দুগুণ শকতি
 পামহে দুৰ্বলী গাত॥
নুশুনা লোকেও শুনি ৰৈ যাব,
 শুনিব দুখৰ কথা,
এখন্তেক ৰ’ব, শুনি পমি যাব,
 বুজিব বেজাৰ-ব্যথা।
শুনা তেন্তে শুনা, শুনা দেৱি শুনা,
 কৈ লঘু হক হিয়া,
নোৱাৰোঁ বব বেজাৰৰ ভাৰ,
 দিয়া পাতলাই দিয়াঁ।
গোটেই সংসাৰ দুখৰ বোজাটো
 নহয় যে এলাপেচা,
সেয়ে প্ৰতি ক্ষণে খুন্দিয়াই মোক

[  ]

 বুকুত গধুৰ হেঁচা৷
তোমাৰ বিননি শুনি থৰ হয়
 পশু-পখী গছ-লতা
লুইত উজায়, জোন তধা লাগে,
 মানুহৰ কিবা কথা?
হুমুনিয়াৰাশি মৰম পৰশি
 তোমাৰো বিদাৰে হিয়া,
সৰগৰ বীণ লৱণুত অধিক
 কোমলৰো কুমলীয়া৷
মানুহৰ দুখ বুকুত সুমাই
 লইছা যতন কৰি,
অমৃতৰ ধাৰা শান্তি ছটিয়াই
 লইছা সন্তাপ হৰি৷
একৰ দুখক এশত ভগাই
 পাতলোৱা দুখ ভাৰ,
মানুহ প্ৰাণৰ এশ সুঁতি আনি
 বোওৱাঁ একোটি ধাৰ,
গোৱাঁ দেৱি গোৱাঁ প্ৰাণৰ কথাটি
 শুনক জগতে গোৱাঁ৷
গোৱাঁ আজি মোৰ প্ৰাণৰ ধাউতি
 প্ৰাণে প্ৰাণে মিলি গোৱাঁ৷
তোমাৰ সুৰতে প্ৰাণ লীন গৈ
 উঠক সকলো ব্যাপি,
প্ৰাণে প্ৰাণে মিলি হিয়াৰ কথাটি

[  ]

 তোমাতে দিলো যে সঁপি॥

 ॥২॥

সুখ সুখ বুলি ফুৰিলো বিচাৰি
 সুখৰ দেখাদেখি নাই,
পাই পখিলাটি সুধিলো এদিন
 সুখ কেনেকুৱা ভাই?
থাপতে চিলাই নিলেহি উৰাই
 সুখ কেনে কোনে কয়?
কোৱাঁ বীণ কোৱাঁ সুখ কেনেকুৱা,
 ―কতো সমিধান নাই৷
সুখ বোলে হেনো সংসাৰৰ সাৰ,
 ওলালোঁ জোলোঙা লৈ,
সংসাৰখনৰ দুৱাৰে দুৱাৰে
 ঘূৰি খেদা খালো গৈ৷

হে প্ৰাণৰ বীণ! যি দেখিলোঁ আৰু
 ক’বলৈ লাগিছে বেয়া,
দুখীয়াৰ দুখ দুৰ্বলীৰ শাস্তি
 দেখি ফাটি যায় হিয়া৷
দেখিলোঁ কেনেনো নৰ-সমাজত
 বিষম জঞ্জাল হায়!
মানুহে মানুহে পৰতকৈ পৰ,
 এফেৰি মৰমো নাই৷
নিছলা দুখীয়া দেখিলে ঘিণায়,

[  ]

