পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
বী ণ - ব ৰা গী


 ॥৯॥

দিব্য দৃষ্টিৰে ফুৰাঁ মোৰ বন্ধু
 অনন্ত দাপোন মেলাঁ—
দিগন্ত প্ৰসাৰি আকাশী নেত্ৰেৰে
 চোৱাঁচো সৃষ্টিৰ খেলা।
নীলিম পুণ্যৰ প্ৰভাই জিনিছে
 শ্যামল পৃথিৱীখন,
মহাজলাশয় সাগৰে গৰ্জিছে
 উত্তাল নিমগন।
সৰগী বায়ুৰ বিৰবিৰনিত
 পুনৰ থমকি ৰয়,
হৃদি সিন্ধু বাৰি ফুটন্ত হাঁহিৰে
 শতধা বাগৰি বয়।
সোনালী মেঘৰ প্ৰতিবিম্ব তাতে
 স্বৰ্গীয় বিচিত্ৰ লীলা,
মহান আত্মাৰ আদৰ্শেৰে লেখা
 ফুলাম চানেকীখিলা।
বিচিত্ৰ মেঘৰ ভাবেৰে ৰঞ্জিত
 মানৱী আত্মাৰ খেল,
মহামহত্ব অভিলাষী নৰ
 বিশ্বৰ প্ৰাণেৰে মেল।
লোকালোক সউ মুখৰিত হ’ল
 উদিল পূজাৰ বেলি,
জুৰিলে হেঙুলি ধূপ-ধূনাৰেই