বলীনাৰায়ণৰ মৃত্যু
এই পাঠ্যৰ উৎস গ্ৰন্থ বা নথি অজ্ঞাত। প্ৰামাণ্যতাৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি এই পাঠ্যৰ আলোচনা পৃষ্ঠা চাওক। "উৎস"ৰ অৰ্থ এই কামৰ প্ৰতিলিপি আনে বিচাৰি পাব পৰা স্থান। সাধাৰণতে ই ৱিকিমিডিয়া কমন্সত আপল'ড কৰা আৰু মুদ্ৰণ সংশোধন কৰিব পৰা মূল কামৰ স্কেন ফাইল। যদি নাই, তেন্তে এটা URL হ'লেও দিয়া উচিত; একো নাথাকিলে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত কাৰণ উল্লেখ কৰিব। |
বলীনাৰায়ণৰ মৃত্যু
পৰীক্ষিতে ইন্দ্ৰনাৰায়ণক মেচ লগাই ঘাৰ মুচৰি মাৰি ৰাজা হল। এই গণ্ডগোল শুনি ৰাজা লক্ষ্মীনাৰায়ণ কামাখ্যা গুৰিৰ দুৱাৰে ঘিলা সোমাল। বৰ ৰণ হল। সেই ৰণতে লক্ষ্মীনাৰায়ণৰ ভাই বলীনাৰায়ণ পৰিল; পৰীক্ষিতনাৰায়ণৰ ৰূপাবৰ ঢালী বৰসি সানি মাৰিলেক; সন্ধ্যা সময় কোনোবা চৰদাৰ বুলি নাজানি মাৰিলেক। পাচে বলীনাৰায়ণ বুলি জানি, আপোনাৰ তৰোৱাল খসাই বলীনাৰায়ণৰ আগত দিলেক, বোলে, “তুমি ৰাজাৰ ভাই, মঞি পাইক হৈ তোমাক মাৰিলোঁ। এতেকে তোমাৰ হাতে মোক কাটা। প্ৰায়শ্চিত হৌক।” বলীনাৰায়ণে বোলে, “তোক মাৰিলে কি হব ? সহজে মঞি জীবাৰ নুই। বিশেষ যাৰ লোণ খাৱ, তাৰ কাৰ্য্যত থাকি অকথা কৰিবাকো পাৱ। আৰু অজ্ঞানত মাৰিছাহঁ, তোৰ একো অপৰাধ নাই।” এই বুলি বলীনাৰায়ণ মৰিল। পাচে পৰীক্ষিতে বলীনাৰায়ণক আনি আগৰ চন্দনেৰে বিধিপূৰ্ব্বক কাষ্ঠসংস্কাৰ কৰি অস্থি বেহাৰক পঠাই দিলেক। সেই ৰণতে পাৰ কাৰ্জি সহিতে বাৰজন কাৰ্জি ধৰি আনিলেক। ২০ ॥