 ডাঙৰৰ ডাঙৰ ভেম,
বলীৰ ভয়ত কোচমোচ খায়
 নিঃকিনৰ পৰম যম
ঘৰে ঘৰে চোঁৱা মিলা-প্ৰীতি নাই,
 খোলাকটিতেহে প্ৰাণ,
ধন-সোণ সাঁচি ধন ধন কৰি
 এৰিলে ধৰম জ্ঞান৷
কোঢ়াল-কন্দল হাই-উৰুমিৰে
 পৰ মানুহৰ ঘৰ,
কণাকড়ি এটালৈকে লাগে দ্বন্দ,
 নেজানে আপোন-পৰ৷
সোৱাদ নজনা মাতোটি মুখৰ,
 বেজাৰ দিবহে পাৰে,
জীৱনক কৰি তিতাৰেই পূৰ
 আপদ চপাই মাৰে৷
কুটুমেই ৰান্ধে, কুটুমেই বাঢ়ে
 কুটুমে কুটুমক খায়,
কুটুমৰ তেজেৰে বন্তি জ্বলালো
 —মজিয়া ভকেভকায়৷
মানুহৰ তেজ শুহি শুহি খায়
 মানুহ ৰাক্ষসে চোৱাঁ—
চোকা চোকা মাতে বিন্ধে প্ৰাণলৈকে
 নুবুজে আনৰ হিয়া,
এবিধ চোৱাঁচোঁ মুখৰ সোৱাদে

[  ]

 জিনিলে জগতখন,
হলাহল বাকি পিছেহে শুহিব
 লোকৰ প্ৰাণৰ ধন৷
ফুলনিৰ ফুল লখিমী জীয়ৰী
 দলিছে ভৰিৰে হায়
সৰগী বস্তুৰ কি জানিব মোল?
 —পৃথিৱী পাপৰ ঠাই৷
ধৰ্মৰ নামত অধৰ্মৰ বেহা
 দেখিলে বিৰাগ হয়,
ধনৰ লোভত পাপ সত্ৰ পাতি
 কপটী গুৰুৰ জয়৷
ভাটৌৰ দৰে আওৰাই শাস্ত্ৰ
 ফুৰে গিয়ানী বোলাই,
এজন যে আছে সকলোৰে সাক্ষী
 অলপো নকৰে ভয়৷
হে প্ৰাণ বীণ! কি শুনিবা আৰু
 দুখৰো উপৰে দুখ,
দুখৰে পোহাৰ—সংসাৰ মেলা,
 নাই নাই নাই সুখ৷
নিঃকিনলৈ কিয় দুখতে দৰ্দশা?
 —নিৰ্দয় বিধান ইটো,
দুৰ্বলীৰ গতি জীয়ন্তে মৰণ?
 কিয় নখণ্ডিব সিটো?
নেলাগে কুটিল সংসাৰৰ পথ

[  ]

 নেলাগে চাপৰ ওখ,
আলেখৰ লেখ নেলাগে সম্পদ
 নেলাগে বিষয় সুখ৷
নেলাগে সমাজ, নেলাগে সম্ভ্ৰম,
 নেলাগে মানীৰ মান,
কৃপাও নেলাগে, ভিক্ষাও নেলাগে
 নেলাগে পাপীৰ দান৷
প্ৰলয়ৰ দিন ঘোৰ ভয়ঙ্কৰ
 আহক পাপীৰ ত্ৰাস,
জল থল সম, নাই তল বাম,
 সুখ-দুখ হা-হুতাশ৷
আঙুলি বুলাব জনা হ’লে আজি
 পেলালোহেঁতেন টানি,
হিমালয় চূড়া বুৰালোহেঁতেন
 উছালি কলিয়া পানী৷
আকাশৰ তৰা নমালোহেঁতেন
 থপিয়াই লাখে লাখে,
জোন বেলি গ্ৰহ পেলালোহেঁতেন
 দলিয়াই জাকে জাকে৷
পাপৰ মজিয়া নিয়ালোহেঁতেন
 আঠাই সাগৰৰ তল,
ব্ৰক্ষাণ্ডৰ চিন থাকিলহেঁতেন
 মাথোঁ সমুদ্ৰৰ জল৷

[  ]

মান অপমান ঢৌৱাই যাওক
 পৃথিৱীৰ পৰা গুচি
নতুন সৃষ্টিৰ অৰুণ কিৰণে
 কৰোক সকলো শুচি৷
দুখ লাজ ভয় নাথাকিব আৰু
 —নতুন জগৎ সিটো,
হেৰোৱা বীণৰ আনন্দৰ সুৰ
 বাজিব দিনৰে দিনটো৷
দুখ দূৰ কৰি জগৎ উদ্ধাৰ
 কৰাঁহে জগৎস্বামী!
নীচ হৃদয়ৰ নীচ অঙ্কাৰ
 হওক অধোগামী৷

