আহোমৰ পৰাজয়
এই পাঠ্যৰ উৎস গ্ৰন্থ বা নথি অজ্ঞাত। প্ৰামাণ্যতাৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি এই পাঠ্যৰ আলোচনা পৃষ্ঠা চাওক। "উৎস"ৰ অৰ্থ এই কামৰ প্ৰতিলিপি আনে বিচাৰি পাব পৰা স্থান। সাধাৰণতে ই ৱিকিমিডিয়া কমন্সত আপল'ড কৰা আৰু মুদ্ৰণ সংশোধন কৰিব পৰা মূল কামৰ স্কেন ফাইল। যদি নাই, তেন্তে এটা URL হ'লেও দিয়া উচিত; একো নাথাকিলে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত কাৰণ উল্লেখ কৰিব। |
আহোমৰ পৰাজয়
পাচে লালোৱা, হৰাম দুই কটকীয়ে মাজুম-খাঁৰ ঠাই সকল সমাচাৰ কলেগৈ। মাজুম-খাঁও সকল সমাচাৰ পাই সসন্যে সহিতে আহোমক খেদি আহি প্ৰথমে বেহাৰ মাৰি প্ৰাণনাৰাণক খেদালে। পাচে আচামে মাজুম-খাঁ আহিবৰ শুনি হাতীচলা বৰীতলা এৰি মানাহামুখত গড় বান্ধি বাদুলি ফুকন ৰহিল। পাঞ্চৰতনত ফুলবৰুৱা ফুকনে, লাহন ফুকনে ৰহিল; ৰাজাৰ শহুৰকে পিক্চাই চেটিয়া ৰহিল পাণ্ডু-শৰাইঘাটত। তাতে কিছুমান যুদ্ধ কৰি ৰহিব নোৱাৰি পাণ্ডু-শৰাইঘাটত ৰহিলহি। বঙ্গালো আহি সন্মুখে ৰহিল। তাৰো একো ফৈদক পাচলৈ ছাহবুৰুজত ৰহিবৰ দেখি সেই ৰাতিয়ে আচাম আহি নাপাতি এৰি চামধৰালৈ ভাগি আহিল। কাণ্ড-কাঠীয়ো মাৰিব নোৱাৰিলে পাণ্ডু-শৰাইঘাটত। আৰ যৈতে যি থাকিল তাকো আনিব নোৱাৰিলে; মাস ফাল্গুন শক ১৫৮৩। পাচে ৺ৰাজা সমস্ত লোক চামধৰাক ভাগি আহিবৰ দেখি নেওগৰ পুতেক শহুৰেকক খঙ্গি বৰফুকন ভাঙ্গিলে। উত্তৰকোলে চামধৰাত বানৰুকীয়া বৰগোঁহাইক পাতিলে মুখ্য কৰি। দক্ষিণে ঘোঁৰা-কোঁৱৰ প্ৰমুখ্যে বুঢ়াগোহাঁই, বৰপাত্ৰগোহাঁই, নামনিয়াল ৰাজাৰ শহুৰ বৰচেটিয়া, চাৰিংৰজা, ৰূপসন্দিকৈ, আনো বিস্তৰ লোক আছে। পাচে বঙ্গালো আহি নাৱে-তৰে গুটিঘুৰুৱাত ৰহিলহি। লাপেতি-ফুকন, তামুলী-দলৈৰ পুতেক প্ৰমুখ্য কৰি গড়ৰ পৰা ওলাই নাৱে খেদি গৈ ধৰি ধৰি ভঙ্গ খাই চামধৰাকে আহিল। পাচে ঘোঁৰা-কোঁৱৰ ফুকনে দখিণকোলে যুদ্ধ দেখি বৰগোঁহাইলৈ লোকজন খুজি পঠালে, বোলে, “উত্তৰে দেখো যুদ্ধ নাই। আমাৰ লগত ভৰ দিবলৈ লোকজন পঠাওক।” বৰগোঁহাইও লোকজন নিদিলে, বোলে, “দক্ষিণতহে লোকজন বিস্তৰ আছে, লোকজন পঠাই মই একলে কি কৰিম?” দক্ষিণে পাঞ্চদিন যুজে। তাত পাচে বঙ্গাল আহি পোতাকলঙ্গৰ পোনে কিছু যুদ্ধ কৰিলে। লেচাম-হাতীবৰুৱা গড়ৰ ওলাই বঙ্গালক ধৰি পৰিল। তাত পাচে দ্বিজোৰ পোনে বঙ্গাল গড়ৰ উঠিলহি। তেবে আচামৰ লোক নাৱে-তৰে সমস্তে ভাগি সলাত ৰহিলহি। পাচে আচামো সলাৰ পৰা নাৱে গৈয়া কুকুৰাকটাত যুদ্ধ কৰিলেগৈ, তাতো ভঙ্গ হ’ল। বঙ্গালো সলা পালেহি। তেবে তিনিজনা গোহাঁই প্ৰমুখ্যে যত ৰাজাগণ, ফুকন, ৰাজখোৱা, হাজৰিকীয়া, সমস্তে ভাগি আপোনাৰ চাৱা-কুৰ্ম্মা লৈ যেই পোনে পালে সেই পোনে ভাগি গ’ল। আৰ হাতী, ঘোঁৰা, বাৰু, হিলৈ, আৰু যত আহিলা-পাতি সমস্তে বঙ্গলে পালে; উত্তৰকোলে যুদ্ধ নহল; সক ১৫৮৩, মাস চৈত্ৰ। ১২০॥