ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ
এই পাঠ্যৰ উৎস গ্ৰন্থ বা নথি অজ্ঞাত। প্ৰামাণ্যতাৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি এই পাঠ্যৰ আলোচনা পৃষ্ঠা চাওক। "উৎস"ৰ অৰ্থ এই কামৰ প্ৰতিলিপি আনে বিচাৰি পাব পৰা স্থান। সাধাৰণতে ই ৱিকিমিডিয়া কমন্সত আপল'ড কৰা আৰু মুদ্ৰণ সংশোধন কৰিব পৰা মূল কামৰ স্কেন ফাইল। যদি নাই, তেন্তে এটা URL হ'লেও দিয়া উচিত; একো নাথাকিলে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত কাৰণ উল্লেখ কৰিব। |
ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ
পাচে ৰাজা নৰনাৰায়ণে ৰঘুদেৱত কৰ-ভাৰ খোঁজে যেন তাঞিৰ লগত ৰণ একবাৰ মাত্ৰ আছিল। নৰনাৰায়ণ পৰলোক হল। তান পুত্ৰ লক্ষ্মীনাৰায়ণৰ লগত ৰণ হল। বলে নোৱাৰি ৰাজা ভঙ্গ হৈ আহিল। সেই ৰণতে ৰাজা ৰঘুদেৱৰ ছত্ৰখান বেহাৰতে ৰহিল। লক্ষ্মীনাৰায়ণে ৰণ জিনি ৰাখিলেক। ৰঘুদেৱ ৰাজাৰ শিল-খাঁ, ফতে-খাঁ, পুৰন্দৰ লস্কৰ ৰাজা জোঞাই, নিতাইচন্দ্ৰ নাজিৰ, ঠাকুৰ পঞ্চানন্দ, কবীন্দ্ৰপাত্ৰ, গদাধৰ বৰুৱাক, আনো বৰা-বুৰুক সহিতে মন্ত্ৰণা কৰি বেহাৰ মাৰিবাক যতন হল। আকে শুনি লক্ষ্মীনাৰায়ণ ঘিলাক খেদি আহিল। ৰাজা ৰঘুদেৱ জিকিল। লক্ষ্মীনাৰায়ণ ভঙ্গ হৈ গোল। ৰঘুদেৱ ৰাজাৰ বৰা-বুৰুক একো হানি নহল। ১৮॥