 ৷৷৩৷৷

আগতে সন্ধিয়া, দীঘলীয়া ৰাতি,
 বাটৰ পৰা নাই ওৰ,
বিশ্ৰাম বিচাৰি গছৰ তলত
 বহিল বৰাগী মোৰ৷
দিনৰ পিছত সন্ধিয়া আহিছে
 খণ্ডিছে ভাগৰ দুখ
পৰিছে পাছত, আছেও আগত
 যুগৰ উপৰি যুগ৷
বাটৰ আগত বাট বাঢ়ি যায়,
 খন্তেক জিৰণি আহে,

[ ১০ ]

খন্তেকতে মোৰ অন্তৰ সুখৰ
 সোণালী সপোন হাঁহে৷
সুলকিছে লাহে সংসাৰৰ বান্ধ
 মুকলিছে মন মোৰ,
মুকলি আকাশ, মুকলি, মুকলি
 প্ৰকৃতি আইৰ মূৰ।
দিয়াঁহে মুকলি কৰি মোৰ প্ৰাণ,
 দিয়াঁ দেৱী দিয়াঁ দিয়াঁ,
দিয়াঁ দিব্য চকু, বিমল জেউতি,
 দেখি ঊধাৱোক হিয়া,
সুখৰ সঙ্গীত গোৱাঁ, দেৱি গোৱাঁ
 জগত নিচুক হোক,
দুখ দন্দ শোক পাহৰি কোঢ়াল,
 শান্তিৰে বুৰোক লোক।
দেখিছোঁ পৃথিৱী স্বৰ্গতো অধিক,
 মানুহৰ নিজাপী ঘৰ,
মানুহেই দেৱ ইহজগতৰ
 মানুহেই পৰাৎপৰ।
মানুহৰ প্ৰীতি সাধিবলৈ চোৱাঁ
 বিশ্ব জগৎ কল্পনা,
আল ধৰিবলৈ সহস্ৰ প্ৰদীপ
 আৰতিৰ ধূপ-ধুনা।

[ ১১ ]

ফল ফুল জল চন্দন ভুষণ,
 মলয়াৰ শীতলী বা,
মানুহ সন্তোষ হক বুলি চোৱাঁ
 আছে যত লাগে যিবা৷
হাঁহিছে মানুহে, কান্দিছে মানুহে,
 পাতিছে মানুহে প্ৰেম,
ধূলিতে উদয়, ধূলিতে বিলয়,
 ধূলিও স্বৰ্গীয় হেম৷

 ॥৪॥

মোৰেই জগৎখন মোকেই মাতিছে,
গৃহস্থলৈ আলহীৰ আসন পাতিছে৷
মোৰেই বচন হৰি মোকে আদৰিছে,
চিৰচিনাকিৰে নকৈ চিনাকি পাতিছে৷
মোৰেই বাতৰি আনি মোকেই শুনায়,
মোৰ বেহানিৰে দেখোঁ মোকে ফুচুলায়৷
মোৰ দাপোনতে মোৰ মুখ দেখুৱায়,
মোৰ মুখাকেই পিন্ধি সুন্দৰ বোলায়৷
মোৰেই সেন্দূৰ, তেল মোৰ মূৰত ঘঁহে,
মোৰ পৰা ধাৰে নিয়া ৰূপেই মোক মোহে৷
মোতে শিকি দেখুৱায় মোকে মোৰ ভাৱ,
মোৰেই বাঁহীটি কাঢ়ি বজাওঁ বজাওঁ৷
মই অঁৰা চন্দ্ৰতাপ মোৰেই মূৰত থয়,
জোন বেলি তৰা মাথো হীৰা মুক্তাময়৷

[ ১২ ]

