পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বী ণ - ব ৰা গী

 নেলাগে চাপৰ ওখ,
আলেখৰ লেখ নেলাগে সম্পদ
 নেলাগে বিষয় সুখ৷
নেলাগে সমাজ, নেলাগে সম্ভ্ৰম,
 নেলাগে মানীৰ মান,
কৃপাও নেলাগে, ভিক্ষাও নেলাগে
 নেলাগে পাপীৰ দান৷
প্ৰলয়ৰ দিন ঘোৰ ভয়ঙ্কৰ
 আহক পাপীৰ ত্ৰাস,
জল থল সম, নাই তল বাম,
 সুখ-দুখ হা-হুতাশ৷
আঙুলি বুলাব জনা হ’লে আজি
 পেলালোহেঁতেন টানি,
হিমালয় চূড়া বুৰালোহেঁতেন
 উছালি কলিয়া পানী৷
আকাশৰ তৰা নমালোহেঁতেন
 থপিয়াই লাখে লাখে,
জোন বেলি গ্ৰহ পেলালোহেঁতেন
 দলিয়াই জাকে জাকে৷
পাপৰ মজিয়া নিয়ালোহেঁতেন
 আঠাই সাগৰৰ তল,
ব্ৰক্ষাণ্ডৰ চিন থাকিলহেঁতেন
 মাথোঁ সমুদ্ৰৰ জল৷