পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি

কামৰূপৰ বুৰঞ্জী

১ম আধ্যা। প্ৰাচীন কামৰূপ

সম্পাদনা কৰক

২য় আধ্যা। জাহাঙ্গিৰ পাৎসাৰ চ’ৰাত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

সম্পাদনা কৰক

(১৭) ঘিলাত ৰঘুদেৱৰ পাট স্থাপন, (১৮) ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ, (১৯) ৰঘুনাৰায়ণৰ পুত্ৰ, (২০) বলীনাৰায়ণৰ মৃত্যু, (২১) পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি, (২২) পৰীক্ষিতৰ বিৰুদ্ধে মকৰম-খাঁৰ অভিযান, (২৩) পৰীক্ষিতৰে মকৰম-খাঁৰ যুদ্ধ, (২৪) পাৎসাৰ আগত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

৩য় আধ্যা। মকৰম-খাঁৰ কোঁচৰাজ্য আক্ৰমণ।

সম্পাদনা কৰক

(২৮) বিজয়পুৰত নগৰ, (২৯) চা-জাহাঁক সহায় ভিক্ষা, (৩০) কামৰূপত যৱন, (৩১) পৰীক্ষিতৰ মৃত্যু, (৩২) বলী কোঁৱৰৰ শৰণাপন্ন

৮ম আধ্যা। মীৰ-জুম্লাৰ আসাম আক্ৰমণ।

সম্পাদনা কৰক

(১১৯) মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা, (১২০) আহোমৰ পৰাজয়, (১২১) বিষয়াৰ ঠাই সলনি, (১২২) আহোমৰ বলক্ষয়, (১২৩) তিপামত বঙ্গাল, (১২৪) দিলাল-খাঁৰ ৰাজমন্ত্ৰীলৈ চিঠি, (১২৫) মহাৰাজাৰ পাৎসাৰ লগত বৈবাহিক মিত্ৰতা

৯ম আধ্যা। ৰামসিংহৰ আসাম আক্ৰমণ।

সম্পাদনা কৰক

(১৩০) চক্ৰধ্বজসিংহ ৰাজপাটত, (১৩১) পাৎসালৈ আহোম কটকী, (১৩২) স্বৰ্গদেৱলৈ পাৎসাৰ উত্তৰ, (১৩৩) ফুকনলৈ দিলাল-খাঁৰ চিঠি, (১৩৪) দিলাল-খাঁলৈ ফুকনৰ চিঠি

      পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি

ৰাজাৰ মহীন্দ্ৰসিংহ হাথী লক্ষ্মীনাৰায়ণৰ ঠাঠ ভঙ্গাইলেক। আৰু লক্ষ্মীনাৰায়ণৰ দুই হাথী পৰীক্ষিতে ৰণত ধৰি অনিলেক। লক্ষ্মীনাৰায়ণে মাহাদৈ সহিতে ভাগি গল। পৰীক্ষিতৰ লগৰ এক পাঠানে লক্ষ্মীনাৰায়ণক ধৰিবাক খুজিলেক। পৰীক্ষিতে ধৰিবাক নেদিলেক, বোলে, “খুড়ী লগত আছে, ৰাজে গৰিহা কৰিবোক।” পাচে লক্ষ্মীনাৰায়ণ ৰণভঙ্গ হুই বেহাৰ গল। পাচে ধৰি আনা কাৰ্জিসকলে পৰীক্ষিতক সেৱা কৰিলেক। পাৰ কাৰ্জি সেৱা নকৰিলেক। ৰাজা পৰীক্ষিতে পাৰ কাৰ্জিত পুছিলেক, “আন কাৰ্জি মোক সেৱা কৰিলেক, তঞি দেখোঁ সেৱা নকৰিলি, কাৰণ কি?” পাৰ কাৰ্জি বোলে, “এই মুণ্ডে মহাৰাজা লক্ষ্মীনাৰায়ণক সেৱা কৰিছোঁ, তোমাক সেৱা কৰিবাক নোৱাৰোঁ।” সেই খঙ্গে নিতে দহোটা কৰি ডিয়া মাৰিছিল। তথাচো সেৱা নকৰিলেক। অনন্তৰে লক্ষ্মীনাৰায়ণৰ কটকী পৰীক্ষিতৰ ঠাই পঠাই দিলে, বোলে, “মোৰ কাৰ্জিসকল এৰি দেওক।” পৰীক্ষিতে বোলে, “মোৰ বাপৰ ছত্ৰ বেহাৰত এৰি আহিছি, মোক সেই ছত্ৰ দিওক।” পাচে ছত্ৰ দি পঠাইলেক, পৰীক্ষিতেও বঁটা-বাহন দি কাৰ্জিসকলক বিদায় দিলেক। পাচে পাৰ কাৰ্জি পৰীক্ষিতক সেৱা কৰিলেক। ৰাজা বোলে, “আগে যে সেৱা নকৰিলি, এতিয়া সেৱা কৰিলি, কাৰণ কি?” সি বোলে, “মহাৰাজা লক্ষ্মীনাৰায়ণ যেমত তুমিও সেমত। কিন্তু তেতিয়া সেৱা কৰিলি বুলিবা জীউৰ কাতৰে সেৱা কৰে।” এতেকে কাৰ্জিসকল বিদায় হ’ল। ২১॥