মোক এৰি জগতে নো কিবা কথা কয়,
অনাদি পুৰাণ মোৰ আজিলৈকে ৰয়৷
ময়ে পতা ৰাজ্যখন ভাঙি আকৌ ময়ে,
ডাঙৰ ৰাজ্যৰ সৃষ্টি পাতো নতুনকৈয়ে৷
ময়ে দুষ্ট দমিবলৈ সন্ত সাধু হওঁ,
ময়ে দুষ্টৰ উদ্ভণ্ডালি ঘূৰি পাতি থওঁ৷
মোৰ ডাৱৰতে মই ৰহণ বাকি দিওঁ,
ময়ে বতাহজাটি হৈ উৰুৱাই নিওঁ,
পখিলা ময়েই হওঁ, ফেচু হৈ খেদোঁ,
মোৰ ধেমালিৰ অন্ত ময়ে হ’ব নিদোঁ৷
মোৰ হিয়াখনি মই মোকেই বিলাওঁ,
প্ৰেম বেহানিৰে ভৰি নাও বাই যাওঁ৷
মোৰেই প্ৰতিমাটীক কন্যা বুলি মাতোঁ,
ময়ে মোত বিয়া সোমাই ময়ে ঘৰ পাতো৷
ময়ে পুত্ৰৰূপী ল’ৰা মৰমতে মৰোঁ,
বিচাৰি সম্পদ আনি, অলঙ্কাৰ আৰোঁ৷
প্ৰেমৰ বাতৰি কৈ ঘৰে ঘৰে ফুৰোঁ,
মনত কথাটি ৰাখি কপটতা কৰোঁ৷
ঘৰতে কন্দল লগাই কত টোপ যাচোঁ,
বীজৰ পতান মই নাৰদ হৈ বাছোঁ৷
জগতৰে মোৰে দেখোঁ সম্বন্ধ অটুট,
চকু মুদিয়েই মাথোঁ অন্ধ অদভুত॥
দিব্য দৃষ্টিৰে চোৱাঁহে জগৎখন

[ ১৩ ]

প্ৰহেলিকা গুচি এয়ে জীৱন ৰঞ্জন॥

 ॥৫॥

 এই সংসাৰত মই
 কতনো বিনালো,
 দুৱাৰে দুৱাৰে ঘূৰি
 কত খেদা খালোঁ৷
 কবকে নোৱাৰোঁ মই
 কি বিচাৰিছিলোঁ,
 অবাবতে অকলই
 কতনো কান্দিলোঁ৷
 ছাঁৰে সৈতে লৰা দৰে
 ধেমালি কৰিলো,
 ছাঁকে বিচাৰি গৈ
 কত ঠগ খালোঁ!
 সপোনেৰে দিনে-ৰাতি
 উমলি ফুৰিলোঁ,
 সপোনো সচেত ভুলি
 মোহতে পৰিলোঁ৷
 স্বাৰ্থ অহঙ্কাৰে বাহ
 বান্ধিলে সংসাৰ,
 ৰ-লগা পলু যেনে
 খোলাটি মুগাৰ৷
 নিজতে নিজেই মই

[ ১৪ ]

 ভাবিলোঁ সুন্দৰ
 সুখৰ ভঁৰাল কিনো
 ঠেক অন্ধকাৰ!
 সুখতে মধুৰ আৰু
 মোহৰ কঁৰাল,
 বিধিৰ কৃপাত পুনু
 হলোঁহে উদ্ধাৰ৷
 কি সুন্দৰ মুক্ত বায়ু,
 নালিম আকাশ—
 কি সুখৰ জোন বেলি
 জেউতি প্ৰকাশ!
 অসীম সাগৰ মোৰ
 নাৱেৰেই ভৰা,
 মহাসদাগৰ মই
 অতীজৰে পৰা৷
 অনন্ত ভঁৰাল মোৰ
 শস্য সাঁচি থওঁ,
 অসীমৰ পথাৰত
 বীজ সিচি দিওঁ৷
 কণ-গেলা বীজেৰেই
 নিত্য বীজ পোহোঁ,
 বীজৰ বেপাৰী মই
 বীজকেহে বেহোঁ৷

[ ১৫ ]


 ॥৬॥

এদিন পুৱাতে উৰুলি মঙ্গল
 শুনিলোঁ যাত্ৰীৰ ৰোল,
শুনো কি নুশুনো বুজোঁ কি নুবুজোঁ
 মহাপ্ৰয়াণৰ বোল৷
জনমৰে পৰা শুনি আহিছিলো
 সৰগী সুখৰ কথা,
দুখিত তাপিত মানুহে এদিন
 পাহৰিব দুখবেথা৷
সেই দিনলৈকে মহাআয়োজন
 চিৰজীৱনৰ বেহা
সেই দিনলৈকে জীৱন উছৰ্গা
 সেৱাৰ উপৰি সেৱা৷
সেই দিনলৈকে আছে বাট চাই
 অধীৰ পৰাণে মোৰ,
সেই দিন আজি প্ৰাণৰ প্ৰাণত
 উশাহে উশাহে পূৰ৷
গণিতা নেচাওঁ ভণিতা নেচাওঁ
 তালৈ সময় নাই,
সোনকালেই বোলে শুভক্ষণ
 যাত্ৰী আগবাঢ়ি যায়৷
একে উশাহতে লগ ললোঁ আহি

[ ১৬ ]

 চিন্তাৰ পৰিল ওৰ,
বীণখনি মাত্ৰ লগৰ লগৰী
 জীৱন সম্বল মোৰ।
দিনে বাঢ়ে যাত্ৰী যেতেকতে বাঢ়ে
 তেতেকতে কলৰৱ,
শুনা হাটৰুৱা বাটৰুৱা লোক
 প্ৰয়াণৰ যাত্ৰীসৱ।
হিয়াৰ মাজেদি অনন্ত সুখৰ
 পৰি আছে ৰাজবাট,
মনৰ বেহানি কিনি-বিকি নই
 ফুৰিম সংসাৰ হাট।
সকলোকে কওঁ সুখৰ বাতৰি
 যাকে পাওঁ হাটে-বাটে,
কোন যাবি হেৰ আহ ভাইহঁত
 বীণ-বৰাগীয়ে মাতে।
মহাপ্ৰয়াণৰ যাত্ৰী সবাওটি
 আমাৰ কিহৰ চিন্তা?
মহান প্ৰাণৰ অধিকাৰী আমি
 মুখত আনন্দ গীতা।

 ॥৭॥

সুখ সুখ বুলি জগৎ বলিয়া
 হেৰাল পৰম সুখ,
স্বাৰ্থৰ কন্দলে জগৎ জুৰিলে
 দুখ যে থাকি গ’ল দুখ।

[ ১৭ ]

প্ৰভুৰ কাষলৈ নিনিয়ে যি সুখে
 হিয়াৰ যাতনা মাথোঁ,
হৰণ-ভগন মাত্ৰ লাভ তাৰ
 সি দুখ সি আপদৰ হেতু।
খোৱা-কামোৰাকৈ মৰিছে মানুহ
 পৃথিৱী যে ছাৰখাৰ,
পশুতো অধম স্বাৰ্থত অন্ধলা
 দানৱৰো সাতচাৰ।
ৰাইজক গৰকি বোলাই গৰাকী
 সৃষ্টি ৰাঙলী কৰি,
অতীজৰ বলী ৰজা মহাৰজা
 গ’ল কোন বাট ধৰি?
ৰাইজৰ তেজেৰে তিয়াই ধৰণী
 বোৱায় ৰাঙলী সোঁত,
মানুহৰ দুখ দুৰ্দশাৰে বান্ধে
 নিৰাশ কলীয়া কোঠ।
প্ৰাণতে আছে প্ৰাণৰ সম্বল
 দূৰত বিচাৰি ফুৰোঁ,
ভ্ৰান্তি মোহজাল আঁতৰোৱা প্ৰভু
 মোহ-অন্তকাৰী গুৰু।
সুখশ্ৰীপ্ৰয়াসী, প্ৰভু প্ৰণামিছোঁ
 দিয়াঁ মতি অন্তৰ্মুখী,
হিয়াৰ আনন্দ হিয়াতে পাবলৈ
 কৰা নিষ্কলঙ্ক সুখী।

[ ১৮ ]

শ্ৰেয়ৰ গৰাকী প্ৰভুৰ সেৱক
 প্ৰয়াণৰ যাত্ৰী আমি,
নিঃকিনৰ ধন জগৎৰঞ্জন
 প্ৰণামো জগৎস্বামী।
অনন্ত সুখৰ মন্ত্ৰ মোহ হৰা
 হৃদয়ত জপোঁ মাথোঁ,
সবাওৰো হিত আৰাধোহোঁ নিত
 প্ৰেমৰ থাপনা পাতোঁ।
শ্ৰেয়সী সত্ৰৰ সত্ৰীয়া সবাও
 বিশ্ববাসী নৰগণ,
মানৱী জনম উছৰ্গী সবেও
 ভজোঁ মানৱী চৰণ।

 ॥৮॥

প্ৰাণৰ প্ৰতিষ্ঠা জীৱন্ত সাধনা
 দেহাত কৰাহে থিয়,
চুকে-কাণে যত জড় দেৱমূৰ্ত্তি
 নিশ্বাসতে পাব জীৱ।
সুষুপ্ত আত্মাৰ সূক্ষ্ম শকতি
 জগাই মাথোন তোলাঁ,
আত্মাৰ বলেৰে বলীয়ান হই
 বিজুলী সঞ্চাৰে দোলা।
জড় জগতৰ চেতন নিয়ন্তা
 ৰথৰ সাৰথি তুমি,

[ ১৯ ]

তোমাৰ আদেশ অপেক্ষাত আছে
 শিৰেৰে নমিহে ভূমি।
অন্যায় অসত্য পাশৱ বলেৰে
 নিত্য সংগ্ৰাম-চাৰী,
দৈৱী সম্পদৰ আশ্বাস-নিৰ্ভীক
 বিজয় গাণ্ডীৱধাৰী।
বিশ্বৰ বীণত ঝঙ্কাৰ উঠিছে
 মিলোৱাঁ তাৰেই সুৰ,
আকাশৰ লক্ষ গ্ৰহ সমন্বিতে
 ওঙ্কাৰ ধ্বনিৰে পূৰ।
ধ্ৰুবলোকৰ সত্যক আজোঁৰা
 অৰুন্ধতীৰ প্ৰেম,
সূৰ্য্যৰ ৰশ্মিৰ জলন্ত মহিমা,
 পৃথিৱী-তলৰ হেম।
পৃথিৱীক তোলাঁ স্বৰ্গৰ খাপলৈ
 স্বৰ্গক নমাই আনা,
সৰগ নহয় দূৰ-দূৰণিৰ
 বাহিৰৰো নোহে জানা।
অন্তৰৰ চকু মেলাঁ মোৰ বন্ধু
 দিব্য দৃষ্টিৰে ফুৰাঁ,
শুধ দাপোনত শুধ প্ৰতিবিম্ব
 বাহিৰ ভিতৰ জোৰা।

[ ২০ ]


 ॥৯॥

দিব্য দৃষ্টিৰে ফুৰাঁ মোৰ বন্ধু
 অনন্ত দাপোন মেলাঁ—
দিগন্ত প্ৰসাৰি আকাশী নেত্ৰেৰে
 চোৱাঁচো সৃষ্টিৰ খেলা।
নীলিম পুণ্যৰ প্ৰভাই জিনিছে
 শ্যামল পৃথিৱীখন,
মহাজলাশয় সাগৰে গৰ্জিছে
 উত্তাল নিমগন।
সৰগী বায়ুৰ বিৰবিৰনিত
 পুনৰ থমকি ৰয়,
হৃদি সিন্ধু বাৰি ফুটন্ত হাঁহিৰে
 শতধা বাগৰি বয়।
সোনালী মেঘৰ প্ৰতিবিম্ব তাতে
 স্বৰ্গীয় বিচিত্ৰ লীলা,
মহান আত্মাৰ আদৰ্শেৰে লেখা
 ফুলাম চানেকীখিলা।
বিচিত্ৰ মেঘৰ ভাবেৰে ৰঞ্জিত
 মানৱী আত্মাৰ খেল,
মহামহত্ব অভিলাষী নৰ
 বিশ্বৰ প্ৰাণেৰে মেল।
লোকালোক সউ মুখৰিত হ’ল
 উদিল পূজাৰ বেলি,
জুৰিলে হেঙুলি ধূপ-ধূনাৰেই

[ ২১ ]

 নীলিমাৰে খেলিমেলি,
কতনা কালৰ মানৱ সন্ততি
 আৰাধিছে বিয়াকুল
বিশ্বৰ প্ৰেমত বিভোৰ মগন
 উছৰ্গি ভকতি ফুল।
মোৰেই মুখেদি মানৱ প্ৰাণৰ
 ফুটক আকুল মাত,
মোৰে চিন্তাতেই গূঢ় ৰহস্যৰ
 সত্য হক প্ৰতিভাত।

 

 বীণ-বৰাগী সমাপ্ত